বেলকনিত বহি তাই সুউচ্চ অট্টালিকাবোৰৰ পিনে অলসভাৱে কিমান সময়নো চাই আছিল পাহৰিয়েই গৈছিল।কলিং বেলটো বাজি উঠাতহে তাইৰ সম্বিত ঘূৰি আহিছিল( Assamese Storyboard )
।
ইছঃ সন্ধিয়াই হ'বৰ হ'ল।আকাশৰ আহিবৰ সময়ো হৈছে।তাই নিজকে নিজে কয় উঠিল।তাই লৰালৰিকৈ দুৱাৰখন খুলি দিলে।ভাগৰুৱা দেহাৰে আকাশ সোমাই আহিল।আজি আকাশক যেন তাইৰ অচিনাকি-অচিনাকি লাগি গ'ল খন্তেকৰ বাবে।লাজ-লাজ ভাৱ এটাই তাইক আৱৰি ধৰিলেহি।
কিদৰে তাই তাক তাই যে মাক হ'বলৈ ওলাইছে আৰু সি দেউতাক।আকাশে গা-পা ধুই ফ্ৰেচ হৈ আহি তাইৰ কাষত বহিলহি।তাইয়ো কথাবোৰ ভাৱি-ভাৱিয়েই সন্ধিয়াৰ জলপান ডাইনিঙ টেবুলত সজাই থৈছিল।আকাশে জলপান খাই থাকোতে তাইৰ পিনে লক্ষ্য কৰি আছিল।তাই বাৰে-বাৰে অন্যমনস্ক হৈ পৰিছিল।এইবাৰো যদি আগৰ দুবাৰৰ নিচিনাই হয় তাই সহ্য কৰিব নোৱাৰিব।আৰু আকাশে!সি জানো সহ্য কৰিব পাৰিব???
প্ৰথমবাৰ ভাল খবৰটো দিওঁতে সি বলীয়াৰ দৰে চিঞৰি উঠিছিল।যেন সি এই পৃথিৱীৰ সকলোতকৈ সুখী মানুহ ।কিন্তু ভগৱানে যেতিয়া সিঁহতৰ সুখ সহ্য কৰিব নোৱাৰিলে তাৰ সকলো ....সকলো সপোন থানবান হৈ পৰিছিল।তাচপাতৰ দৰে সকলো সপোন সহি পৰিছিল।
দ্বিতীয়বাৰো যেতিয়া ডাঃ বৰুৱাই সিঁহতৰ বেবীটোৰ এবনৰ্মেল গ্ৰউথৰ বাবে তিনিমাহ নৌহওঁতেই এবৰচনৰ ছাজেষ্ট্ৰ কৰিলে আকাশে তাইক সান্ত্বনা দিছিল যে সকলো ভগৱানৰে লীলা।কিন্তু ভিতৰি-ভিতৰি সি কিমান ভাগি পৰিছিল সেয়া তাই বুজিছিল।/div>
আজি যদি আকাশৰ মাক জীয়াই থকা হ'লে কিমান যে সুখ পালেহেঁতেন ।বেচেৰী মানুহজনীয়ে নাতি সন্তান এটাৰ মুখ নেদেখাকৈ এই সংসাৰৰ পৰা বিদায় ল'লে।তাইৰ নিজকে বৰ দুঃখী-দুঃখী লাগে।তাইৰ বাবেহে যেন তাইৰ শাহুমাকেএই সুখৰ পৰা বঞ্চিত হ'ল।
আকাশ দত্ত।সম্ভ্ৰান্ত দত্ত পৰিয়ালৰ একমাত্ৰ সন্তান।উচ্চ শিক্ষাৰে শিক্ষিত আকাশে নয়দাত এটা মাল্টিনেচনেল কোম্পানীত চাকৰি পোৱাত শাহু-শহুৰৰ কথামতে বিয়াৰ পিছত তাইও তাৰ লগত থাকিবলৈ গুছি আহিল।সকলো থিকেই চলি আছিল।
কিন্তু এদিন প্ৰেচাৰ ষ্টোক হৈ শহুৰেকৰ মৃত্যু হোৱাত সকলো খেলি-মেলি হৈ গ'ল।শাহুৱেকজনী একেবাৰে অকলশৰীয়া হৈ পৰিল।তাৰ মাজতে তাইৰ জীৱনতো দুটাকৈ ধুমুহাই জোকাৰি গ'ল।আকাশে বহুত চেষ্টা কৰিলে মাককো সিঁহতৰ লগত ৰাখিবলৈ।কিন্তু মাকে নামানিলে ।দুমাহ সিঁহতৰ লগত থাকি পুনৰ উভটি গৈছিল আপোন ভেটিটোত,আপোন ঘৰখনলৈ।
আৰু এদিন কাকো ভাৱিবলৈ সময় নিদিয়াকৈ তেওঁ শোৱাপাটীতেই এই মায়াময় পৃথিৱীৰ মায়া এৰি চিৰ দিনলৈ বিদায় লৈছিল।( Assamese Storyboard )
আকাশে তাইৰ ওচৰত থিয় হৈ তাইৰ দুবাহুত ধৰি জোকাৰি দিলে।তাই যন্ত্ৰচালিতভাৱে কেতিয়ানো আকাশৰ ওচৰৰ পৰা উঠি আহি শহুৰেক- শাহুয়েকৰ যুগ্ম ফটো খনৰ পিনে থৰ লাগি চাই আছিল গমেই পোৱা নাছিল।আকাশৰ মাতত হে তাইৰ সম্বিত ঘূৰি আহিছিল।তাইৰ দুধাৰি তপত চকুলো নিগৰি আহিছিল।
:স্বাতী,কি হ'ল...?তুমি কি ভাৱি আছা...?তুমি কান্দিছা কিয়...?তোমাৰ কি হৈছে...?এই বুলি আকাশৰ হাজাৰটা প্ৰশ্নৰ সন্মুখীন হ'ল।
চকুপানী মচি মচি তাই সিঁহতৰ আহিবলগীয়া সন্তানৰ বিষয়ে কোৱাত আকাশ আনন্দ্ত নাচি উঠিল।
:আৰে!এয়াতো আনন্দৰ কথা আৰু তুমি কান্দিছা বুলি আকাশে তাইক সাৱতি ধৰিলে।
বিয়া হোৱাৰ ছবছৰেই পাৰ হৈ গৈছিল।তাই মাতৃত্বৰ সুখকণৰ পৰা বঞ্চিত হৈ মানসিকভাৱে ভাগি পৰিছিল।আকাশে অফিচৰ কামত গোটেই দিনটো ব্যস্ত হৈ থাকে।অকল তাইহে ফ্লেটটোৰ এই নিৰ্জন কোঠাটোত অকলেই থাকে।বৰ অকলশৰীয়া অনুভৱ কৰে তাই।
কিমান যে মানসিক অত্যাচাৰৰ সন্মুখীন হৈছিল তাই।কিমান যে অন্তঃদন্দত ভূগিছিল তাই।সৰু সৰু কিছুমান কথাও তাইক কন্দুৱাইছিল।স্বামীগৃহৰ বাহিৰৰ মানুহবোৰে যেন তাইক পুতৌৰ দৃষ্টিৰে চাইছিল।
বিয়াই-সবাহে গ'লেও তাই কিছুমান মানুহৰ প্ৰশ্নবোধক চিনৰ সন্মুখীন হৈছিল।এদিন বান্ধৱী এজনীৰ বিয়াৰ জোৰোণত যাওঁতে তাই এক পাহৰিব নোৱাৰা তিক্ত অভিজ্ঞতাৰ মুখা-মুখি হৈছিল।এগৰাকী ভদ্ৰ মহিলাই কয়েই পেলাইছিল কইনাৰ ওচৰত বাঁজী মানুহ থাকিলে অমঙ্গল হ'ব পাৰে।কথাষাৰ শুনা মাত্ৰকে তাইৰ মূৰটো গৰম হৈ পৰিছিল।কইনাজনী মানে তাইৰ বান্ধৱীজনীয়ে এই কথাৰ প্ৰতিবাদ কৰি তাইক হাতত ধৰি তাইৰ ওচৰত বহুৱাই ৰাখিব চেষ্টা কৰিছিল।কিন্তু দুই-তিনিগৰাকীয়ে তাইক যেতিয়া কথাৰে থকাখৰকা কৰিলে আৰু মানুহ বোৰৰ মাজত বু -বু বা -বা বোৰ বেছি হ'বলৈ ধৰিলে তাইৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে।তাই বহা ঠাইতে মূৰ্চা গৈছিল।পৰিৱেশটো কিছু উত্তেজিত হৈ পৰিছিল।সেই দিনাৰে পৰা তাই বিয়া-সবাহে যোৱাটো প্ৰায় বাদেই দিছিল।আকাশে কিন্তু তাইক সকলো পদক্ষেপতে সাহস যোগাইছিল।
ভগৱানেও যেন চকু মেলি চাইছিল।তাইৰ ওপৰত যেন অৱশেষত ভগৱানৰ কৃপা দৃষ্টি পৰিছিল।
আজি চাৰিদিন হস্পিতালত কটাই পুনৰ আকাশৰ হাতত ধৰি তাই এক নতুন জীৱনৰ পাতনি মেলিবলৈ আগবাঢ়িছে কোলাত এই কণমাণি পৰীজনীক লৈ।
---সমাপ্ত---
(উক্ত গল্পটো আমালৈ প্ৰেৰণ কৰা সুমিতা ৰাজখোৱা ডাঙৰীয়াণীক SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment