পৰি আৰু জ্ঞান…বহুত গভীৰ আছিল সিহঁতৰ ভালপোৱা । পৰি এগৰাকী বেশ্যা আৰু জ্ঞান ভদ্ৰ ঘৰৰ সন্তান । কথাটো অসম্ভৱ যেন লাগিলেও সত্য ( Assamese Storyboard )। জ্ঞানৰ ঘৰ ধেমাজি । পৰি গুৱাহাটী ।
পৰি মাক দেউতাকৰ সৰুতে মৃত্যু হ'ল । সম্বন্ধীয় খুৰাক এজনৰ ঘৰতে ডাঙৰ হ'ল । কলেজ গ'ল বি.এ পাছ কৰিলে । কলেজৰ এজনৰ লগত স্থাপন হল গভীৰ ভালপোৱা । আৰু এদিন পলাই গ'ল তাৰ লগত । কিন্তু পৰিৰ জীৱনত সুখ নাছিল । যাক ইমান ভালপাইছিল সি কেইটামান টকাৰ বাবে তাইক বেশ্যালয়ত এৰি গ'ল । আৰু সকলো হেৰুৱাই পৰিয়ে প্ৰতিবাদ নকৰি বোবাৰ দৰে সকলো সহি গ'ল । কোনো নাই এতিয়া তাইৰ । উৰে ৰাতি বিনা প্ৰতিবাদে নিজৰ দেহ দি গ'ল । আৰু বলি হ'ল অনেক জনৰ কামনাৰ । কিন্তু অলপ দিনৰ পিছতে তাইৰ জীৱনত আহিল জ্ঞান । ফেচবুকত তাইৰ কিছুমান অশ্লিল ফটো দিছিল । ওপৰত এটা দাম ১০০০ টকা ।
তাৰ পিছত তাইলৈ মেছেজৰ সীমা নাই ।বিভিন্ন জনৰ বিভিন্ন মেচেজ । সকলোৱে বিচাৰে তাইৰ দেহাটো । ভদ্ৰতাৰ মুখা পিন্ধা অলেখ মুখৰ মুখা খোল খালে । কিন্তু জ্ঞান নামৰ এজনৰ এটা গালি ভৰা মেচেজ ।
: লাজ নালাগে তোমাৰ । ঘৰত মা দেউতা নাই ? কিয় এইবোৰ কৰা ?কি নিলাজ তুমি ?আজি ছোৱালী, কাইলৈ বোৱাৰি হ'বা । কি মুখ দেখুৱাবা সন্তানক ?? ছোৱালীৰ নামত কলংক !!!
পৰি : ঐ ল'ৰা আহ যদি আহিবি । চিঞৰি নাথাক । আৰু শুন মোৰ কোনো নাই । আহ তোৰ সন্তানৰ মা হ'ব দে ।
: এইবোৰ কৰিবা কোনো নাই কাৰণে??আন কাম একো নাই???
পৰি : দিবি নেকি কাম তই?
: লাভ নাই তোমাক কৈ ,
এইয়াই প্ৰথম আৰম্ভণি তাৰ পিছত সি তাইক সদায় মেচেজ কৰিব ল'লে আৰু তাইয়ো ফটোবোৰ ডিলিট কৰিলে ।।
: ঐ ছোৱালী চুৱাচোন এতিয়া হে ধুনীয়া লাগিছে।আৰু নিদিবা ।
পৰি : ইয়াত নিদিলে কি হ'ব ? নিজৰ দেহাটো মোৰ নহয় । যাৰ মন যায় তাৰে হয় । মাথোঁ পইছা লাগে ।
: মই তোমাক তাৰ পৰা মুক্ত কৰিব বিছাৰো ।
পৰি : পাগল হৈছ । মোৰ ঘৰ, সপোন , সকলো এই বেশ্যালয়টোৱে ।
তাই তাক সকলো কথা ক'লে । আৰু তাইৰো সপোন আছে, আশা আছে কিন্তু সেইবোৰ সকলো শেষ হৈ গ'ল । তাইৰো তাক ভাল লাগিব লৈছিল । তাই জানে ভালপোৱাবোৰ তাইৰ বাবে নহয় ।
: ঐ ছোৱালী কথা এটা কঁও ।
পৰি : ক না ! আহিবি নেকি ?
: যাম !
পৰি : সঁচা ক না কেতিয়া আহিবি । তোৰ পৰা পইচা নালাগে । মোৰ লগত যে ইমান ভালকে কথা পাত । নহ'লেটো,,,, গোটেই মেচেজ অকল কেতিয়া ক'ত যাব লাগে সেইবোৰে । ভাল বেয়া । খুৱা বোৱা খবৰ লোৱা মানুহ নাই । আহ না সোনকালে ।
: ঠিকনা দে ।
পৰিয়ে ভবা নাছিল সি আহিব । কিন্তু দুদিন পিছতে সি গুৱাহাটী পালেহি । পৰিয়ে তাক দেখি আচৰিত হ'ল । সপোন নে দিঠক ধৰিব পৰা নাই ।
সি তাইক ক'লে যে সোনকালে তাৰ লগত এফালে যাব লাগে । তাইয়ো অলপ ৰব কৈ উলাই আহিল । ৰঙা শাৰীৰ । গুলপীয়া ব্লাউজ । সৰগৰ যেন কোনোবা অপেশ্বৰী তাই । সৌন্দযৰ কোনো বৰ্ণনা নাই তাইৰ । দুয়োটা এখন পাৰ্কত বহিল ।
পৰি : লৰা সঁচাকে আহিলি! তই আহিবি বুলি ভবাই নাছিলো ।
: ওম ! তোমাৰ বাবে আহিলো । ঐ ছোৱালী চকু দুটা বন্ধ কৰ ।
পৰি : কিয় ! কি কৰ ইয়াত ।
: কৰা না !
পৰি : অ'কে ।।
জ্ঞানে এটা আঙুঠি আৰু এখন শাৰী তাইৰ ফালে আগবঢ়াই দিলে ।
: চকু মেলা । মই তোমাক ভালপাওঁ । নিজৰ কৰি ল'ব বিচাৰো জীৱনৰ বাবে ।
পৰি : পাগল তই । কি কৈছ ? ভাঙ খালি নেকি ? তই ক'ত আৰু মই এজনী বেশ্যা কত ?? তোৰ উপহাৰ গ্ৰহন কৰিলেও মই তোৰ লগত যাব নোৱাৰো ।।
: আৰু এবাৰো নকবা বেশ্যা বুলি । তুমি মোৰ পৰি হ'বা ।
পৰি : হ'ব নোৱাৰে কেতিয়াওঁ, তুমি গুচিযোৱা জ্ঞান । আৰু নাহিবা কেতিয়াও ।
: যদি মই যাব লাগে তোমাৰ লগত যাম । আৰু যদি সেইটো নহয় তেন্তে বগা কাপোৰে ধকা মোৰ মৃতদেহটো যাব ঘৰলৈ । আৰু আত্মাটো তোমাৰ কাষত থাকিব ।
পৰি : কিয় ইমান ভালপাইছিলা ? কি ভুল মোৰ, কিয় মই বিচাৰিও তোমাৰ হ'ব নোৱাৰো ! মোক মাৰি পেলোৱা অ' জ্ঞান ।। মই তোমাক মোৰ বাবে সমাজত আগত কলঙ্কিত কৰিব নোৱাৰো ।।
: নালাগে মোক ভদ্ৰতা মুখাপিন্ধা ভদ্ৰ সমাজ । তুমি মোৰ হোৱা । তোমাৰ দেহা নালাগে । তোমাক পৰি কৰিব খোজো মন সৰগৰ ।
পৰি : কিয় জানিও ভুল কৰিলা । কিয় পৰিলা এগৰাকী বেশ্যাৰ প্ৰেমত ?
: অ মই প্ৰেমত পৰিলো । মই বেশ্যা প্ৰেমত পৰিলো । আনৰ দৰে বেশ্যাৰ আৰ্কষণীয় দেহাটো নহয় । অ মই প্ৰেমত পৰিলো । তাইৰ সপোনবোৰৰ । অ মই প্ৰমত পৰিলো চাই সেই চঞ্চল মনটোৰ । অ মই বেশ্যাৰ প্ৰেমত পৰিলো ।।
পৰি : জ্ঞান প্লীজ ! মোক কষ্ট নিদিবি তই গুচি যা । মোৰ সপোন একো নালাগে । মই এনেদৰে সুখী । তোক মই একো দিব নোৱাৰো মোৰ সকলো শেষ ।
: মই কাইলে আৱেলি ষ্টেচনত অপেক্ষা কৰিম । যদি আহা আহিবা । নহ'লে মোৰ মৃতদেহটো বগা কাপোৰে বান্ধি ঘৰত পঠাই দিবা ।
জ্ঞান গুচি গ'ল । কিন্তু পৰি, তাই কি কৰিব এতিয়া ? সকলোৱে তাইৰ দেহা বিচাৰে প্ৰথমবাৰে বাবে ভাললগা মানুহজনে এটা উপহাৰ দিছে । আৰু তাইক কি ক'ব সমাজে ?তাই কেনেকৈ যাব তাৰ লগত ?সমাজৰ চকুত তাৰ স্থান ক'ত থাকিব?বহুত ভাবি শেষত তাই তাৰ লগত যোৱা সিদ্ধান্ত কৰিলে । আৰু সি দিয়া শাৰীখন পিন্ধি ষ্টেচনত আহিল । জ্ঞান তাইৰ বাবে ৰৈ আছিল ।।
: মই জানিছিলো তুমি আহিবা । মোৰ ভালপোৱা ইমান দুৰ্বল নহয় ।
পৰি : কিন্তু ! এতিয়া যাবা ক'ত ।
: ঘৰত ! তোমাক মন সৰগৰ পৰি কৰি নিম ।
পৰি : ঘৰত মোৰ কথাবোৰ জনা পিছত গ্ৰহণ কৰিব জানো ।
: ব'লা ! দেখা যাব ।
দুয়ো ঘৰত আহিল । সি ঘৰত সকলো কথা ক'লে । কিন্তু তাৰ ঘৰত দেউতাকে তাক সোমাব নিদিলে । বাহিৰ কৰি দিলে ঘৰৰ পৰা । তাৰ দেউতাক এজন সন্মানীয় পুলিচ অফিচাৰ ।
সিঁহতে কি কৰিব একো ভাবি পোৱা নাছিল । ধেমাজি ষ্টেচনত বহি পৰিল দুয়োটা
পৰি : মই কৈছিলো ন তোমাক মোক তোমাৰ ঘৰতে নহয় । কোনেও গ্ৰহণ নকৰে ।
: তোমাক মই গ্ৰহণ কৰিছো । আনৰ কথা বাদ দিয়া । মই খুৱাম তোমাক । জানানে তোমাক লৈ মোৰ বহুত সপোন আছে । তোমাৰ কিমান আছে নো । ( Assamese Storyboard )
কথাবোৰ কৈ থাকোতে ঘূৰি চাই দেখে পৰি নাই। পৰি ক'লৈ গল ?ট্ৰেইন আহিছে বাৰে বাৰে উকি মাৰিছে । বুকুখন কঁপি গ'ল তাৰ । পৰি, তাৰ মানে তাই ....... সি দৌৰি গ'ল । পৰি ট্ৰেইনৰ আগত । সকলোৱে চিঞৰি আছে মৰিব এতিয়া সেইজনী । সেইজনী পৰি ।
: পৰি পৰি আঁতৰি আহা ।
তাই কাৰো কথা নুশুনে । জ্ঞানে একো নাভাবি দৌৰ দিলে তাই ফালে ট্ৰেইন পাবৰে হ'ল । জ্ঞানে পৰিক টানি লৈ গ'ল এফালে । কথমপি প্ৰাণ বাচিল দুয়োটাৰে । এটা চৰ দিলে তাইক ।
পৰি : ঐ মোক মৰিব দে । কিয় বচালি ? মোৰ বাৰে কিয় তই কষ্ট ভুগিব লৈছ?
: মোক মাৰি লোৱা প্ৰথম তাৰ পিছত মৰিবা । মই নোৱাৰো অ' পাগলী তুমি নহ'লে । তুমি মোৰ বাবে থাকিব লাগিব । কোৱা ভাল পোৱানে মোক ।
পৰি : ঐ পাগল, তোক নকওঁ মই ভাল পাওঁ বুলি । কিন্তু তই জানো বুজি নাপাৱ মোৰ মনৰ কথা ।। মোৰ ভয় লাগে অ' তোৰ ইমান মৰমে মোক শেষ কৰি দিয়ে বুলি ।। নিথৰ হৈ চাই ৰওঁ তোক আৰু তোৰ চকুজুৰি পৰা আঁতৰি আহিব নোৱাৰো । আৰু নকৰো দে এনেকুৱা । ক এতিয়া কি কৰিবি । আৰু শুন না মোক তই বুলিয়ে কবি চোন । তোকচোন মই তই কওঁ । তই তুমি নকবি ।
: হ'ব বলা । কিবা এটা খায় লঁও ।
পৰি : ব'ল ক না ।
: "হ'ব ব'ল"
পৰি : কি খাবি ?
: ভাত খা । কালি পৰা একো খুৱা নাই । তই বহ মই অৰ্দাৰ দি আহো ।
সি অৰ্দাৰ দিব গ'ল । কিন্তু তাৰ হাতত পইচা নাছিল । সকলো শেষ হৈ গৈছিল । ৭০ টকা আছিল । সেইটোৱে তাই বাবে ভাত অৰ্দাৰ দিলে । আৰু তাইৰ ওচৰত বহিল । পৰিয়ে দেখিছিল তাৰ হাতত পইচা নাছিল ।
তাই মনে মনে চাই আছিল । অলপ পিছতে ভাত দি গ'লহি ।
পৰি : ভাত তোৰ নাই যে ।
: মোৰ ভোক লগা নাই তই খা ।
পৰি : নাখাওঁ তই খালেহে খাম ।
: মোৰ ভোক নাইলগা অ' …
পৰি : ৰ মই আৰু ভাত দিব কৈ আহো । তই খাব লাগিব ।
: ঐ শুন না ! মোৰ পইচা চব শেষ হৈ গ'ল । সেইকাৰণে ।
পৰি : সেইকাৰণে কি হা ! মই খাব লাগে ? নাখাওঁ মই । মোৰ কাৰণে আৰু কি কৰিবি অ' তই !,
পৰিয়ে সৰু ছোৱালীৰ দৰে কান্দি দিলে ।
: ঐ নাকান্দিবি চোন । চাও ল মই খুৱাই দিওঁ ।
পৰি : ল তই খাই ল । তাৰ পিছত মই খাম ।
পৰিয়ে তাক খুৱাই দিলে । আৰু সি তাইক খুৱাই দিলে । সেই একেখন কাঁহিতে খুৱা এগৰাহ ভাতৰ সুৱাদ বহুত । এতিয়া ক'ত যাব ।
পৰি : ঐ এটা কাম কৰো ব'লা । গুৱাহাটী যাওঁ তাতে ভাৰাঘৰ এটা লম আৰু মই কাম কৰিম, তুমি কৰিবা ধুনীয়াকৈ থাকিম ন ।
: কিন্তু যাবি কেনেকৈ ?
পৰি : এইয়া ল (তাইৰ ডিঙিত থকা সোণৰ চেইনদাল তাক দি দিলে) ৫০০০ মান পাম । এমাহৰ বাবে চিন্তা নাই ।
: নালাগে মই নাযাওঁ । তোৰ চেইন বিক্ৰি কৰি মই নাযাওঁ ।
পৰি : ঐ পাগল পিছত তই আকৌ বনাই দিবি । বাকিলে বুলি ধৰি ল ।
চেইনদাল বিক্ৰি কৰি দুয়োটা গুৱাহাটী গ'ল । আৰু এটা নতুন জীৱন আৰম্ভ কৰিলে । জ্ঞানে কোম্পানী এটাত কাম কৰে । আৰু পৰি ৰুমতে ইতো সিতো কৰি থাকে । ২ মাহ মান গ'ল । লাহে লাহে সকলো ঠিক হ'ল । সকলোৰে পৰা আঁতৰি এটা সুখৰ জীৱন ।
পৰি : ঐ ল'ৰা তোৰ বহুত কষ্ট হয় ন ।
: নাই । তোমাৰ মুখখন দেখিলে চব নোহোৱা হৈ যায় ।
পৰি : ঐ মোৰ অকলে থাকিব বৰ বেয়া লাগে সেইকাৰণে এজনক মাতিছো সোনকালে ।
: কোন ?
পৰি : তোমাৰ সন্তান ।
: কি সঁচা !!!
পৰি : ওম সঁচা । মই মা হ'ব লৈছো আৰু তুমি দেউতা ।
পৰিক সাৱতি ধৰিলে সি । দুয়োৰে চকুত পানীৰে ভৰি পৰিল । দুখৰ নহয় সুখৰ ।
পৰি : ঐ পাগল মই বহুত সুখী অ'… তই আজি মোক নতুন চিনাকি দিলি অ' । স্বৰ্গ ক'ত আছে নাজানো । কিন্তু মোৰ বাবে এইয়াই স্বৰ্গ ।তোৰ লগত পাৰ কৰা প্ৰতিটো দিনেই এনে লাগে যেন মই *স্বৰ্গ যাত্ৰা* কৰিছো ।
: সেই এইজনী কান্দিছ কিয় ?
পৰি : দুখৰ নহয় অ' । তোৰ মৰমে দিয়া এইয়া সুখৰ চকুপানী ।
লাহে লাহে দিন বাঢ়িব ধৰিলে । ৮ মাহ পাৰ হ'ল । কিন্তু পৰি যেন সিমানতেই সুখবোৰ শেষ হ'ল । তাইৰ কথাবোৰ ৰুমৰ মালিকে গম পালে আৰু এদিন সিঁহতক ৰুমৰ পৰা উলিয়াই দিলে ।
সেয়া যেন আৰম্ভণি দুখৰ , ইফালে তাইৰ পেটৰ বিষ ।
পৰি : ঐ মই আৰু যাব নোৱাৰো অ' জ্ঞান । মই মৰি যাম এতিয়া বহুত বিষাইছে পেটতো ।
: বহা অলপ মই পানী লৈ আনো ।
তাইক ৰাস্তাৰ কাষতে বহায় সি দৌৰ দিলে পানী আনিবলৈ । হঠাৎ বিপৰীত ফালৰ পৰা অহা এখন দ্ৰুতবেগী বাইকৰ খুন্দাত এটা চিঞৰ মাৰি "পৰি…ৰি…ৰি…) সি চিটিকি পৰিল বহু দূৰত ।
সকলো দৌৰি আহিল । কিন্তু পৰি তাই সকলো দেখিও উঠিবলৈ সাহস নহ'ল । চুচঁৰি চুচঁৰি তাৰ কাষ পালে । কোনেও কিন্তু তাইক সহায় নকৰিল ।
পৰি : ঐ …ঐ তোৰ কি হল । ঐ উঠ না প্লিজ উঠ অ' তই …
: পৰি তুমি ভাঙি নপৰিবা মই আকৌ আহিম ।
(আৰু একো নকলে সি মাথোঁ সেইষাৰ কবলেই যেন ৰৈ আছিল । গুচি গল সি ।)
পৰি : ঐ মোক এৰি নাযাবি অ' তই … মই বেশ্যা আছিলো অ',,, বেশ্যা মই ,মোৰ বাবে তই নিজক কিয় শেষ কৰিলি ???ঐ কিয় মাৰি নগ'লি তই মোক । কিয় জীয়াই আছো । ঐ জ্ঞান তই ঘূৰি আহিব লাগিব । মোৰ বাবে নহয় ! মোৰ গৰ্ভত থকা আমাৰ সন্তানৰ বাবে । তই মোক এৰি যাব নোৱাৰ । মোক আকৌ সেই অন্ধকাৰ মাজত এৰি দিব নোৱাৰা । কি কম মই তোমাৰ সন্তানক ?
জ্ঞানহীন হৈ পৰিল তাই । এম্বুলেঞ্চ এখনত কোনোবা এজনে মেডিকেলত থৈ আহিল । সাৰ পাই তাই চিঞৰিল "জ্ঞান" কিন্তু সি নাই আৰু তাইৰ সন্তানটো ইফালে সিফালে চালে । মোৰ কি হ'ল । আৰু মোৰ সন্তান ।
ডক্টৰ : ক্ষমা কৰিব । আপোনাৰ সন্তানটি আমি বচাব নোৱাৰিলো ।
পৰি : ক'ত আছে সি । (স্ব জ্ঞান হেৰুৱাই পেলালে তাই) ।
বগা কাপোৰৰ টোপোলা এটা আনি তাই হাতত তুলি দিলে । কাপোৰখন আঁতৰাই দেখে এটা মৰম লগা ল'ৰা । জ্ঞানৰ দৰেই ।
পৰি : সোণ … চোৱাচোন তোমাৰ লগত মই কথা পাতিবই পোৱা নাই সিঁহতে কৈছে তুমি বুলে নাই । ঐ সোণ তুমি মোক এৰি নাযাবা দেই সোণ । দেউতা আহিব সোণ । ঐ সোণ তুমি তুমি টোপনি গৈছা ন সোণ । শুৱা সোণ মই গীত এটা গাম দেই । আমাৰে মাইনা শুব এ……
তাই গীত গাই গ'ল কিন্তু ল'ৰাটো আৰু সাৰ নাপালে । ডক্টৰ আহিছিল কিন্তু তাই আৰু কাৰো কথা নুশুনিলে । দৌৰ দিলে মৃত সন্তানটো বুকুত সাৱতি আৰু সকলো হেৰুৱাই "পাগলী" নাম পালে তাই । জাবৰৰ দম বোৰ তাই আপোন হৈ পৰিল । আৰু ১ বছৰৰ পিছত সেই পাগলী জনী মা হ'ল । কিন্তু দেউতাক কোন ?জানিব বিচাৰে নেকি ?? ভদ্ৰতাৰ মুখা পিন্ধা কিছুমান ভদ্ৰ লোকৰ কামনাৰ বলি হৈছিল তাই । ধৰ্ষণৰ বলি হোৱা পাগলীজনী মা হ'ল ।
সন্তানটো আচলতে ভদ্রতাৰ মূখা পিন্ধা ভদ্র লোক সকলৰ |
কিন্তু সকলোৰে দৃষ্টি ভংগী তাইৰ প্রতি ঘৃননীয় হে দেখা গ'ল |
এইয়াই নিষ্ঠুৰ বাস্তৱ । আজিও জাবৰৰ মাজত সপোন দেখে জ্ঞান আহিব । কথা পাতে অকলশৰে তাৰ লগত । ।
সকলো সপোন পলকতে শেষ হৈ গ'ল ।। ভুল কাৰ আছিল নাজানো তাই কপালৰ নে তাই সেই নামটোৰ "বেশ্যা "।।
✍ জ্ঞান জ্যোতি গগৈ (ধেমাজি)
Ph & WhatsApp :- 6000370450
"সমাপ্ত"
মোৰ এটি প্ৰয়াস কিবা এটা লিখাৰ । কিন্তু নাজানো কিমান সফল হৈছো । মই ভবাৰ দৰে গল্পটো লিখিব নাজানিলো ।। গল্পটো সম্পূৰ্ণ কাল্পনিক ।। ৰৈ যোৱা ভুলৰ বাবে ক্ষমা কৰিব ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
গল্পটো কাল্পনিক যদিও অতি কাল্পনিক বা নাটকীয় বৰ্ণনা থাকিলেও কম যেন ভাৱ হৈছে। ফলত পঢ়ি ভাল লাগিল। মই নিজে বিশেষ নিলিখো তথাপি বিভিন্ন গল্প পঢ়ি ভাল বেয়া বিচাৰ কৰাৰ ক্ষমতা কিছু আছে যেন পাওঁ। মুঠতে আপোনাৰ প্ৰয়াসত এক ডাঙৰ সম্ভাৱনা লুকাই আছে যেন পাইছোঁ। বহু শুভ কামনা থাকিল।
ReplyDelete