ইতিমধ্যে বৃষ্টি আকাশৰ পৰা বহুদুৰ আগুৱাই আহিল। (সি যেন ইমান সময় অচেতন হৈ আছিল । ) হঠাৎ উঠি দৌৰি গৈ বৃষ্টিক আগুছি ধৰিলে ।( Assamese Storyboard )
:: মোক এৰি গুচি যোৱা.....বৃষ্টি??
:: এজনী ধৰ্ষিতাৰ লগত তোমাৰ কি সম্পৰ্ক হ'ব পাৰে আকাশ...। মোক যাব দিয়া ।তোমাৰ মৰম পায় মই সকলো পাহৰি গৈছিলোঁ সেয়া মোৰ ভুল আছিল আকাশ ( তাই আকৌ উচুপি উঠিল )
( আকাশে সেই আগৰ দৰে তাইৰ মুখখন হাতেৰে বন্ধ কৰি দিলে )
:: মোক ক্ষমা কৰি দিয়া । মই পাহৰি গৈছিলো সকলো । আনৰ কথা শুনি মই মোৰ স্ব-জ্ঞান হেৰুৱাই পেলাইছিলো । খং কাৰ ওপৰত কৰিম ভাবিয়ে পোৱা নাছিলো । মোৰ ভুল হৈছিল অ'.....
:: নাই আকাশ ভুল মোৰ আছিল । ধৰ্ষিতা হৈও মই....... ( আকাশে তাইক আকৌ বাধা দিলে )
:: প্লিজ..... মই তোমাৰ দেহাটো নহয় , তোমাক ভালপাওঁ আৰু মাত্ৰ এটা দিন আছে আমাৰ বিয়া । তাৰ পিছত তুমি মোৰ হৈ যাবা । বিশ্বাস ৰাখা , মোক তুমি আগৰ দৰেই পাবা । তোমাৰ শপত সোণ....., এইটো কথাৰ বাবে তুমি কেতিয়াও মোৰ পৰা একো কথা নুশুনা ।
:: আকাশ....., তুমি মোক ইমান ভালপোৱা..???
:: নাজানো কিমান...!! মোৰ ভালপোৱা হিচাপ দিব নোৱাৰো মই । মাথোঁ এটাই জানো তোমাৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰো ।
:: আকাশ......!!! ( এইবাৰ বৃষ্টি আকাশক সাৱটি ধৰি কান্দোনত ভাঙি পৰিল । )
:: না অভিমানী , নাকান্দিবা....। মোৰ অভিমানীৰ চকুত মই কেতিয়াও চকুপানী চাব নোৱাৰো । তোমাৰ ওঁঠৰ হাঁহিটো বিচাৰো মই.... আহা অভিমানী.... মোৰ বুকুৰ মাজত....।
বৃষ্টি আকাশৰ বুকুৰ মাজত সোমাই পৰিল। সাক্ষী হৈ ৰ'ল প্রকৃতি সিহঁতৰ ভালপোৱাৰ । সঁচা প্ৰেমক কোনো বাধা দি ৰাখিব নোৱাৰে । এনেকুৱা হয়তো বহুত আছে যি মাথোঁ এজনী ছোৱালীৰ দেহাৰ প্ৰেমত পৰে । কিন্তু সঁচা প্ৰেমত ইজনে আনজন সন্মান কৰিব শিকাই , শ্ৰদ্ধা কৰিব শিকাই । বৃষ্টি ধৰ্ষিতা বুলি জানিও , আকাশে তাইক নিজৰ কৰি ল'লে । যিটো সকলোৱে নকৰে...। সিঁহতৰ বিবাহৰ দিন পালেহি.....
সেই কলেজৰ দিনৰ পৰা সিহঁতৰ মাজত থকা ভালপোৱাই আজি এটা নতুন পৰিচয় পালে... আকাশ আৰু বৃষ্টিৰ আজি বিয়া...। পৰিয়াল আৰু সিহঁতৰ আপোন মানুহ , সকলোৰে উপস্থিতিত বিয়াখন সুকলমে পাৰ হৈ গ'ল । সিঁহতেও সকলোৰে আশীৰ্বাদ শিৰত লৈ নতুন জীৱনটোৰ আৰম্ভণি কৰিলে ।
প্ৰথম দিনকেইটা খুব ধুনীয়াকৈ পাৰ হৈছিল । আকাশৰ মৰম ভালপোৱা , লগতে আকাশৰ মাকৰ মৰমে তাইক নিজৰ ঘৰখন এৰি অহা দুখবোৰ পাতলাইছিল । আকাশৰ চুটি শেষ হৈ আহিল । আপোনজনৰ পৰা আঁতৰি নিজৰ কামত ব্যস্ত হ'ব লগা হ'ল । আকাশ গুৱাহাটীলৈ যাব ল'গা হ'ল..., আৰু বৃষ্টি মাকৰ লগত ঘৰতে থাকিল । সি মাহত দুদিনমানৰ কাৰণে ঘৰলৈ আহে....। সিহঁত তথাপিও সুখী আছিল ।
সকলোবোৰ ঠিকেই আছিল তাইও লাহে লাহে নিজৰ কাঙ্কিত অতীতৰ কথা পাহৰিব লৈছিল । কিন্তু নিষ্ঠুৰ সময়ে জানো বেছি দিন সুখ ধৰি ৰাখিব দিয়ে । হঠাতে আকৌ বৃষ্টিৰ জীৱনলৈ দুখৰ বোজাটো নামি আহিল । এদিন আকাশৰ মাক বৃষ্টিহঁতৰ ঘৰলৈ গৈছিল । আকাশৰ মাকক বৃষ্টিৰ অতীতৰ কথা তাতেই কোনোবাই ক'লে । মানুহ জাতিটোৱে তেনেকুৱা । আগতে তেওঁ সেইবোৰ কথা গম পোৱা নাছিল । সেইদিনা তাৰ পৰা আহি আকাশৰ মাকে তাইক কথা সুধি বহুত শুনালে , শাৰীৰিক ভাৱেও অত্যাচাৰ কৰিলে । অতীতৰ কথাবোৰ কৈ তাইক হাঁহিব ধৰিলে । আকাশৰ অনুপস্থিতিত তাইৰ ওপৰত তেনেকৈয়ে শাৰীৰিক , মানসিক নিৰ্যাতন চলি থাকিল । তাই আকৌ ভাঙি পৰিল । নিজৰ ওপৰতে ঘৃণা উপজিল । তাই কওঁ বুলি আকাশক একো কব পৰা নাই ।। তিনি মাহ তেনেকৈয়ে পাৰ হৈ গ'ল ।
আকাশ আজি আহিব.... এমাহৰ চুটি...। আজিহে যেন তাইৰ উশাহ ঘূৰি আহিছে । কিন্তু আকাশক তাই কি ক'ব... আকাশে জানো শুনিব আৰু মাকেটো কোনো মিছা কথা কোৱা নাই । তাই ধৰ্ষিতা বাবেহে তেনেকৈ ক'ব পৰিছে , তাইক হাঁহিছে.... তাই আহি তাৰ জীৱনটো ধ্বংস কৰিলে বুলি.....।।
তাই কথাবোৰ ভাবি থাকোতেই বাহিৰত কাৰোবাৰ মাত শুনিল । তাই বাহিৰলৈ ওলাই আহিল.....
:: বৃষ্টি....... বৃষ্টি....... মা.......... মা........ ( আকাশ সোমাই আহিল )
:: আকাশ.... তুমি আহিলা..... ( দৌৰি আহি সাৱতি ধৰিল তাক , অভিমান কৰি ক'লে....) তোমাক ইমান ফোন কৰি আছো উত্তৰ দিয়া নাই....।
:: গমেই নাপাওঁ অ' সোণ..... মা ক'ত...???
:: উলাই গৈছে , আহিব হ'লেই ।
:: মোৰ অভিমানীজনী.... ইমান মন মাৰি আছা যে ? কিবা হৈছে নেকি...?
:: নাই কি হোৱা দেখিলা ? এনেই মনটো বেয়া লাগি আছে । ঘৰলৈ মনত পৰি আছে । এতিয়া তুমি আহিলা নহয় , ঠিক হৈ যাব । যোৱা তুমি গা ধুই আহা । মই তোমাৰ বাবে খোৱা যোগাৰ কৰো ।
(বৃষ্টিয়ে তাক এৰি দিলে , তাই তাৰ বাবে চাহ বনোৱাত লাগিল । আকাশ গা ধুই ওলাই আহিল । )
তেনেতে আকাশৰ মাকো পালেহি.....
:: আকাশ আহিলা ? কেতিয়া পালাহি ?
::: মা...! হ'ল অলপ সময় তুমি ক'ত গৈছিলা ?
:: এনেই অলপ ওলাই গৈছিলো অ'। কিবা খালা নে ?
:: নাই..... মা গা ধুই আহিছো হে?
:: আৰে ল'ৰাটো ইমান সময় হ'ল অহা তাই একো এটা দিব পৰা নাই নে ? কি কৰি আছে তাই.... বোৱাৰী....... বোৱাৰী........
(মাকে বৃষ্টিক মাতিলে....., বৃষ্টিয়ে চাহ , জলপান লৈ উলাই আহিল )
:: হ'ল মা।
:: হ'ব অ' মা..., মই হে গা ধুই লওঁ ক'লো।
:: উম্ ... তই খা । মই পিছত কথা পাতিম দে তোৰ লগত ।
:: হ'ব মা....। ( মাক আঁতৰি গ'ল ) বৃষ্টি চাওঁ এইফালে আহাচোন....
:: কিয় তাৰ পৰা দেখা নাই নেকি ? নাযাওঁ ইমান ওচৰত.....
:: মইয়ে গৈছোঁ ৰ'বা..., ( হাঁহি মাৰি আকাশ নিজেই তাইৰ ওচৰলৈ গ'ল )
:: মা আছে দেখিছা নহয় , আঁতৰি থাকা...,
( আকাশে হাঁহি মাৰি তাইক ওচৰলৈ টানি আনিলে , আকাশৰ গাত লাগি তাইৰ গাৰ চাদৰখন খহি পৰিল , অভিমানীজনী লাজত ৰঙা পৰি গ'ল )
:: সেই কি যে তুমি.... লাজ নাই হা অলপো।
:: ( বৃষ্টিৰ গাটো দেখি সি আচৰিত হৈ সুধিলে ) ৰ'বাচোন তোমাৰ গাত সেইয়া কিহৰ চিন ?
:: নাই অ' সেইদিনা বাথৰুমত পৰিছিলোঁ , তাতেই দুঃখ পোৱা চাগে । মই মনেই কৰা নাছিলো ।( Assamese Storyboard )
:: কিন্তু পৰিলে তাত কেনেকৈ দুখ পাবা ? সঁচা কথা কোৱা , কি হৈছিল তোমাৰ ?
:: সেই সঁচা অ'.... ( তাইনো কেনেকৈ ক'ব , সেইয়া যে তাৰ মাকে ইমান দিনৰ পৰা কৰি অহা অত্যাচাৰৰ চিন । তাই কথাটো সলাবৰ বাবেই ক'লে...) তুমি আহা মই ভাত বাহিছো ।
:: ব'লা, মা... মা..... আহা ভাত খাওঁ..... ( মাক আহিল তিনিওটা ভাত খাব বহিল । )
:: বোপা কেনেকুৱা পাইছ' গুৱাহাটীত....? এইবাৰ চাগে এমাহ মান থাকিবি ন' ?
:: উম্ ভালেই মা ,....! এইবাৰ এমাহ চুটি লৈছো । ভাবিছো এইবাৰ যাওঁতে অলপ দিনৰ বাবে বৃষ্টিকো লৈ যাম ।
:: না.... মই নাযাওঁ.... মই মাৰ লগতে থাকিম , মই গ'লে মা অকলশৰীয়া হৈ পৰিব ।
:: যোৱা যদি যাবা আকৌ আহিবাইচোন.... তাইকো লৈ যাবি আকাশ ।
:: নাযাওঁ দেই মই , মা.... মই গ'লে আপুনি কাৰ লগত থাকিব আৰু এই ঘৰটোত জানো অকলে থাকি ভাল পাব ?
:: মই আগতেওঁচোন এনেকৈয়ে আছিলো । পাৰিম দিয়া ।
:: উম্ পাৰিব , মোৰ মায়ে ভয় নকৰে ।
বৃষ্টিৰ ওপৰত মাকে যদিও অত্যাচাৰ কৰিছিল , বৃষ্টিৰ কথাবোৰ শুনি মাকৰ মনত দুখ লাগিল...। ইমান কষ্ট দিয়াৰ পাছতো বেচেৰীজনীয়ে মোৰ বাবেই যাব খোজা নাই....। বৃষ্টিয়ে কোনোদিন মাকক বেয়া চকুৰে চোৱা নাই , যিমান অত্যাচাৰ কৰিলেও পিছ মুহূৰ্ততে মা.., মা... কৰি আকৌ মাকৰ ওচৰলে যায় ।
:: আকাশ/বোৱাৰী.... মা হ'লেও কৈছো , আমাৰ বংশ ৰক্ষক এজন লাগে । তেতিয়া মই তাৰ লগতে ব্যস্ত হ'ব পাৰিম । তোমালোক য'ত যোৱা যাবা ।
(বৃষ্টিয়ে আকাশলৈ চাই চকুটিপ এটা মাৰি দিলে , আকাশেও টেবুলৰ তলেৰে বৃষ্টিৰ ভৰিত গোৰ এটা মাৰি দিলে । )
:: আকাশ.... সেইটো মোৰ ভৰি........
(হাঁহি এটা মাৰি মাকে জোকালে তাক , বৃষ্টিৰ হাঁহি উঠি গ'ল । বৃষ্টিয়ে ভবাই নাছিল আকাশ আহিলে যে মাক ইমান সলনি হৈ যাব । )
আকাশ লাজতে ৰঙা পৰি গ'ল । এদিন দুদিন কৰি দিনবোৰ হাঁহি-ধেমালিৰ মাজেৰেই পাৰ হ'ল । ২০ দিন গম নোপোৱাকৈয়ে পাৰ হ'ল ।
:: বৃষ্টি মোৰো চুটি আৰু বেছিদিন নাই । ব'লা ন'হলে তোমালোকৰ ঘৰৰ পৰাই আহোঁ ?
:: আমি যদি যাওঁ , মা জানো অকলশৰে ভাল পাব ? এটা কাম কৰো , মাকো লগতে লৈ যাওঁ....
:: ঘৰত কোন থাকিব তেতিয়া আৰু বাইকত ৩ টা যাব পাৰি নেকি ? একো নহয় আমি দুদিনৰ বাবেহে যাম ।
:: ৰ'বা মই মাক সুধি চাওঁ.....
মাকৰ অনুমতি লৈ দুইটা ধেমাজিলৈ বুলি ওলাল । ইমান দিনৰ পিছত মাক-দেউতাকক লগ পাব বৃষ্টিয়ে , আনন্দ মনেৰে দুইটা ওলাই গ'ল.....
:: ঐ অভিমানী , তুমি মোৰ লগত সুখী নে?
:: দুঃখ কি বুজি পোৱা নাই , যেতিয়াৰ পৰা তোমাক কাষত পাইছো । ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰো যাতে জনমে জনমে তোমাকে পাওঁ... কেইটা জনমলৈ......????
:: উম্....... এক শূণ্য..... শূণ্য..... শূণ্য..... শূণ্য..... শূণ্য...... শূণ্য..... শূণ্য..... শূণ্য....... সিমান ......
:: ইমান শূণ্য.., শূণ্য.... নালাগে পাই...
:: কিয়..?
:: এনেই ! দুটা শূণ্যই হ'ব ।
(দুইটাই ধেমালি কৰি কৰি গৈ আছিল । হঠাৎ আগফালৰ পৰা অহা এখন তীব্ৰবেগি ট্ৰাকে আহি সিহঁতক খুন্দা মাৰিলে । বৃষ্টি গৈ ৰাস্তাৰ কাষৰ বননিত বাগৰি পৰিল । আকাশৰ তেজেৰে ৰাঙলী দেহাটো ৰাস্তাৰ মাজতে পৰি ৰ'ল....)
সকলো মানুহ দৌৰি আহিল , কিন্তু সেই ট্ৰাকখন পলাল । বৃষ্টি উঠি আহিল । আকাশক তুলি ধৰিলে । আকাশৰ তেজেৰে তাইৰ সৰ্ব শৰীৰ ৰাঙলী কৰি তুলিলে । আকাশে তাইৰ চকুলে চাই কিবা কব খুজিছে যদিও পৰা নাই.....।
:: আকাশ..., আকাশ.... উঠা আকাশ , মোক এবাৰ মাতাচোন আকাশ..., কোনোবাই মেডিকেল লৈ ব'লকচোন আমাক সোনকালে....
"নাই , নাই....এইবোৰ কেচত হাত নিদিওঁ দেই , পুলিচৰ আগত উত্তৰ দিবলৈ নাই"..... মানুহ বহুত আছে । কিন্তু কোনো নাহে আগবাঢ়ি । তাত মানুহ আছে কিন্ত্ত মানৱতা নাই । কোনোবাই ভিডিও কৰিছে , কোনোবাই ফটো মাৰিছে । আধুনিকতাৰ মাজত ক'ত আজি মানৱতা । মুখৰ আগত এজন মৃত্যুৰ সৈতে যুঁজি আছে আৰু মানুহৰূপী দানৱবোৰে তেওঁৰ মৃত্যুৰ বাবে অপেক্ষা কৰিছে । হায় মানৱতা......। বৃষ্টিয়ে পাগলৰ দৰে সকলোকে অনুৰোধ কৰিছে......
"মোৰ আকাশক বচাওক, কিয় আপোনালোকে এনেকুৱা কৰিছে । মোৰ আকাশক মেডিকেলত লৈ ব'লক... মই ইয়াত একো চিনি নাপাওঁ । প্লিজ মোক সহায় কৰক" কোনো নাই তাইৰ বিননি শুনিব । আকাশৰ চকুৰে দুটুপাল চকুলো বাগৰি পৰিল আৰু দুচকু মুদি দিলে । সি বৃষ্টিৰ সেই কাতৰ বিননি আৰু শুনিব নোৱাৰে । সি বৃষ্টিৰ হাতখন জোৰকৈ খামুচি ধৰিলে আৰু বহুত চেষ্টা কৰি ক'লে.....
"বৃষ্টি মোক বচোৱা, মোক তোমাৰ লগত থাকিব দিয়া অ' । মই জীয়াই থাকিব বিচাৰো । ইয়াত মানুহ নাই অ' সোণ , মোৰ যে উশাহ ল'ব বৰ কষ্ট হৈছে অ'...."
:: তোমাৰ একো নহয় , মই হ'ব নিদিওঁ..... মই তোমাক লৈ যাম..... মই নিম...... তুমি মোৰ লগত থাকিবা সোণ , তোমাৰ একো হ'ব নোৱাৰে ।
সেই দানৱবোৰৰ মাজৰ পৰা এজন বয়সীয়াল মানুহ আগবাঢ়ি আহিল ।আপোনালোকে সেই মোবাইল বোৰ বন্ধ কৰক , লাজ লগা নাই.... ইয়াৰ পৰা আঁতৰি যা তহঁত.....
(মানুহবোৰক উদ্দেশ্যি গালি পাৰিব ল'লে তেওঁ আৰু আকাশক তেওঁৰ গাড়ীত তুলি লৈ গ'ল মেডিকেললৈ বুলি.......)
আকাশক I.C.U. ত ভৰ্ত্তি কৰালে.....
:: চিন্তা নকৰিবা মাজনী একো নহয়..., সকলো ঠিক হৈ যাব... তুমি ঘৰলৈ ফোন এটা কৰা ( মানুহজনে বৃষ্টিক সাহস দিলে )
(বৃষ্টিয়ে ঘৰলৈ জনাবলৈও পাহৰি পেলাইছিল । মানুহজনে কোৱাতহে তাইৰ সম্বিত ঘূৰি আহিল )
:: অ' কৰোঁ...! ( তাই মবাইলটো বিচাৰিলে , কিন্তু তাইৰ ওচৰত মবাইলটো নাই । ফোনটো তাতে কৰবাত পৰিল )
মানুহজনে নিজৰ মবাইলটো তাইক দি ক'লে... "মোৰ পৰাই কৰা"....।
বৃষ্টিয়ে ঘৰলৈ ফোন কৰিলে........।।।।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/2021/08/assamese-storyboard_22.html?m=1
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
( Assamese Storyboard )
(আগলৈ)....
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment