পুৱাৰ চাহ কাপ খাই ৰক্তিম আৰু দেউতাক ওলাই গৈছিল সমন্ধীয় খুড়াক এজনৰ ঘৰলৈ ( Assamese Storyboard )
, মনাই বাৰাণ্ডাতে বহি বাতৰি কাকতখন পঢ়ি আছিল হঠাৎ তাই লক্ষ্য কৰিলে মকৰা এটাই এখন জাল গুঁঠিছে , সি বাৰে বাৰে চেষ্টা কৰিছে ওপৰলৈ যাবলৈ কিন্তু তাৰ চেষ্টা সফল হোৱা নাই , তথাপিও মকৰাটোৱে হাৰ মনা নাই , বহুবাৰ চেষ্টা কৰাৰ ফলত মকৰাটো সফল হ'ল , এই ঘটনাই যেন মনাক সাহস দিলে নীহাৰ বিৰুদ্ধে যুঁজ দিবলৈ , পৰিস্থিতিৰ ওচৰত হাৰ নামনি পৰিস্থিতিৰ সৈতে যুজঁ কৰিলে জয় নিশ্চিত সেই কথা মনাক মকৰাটোৱে বুজাই দিলে , বাতৰি কাকতখন সামৰি মনা ভিতৰলৈ গল , খুচৰি খুচৰি বেগটোৰ পৰা কাৰ্ডখন বিচাৰি নাৰ্ছিং হোমলৈ ফোন লগালে....
: গুডমৰ্ণিং চিছটাৰ
: গুডমৰ্ণিং মেডাম , আপুনি নিশ্চয় মনালিছা মেডাম...!
: হয় ! মই মনালিছাই কৈছোঁ , মুকল ছাৰক আজি লগ পামনে ,
: য়েচ মেডাম , দহ বজাত ছাৰ পাবহি , আপুনি ১২-৩০ মানত আহিব , মই ছাৰৰ এপইণ্টমেণ্ট লৈ থম ,
: ঠিক আছে , মই অলপ আগতেই যাম , ...... ফোনটো কাটি মনাই বৰ খৰখেদাকৈ আটা কেইটা মুঠিলে , সৰু সৰুকৈ লাড়ু কেইটা কৰি প্ৰেচাৰটোতে বুটদাইল কেইটা তুলি দিলে , ৰুটি কেইখন বেলাৰ আগতেই ৰক্তিমলৈ ফোন কৰি সোনকালে আহিবলৈ কলে , ৰক্তিম আহি পায় মানে মনাই শাৰীখন গাত মেৰিয়াই ললে , পানী বটলটোত পানী অলপ ভৰাই বেগত ভৰাই ললে , গেটখন খোলা শব্দ শুনি মনাই ৰুটিকেইখন বেলি কেৰাহীত তেল গৰম হবলৈ দিলে , ...... ৰেডী হ'লা নে , আমি খুড়া ঘৰতে জলপান খাই আহিছো , কথাষাৰ কৈ খৰখেদাকৈ ৰক্তিম ৰুমলৈ সোমাই গল ,
: মই ৰেডী হৈয়ে আছোঁ , তুমি ৰেডী হৈ লোৱা , মই ৰুটি দুখন খাম আৰু যাম ,
গাড়ীৰ ছাবিটো লৈ ওলাই আহিল ৰক্তিম , তাৰপিছতেই মনাও ওলাই আহি গাড়ীত বহিল , .....ক'ৰবাট যোৱা নেকি ...! প্ৰশ্নবোধক দৃষ্টিৰে চালে কুনালে
: কাম এটা আছে , আহি সকলো বুজাই কম , এতিয়া বহুত দেৰি হৈছে দেউতা , আপোনাৰ ভোক লাগিলে ৰুটিকে খাব মই হতকেচত থৈ আহিছোঁ ।
: ঠিক আছে যোৱা....
ৰক্তিমে এটা ৰোমান্টিক গীত লগাই দিলে , তাতে আকৌ বহাগ মাহ মনবোৰ এনেও উতলা , মনাই খিৰিকীৰে বাহিৰলৈ চালে ৰাস্তাৰ কাষত নানা ৰঙীন বনৰীয়া ফুলবোৰে বতাহত হালি জালি যেন বহাগৰ বতৰা বিলাইছে , কুলি কেতেকীৰ মিঠা মাত , ভোমোৰাৰ গুনগুণনীয়ে মনাৰ মনোজগতত যেন যৌৱনৰ যোৱাৰ তুলিছে , ...... বাহিৰলৈ চোৱানা , ভোমোৰাবোৰে কেনেকৈ ফুলৰ মৌ চুহিছে , ফুলবোৰ যেন হালি জালি আনন্দতে মতলীয়া হৈ আছে....
: সচাঁকৈ বৰ মনোমোহা দৃশ্য মনা...,
: এইবোৰ দেখি মোৰ মনটোৱেও কিবা এটা বিচাৰিছে ,
: মানে ...! মই একো বুজা নাই...
: মোৰ মনটোৱেও তোমাৰ পৰশ বিচাৰিছে...
: তুমি কথাবোৰ কিয় আওপকীয়াকৈ কোৱা ...?
: বুজা নাই যদি হ'ব দিয়া , মই ঘৰত বুজাই দিম ...
কথা পাতি গৈ থাকোঁতে কেতিয়া যে নাৰ্ছিংহোম পালেগৈ মনাই গমেই নাপালে , ৰক্তিমে মনাক নমাই গাড়ীখন ৰাস্তাৰ কাষতে পাৰ্ক কৰি দিলে , গাড়ীৰ পৰা নামিয়ে মনাই নূপুৰলৈ ফোন লগালে ........ হেল্ল' ! নূপুৰ ফোনটো ঋত্বিকক দিয়াচোন ,কথা এটা সুধিব লগা আছে
: ৰ'বা , মই ঋত্বিকক ফোনটো দিছোঁ......,
: হেল্ল' বৌ কওঁক...! ক'ত আছে ?
: মই নাৰ্ছিংহোমত আছোঁ , আজি ডাঃ মুকুল পাঠকে জইন কৰিছে , মই নীহাৰ কেচটো কাৰণে আহিছোঁ , কথাবোৰ কেনেকৈ কম তাকেই ভাবি পোৱা নাই ,
: আপুনি চিন্তা নকৰিব , সকলো কথা খোলা খুলিকৈ কৈ দিব , প্ৰয়োজন হলে মোলৈ ফোন কৰিব ,
: ঠিক আছে ঋত্বিক..., ফোনটো লগত ৰাখিবা ,
মনাই কাউণ্টাৰত থকা ছোৱালীজনীৰ কাষলৈ গল..., পালেহি মেডাম ! এইখন লওক আপোনাৰ এপইণ্টমেণ্ট লেটাৰ , ছাৰ সাত নং কেবিনতে বহে , আপুনি দুই নাম্বাৰতে আছে.... কাউণ্টাৰত থকা ছোৱালীজনিয়ে লাহেকৈ কলে , মনাই মিঠা হাঁহি এটা মাৰি ধন্যবাদ জনাই সাত নং কেবিনলৈ বুলি খোজ ললে , শাৰী শাৰীকৈ পাৰি থোৱা চকীবোৰত দুই এজন মানুহ আহি বহিছে , চকুৰ পচাৰতে চকীবোৰ ভৰি পৰিল , মনাই ৱালত আঁৰি থোৱা ঘড়ীটোলৈ এবাৰ চালে , বাৰ বাজি বিশ মিনিট গৈছে আৰু দহ মিনিট বাকী , চুটি চাপৰ ছোৱালী এজনী আহি মনাক ভিতৰলৈ যাবলৈ নিৰ্দেশ দিলে.... মনালিছা দুৱৰা ...., মনালিছা দুৱৰা , আছে নে...
: হয় , মই মনালিছা দুৱৰা , বহাৰ পৰা উঠিল মনা ,... ছাৰ আহিল নেকি...?
: হয়, আপুনি যাওঁক... দুৱাৰখন লাহেকৈ ঠেলি মূৰটো সোমোৱাই মনাই ডাক্তৰৰ অনুমতি বিচাৰিলে... সোমাব পাৰোঁ নে ছাৰ... ডাক্তৰজনে মূৰ তুলি চালে আৰু মিঠা হাঁহি এটা মাৰি মনাক আহিবলৈ কলে.... য়েচ , আহক ...! বহক ... চকীখন দেখুৱাই মনাক বহিবলৈ কলে
: ধন্যবাদ ছাৰ..
: ৱেলকম, বাৰু আপোনাৰ সমস্যাটো কি ? দেখাত অসুস্থ যেন লগা নাই
: মানে ...! ছাৰ মোৰ একো হোৱা নাই , মোৰ বান্ধৱী এগৰাকীৰ হে সমস্যা এটা হৈছে... মনাই মোবাইলৰ ৰেকৰ্ডাৰটো অন কৰি মোবাইল ফোনটো টেবুলতে থলে...
: কি সমস্যা হৈছে ? কি নাম আছিল তেওঁৰ..?
: তেওঁৰ নাম নীহা চলিহা..., বৰ্তমান তেঁও একো খাব নোৱৰা হৈছে .... নীহাৰ নামটো শুনাৰ লগে লগেই ডাক্তৰৰ চকু কপালত উঠিল
: How it's possible....? সেইটো এটা ভুৱা ৰিপৰ্ট হয় , ডাক্তৰৰ মুখৰ পৰা ক'ব নোৱাৰাকৈয়ে সত্যটো ওলাই গল
: What....? প্ৰশ্নবোধক দৃষ্টিৰে চালে মনাই , ..... এইটো এটা ডাঙৰ অপৰাধ..,( Assamese Storyboard )
: অপৰাধ...! সেইটো ময়ো জানো কিন্তু বৰ বেচিকৈ জোৰ কৰাৰ বাবে মই ৰিপৰ্ট এটা বনাই দিছিলোঁ ,
: কিন্তু আপুনি জানেনে আপোনাৰ এটা ভুলৰ বাবেই এখন সংসাৰ ভাগি যাব খুজিছিল ,
: তাৰ বাবে মই দূষিত , মই মোৰ ভুল স্বীকাৰ কৰিছোঁ , কথা দিছোঁ আপোনাক আজিৰ পৰা তেনে ভুল কেতিয়াও নকৰোঁ ।
: ধন্যবাদ ছাৰ , অন্ততঃ আপুনি আপোনাৰ ভুল উপলব্ধি কৰিছে , আৰু এটা কথা , আপুনি এইবোৰ কথা নীহাক কেতিয়াও নজনাব , আপুনি দিয়া সেই ৰিপৰ্টটো দেখুৱাই নীহাই মোৰ আৰু মানুহজনৰ মাজত সন্দেহৰ বীজ ৰোপণ কৰিছিল , ভাগ্য ভাল ঋত্বিকে সকলোবোৰ কথা মোক কৈ দিলে...., বহাৰ পৰা উঠি ডাক্টৰজনে মনাক হাতযোৰ কৰি ক্ষমা বিচাৰিলে..... মনাই তলমূৰ কৰি সকলো নীৰৱে শুনি আছিল ,
: মই বাৰু আজি ক্ষমা কৰি দিছোঁ , কিন্তু ভৱিষ্যত এনেকুৱা কাম কেতিয়াও নকৰিব..., আপুনি পাঁচ মিনিট বহক চাহ একাপ খাই যাব..., কলিং বেলটো বজাই দিয়াৰ লগে লগেই ল'ৰা এজন সোমাই আহিল....... ছাৰ ,
: ৰাকেশ , স্পেচিয়েল চাহ দুকাপ দিবাচোন , লগত দুটা ৰসগোল্লাও লৈ আহিবা... কথাটো শুনি বৰ দুখ লাগিল , বাৰু বিয়া হোৱাৰ কেইবছৰমান হ'ল ?
: ছয় মাহেই হোৱা নাই....
: অঃ... মাই গড...! ল'ৰাজনে কি কৰে..?
: ইণ্ডিয়ান আৰ্মী...,
: নামটো ৰক্তিম নেকি...!
: হয়.., আপুনি তেওঁক লগ পাইছে নেকি..!
: লগ পোৱা নাই নীহাৰ মুখত শুনিছিলোঁ....
: ছাৰ.. চাহ , চাহৰ কাপ দুটা থৈ ল'ৰাজন বাহিৰলৈ ওলাই গল..
: চাহ লওক....,
: ধন্যবাদ ,
: it's ok...., ঘটনাটোৰ বাবে আপুনি মোক বেয়া পায় নাথাকিব , কিবা প্ৰয়োজন হ'লে মোক ফোন কৰিব..., বুলি কৈ ড্রয়াৰটো খুলি কাৰ্ড এখন উলিয়াই মনাক দিলে..
: নিশ্চয় , বেয়া কিয় পাম , আপুনি আপোনাৰ ভুল স্বীকাৰ কৰিছে , উপলব্ধি কৰিছে , গতিকে বেয়া পোৱাৰ প্ৰশ্নই নুঠে...
: আপোনাৰ যুগ্মজীৱন সুখৰ হওঁক ,
: ধন্যবাদ ছাৰ ....ডাঃ মুকল পাঠকক ধন্যবাদ দি মনা হাঁহি হাঁহি ওলাই আহিল , ৰক্তিম অকলশৰে বৰ বিৰক্ত হৈছিল হেডফোন ডাল লগাই গান শুনি শুনি টোপনি গৈছিল , মনাই বহুবাৰ দুৱাৰখন টুকুৰীয়ালে , কিন্তু ৰক্তিম টোপনিত লালকাল , দুই তিনিবাৰ ফোন কৰাৰ পাছত কোনৰকম ৰক্তিমৰ টোপনি ভাগিল , ....... ইমান সময় লগাই দিলা যে... , গান শুনি শুনি কেতিয়া যে টোপনি আহিল গমেই নাপালোঁ .... চকুকেইটা মোহাৰি মোহাৰি ৰক্তিমে ক'লে
: চাহ একাপ খাই নিদিলা কিয়...?
: অকলে অকলে চাহ খাবলৈ ভাল নালাগে...
: হয়নেকি ...! বলা চাহ একাপ খাই লওঁ...
গাড়ীৰ পৰা নামি দুয়োৱে হস্পিতালৰ কেণ্টিনতে চাহ একাপ খালে , চাহ কাপ খাই আকৌ গাড়ীত উঠিল , মনাই ৰক্তিমৰ হাতখন জোৰকৈ খামুচি ধৰিলে ....., আজি মই বহুত সুখী ....! এইয়া সম্ভৱ হৈছে কেৱল তোমাৰ আৰু ঋত্বিকৰ বাবে , এইবাৰ নীহা মোৰ জালত বৰ বেয়াকৈ ফচিল , সকলো সত্য এতিয়া মোৰ হাতত , অপেক্ষা মাথোঁ আৰু আৰু চাৰিদিনৰ , বেচেৰী নীহা তাই মোক ধ্বংস কৰে , মই তাইক এনেকুৱা কৈ ধ্বংস কৰিম , তাই কেতিয়াও সমাজত মুখ উলিয়াব নোৱাৰিব.... মনাই সকলো ৰেকৰ্ডিং ৰক্তিমক শুনাই দিলে , মনাৰ সাহস দেখি ৰক্তিম অভিভূত হৈছিল...
: তুমি সচাঁকৈ গৃহলক্ষ্মী, আমাৰ ঘৰৰ জেউতি , ফাট মেলিব খোজা সম্পৰ্কবোৰ তুমি আকৌ জোৰা লগালা ,
: সেয়া মোৰ দায়িত্ব , পবিত্ৰ হোমৰ জুইক সাক্ষী কৰি তোমাক স্বামী হিচাপে গ্ৰহণ কৰিছোঁ , সুখে দুখে চিৰজীৱন তোমাৰ লগত থাকিম বুলি সংকল্প লৈছিলো , সেয়ে দুখৰ সময়ত ধৈৰ্য ধৰি সত্য পোহৰলৈ আনিবলৈ চেষ্টা কৰিছিলো ,
: তুমি সঁচাই মহান মনালিছা.. , সকলো বিবাহিত নাৰীয়ে কথাবোৰ তোমাৰ দৰে চিন্তা কৰা হলে কেতিয়াও কাৰো সম্পৰ্কই শেষ নহলহেঁতেন....,
: হাতৰ পাঁচটা আঙুলি যিদৰে সমান নহয় , সেইদৰে সকলো মানুহৰ মন আৰু চিন্তাধাৰা একেই নহয়, ই স্বাভাৱিক । তুমি এটা কাম কৰা নীহাক ফোন কৰি তাইৰ বন্ধু বান্ধৱীক ইনভাইট কৰিবলৈ কৈ দিয়া...
: এতিয়াই ফোন কৰো নেকি...?
: এতিয়া নকৰিলেও হ'ব , বলা বজাৰ কৰিবলৈ আছে নহয় ভন্টীহঁতৰ ,
: কি বজাৰ কৰিবা নো...!
: ভন্টীলৈ কাপোৰ এযোৰ ঋত্বিকলৈ আঙঠি বা চেইন এডালটো লাগিব ,
: কথাটো মই ভবাই নাছিলোঁ ,
হাস্পিতালৰ পৰা বাহিৰে বাহিৰে মনা আৰু ৰক্তিম "বোৱাৰী ছিল্ক হাউচ" পালেগৈ , দুৱাৰখন খুলি সোমাই গৈয়ে মনাই নীহাক দেখিলে... হাই.. ৰক্তিম , কি খবৰ...? সাধাৰণ ভাৱেই কলে নীহাই
: ভাল , তোমাৰ কোৱা...?
: আছোঁ দিয়া, কাপোৰ কিনিবা নেকি বৌলৈ...!
: মনাৰ ভনীয়েক এজনীৰ বিয়া তাকে উপহাৰ দিবলৈ কাপোৰ এযোৰ চাবলৈ আহিছোঁ , তুমি কি লৈছা..?
: মই পাট কাপোৰ দুযোৰ লৈছোঁ , বৌ ভালনে..?
: ভালেই , মনাই একো নজনাৰ দৰে উত্তৰ দিলে
: ৰক্তিম কাপোৰ দেখুৱাবলৈ কোৱা..., কৰবাত বিয়া আছে নিশ্চয় .... মনাই নীহাক প্ৰশ্ন কৰিলে
: বিয়া নহয় , এনেয়ে , ভাল লাগিল কিনি পেলালোঁ , আপোনালোকে বজাৰ কৰক মই আহিছোঁ..., বাই ৰক্তিম...,
: ৰক্তিম , নীহাৰ গাত বিয়া বিয়া লাগিলেই , হা:... হা:....
: নালাগিব কিয় ! আৰু মাত্ৰ চাৰিটা দিনহে হাতত আছে।
: বাইদেউ গুণাৰ লাগিব নে সাধাৰণ দিলেও হব...! চেলমেনজনে মনাক সুধিলে
: গুণাৰ দেখুৱাচোন , অলপ হেভী দেখুৱাবা , এযোৰ এযোৰ কৰি দহজোৰমান কাপোৰ চালে আৰু সৰু সৰু বুটা দিয়া কণ্টাৰ্চ ডিজাইনৰ কাপোৰ এযোৰ ললে , ৰক্তিমেও মনালৈ বুলি এযোৰ কাপোৰ ললে , হাঁহি মুখে দুয়ো দোকানৰ পৰা ওলাই আহিল , সুকনান্নী জুৱেলাৰী পৰা সোণৰ চেইন এডাল কিনি দুয়ো গাড়ীত বহিল , লাহে লাহে আকাশৰ পৰা কলীয়া ডাৱৰবোৰ যেন কৰাবলৈ ঢাপলি মেলিছে , ক্ৰমাৎ ফৰকাল হৈ পৰিল বিয়লিৰ আকাশ.....
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১২ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
( ক্ৰমশঃ )
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment