মাকৰ কথাবোৰ শুনি বেদান্ত ৰিংকুৰ ওচৰলৈ আহিল কিন্তু ৰিংকু ৰুমত নাছিল। সি মাকক সোধাত ৰিংকু হয়তো টেৰেছত থাকিব পাৰে বুলি কলে( Assamese Storyboard )। বেদান্ত টেৰেছলৈ গল। ৰিংকুয়ে তাত ৰেলিংত ধৰি থিয় হৈ আকাশৰ ফালে চাই আছিল। বেদান্তই লাহেকৈ মাতিলে,"দাদা"
ৰিংকুয়ে পিছফালে ঘূৰি চোৱাত বেদান্তই আহি তাক সাবটি ধৰিলে,"চ'ৰি দাদা, নিজৰ খঙত মই তোমাৰ দুখ পাহৰিয়েই গলো। মই এইটো পাহৰিলোঁ যে মোতকৈ বেছি দুখ তুমি সহি আছা। মইতো মোৰ জীৱনত আগবাঢ়ি গলো। কিন্তু তুমি আজিও সেই একে ঠাইতেই আছা।"
ৰিংকুয়েও তাক জোৰেৰে সাবটি ধৰি কলে," তুমি মোক ক্ষমা কৰি দিলা মোৰ ভাই। এতিয়া মোৰ মনৰ পৰা বহুত ডাঙৰ বুজা এটা কমি গল।"
বেদান্ত: দাদা, এতিয়া চাবা আমি দুয়োটাই মিলি ৰিয়াক বিচাৰি উলিয়াম আৰু তাইক এইখন ঘৰলৈ উভতাই আনিম। তাৰ পাছত আৰু কতো যাব নিদিওঁ।"
ৰিংকু: অ ভাইটি, আৰু তাইৰ ক্ষমা পাবলৈ মই যি কৰিব লাগে সকলো কৰিম।
গেটত ৰৈ কল্পনা, অমৰ আৰু উৰ্মিয়ে এই সকলোবোৰ দেখি বহুত শান্তি পালে মনত। কল্পনা দেৱী মাক ধন্য কৰিবলৈ মন্দিৰলৈ গল আৰু উৰ্মি ,অমৰ আহি চ'ফাট বহিল।
উৰ্মি:খুড়া, এতিয়া সময় আহিল দাদাক ৰিয়াক বিচাৰি যাবলৈ অনুমতি দিয়াৰ।
অমৰ: অ মাজনী, এতিয়া বেদান্তই ৰিংকুক ক্ষমা কৰি দিলে যেতিয়া আগলৈ আৰু চিন্তা কৰিব লাগিব।
দাইনিং টেবুলত চাৰিওতা বহি আছিল। উৰ্মিয়ে সকলোকে খাবলৈ দি আছিল।
অমৰ: ৰিংকু, এতিয়া বেদান্ত আহিল যেতিয়া মই ভাবিছোঁ ইয়াৰ অফিচৰ দায়িত্ব সি চম্ভালি লব। উৰ্মিয়েও ইমান দিনে মাৰ্কেটিংৰ কাম ভালকৈ শিকি ললে। মই ভাবো দুয়ো মিলি ভালকৈ সকলো চম্ভালিব পাৰিব।
ৰিংকু: অ পাপা, আপুনি ভালেই চিন্তা কৰিছে।
তাৰ পাছত মনৰ ভিতৰত কলে,"মইও ৰিয়াক বিচাৰিব লাগিব।"
বেদান্ত:'কিন্তু পাপা, মই এইবোৰ অকলে কেনেকৈ কৰিম? আৰু দাদাই কি কৰিব? ঘৰত বহি তেওঁ আৰাম কৰিব আৰু মই অফিচত বহি চিন্তা।' সি এনেদৰে কোৱাত সকলোৱে হাঁহি দিলে।
অমৰ: নহয় সি আৰাম নকৰে, সি কাইলৈ দিল্লীলৈ যাব লাগিব।
কথাখিনি শুনি উৰ্মিয়ে হাঁহি দিলে আৰু ৰিংকুৰ ডিঙিত খাদ্য লাগি ধৰিলে। সি কাহিবলৈ ধৰাত বেদান্তই পানীৰ গিলাছটো তাৰফালে আগবঢ়াই দিলে। পানী খাই সি কলে," কিন্তু পাপা, মই কিছুদিনৰ বাবে চুটি লব বিচাৰিছিলোঁ।"
কল্পনাইও কলে," থিকেইটো কৈছে সি। তাক অলপ দিন আৰাম কৰিব দিয়ক। আৰু বেদান্তও আজি আহিছে হে। দুই ভাই ককাইক অলপ সময় একেলগে কটাব দিয়ক।"
বেদন্তইও কলে,"অ পাপা,মায়ে ঠিকেই কৈছে।"
কিন্তু অমৰে নামানিলে," তোমালোকে মোৰ কথা বুজি পোৱা নাই। তাত মই ৰাজবিৰৰ লগত মিলি যিটো কোম্পানী বনাইছিলোঁ সেইটো আজিলৈকে তাৰ পত্নী আৰু পুত্ৰই চোৱা চিতা কৰে। কিন্তু এতিয়া তাৰ লৰাই এই কোম্পানীটো বিদেশত ছেট আপ কৰাৰ প্ৰস্তাৱ দিয়াত মই মানা নকৰিলোঁ। মই সেইটো কোম্পানীত মাত্ৰ টকা খৰচ কৰিলোঁ। সম্পূৰ্ণ দায়িত্ব তো তেওঁলোকেই পালন কৰিলে। তেন্তে মই এইটো প্ৰস্তাৱ কেনেকৈ মানা কৰিম? সি অহা সপ্তাহত আমেৰিকালৈ যাব। সেইবাবে মিছেছ শৰ্মাই সি ঘূৰি অহালৈ ৰিংকুয়ে কোম্পানীটো চোৱা ছিটা কৰাটো বিচাৰিছে।"
ৰিংকুয়ে মূৰ তল কৰি বহি আছিল,"হয় পাপা আপুনি যি ঠিক বুলি ভাবে সেইটোৱেই হব। মই কেতিয়া যাব লাগিব দিল্লীলৈ?"
অমৰে মিচিকিয়াই কলে,"অহা কাইলৈ ৰাতিপুৱাৰ ফ্লাইট আছে তোমাৰ।"
খোৱাৰ পাছত বেদান্তই উৰ্মিক তাইৰ ফ্লেটত থবলৈ গল। তালৈ গৈ পোৱাত উৰ্মিয়ে তাক ভিতৰলৈ আহিব কলে। বেদান্তই মান্তি হোৱাত দুয়ো ভিতৰলৈ আহিল।
উৰ্মি: তুমি ব'হা মই কফি বনাই আনো।( Assamese Storyboard )
বেদান্ত: 'নালাগে উৰ্মি, তুমি মোৰ ওচৰত ব'হা।' উৰ্মি তাৰ ওচৰত আহি ব'হাত বেদান্তই তাইৰ হাতত ধৰি সাবটি ধৰিলে" ধন্যবাদ উৰ্মি, মই নথকাত মোৰ মা-পাপাৰ যত্ন লোৱাৰ বাবে।"
উৰ্মিয়ে তাৰ মূৰত হাত ফুৰাই কলে," হয়তো তুমি পাহৰিছা যে এতিয়া মইও সেইখন ঘৰৰ সদস্য হয়। তেনে স্থলত মই মোৰ দায়িত্ব কেনেকৈ পাহৰিম?"
বেদান্তই উৰ্মিৰ কপালত চুমা আঁকি দিলে,"উৰ্মি, মই তোমাৰ প্ৰতি কোনো দায়িত্ব পালন কৰিব নোৱাৰিলোঁ। তথাপিও তুমি মোৰ সকলো দায়িত্ব নিজৰ ওপৰত লৈ ললা। মই বহুত ভাগ্যবান যে তোমাক পালোঁ।"
উৰ্মিয়েও তাৰ চকুত চাই কলে," আমি দুয়ো বেলেগ কেতিয়া আছিলোঁ? আমি বিয়াৰ নীতি নিয়মৰ মাজেৰে বান্ধ খোৱা নাই যদিও মোক ৰিয়াই মাৰ খাৰু জোৰ পিন্ধাই দি সেই সময়তেই এক বান্ধোনত বান্ধি দিছিল।তেন্তে মই দিয়া কথাবোৰৰ পৰা কেনেকৈ মুখ ঘূৰাই আহিব পাৰিলোঁ হয়? তুমি দাদাক ক্ষমা কৰি দিলা মই বহুত সুখী। এতিয়া তুমি আহিলা যেতিয়া ৰিয়াকো সোনকালে বিচাৰি পাম। তাৰ পাছত আমি চাৰিও মিলি তোমালোকৰ মা-দেউতাৰ ঘৰ শিৱসাগৰলৈ যাম।" তাৰ পাছত তাই তাক ৱালত চাব কলে। যত তাইৰ মাক দেউতাকৰ লগত ৰিয়াৰ মাক দেউতাকৰ ফটো ওলমি আছিল।
বেদান্তই সেই ফটোবোৰ দেখি ভাবুক হৈ পৰিল," তুমি জানা নে উৰ্মি, যেতিয়া মই সৰুতে শিৱসাগৰলৈ যাওঁ তেতিয়া মোক নিশা মায়ে বেছি মৰম কৰিছিল আৰু এইবোৰ দেখি ৰিয়াই মোৰ লগত কাজিয়া কৰে। নিশা মায়ে যেতিয়া মোক কোলাত তুলি লয় তেতিয়া ৰিয়াই খং কৰি কল্পনাৰ মাৰ কোলাত বহি লয়। আৰু যেতিয়া নিশা মাৰ মৃত্যু হোৱাৰ পাছত মই শিৱসাগৰলৈ যাওঁ তেতিয়া উৰ্মিয়ে মোক মাৰ দৰে মৰম দিব ললে। প্ৰথমে মই এইবোৰ বুজি পোৱা নছিলোঁ। কিন্তু এতিয়া বুজিছে সেইবোৰ কি আছিল। ৰিয়াই জানিছিল যে মই তাই ভাইটি হয়। সেইকাৰণে তাই মোৰ ইমান ধ্যান ৰাখে।" সি কান্দিব ধৰিলে।
উৰ্মিয়ে তাৰ চকুলো মোহাৰি কলে," বেদান্ত এতিয়া কান্দিবলৈ সময় নাই। এতিয়া সোনকালে তোমালোক দুয়ো ককাই ভাই মিলি ৰিয়াক বিচাৰি উলিওৱা। আৰু আমি চাৰিওতা একেলগে থাকিম। তাৰ পাছত ৰিয়াৰ পৰা যিমান মৰম কৰাব আছে কৰাই লবা। কিন্তু চাবা তাই তোমাতকৈ বেছি মোক মৰম কৰিব।" তাই এনেদৰে কৈ তাক জোকাই দৌৰি গল। বেদান্তইও" ৰ'বা এতিয়াই কম ৰিয়াই কাক বেছি মৰম কৰিব।" দুয়ো আগে পিছে দৌৰিব ধৰিলে।
দৌৰি দৌৰি উৰ্মিয়ে ৱালত খুন্দা খালে। বেদান্তইও এখন হাতেৰে তাইৰ ৰাস্তা ৰখাই দিলে। আৰু এখন হাতেৰে তাইৰ ফালে চাই কঁকালত ধৰি তাৰফালে টানি নিলে। উৰ্মিও তাৰ দুচকুত হেৰাই গল। বেদান্ত লাহেকৈ তাইৰফালে অলপ তল পৰি দিলে আৰু দুয়োৰে উশাহ এক হৈ নিজৰ মাজত বিলীন হৈ পৰিল।
কিছুসময় পাছত উৰ্মিয়ে বেদান্তৰ পৰা আঁতৰি আহি কলে," এতিয়া ঘৰলৈ যোৱা, ৰাতিপুৱা দাদা দিল্লীলৈ যাব গতিকে অলপ সময় তেঁওৰ লগত কটাই লোৱা। বহুত অপেক্ষা কৰিলে তেওঁ তোমাৰ।" সি লাহেকৈ তাইৰ কপালত চুমা যাচি ঘৰলৈ গল।
বেদান্ত তাৰ পৰা ঘৰলৈ আহিল। সি পোনে পোনে ৰিংকুৰ ওচৰলৈ গল। ৰিংকু সেইসময়ত ৰিয়াৰ ঝুলনা খনত বহি আছিল। সি ও আহি তাৰ ওচৰতে বহিলে," দাদা, এই ঝুলনা খন ৰিয়াৰ ফেৱৰেট ঠাই হয়। বিয়াৰ পাছতেই পাপাই এইখন অৰ্ডাৰ দিছিল। তুমি জানা নে তাই তো মোক ইয়াত বহিবলৈ নিদিছিল।"
ৰিংকু:অ জানো, এইখন ৰিয়াৰ প্রিয় ঠাই আৰু এতিয়া মোৰো প্রিয়।
বেদান্তই তাৰফালে চোৱাত সি মিছিকিয়াই কলে," এই ঠাইতেই মই ৰিয়াক মোৰ প্ৰেম নিবেদন কৰিছিলোঁ।"
বেদান্তই ফুৰ্তিত কলে,"সঁচাই দাদা।"
ৰিংকু: অ
বেদান্ত: দাদা কথা এটা শুধু ?
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Chinese drama You are my destiny r nisina story to
ReplyDelete