এটা বৃহৎ কোম্পানীৰ গেটৰ সন্মুখত এজন বহুত নাম থকা চিঙৰা দোকানীৰ দোকান আছিল( Assamese Storyboard )। দুপৰীয়া আহাৰ গ্ৰহণ কৰা সময়ত বহুতো কৰ্মচাৰীয়ে তালৈ আহি চিঙৰা খায়।এদিন চিঙৰা খায় থাকোঁতে কোম্পানীটোৰ মেনেজাৰ জনে ধেমালিতে হাঁহি হাঁহি ক'লে-" গোপাল তোমাৰ দোকানখন তুমি বহুত ভালকৈ থৈছা। কিন্তু তোমাৰ এনেকুৱা অনুমান নহয় নে, যে তুমি তোমাৰ সময় আৰু প্ৰতিভা চিঙৰা বিক্ৰী অথলৈ যোৱাই আছা...?"
"ভাবা তুমি যদি আজি মোৰ দৰে এই কোম্পানীটোত কাম কৰি থাকিলা হয় । তুমি এতিয়া ক'ত থাকিলা হয়......... আৰু হয়তো মোৰ দৰে তুমিও মেনেজাৰ হ'ব পাৰিলা হেঁতেন।"
এই কথাটো চিঙৰা দোকানী গোপালে বহুত ভাবিলে আৰু ক'লে,"ছাৰ মোৰ এই কামটো আপোনাৰ কামতকৈ বহুত ভাল।
১০বছৰ আগত যেতিয়া মই পাচিত চিঙৰা বিক্ৰী কৰিছিলোঁ। তেতিয়াই আপোনাৰ চাকৰি হৈছিল । তেতিয়া মই মাহেকত হাজাৰ টকা ইনকম কৰিছিলোঁ আৰু আপোনাৰ ইনকম তেতিয়া ১০ হাজাৰ। এই ১০ বছৰত আমি দুয়োজনে বহুত কষ্ট কৰিলোঁ । আপুনি কৰ্মচাৰীৰ পৰা মেনেজাৰ পদলৈ পদোন্নতি পালে আৰু মই পাচি এৰি এই দোকানখন খুলি ল'লো। এতিয়া আপুনি মাহেকত ৫০ হাজাৰ ইনকম কৰে আৰু মই মাহেকত ২ লাখ । কিন্তু এই কাৰণে মই মোৰ কামটোক আপোনাতকৈ ভাল বুলি কোৱা নাই। এই কথাটো মই মোৰ ল'ৰা ছোৱালীৰ কাৰণে কৈছোঁ। ( Assamese Storyboard )অলপ ভাবি চাওঁক চোন ছাৰ মই বহুত কম পইচাৰে এই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। কিন্তু মোৰ সন্তানে এইবোৰ কষ্ট পাব লগিয়া নহয়। মোৰ দোকান মোৰ ল'ৰাটোৱে পাব আৰু মই মোৰ জীৱনত যিমান কষ্ট কৰিলোঁ তাৰ লাভ মোৰ ল'ৰাটোৱে পাব। কিন্তু আপুনি জীৱনত যিমান কষ্ট কৰিলে তাৰ লাভ মালিকৰ পুতেকহঁতে পাব। কাৰণ আপুনি আপোনাৰ পদত আপোনাৰ ল'ৰাক পাছত চাকৰিত ভৰাব নোৱাৰে। সিও আপোনাৰ দৰে শূণ্যৰ পৰাই আৰম্ভ কৰিব লাগিব আৰু কষ্ট কৰি তাতে গৈ পাব য'ত এতিয়া আপুনি আছে। কিন্তু মোৰ ল'ৰাটোৱে এই ব্যৱসায়িটো ইয়াৰ পৰা আৰু বহুত ওপৰলৈ নিব পাৰিব আৰু নিজৰ কষ্টৰ বলেৰে আমাতকৈ বহুত আগবাঢ়ি যাব পাৰিব। এতিয়া আপুনি এবাৰ ভাবক কাৰ সময় আৰু প্ৰতিভা বৰবাদ হৈ আছে.....?
মেনেজাৰ জনে চিঙৰা দোকানীজনক ২ টা চিঙৰাৰ ২০ টকা দিলে আৰু একো নোকোৱাকৈ তাৰ পৰা গুচি গ'ল..........।। প্ৰিয় পাঠকসকল মাইক্ৰচফ্টৰ মালিক বিলগেটচে এবাৰ কৈছিল,"মই এবাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিলোঁ, কিন্তু মোৰ লগৰ সকলো বন্ধু উত্তীৰ্ণ হৈ গৈছিল। এতিয়া সিহঁতি মাইক্ৰচফ্টৰ এটা এটা ইঞ্জিনিয়াৰ কিন্তু মই মালিক।"
সেই কাৰণে কেতিয়াও নিজৰ জীৱন ফলাফলক লৈ নিৰাশ হ'ব নালাগে। আপুনি য'ত আছে তাৰ পৰাই নতুন আৰম্ভণি কৰিব লাগে। সফলতা এদিন নহয় এদিন আপুনি পাব।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment