ভগা জুপুৰিৰ পৰা কইনা নিবলৈ দৰা আহিছিল হেলিকপ্তাৰত : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 17, 2021

ভগা জুপুৰিৰ পৰা কইনা নিবলৈ দৰা আহিছিল হেলিকপ্তাৰত : Assamese Storyboard

Assamese Storyboard

বন্ধুসকল আমি জানো যে পৃথিৱীত বহুত ধৰণৰ মানুহ আছে। ভগৱানে সকলোকে  জুখি চায়।  কাৰোবাক দৰিদ্ৰতা দিয়ে আৰু কাৰোবাক ধন টকা পইচা দি জুখি চায়( Assamese Storyboard )।  মানুহ গৰিব হওক বা ধনী তেওঁ সদায় সৎ কাম কৰি যাব লাগে। মানুহৰ সময় কেতিয়া সলনি হয় কোনেও কব নোৱাৰে।

আজি আমি এটা সঁচা ঘটনাৰ এজনী দুখীয়া ছোৱালীৰ বিষয়ে জানিম যি ৰাতিৰ ভিতৰত কোটিপতি হৈ গল। তাইক এজন কোটিপতি লৰাই ইমান পছন্দ কৰিলে যে সি তাইৰ লগত তৎক্ষণাত বিয়া পাতি ললে । আৰু সেই জুপুৰীত থকা দুখীয়া ছোৱালীজনী  ৰাতিৰ ভিতৰতে বহুত ধনী হৈ গল।

কোৱা হয় যে জোৰা সদায় স্বৰ্গত ঠিক হৈ আহে। কাৰ বিয়া কাৰ লগত হব এইয়া আগতেই ঠিক হৈ থাকে। আৰু এই কথাটো প্ৰমাণ কৰিলে চাহিস্থা আৰু আছিফৰ বিয়াই।


 মধ্য প্ৰদেশৰ যাবৰা নামৰ গাঁৱত আব্দুল আৰু তেওঁৰ পৰিয়াল বহুত দৰিদ্ৰতাৰ মাজেৰে চলি আছিল। ইমানেই দৰিদ্ৰ আছিল তেওঁলোক যে ৰাতিপুৱা খাবলৈ পালে সন্ধিয়া খোৱাৰ বাবে চিন্তা কৰিব লগা হৈছিল। তেওঁলোক এটা ভঙা জুপুৰীত আছিল। আব্দুলৰ এজনী ছোৱালী আছিল যাৰ নাম আছিল চাহিস্থা। ছোৱালীজনী বহুত ভদ্ৰ আৰু অন্তৰ খোলা আছিল। এই দৰিদ্ৰতাৰ মাজতো তাই এক সময়ৰো নামাজ এৰি দিয়া নাছিল। তাই প্ৰতিটো নামাজ কৰিছিল। গোটেই মাহ ৰোজা ৰাখিছিল। অৰ্থাৎ ইমান দৰিদ্ৰতাৰ মাজতো নেদেখা জনক নমন কৰিবলৈ পাহৰি যোৱা নাছিল। এই গাঁও খনৰ ওচৰতে এখন গাঁও আছিল যাৰ নাম চুকেত । তাত এজন আছিফ নামৰ ব্যৱসায়ী আছিল। আছিফৰ গোটেই পৰিয়ালটো ধনবান আছিল। আছিফৰ ঘৰৰ মানুহে তাৰ বিয়াৰ বাবে ছোৱালী বিচাৰি আছিল। তেওঁলোকে এজনী ভাল আৰু পবিত্ৰ অন্তৰৰ গৰাকী বিচাৰিছিল। চহিস্থাৰ গাওঁতেই আছিফৰ আইতাকৰ ঘৰ আছিল। এবাৰ আছিফ তাৰ মাকৰ লগত আইতাকৰ ঘৰলৈ আহিছিল। আইতাকৰ ঘৰৰ সন্মুখতেই চহিস্থাৰ গোটেই পৰিয়ালটো এটা জুপুৰীত আছিল। মাকে ৰাতিপুৱা নামাজ পঢ়িবলৈ উঠাত তেওঁ চাদৰ ওপৰৰ পৰা চাহিস্থাক নামাজ পঢ়ি থকা দেখা পালে।তেওঁ তাইক ভালদৰে লক্ষ কৰিলে যে তাই কেনেকৈ শুদ্ধ অন্তৰৰ পৰা আল্লাৰ নমন কৰিছে।


তাৰ পাছত আছিফৰ মাকে সদায় সেই ছোৱালীজনীক চাই থাকিব ললে আৰু তেওঁ তাইক ইমানেই পছন্দ কৰিলে যে তেওঁ এই বিষয়ে আছিফৰ লগত কথা পাতিলে। তাৰ পাছত আছিফেও তাইক চাব ললে। তাই ইমানেই নম্ৰ ভদ্ৰ তথা ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল আছিল যে দুই তিনিদিন দেখাৰ পাছতে আছিফে তাইক পছন্দ কৰিলে। তাৰ পাছত মাকে ঘৰৰ বাকীবোৰ সদস্যক তেওঁ চাহিস্থাক পছন্দ কৰাৰ কথা কলে আৰু লগতে তাইৰ দৰিদ্ৰতা আৰু তাইৰ ভাল গুণবোৰৰ বিষয়েও জনালে। ঘৰৰ বাকীবোৰ সদস্যই চাহিস্থাক দেখাৰ পাছত পছন্দ কৰিলে আৰু তাইৰ ঘৰৰ মানুহৰ লগত তেওঁলোকৰ সম্বন্ধৰ বিষয়ে কথা পাতিবলৈ গল। কথা বোৰ শুনি চাহিস্থাৰ ঘৰৰ মানুহে প্ৰথমে ভয় কৰিলে যে তেওঁলোক এটা জুপুৰীত থকা ইমান গৰিব মানুহ আৰু তেওঁলোক হৈছে কোটিপতি। তেওঁলোকে ভাবিলে হয়তো আছিফৰ ঘৰৰ মানুহে চাহিস্থাক লৈ গৈ বিশ্বাসঘাত নকৰে তো।মনলৈ হাজাৰটা ভয় শংকা অহাৰ বাবে চাহিস্থাৰ ঘৰৰ মানুহে এই সম্পৰ্কৰ বাবে মানা কৰি দিলে। তাৰ পাছত আছিফৰ ঘৰৰ মানুহে তেওঁলোকক সকলো কথা বুজাই কলে। তেওঁলোকৰ ওচৰত ভগৱানৰ দিয়া সকলো আছে। ধন টকা, সন্মান সকলোখিনি আছে। তেওঁলোকে আছিফৰ বাবে এনে এজনী ছোৱালী বিচাৰে যিয়ে অন্তৰৰ পৰা বহুত ভাল আৰু ঈশ্বৰৰ ভক্তি কৰে। তেওঁলোকে চাহিস্থাৰ মাজত থকা সকলো ভাল গুণ দেখা পোৱাৰ কথাও কলে।( Assamese Storyboard )


চাহিস্থাৰ মাকে কলে, যেতিয়া আছিফৰ মাকে এই সম্পৰ্কৰ কথা আলোচনা কৰিবলৈ আমাৰ ঘৰলৈ আহিছিল আমি তেতিয়া বহুত ভয় কৰিছিলোঁ কিয়নো আমি জানো যে আছিফ খান আৰু তেওঁৰ দেউতাক আৰিফ খান এজন বহুত ডাঙৰ ব্যৱসায়ী হয় আৰু আমি ইমান গৰিব মানুহ সেইবাবে প্ৰথমে আমি এই সম্পৰ্ক নাকচ কৰিছিলোঁ। মই কাপোৰ চিলাই কৰি ঘৰখন চলাও, তেনেস্থলত আমাৰ মাজত কোনো সম্পৰ্ক কেনেকৈ হব পাৰে?"

তেওঁৰ কথাবোৰ শুনি আছিফৰ মাক দেউতাকে কলে যে তেওঁলোকে কেৱল চাহিস্থাক পছন্দ কৰিছে আৰু বেলেগ একো নালাগে তেওঁলোকক। তেওঁলোকে চাহিস্থাক নিজৰ ছোৱালী ৰূপত ৰাখি কোনো বস্তুৰ অভাৱ হবলৈ নিদিয়ে বুলি কথা দিলে। তাৰ পাছত তেওঁলোকে ইমানকৈ জোৰ কৰাৰ বাবে চাহিস্থাৰ মাকে ভাবিলে যে এওঁলোক অন্তৰৰ বহুত ভাল মানুহ আৰু টকা পইছা লৈ তেওঁলোকৰ কোনো মতলব নাই। তেওঁলোকক মাত্ৰ নিজৰ লৰাৰ বাবে এজনী ভাল মনৰ ছোৱালী লাগে। তাৰ পাছত চাহিস্থাৰ ঘৰৰ মানুহ এই সম্পৰ্কৰ বাবে মান্তি হল। কিছুদিনৰ পাছত দুয়োৰে আঙুঠি পিন্ধোৱা নিয়ম কৰোৱা হল। সিহঁত দুয়োৰে সম্পৰ্ক গঢ়ি উঠিল। তাৰ কিছুদিন পাছতেই দুয়োৰে বিয়া কৰাই দিয়া হল। বিয়াৰ দিনা আছিফে হেলিকপ্টাৰত আহি নিজৰ কইনাক বিয়া কৰাই লৈ গল।


চাহিস্থাই কলে যে,"মইতো সপোনটো ভবা নাছিলো যে ইমান ডাঙৰ ঘৰত মোৰ বিয়া হব। ইমান ধনী মানুহ এজনৰ লগত জীৱনটো কটাব পাম বুলি সপোনটো ভবা নাছিলো। মই মাত্ৰ ওপৰৱালাৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে তেওঁ মোৰ পক্ষে যি কৰিব মোৰ ভালৰ বাবেই কৰিব। আৰু আজি তেখেতে মোক সকলো সুখ দিলে। তেখেতে মোক নিবিচৰাকৈ পৃথিৱীৰ সকলো সুখ দি দিলে।

চাহিস্থাৰ গাঁৱত এইটো প্ৰথম ঘটনা আছিল যেতিয়া দৰাই কইনাক নিবলৈ হেলিকপ্টাৰত আহিছিল। এইবোৰ চাবলৈ বহুত দূৰৰ পৰা মানুহ আহিল আৰু সকলোৱে দেখি আচৰিত হল যে জুপুৰীত থকা ছোৱালী এজনীক দৰাই হেলিকপ্টাৰত আহি বিয়া কৰাই নিব। আছিফৰ ঘৰৰ মানুহৰ অন্তৰ বহুত ভাল আছিল। তেওঁলোকৰ ওচৰত অজস্ৰ টকা পইচা থকাৰ পাছতো তেওঁলোকে ঈশ্বৰে দেখাই দিয়া সৎ পথত চলিছিল।

তেওঁলোকে জানিছিল যে মহিলাৰ ৰূপ চাই বিয়া কৰাব নালাগে হয়তো তেওঁৰ এই ৰূপে এদিন আপোনাক ধংশ কৰি দিব। আৰু যদি কোনো মহিলাৰ টকা পইচা দেখি বিয়া কৰোৱা তেন্তে তুমি এদিন পাপৰ কবলত পৰিব লাগিব। 


সদায় সঁচা মনৰ , ভাল ছোৱালীৰ লগত বিয়া কৰাব লাগে। কিন্তু আজিৰ দিনত মানুহে টকা পইচা আৰু ৰূপ লাবন্য দেখি বিয়া কৰাব খোজে। কিন্তু তেনে সম্পৰ্কত বিয়াৰ কিছুদিন পাছতেই কাজিয়া হব ধৰে আৰু কেতিয়াবা বিবাহ বিচ্ছেদ ও হৈ যায়। গতিকে ৰূপে নুশুৱাই গুণেহে শুৱাই।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


3 comments:

Advertisement

Pages