আজিৰ কাহিনীটো সেইসকলৰ বাবে যিসকলে বহু চেষ্টা কৰিও চাকৰী-বাকৰী নাপাই নিজৰ ভাগ্যক বা কপালক দুখী থাকে( Assamese Storyboard )। আৰু নিজৰ জীৱনত নতুন কিবা এটা কৰিব কাৰণে চেষ্টাও নকৰে।
এবাৰ এজন ব্যক্তি চাকৰি কাৰণে গাঁৱৰ পৰা চহৰলৈ গ'ল। কিন্তু তাৰ ওচৰত নিচেই কম পইচা আছে। তাৰ কাৰণে তাক অতি সোনকালে এটা চাকৰি প্ৰয়োজন হৈ পৰিছে । সি চহৰৰ আশে পাশে চাকৰি সন্ধান কৰিব ল'লে। সন্ধান কৰি সি গম পালে যে ওচৰত এটা ডাঙৰ কোম্পানী আছে। তাত "পিয়ন"ৰ প্ৰয়োজন হৈ আছে। লগালগ সি অফিচ টোলে গ'ল। কোম্পানীৰ মেনেজাৰ জনক লগ ধৰিলে। মেনেজাৰ জনে তাক অফিচটো চাফ চিকুণ কৰিবলৈ দি সৰুকৈ এটা পৰীক্ষা ল'লে। তাত সি উত্তীৰ্ণ হ'ল।
মেনেজাৰ জনে তাক ক'লে যে তুমি চাকৰি পাবা, তাৰ বাবে তোমাৰ মেইল আইডিটো দিব লাগিব। সি ক'লে যে মোৰ মেইল আইডি নাই । তেতিয়া মেনেজাৰ জনে ক'লে যাৰ ওচৰত মেইল আইডি নাই তেও চাকৰি কৰা যোগ্য নহয়। কেনেকৈ চাকৰি দিও। তেতিয়া সি নিৰাশমনেৰে তাৰ পৰা গুচি আহিল। যিহেতু ঘৰৰ পৰা গুচি আহিছে , জীয়াই থাকিব লাগিব। সমূখত এখন "চুপাৰ মাৰ্কেট" দেখা পালে। সি তালৈ গ'ল । মাৰ্কেট খনৰ পৰা সি তাৰ ওচৰত থকা এশ টকাৰে বিলাহী কিনিলে । ঘৰে ঘৰে গৈ সেই বিলাহী বিক্ৰী কৰিব ল'লে। সেইদৰে বিক্ৰী কৰি তাৰ ওচৰত দুশ টকা হ'লগৈ।
সি ভাবিবলৈ ধৰিলে এই চহৰখনত মানুহ বোৰ ইমান ব্যস্ত যে চুপাৰ মাৰ্কেট গৈ বিলাহী কিনিবলৈ সময় নাই ।
সি গম পালে যে ইয়াত পইচা পাবলৈ বহুত সহজ। সি লাহে লাহে মাৰ্কেটৰ পৰা পাচলি আনি ঘৰে ঘৰে বিক্ৰীবলৈ ল'লে। অতি সোনকালে সি সহায়ৰ বাবে এটা দুটা লৰাও ৰাখি ল'লে। লাহে লাহে সি এখন ট্ৰাকো কিনি ল'লে। তাৰপিছত সি ওচৰৰ গাঁৱৰ পৰা পাচলি আনি চহৰত বিক্ৰী কৰিব ল'লে।এক দুবছৰৰ ভিতৰত সি কোটিপতি হৈ গ'ল।( Assamese Storyboard )
আন এবাৰ এজন পলিচি খোলা ব্যক্তি এজন তেওঁৰ ওচৰলৈ আহিল ।পলিচি খনৰ প পত্ৰ ভৰাই তাক ক'লে যে , ছাৰ আপোনাৰ মেইল আইডি দিয়ক , পলিচি খন বনাই দিও।সি ক'লে মোৰ মেইল আইডি নাই । পলিচি খোলা ব্যক্তি জনে ক'লে এই প্ৰযুক্তি বিদ্যা যুগত আপোনাৰ মেইল আইডি থকা হ'লে আপুনি বহুদূৰ গ'লহেতেন। আপোনাৰ কাম কৰ পৰা কলৈ গ'লহেতেন। তেতিয়া সি ক'লে মোৰ মেইল আইডি থকা হ'লে আজি এটা ডাঙৰ কোম্পানীত কাযালয় "পিয়ন" হিচাপে কাম কৰি থাকিলোহেতেন।
গতিকে, আপোনাৰ ওচৰত যদি কোনো উৎস নাই তেতিয়াও আপুনি আগবাঢ়ি যাওক।
আপোনাৰ ওচৰত যি নাই তাৰ কাৰণে কন্দা কটা কৰা বন্ধ কৰক আৰু যি আছে তাক লৈ আগবাঢ়ি যাওক।
নিজৰ কষ্টৰ উপৰত বিশ্বাস ৰাখক, নিজৰ কপালৰ উপৰত নহয়। সপোনৰ বাবে সংঘৰ্ষ কৰি যাওক আৰু সফলতাৰ সোৱাদ লওক।।
ধন্যবাদ।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment