চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১০ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 3, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১০ ): Assamese Storyboard

Assamese Storyboard



এইফালে ৰচী খুলিলত একো নোহোৱা দেখি সিহঁতি আনন্দমনে পূজা কৰিবলৈ ল'লে। চন্দালিকাই সিহঁতৰ ওপৰত পানী চেতিয়াই সিহঁতক চন্দনৰ ফুট দিলে

( Assamese Storyboard )

। তাৰ পাছত পূজা কৰিবলৈ আৰম্ভ কৰিলে আৰু পূজা আৰম্ভ হোৱা লগে লগে সেই মানৱৰূপী জন্তুটোৱে জোৰে জোৰে চিঞৰিবলৈ ধৰিলে। জন্তুটোৱে জোৰে জোৰে খোটাবোৰত মূৰ মাৰিবলৈ ধৰিলে আৰু তাৰ পৰা বহুত ডাঙৰ ডাঙৰ শব্দ হ'ল।  এই শব্দবোৰৰ পৰা তাই বহুত অশান্তি পাইছিল আৰু সিহঁত চাৰিজনক পূজা ভালদৰে কৰি থাকিবলৈ ইংগিত দিলে।


হঠাতে নীলৰ চকু ফুলৰ মাজত লুকুৱাই থোৱা তৰুৱাল খনত পৰিল আৰু সি চক্ খাই চন্দালিকাৰ  ফালে চালে।তাই তেতিয়া ক'লে পূজা শেষ হ'লে এইখনে দিয়ে ৰত্নাকৰক বধ কৰা হ'ব।পূজা শেষ হ'লে এখন শক্তিৰে ভৰি পৰিব।  সিহঁতি কি কৰিব তাই যি ক'লে তাকে শুনি পূজা কৰি থাকিল। চন্দালিকাই বহুত কিবাকিবি কৰি  সিহঁতক ফুলৰ মালা পিন্ধালে আৰু নিজেও পিন্ধিলে । সুস্বাদু মিঠাই সিহঁতক খাবলৈ দিলে। এনেকুৱা ইমান ধুনীয়া খাদ্য সিহঁতি আগতেই কেতিয়াও খোৱা নাছিল।

( Assamese Storyboard )



 তাৰ পাছত তাই দেৱীৰ ওচৰত দীঘল দি পৰি সেৱা কৰিলে আৰু সিহঁতক ক'লে, এতিয়া তোমালোকেও মোৰ দৰে সেৱা লোৱা আৰু মই নোকোৱালৈকে চকু নেমেলিবা । নহ'লে অমংগল হৈ যাব। মই পূজা কৰি থাকিম।ৰমেনৰ মনত অলপ সন্দেহ হ'ল। সি তাইক পৰীক্ষা কৰি চাব বিচাৰিলে। সিহঁতি যেতিয়া সেৱা লৈ আছিল ।সি মনে মনে মূৰটো ডাঙি চালে আৰু যি দেখিলে সি ভয়তে কঁপি উঠিল।  তাৰ পাছত সি চকু ওপৰলৈ দাঙি চালে আৰু দেখিলে চন্দালিকা তাৰ ওচৰত চকু ৰঙা কৰি থিয় হৈ আছে। তাই তাক এনেদৰে চাই আছিল যেন তাই তাৰ মূৰত কি চলি আছে পঢ়ি আছে। 


ৰমেনে ভয় খাই ক'লে "মই চিৰিয়ে দি নামোতে পিচল খাই পৰিছিলো কাৰণে এনেকৈ সেৱা কৰিলত কঁকালটো বিষ হৈছে । সেইকাৰণে মই চকু মেলি চাব লগা হ'ল।" তাই হাঁহি মাৰি ক'লে হ'ব দিয়া একো কথা নাই। তাৰ পাছত তাই এপাহ ফুল ফুঃ মাৰি তাৰ পিঠিত পেলায় দিলে আৰু তাৰ পিঠিৰ বিষ নাইকীয়া হৈ গ'ল। এনেদৰে সকলোৰে প্ৰাৰ্থনা কৰি শেষ হ'ল আৰু সিহঁতি উঠি বহিলে। তাই সিহঁতক ক'লে এতিয়া তোমালোকে কিবাকিবি খাই লোৱা আকৌ অলপ পাছত আমি পূজা কৰিম। ইমানেই কৈ তাই তাৰ পৰা বেলেগ ৰুমলৈ গুচি গ'ল আৰু সিহঁতৰ সন্মুখত খাদ্যৰে ভৰি পৰিল।


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages