:: হেল্ল ! পৰি... ক'ৰ পালাহি ?
:: নাৰায়ণপুৰ ।
:: উম্ । আহা…
মৃতদেহটো তাইৰ বাবে ৰাখি থোৱা হৈছে । কি কৰিব তাই আহি । তাই জানো তাক এনেকে চাব পাৰিব ( Assamese Storyboard )। কিন্তু তাই নহালৈকে মৃতদেহ দাহ কৰিব মানা কৰিছে জ্ঞানে । ৩ ঘণ্টা মান লাগিব ধেমাজি পাবলে । সকলোৱে তাইৰ বাবে অপেক্ষা কৰি আছে আৰু তাই কোন তাই বিষয়ে জানিবলৈ মই জ্ঞানে দি যোৱা ডায়েৰিখন মেলি ল'লো ।
"মোৰ জীৱন"
মোৰ নাম জ্ঞান জ্যোতি, ধেমাজিত ঘৰ । এটা কথা এতিয়াই কওঁ এইখন ডায়েৰি মোৰ বন্ধু ৰাজ আৰু পৰিৰ বাহিৰে আনে যেন নাচায় । মোৰ মৃত্যু দিনা ৰাজে মোৰ লগত দি দিবি । ৰাজ মোৰ বন্ধু আৰু পৰি মোৰ প্ৰেম ।
মই তেতিয়া ধেমাজিৰ কলেজত পঢ়ি আছিলো । কলেজত বেছিভাগ সময় মই ৰাজৰ লগতে পাৰ কৰিছিলো । সি মোৰ বাল্যকালৰ বন্ধু ।পৰি তাইৰ ঘৰ গুৱাহাটী ।কলেজৰ প্ৰগেম এটাত লগ পাইছিলো । মোৰ বান্ধৱী এজনীৰ মাহিয়েকৰ ছোৱালী । প্ৰথম দেখাতে তাইৰ প্ৰেমত পৰিছিলো মই আৰু বান্ধৱীজনীৰ সহায়ত নাম্বাৰ পালো । আমি প্ৰায় ৭ মাহ মান কথা পাতিলো আৰু এদিন মই তাইক প্ৰেমৰ প্ৰস্তাৱ দিলো …।।
:: হেল্ল পৰি...
:: উম্ কোৱা…
:: তুমি ধেমাজি আহিবানে ?
:: এতিয়া নাযাওঁ বিহুতে যাম চাগে আৰু ১ মাহ হে আছে ।
:: তোমাক মই এটা কথা কব আছে ।
:: কি কোৱা ।
:: তোমাক প্ৰথম দেখা দিনাই মই তোমাৰ প্ৰেমত পৰিছিলো । মই তোমাক ভালপাওঁ তুমি মোক ভালপোৱা নে ,,??
:: উম্ প্ৰেমত পৰিলা ৬ মাহ কৈছা এতিয়া ! যদি নাপাওঁ কওঁ ।।
:: কোৱা না তুমি মোৰ হ'বা নে ?
:: উম্ । ভাবিছো সদায় তোমাৰ হৈ থাকিম নে .. নিজৰো অলপ হম ।
:: মানে ..?
:: মানে ।। মইয়ো ভালপাওঁ তোমাক । অপেক্ষা কৰি আছিলো তুমি কোৱা নে নোকোৱা ……
সেইদিনাৰ পৰা তাই মোৰ , মই তাইৰ বহুত , বহুত সুখী আমি । তাই ধেমাজি আহিল লগ পালো । সুখেৰে আমি ৪ বছৰ অতিক্ৰম কৰিলো । মানুহে কয় প্ৰেমত বহুত বাধা আহে । কিন্তু অনুভৱ কৰা নাছিলো ।
:: ঐ ধুনু…
:: কোৱা…
:: কোৱা…
:: কোৱা তুমি……
:: অ'কে মই কৈছো । কিমান ভালপোৱা মোক ?
:: নাজানো জ্ঞান । নোসুধিবা কিমান ভালপাওঁ মাথোঁ এটাই কথা কওঁ তুমি নহ'লে মইয়ো শেষ হৈ যাম ।
:: চুপ ! সেইবোৰ কথা নকয় । তুমি মোৰ আত্মা হয় । তুমি নহ'লেচোন মই জীৱন্ত মৃতদেহ । মোক এৰি যাব নোৱাৰা তুমি । এটা কথা কোৱা …
:: কি ?
:: এতিয়া যদি খবৰ পোৱা মই আৰু নাই কি কৰিবা ?
:: প্লিজ জ্ঞান !
:: কোৱা না ধুনু ……
:: লগে লগে তোমাৰ কাষৰত যাম আৰু তোমাৰ লগতে মইয়ো গুচি যাম ।।
:: হব থাকিবা তুমি । মই অকলে যাম । তুমি গ'লে তাত কাজিয়া কৰিবা ।
:: সেইবোৰ নক'বা না দু:খ লাগে মোৰ । কিমান ভালপোৱা মোক ?
:: নাজানো কিমান । ভালপোৱা জুখিব পৰা হ'লে ভাল নাপালো হয় তোমাক ।
:: কেতিয়া নিজৰ কৰি নিবা মোক ।
:: আৰু দুবছৰৰ পিছত ।
:: মোৰ বাবে কবিতা লিখিছে নে ?
:: উম্ । বিয়াৰ পিছত শুনাম । তুমি মোৰ বুকুৰ মাজত শুই থাকিবা আৰু মই এটি , এটি কবিতা শুনাই যাম তোমাক ।
:: না মই কাজিয়া কৰিম ।
:: না ৰে পাগলী । তোমাৰ লগত মই নোৱাৰো দন্দুৰী ।
:: কি ক'লা হা ।! মই দন্দুৰী
(অভিমান কৰিছে তাই)
:: নহয় অ' … মোৰ ধুনু এনেই কৈছো । শুই থাকা এতিয়া ।
:: উম্ । বাই শুভৰাত্ৰী ।
°°°°°°
৫ বছৰৰ সম্পূৰ্ণ হ'ল আমাৰ প্ৰেমৰ । কেতিয়াবা তাই আহে ধেমাজি । কেতিয়াবা মই যাওঁ গুৱাহাটী । বহুত সুখেৰে আছিলো কিন্তু আজি গা ধুই আহি দেখো পৰি ২৩ টা মিচকল । আগতে এনেকৈ ফোন নকৰে কিবা হৈছে নেকি ? বুকুখন কপি উঠিল । ফোন কৰিলো ।
:: হেল্ল !
:: …………
:: কি হ'ল একো নোকোৱা যে……
:: মোক চাবলে ল'ৰা আহিছে আজি । সোনকালে বিয়া পতা কথা কৈছে ।
:: অ'……কথা সেইটো । পলোৱাই লৈ আনিম ।
:: মই নোৱাৰো জ্ঞান । মই মা-দেউতাক দুঃখ দিব নোৱাৰো ।
:: আৰু মোক ধুনু । মই কি কৰিম ?
:: মই পাগল হৈ যাম । তুমি তেনেকোৱা কৰিলে । মই তোমাক দুখ দি আনৰ হব নোৱাৰো । (তাই কান্দিছে)
:: ঐ ধুনু ! নাকান্দিবা । মই তোমাৰ চকুত চকুপানী চাব নোৱাৰো ।
:: মই কি কৰো । মা-দেউতাই এবাৰো মোৰ কথা নোশুনে ।
:: ধুনু মোৰ আত্মা তুমি । তোমাক আনক দি মই কেনেকৈ থাকিম । মই নোৱাৰো অ' ধুনু । তুমি মোৰ মাথোঁ মোৰ ।( Assamese Storyboard )
:: জ্ঞান …… (কান্দি কান্দি একো কব নোৱাৰা হ'লো আমি)
তাই আনৰ হব ! নাই সেইটো হব নোৱাৰে । তাই মাথোঁ মোৰ । তাই বহুত মেছেজ , ফোন কৰিছে কথা পাতিবলৈ সাহস হোৱা নাই মোৰ ।।
৪ দিনৰ পিছত তাইৰ বিয়া । মই তাইক আনৰ হোৱাটো কল্পনা কৰিব নোৱাৰো । যাৰ বাবে মই আত্মহত্য কৰিব সিদ্ধান্ত কৰিলো ।
ৰাজ । এইখন ডায়েৰি পঢ়াৰ অধিকাৰ তোক দিছো কাৰণ তই মোৰ অতি বিস্বাসী আৰু পৰিক লগ পোৱা পৰা এইখন লিখিছো তাইৰ আৰু তোৰ বাহিৰে আনক নিদিবি মোৰ মৃত্যু পিছত মোৰ লগতে দিবি আৰু পৰিক মোৰ মৃত্যুৰ খবৰ দিবি । নহ'লে তাই ভাবিব মই তাইক অকলশৰে এৰিছো । ভালদৰে থাকিবি আৰু এই কবিতাটো শেষ উপহাৰ দিবি ।।
"তুমি মাথোঁ মোৰ"
নাযাবা মৰম অকলশৰে এৰি,
তুমি নহ'লে নোৱাৰো থাকিব
তোমাক পাহৰি……
আত্মাটো তোমাক দিলো,
বেদনা মোক কিয় দিলা…
আনৰ হ'ম বুলি ভাবিছিলা যদি,
মিছা সপোন কিয় দেখুৱালা…
তুমি যাবাগৈ আনৰ হৈ,
মই গুচিযাম পৃথিৱী এৰি থৈ…
আৰু নাহো ঘূৰি তোমাক
মাতিবলে ধুনু বুলি……।।
"তোমাৰ পাগল প্ৰেমিক জ্ঞান জ্যোতি"
°°°°°°
আৰু সি আত্মহত্যা কৰিলে । পৰি পালেহি ।।
:: ৰাজ ! জ্ঞান…??
:: শুই আছে ! জীৱনৰ বাবে এইটো কবিতা তোমাৰ বাবে…।।
তাই দৌৰি গ'ল জ্ঞানৰ কাষলে আৰু পাহৰি গ'ল অচিনাকি কিছুমান মানুহ যে তাইৰ কাষত আছে । জ্ঞানৰ প্ৰাণহীন শৰীৰটো সাৱতি ধৰি মাথোঁ কান্দি থাকিল । তাৰ মূৰটো তুলি ল'লে কোলাত আৰু তাৰ লগত কথা পাতিব ধৰিলে ।
:: জ্ঞান…… চোৱা মই আহিলো … এইয়া চোৱা তুমি বিচৰা উপহাৰ এটা আনিছো (সেন্দুৰ টেমা এটা তাইৰ হাতত)
জ্ঞান…………… ঐ দে মোক সেন্দুৰ দিয়া মই মাথোঁ তোৰ আনৰ নহয় ।
::,,,,,……………………
:: ঐ তুমি অভিমান কৰিছ ন । হব মইয়ে দি লওঁ ।
তাৰ নিথৰ আঙুলিটো ধৰি নিজেই উকা কপালত আঁকি ল'লে সেন্দুৰ ।
:: ঐ জ্ঞান … চোৱা মই তোমাৰ ধুনু ……ঐ মাতা না এবাৰ মোক ধুনু বুলি । ঐ উঠা জ্ঞান …… ঐ জ্ঞান মই আহিলো অ' তোমাৰ ধুনু । এবাৰ মাতা মোক ধুনু বুলি ।
(তাৰ মৃতদেহটো সাৱতি চিঞৰি থাকিল তাই । কিন্তু সি জানো আকৌ মাতিব । সকলোৱে তাইক বুজাইছে তাই একো নোশুনে । তাইক সি মাতিব বুলে)
:: ঐ জ্ঞান চোৱা চোৱা …… মই তোমাৰ আত্মা মই আহিছো উঠা জ্ঞান … এবাৰ মাতা এবাৰ মাতা মোক ধুনু বুলি ……এবাৰ মাতা ………
(হথাৎ তাইৰ মুখৰ পৰা তেজ উলাবলৈ ধৰিলে) মানে তাইয়ো তাৰ লগতে যাব উলাইছে । সকলোৱে চকুত চকুলো কোনে কাক বুজাব ।
:: ঐ কৈছিলো নহয় মইয়ো যাম তোমাৰ লগত । অকলে যাব নিদিও তোমাক । (তাই কথাবোত সৰু হৈ আহিল । শুই পৰিল তাই জ্ঞানৰ বুকুৰ মাজত)
ঐ এবাৰ মাতা না ধুনু বুলি……"ধু……নু…………বু……………লি…………মা………তা………না…………এবাৰ"………
তাৰ বুকুৰ মাজতে শুই পৰিল তাই । গুচিগ'ল সকলোকে কন্দুৱাই পৃথিৱী এৰি…… আৰু পৰিয়ে জ্ঞানলৈ দিয়া শেষ মেচেজটো যিটো জ্ঞানে নাচালে চোৱা হ'লে হয়টো আত্মহত্যা নকৰিল হয় ।। "মোক লৈ যোৱাহি জ্ঞান মই তোমাৰ ধুনু আনৰ নহয়" ।। মেচেজটো পঢ়ি বুকুখন কপি উঠিল ।
একেলগে দুখন চিতা জ্বলি উঠিল লগতে জ্বলি গ'ল জ্ঞানৰ ডায়েৰিখন । এফালে জ্ঞানৰ চিতা আনফালে পৰি । কিন্তু দুয়োখনৰে ধুৱাবোৰ গৈ আকাশত লগ হৈছে । হেয়াযেন সিঁহতৰ মিলনৰ চিন ।। কব নোৱাকৈয়ে মুখেৰে উলাই গ'ল "প্ৰেম জনমে জনমে" ।।
✍ জ্ঞান জ্যোতি গগৈ (ধেমাজি)
WhatsApp :- 6000370450
এটা কাল্পনিক কাহিনী আগবঢ়ালো । বহুত ভুল ৰৈ গৈছে তাৰ বাবে ক্ষমা কৰিব ।
nice story
ReplyDelete