অভিমানেৰে ভৰা এটি প্ৰেম কাহিনী ( খণ্ড - ৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 25, 2021

অভিমানেৰে ভৰা এটি প্ৰেম কাহিনী ( খণ্ড - ৪ ) : Assamese Storyboard

  Assamese Storyboard


:: মাজনী পাগল নহ'বা থোৱা সেই খন ।


:: অঃ মই পাগল হৈছোঁ মা । তুমি তাক কিয় যাব দিলা । কিয় নকলা মই খঙতহে তেনেকৈ কৈছোঁ বুলি । সি ক'ত গ'ল কোৱা মা , নহ'লে মই সঁচাকৈয়ে মৰি যাম । ( Assamese Storyboard )


:: তুমি মৰিব নালাগে। ( আকাশে লুকাই থকাৰ পৰা ওলাই আহি মাত লগালে। )


:: আকাশ তোমাৰ বুদ্ধিয়ে কাম দিলে......


::: ( হাঁহি মাৰি কলে ) মই জানোঁ মোৰ অভিমানী জনীক এৰি যাব পাৰোঁ । মাথোঁ তোমাৰ খং কমাবৰ বাবেহে নাটক কৰিব লগা হ'ল ।


:: তোমালোকে কথা পাতা মই চাহ কৰোঁ । মাজনীয়েও তোমাৰ বাবে পিঠা বনাই থৈছে ।


:: মা, লৈ আনক খাই লওঁ ।


          ( মাক ভিতৰলৈ সুমাই গল )


:: মোক ক্ষমা কৰিলা নে ? তোমাৰ পৰা আঁতৰি  মই জানোঁ থাকিব পাৰিম.......


:: নকৰোঁ ক্ষমা , তুমি জানানে এই দুদিন মই কিমান কষ্টত আছোঁ । মোক দুঃখ দি ইমান ভাল পোৱা নে ? তুমি জানায়ে ন তোমাৰ অবিহনে যে মই অৰ্থহীন , আধৰুৱা হৈ পৰোঁ তাৰ পিছতো.....!!


:: জানো অ' অভিমানী আৰু নকৰোঁ এনেকুৱা কথা দিছোঁ ।


:: মোক একেবাৰে লৈ যাব আহিছা নে ?


:: উম্‌ ..... একেবাৰে লৈ যাম।


          (এই বুলি কৈ বৃষ্টিক কোলাত তুলি ল'লে । )


          মাজনী ...মাজনী.....( বাহিৰৰ পৰা মাত লগালে আৰু লগে লগে আকাশেও বৃষ্টিক কোলাৰ পৰা নমাই দিলে )


:: হাঃ... হাঃ ...হাঃ... কেনে এতিয়া কিয় এৰি দিলা ।


          ( বৃষ্টিয়ে দুৱাৰ খুলি দিয়াত দেউতাক সোমাই আহিল )


:: মাজনী এওঁ কোন ? মই ঠিক ধৰিব পৰা নাই ?


:: দেউতা এওঁ আকাশ....


::: নমস্কাৰ।


:: অ' তুমি ..... মই ধৰিবয়ে পৰা নাছিলোঁ । কেতিয়া পালাহি ? ভালে আছাঁ নহয় ?


:: অলপ সময় হ'ল আহি পোৱা;। মই ভালে আছোঁ দেউতা;। আপোনাৰ ভাল নে?


:: ভাল .. ভাল ..!! মাজনী আকাশক চাহ জলপান দিলা নে নাই ।


:: নাই দেউতা , মায়ে ঠিক কৰি আছে ।


:: আৰে ইমান সময় একো দিয়া নাই , ৰবা মই মাৰাৰ ওচৰৰ পৰা আহোঁ ।


::: হ'ব দেউতা ইমান খৰ-ধৰ কৰিব নালাগে ।


::: তুমি  বহা (এই বুলি কৈ দেউতাক ভিতৰত সোমাই গ'ল )


:: কি হে জোৱাঁয়েক হৈয়ে গ'লা নেকি ?


:: উম্‌ .. হৈ গ'লো।


:: আকাশ , বহুত সময় কৰিলোঁ ন ? দেউতাৰাইও বকিছে এতিয়ালৈ একো খাব দিয়া নাই । চাহ লোৱা ।


::: নাই মা ক'তনো দেৰি হ'ল......দিয়ক..।


          ( দেউতাকেও চাহৰ কাপটো হাতত লৈ সোমায় আহিল )


:: বাৰু আকাশ , মাজনীয়ে তোমাৰ কথা আমাক কৈছে ।

আমি তাইৰ বিয়াৰ কথা ভাবিছোঁ , আৰু তাইৰ জীৱনৰ ইমান ডাঙৰ সিদ্ধান্ত এনেদৰে লওঁ বুলিয়েই টো ল'ব নোৱাৰি । তাইৰো মতামত লাগিবb। তাই যাৰ লগত গোটেই জীৱন কটাব সেইজন তাইৰো পছন্দ হ'ব লাগিবb, নহয় নে ? আৰু সেয়ে ভাবিলোঁ মই তোমাৰ লগত কথাটো আলোচনা কৰা ভাল হ'ব ।


:: হয় দেউতা , আমি কলেজৰ দিনৰ পৰাই ইজনে সিজনক বহুত ভাল পাওঁ আৰু মই তাইক বিয়া কৰাবলৈ সাজু আছোঁ ।


:: বুজিছো ! বৰ ভাল লাগিল তুমি অহা বাবে । ভালপোৱাটো কোনো ভুল কথা নহয় , কিন্তু মাক-দেউতাকৰ পৰা লুকুৱাই , এজন অচিনাকি ল'ৰা লগত গৈ , নিজৰ লগতে ঘৰখন ধ্বংস কৰি দিয়াটোহে ভুল আৰু ভালপোৱাই জানো সকলো ?বিয়া এখন পাতিবলৈ সহজ । কিন্তু তেওঁ যাৰ লগত বিয়া হব তাৰ লগত গোটেই জীৱন সুখী হ'ব পাৰিব নে ? ছোৱালী এজনী ঘৰৰ পৰা উলিয়াই দিয়াৰ আগতে ল'ৰা জনে কি কৰে , পৰিয়ালটো কেনেকুৱা , সিহঁতৰ কোন কোন আছে , এই সকলোবোৰ জনাৰ দায়িত্ব আৰু কৰ্তব্য থাকে মাক-দেউতাকৰ । যাতে তাই বাকী থকা দিনবোৰত কষ্ট নাপায় আৰু মই ও মাজনীৰ ভালৰ বাবে ভৱিষ্যতৰ বাবে  তুমি কি কৰা , তোমাৰ ঘৰখন আৰু তোমাৰ পৰিয়ালৰ লগত কথা বতৰা পাতিব লাগিব নহয় নে ? তোমাৰ ঘৰ খনে আমাৰ মাজনীক আঁকোৱালি ল'ব নে নাই !কাৰণ প্ৰতিজন মাক-দেউতাকৰ সপোন থাকে নিজৰ ল'ৰা-ছোৱালীক লৈ , তুমি  কি কোৱা ? আমাৰ এজনীয়ে ছোৱালী , আগলে পিছলে আৰু কোনো নাই ।

এতিয়া কোৱাচোন তোমাৰ ঘৰত কোন কোন আছে ?

তুমি বৰ্তমান কি কৰা ?


:: হয় দেউতা , মোৰ ঘৰত মা আৰু মই । দেউতা সৰুতে ঢুকাল , মই বৰ্তমান প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছো আৰু দেউতা মই কথা দিছো তাইক কোনোদিন দুঃখ কি অনুভৱ কৰিব নিদিওঁ ।


:: বাৰু তোমাৰ মাক এদিন আমাৰ ঘৰলৈ আনিবা । আমিও যাম তোমাৰ ঘৰত ।তুমি বহা , মোৰ কাম দুটামান আছে কৰি লওঁ ।


:: মাজনী যোৱা আকাশক ভিতৰৰ ৰুমটো দেখুৱাই দিয়া , ইমান দূৰ আহিছে অলপ জিৰণি লওঁক ।


:: আহা... আকাশ....


:: নাই... মই এতিয়া জিৰণি নলওঁ মা , ইয়াতে মোৰ লগৰ এজনৰ ঘৰ আছে , মই তাৰ ওচৰলৈ যাম । তাতেই থাকিম আজি , আৰু অহা মাহত মা আহিম কৈছে । মাৰ লগত একেলগে আহিম ।


:: আহিব বাৰু , কিন্তু তুমি ক'ত যোৱা....? একদম নোৱাৰা যাব । আজি থাকিব লাগিব ।


::  তুমি মোৰ ওচৰত আহিছিলা নে লগৰটো ওচৰত...?? কথা ক'ব আহিছা হা ।


          ( বৃষ্টিয়ে তাক হাতত ধৰি ভিতৰলৈ লৈ গ'ল )


:: আৰে মাজনী কিয় তেনেকে ধৰি নিছা , চাবা পৰি যাব....।।


:: পৰিলে পৰক মা... কঁকাল ভাঙিলে যাব ভালদৰে , তুমি ভাত ঠিক কৰা ।


:: তোমাৰ লাজ বোলা বস্তুটো অলপো নাই নেকি ? মাৰ আগত তেনেকৈ ধৰি আনিলা যে , মায়ে কি ভাবিছে... ছিঃ ছিঃ....


:: কি ভাবিব...?? হ'ব লগা পতিদেৱক হে ধৰি আনিছো । বৰ একেবাৰে লাজ থকাতো... । ( Assamese Storyboard )


:: নাই... তোমাৰ একেবাৰে লাজ নাই এনেদৰে টানি আনে নে ? মাৰ আগৰ পৰা...


:: উম্‌ নাই....


          আকাশে বৃষ্টিক হাতত ধৰি বুকুৰ মাজত টানি আনিলে , লাজ নাই নাই কৈ থকা অভিমানীজনী লাজতে ৰঙা পৰি গ'ল । সজাত বন্দি হৈ থকা পক্ষীৰ দৰে তাই আকাশৰ বুকুৰ মাজত বন্দি হৈ পৰিল ।


:: এৰি দিয়া... মোৰ ভয় লাগিছে...,


:: কিয় মই ভূত নেকি ? নিদিওঁ....,,


:: মা.... তুমি.....


:: হাঃ মা..... ক'ত.... ( বৃষ্টিক এৰি দিলে )


:: হাঁ... হাঁ... হাঁ... হাঁ..... কেনে পালা মোৰ বুদ্ধিটো ,  বাই.... বাই.... মই মাক অলপ সহায় কৰি দিওঁ , তুমি শুই লোৱা । ( এনেদৰে কৈ তাই দৌৰি মাকৰ ওচৰ পালে গৈ । )

 

          সকলোৱে ঘৰত আকাশক ভালপালে আৰু দুইখন ঘৰৰ পৰা বিয়াৰ তাৰিখ ঠিক কৰিলে সকলো ভালে ভালে হৈ গ'ল । বিয়াৰ প্ৰস্তুতি চলিল  দুইখন ঘৰতে । দুদিন পিছত বিয়া সিহঁতৰ । হঠাৎ এটা অচিনাকি নম্বৰৰ পৰা আকাশলৈ ফোন আহিল......


:: হেল্ল'..!! কোন ?


          (ফোনৰ আন এটা মূৰৰ পৰা কৈ উঠিল )


          মোৰ নাম ঠিকনা জনাৰ প্ৰয়োজন নাই.... শুনিছো তোমাৰ বিয়া বোলে.. ।।


:: উম হয়... কিন্তু আপুনি ???


::: কিয় কলেজত দেখিয়েই প্ৰেমত পৰি বিয়া ঠিক কৰি দিলি ?? তাইৰ বিষয়ে একো নজনাকৈ ? এবাৰ ওচৰৰ মানুহবোৰক শুধিব লাগিছিল , তাইৰ অতীতত কি হৈছিল , ক'ত ধৰ্ষণৰ বলি হৈছিল তাই.... ( কথাষাৰ কৈয়ে সি ফোনটো কাটি দিলে )

 

:: হেল্ল'....হেল্ল'... কোন তই....??


          ( সি বাৰে বাৰে ফোন লগাব ধৰিলে কিন্তু সি ফোনটো অফ কৰি দিলে )


          কথাষাৰ শুনি আকাশৰ মূৰত যেন সৰগ ভাঙি পৰিল , চাৰিওফালে যেন অন্ধকাৰ হৈ পৰিল । দুদিন পিছতে বিয়া আৰু এইবোৰ..... আকাশে বৃষ্টিলৈ ফোন লগালে ।


:: বৃষ্টি..! মই তোমাক লগ পাব বিচাৰো তোমাৰ ঘৰত নহয় । অকলে ক'ত লগ কৰিব পাৰিবা জনাবা । মই গৈ আছো....।


:: আৰে বাবা.... বিয়ালৈ মাত্ৰ মাজত দুটা দিন আছে পিছতো একেবাৰে লগ পাম , এতিয়া আকৌ  কিয় ?  কি হ'ল ??


:: সেইবোৰ একো নহয় , মই তোমাক এবাৰ অকলে লগ পাব খুজো ।


:: কি হ'ল সেইটো কোৱা...


:: মই যিটো কৈছো সেইটো শুনা.....।


:: ঠিক আছে আহা.....


          ( আকাশ বৃষ্টিৰ ওচৰত গ'ল ).....


          ধেমাজি Children  পার্কত বৃষ্টিয়ে তাক লগ কৰিব মাতিলে ।


:: কি হ'ল এনেকৈ মাতিলা যে ?


:: তুমি মোৰ পৰা কি লুকুৱাইছা ?


:: আৰে কি লুকুৱাম,  মই...!! মৰমবোৰ অলপ লুকুৱাই ৰাখিছো বিয়াৰ পিছত দিম বুলি । (তাই ধেমালিৰ চলেৰে হাঁহি এটা মাৰি ক'লে )


::: মই ধেমালি কৰা নাই , সঁচা কোৱা ?


::: তোমাক কোনে কি কৈছে আকাশ ? আজি হঠাৎ এনেবোৰ প্ৰশ্ন কৰিছা যে ? কি হৈছে তোমাৰ ?


          (এইবাৰ তাই অলপ আচৰিত হৈ কথাবোৰ সুধিলে )


:: কোন হয় নাজানো , মই তোমাৰ মুখেৰে শুনিব বিচাৰো , কি হৈছিল তোমাৰ জীৱনত মই অহাৰ আগত । 


          (বৃষ্টিৰ মুখখন  ৰঙা-বগা হৈ পৰিল । আকাশৰ এনে প্ৰশ্নই তাইক অবাক কৰি তুলিলে কি ক'ব তাই , কেনেকৈ ক'ব তাইৰ সেই নিষ্ঠুৰ অতীতটোৰ কথা । যিবোৰ কথা শুনিলেই হয়তো আকাশ তাইৰ জীৱনৰ পৰা আঁতৰি যাব । তাইৰ বৰ ভয় লাগিল আৰু থুকা-থুকি মতেৰে তাই ক'ব ল'লে )

       

:: আকাশ মোৰ এনেকুৱা এটা অতীত আছে যিটো শুনিলে তুমি হয়তো মোক কেতিয়াও ক্ষমা নকৰিবা । তুমি মোৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাবা । মই কাৰোবাৰ ধৰ্ষণৰ বলি হৈছিলো আকাশ ।


          ( কথাখিনি কৈ তাই উচুপি উঠিল )


:: কিন্তু তুমিটো মোক কোনোদিন কোৱা নাছিলা ! কিয় এনেকুৱা কৰিলা তুমি বৃষ্টি , তুমি মোৰ পৱিত্ৰ মৰম ভালপোৱাৰ অলপো বিশ্বাস নাৰাখিলা ??? আকাশ মই তোমাক ক'ব খুজিছিলো , যেতিয়া তুমি মোৰ জীৱনত আহিছিলা । মনত আছে নে তোমাৰ.... মই যে বাৰে বাৰে কৈছিলো মোৰ জীৱনত এটা কলা অধ্যায় আছে আৰু তুমি বাৰে বাৰে বাধা দিছিলা,, নক'বা নুশুনো বুলি । তুমি মাথোঁ মোক বিচৰা , মোৰ অতীতক নহয় । সেইবাবেই আজিও কোৱা ন'হল তোমাক । কিন্তু আজি তুমি সেই অতীতৰ বিষয়ে  নিজে শুধিছা ।  যিখিনি কথা শুনাৰ পিছত হয়তো তুমি আৰু মোৰ হৈ নাথাকা । ঘৰত আৰু এটা কলা দাগ বঢ়ালোঁ মই । বিয়াৰ দুদিন আগতে মোৰ বিয়া ভাঙিব । কিন্তু আকাশ আজি সকলো কথা কম । তোমাৰ শুনিব সময় হ'ব নে ?


:: কোৱা !! শেষবাৰৰ বাবে শুনি যাওঁ.....


:: মই তেতিয়া দশম শ্ৰেণীত পঢ়ি আছিলো । ৰাজ নামৰ ল'ৰা এটা মোৰ লগৰে আছিল। আমি সৰুৰে পৰা একে লগতে ডাঙৰ দীঘল হৈছিলোঁ । ঘৰৰ এজনী ছোৱালী বাবে মা-দেউতাৰ মৰম পাই বৰ আকলোঁৱা হৈ পৰিছিলো । যিটো ভাল লাগে সেইটোৱে নিজৰ কৰি লৈছিলো । ৰাজক লাহে লাহে ভাল লগা হৈ পৰিল আৰু সেই ভাল লগা বোৰ কেতিয়া ভালপোৱা হ'ল গমেই নাপালোঁ আৰু তাক  নিজৰ কৰি লোৱাৰ সপোন দেখিব ললোঁ আৰু আমাৰ প্ৰেমৰ কথা  ঘৰত সকলোৱে গম পোৱা হ'ল । ঘৰটো কোনেও প্ৰতিবাদ নকৰিলে । এনেকৈয়ে আমাৰ প্ৰেম-ভালপোৱা আগবাঢ়ি গৈছিল । ৰাজৰ বন্ধু ৰাজা সিওঁ মোৰ ভাল বন্ধু আছিল । আমি তিনিওটা য'ত যাওঁ লগতে যাওঁ , যি খাওঁ লগতে খাওঁ ।


          এদিন আমাৰ স্কুলৰ পৰা সকলো মিলি বনভোজ খাবৰ বাবে ওলাল এবাৰ আমাক অলপ দূৰণিলৈ লৈ যোৱা হৈছিল । ৰাজ, ৰাজা লগত যোৱা বাবে ঘৰতো কোনো আপত্তি নকৰি আমাক পঠিয়াই দিছিল আৰু তেতিয়াই আৰম্ভ হৈছিল মোৰ জীৱনৰ সেই ক'লা অধ্যায়......।


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/2021/08/assamese-storyboard_22.html?m=1


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

 ( Assamese Storyboard )


     (আগলৈ)....


 ভাল লাগিলে share কৰিব ।।

ৰৈ যোৱা ভুলৰ বাবে ক্ষমা কৰিব ।।

✍ জ্ঞান জ্যোতি গগৈ (ধেমাজি)

( ৰৈ যোৱা ভুলৰ বাবে ক্ষমা কৰিব । )

ভাল লাগিলে Share কৰিব ।




গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages