পুলিচ জনে দেখিলে ইমান ডাঙৰ কোম্পানীৰ মালিক অশোকক চাকৰবোৰে ধৰি ৰাখিছে!!( Assamese Storyboard )
পুলিচজনে বিশ্বাস কৰিব পৰা নাছিল!! কিন্তু যি হয় চকুৰ আগত আছিল!! চাকৰজনে পুলিচক ক'লে-"এই মানুহ জনক ৰক্তিম ছাৰৰ ৰুমৰ পৰা পলাই আহোঁতে আমি ধৰি থলোঁ!!"
তাৰ পাছত আমি ৰক্তিম ছাৰক ক'বলৈ গ'লো আৰু দেখিলোঁ তেওঁ মৰি আছে!! এই মানুহ জনে আমাৰ ৰক্তিম ছাৰক মাৰি পেলালে!!
পুলিচে ক'লে-"আপুনি অনুগ্ৰহ কৰি ইয়াৰ পৰা পলাব নিবিচাৰিব!! সকলোৱে আপোনাক ধৰি থৈছে আৰু আপোনাৰ হাতত পিষ্টল আছে!! ভিতৰত ৰক্তিম মৰি আছে সকলো প্ৰমাণে আপোনাকে দোষী সাব্যস্ত কৰে!!"
তাৰ পাছত ৰখীয়া জনক সুধিলে-"শৰীৰটো ক'ত আছে??"
পুলিচজন ভিতৰলৈ গ'ল আৰু ৰক্তিমৰ মৃত শৰীৰটো ভালকৈ চালে আৰু সকলোফালৰ পৰা ফটো মাৰিলে!!
পুলিচে ৰুমৰ ভিতৰত থকা মদৰ গিলাচ ,বটল সকলো ভালদৰে লগত লৈ ল'লে!! তাৰ পাছত পুলিচ জনে সেইবোৰ টেষ্ট আৰু তাৰ আঙুলিৰ চাপ উলিয়াবলৈ পঠিয়াই দিলে!!
তাৰ পাছত তেওঁ চাকৰ আৰু ৰখীয়াজনক বহুত দেৰি কিবা কিবি সুধিলে!!
পুলিচ জনে সুধিলে-"ৰক্তিমৰ দেউতাক আৰু ককায়েকক খবৰ দিয়া হ'ল নে??"
চাকৰে এজনে ক'লে-"তেওঁলোকক খবৰ দিয়া হ'ল। সোনকাল আহিবলৈ চেষ্টা কৰিব!!"
পুলিচে তেওঁলোকৰ নম্বৰ বিচাৰিলে আৰু ক'লে-"মই তেওঁলোকৰ লগত কথা পাতিম!!"
পুলিচে তেওঁলোকৰ লগত কথা পাতিলে আৰু তেওঁলোক আহি আছিল!! আকৌ কিবাকিবি সুধিলে আৰু তাৰ পাছত আশোকক লৈ পুলিচ গুচি গ'ল!!
ৰুমতোও বেৰি দিলে যাতে তাত কোনো নোসোমাই!!
আনফালে মনোজ ঘৰ অহা পাছত কথা বতৰা পাতি আছিল!! তেতিয়া কাৰো ধ্যান বৃস্তিৰ ফালে যোৱা নাছিল!! যেতিয়া চাহ খাব বিচাৰিলে তেতিয়া বৃস্তিক চিঞৰা হ'ল!! কিন্তু তাইৰ মাত শুনা নগ'ল সকলোৱে ভাবিলে তাই চাগে বাথৰুমলৈ গ'ল!!
বহুত দেৰি পাছতো বৃস্তি নাহা দেখি সকলোৱে চিন্তা কৰিবলৈ ধৰিলে যে তাই ক'ত গ'ল???
তাৰ পাছত নিবিৰ আৰু মনোজে তাইক বিচাৰি সিহঁতৰ ঘৰলৈ গ'ল!!তাইক বহুত মাতিলে কিন্তু তাইক তাত নাপালে!!
সি গোটেই ঘৰটো চাই দেখা পালে বিচনাত তাইৰ আজি পিন্ধি থকা কাপোৰ জোৰ আছে !! কিন্তু তাই ক'তো নাই!!
সিহঁতি তাইক বহুত ঠাইত বিচাৰিলে আৰু তাইক নাপায় গুচি আহিলে!!
ঘূৰি আহি সিহঁতি দেউতাকক ক'লে-"বৃস্তিক গোটেই বিচাৰিলো !! আমি তাইক বিচাৰি নাপালোঁ!!"
তেতিয়া তাইৰ দেউতাকে ক'লে-"মনোজ এতিয়া এডখৰ ঠাইয়ে বাচি আছে!!"
মনোজে ক'লে-"ক'ত??????"
নেহাহঁতৰ ঘৰত ইনেই বাৰু তাই নেহা ঘৰলৈ নাযায় !! তথাপিও চাই আহোঁ!!( Assamese Storyboard )
মনোজ তেওঁৰ লগত গ'ল আৰু নিবিৰে বেলেগত বিচাৰিবলৈ উলাই গ'ল!!!
নেহা শুই আছিল আৰু দৰ্জা বজা শুনি চাকৰনী জনীয়ে দৰ্জাখন খুলি ক'লে-"মেম কোনোবা আহিছে!!"
নেহা চক্ খাই উঠিল!! ইমান ৰাতি কোন আহিছে???
তাই খুৰাকক দেখি চক্ খাই উঠিল!!
"খুৰা আপুনি????"
"ক্ষমা কৰিবা মই সুধিবলৈ আহিছিলোঁ ,বৃস্তি ইয়ালৈ আহিছে নি???? "
বৃস্তি আকৌ ইয়ালৈ কিয় আহিব !!তাই আমাৰ ঘৰলৈ নাহে চোন!!!
মই এইকাৰণে সুধিব আহিছিলোঁ যে তাইক ক'তো বিচাৰি পোৱা নাই!!
তাই ইয়ালৈ নাই অহা আৰু মইটো তাইক বহুত দিনৰ পৰা দেখা নাই!!! হ'ব দিয়া নেহা বুলি কৈ তেওঁলোক যাবলৈ উলাল!!!
তেতিয়াই নেহালে এটা ফোন আহিল আৰু তাই চক্ খাই উঠি ক'লে-"কি???? কেতিয়া???? কেনেকৈ??"
যাবলৈ উলোৱা মনোজ আৰু বৃস্তিৰ দেউতাক ৰৈ গ'ল!!
নেহাই কান্দিবলৈ ধৰিলে আৰু মনোজহঁত তাইৰ ওচৰলৈ আহি সুধিলে-"কি হ'ল...........???? তুমি কিয় কান্দিছা???
তাই কান্দি কান্দি ক'লে-"ৰক্তিমক কোনোবাই হত্যা কৰিলে!!"
মনোজে ও কথাটো শুনি চক্ খাই উঠিল!! তাৰ পাছত সি সুধিলে-"কেনেকৈ.....???? কেতিয়া..........?????
বেছি একো নক'লে এতিয়া তাৰ শৰীৰটো পুলিচে লৈ গ'ল!!
মনোজে ভাবিবলৈ ধৰিলে নেহা আৰু ৰক্তিমৰ বিয়া হোৱা কথা আছিল আৰু এইফালে বৃস্তি ও হেৰাল আচলতে কথাটো কি??সি ভাবিলে বৃস্তি কিবা বিপদত পৰিল নেকি??
সি ক'লে-"নেহা বৃস্তি হেৰাল!! " তাই ক'লে-"পুলিচক খবৰ দিয়া আৰু ৰিপ'ৰ্ট লিখাই আহা!!"
বৃস্তিৰ দেউতাকে ক'লে-"নাই নাই এতিয়া নালাগে!! এতিয়া বিচাৰোঁ আৰু অলপ তাৰ পাছত ৰাতিপুৱা ৰিপ'ৰ্ট লিখাম!!"
বৃস্তি দেউতাক মাক আৰু মনোজ বৃস্তিহঁতৰ ঘৰলৈ গ'ল আৰু দেখিলে , গেটখন বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা মৰা আছিল!!
সিহঁতি ভাবিলে এতিয়া কোন ভিতৰত থাকিব পাৰে!!
সিহঁতি চাবিয়ে দি গেটখন খুলি ভিতৰলৈ গ'ল আৰু দৰ্জাত ধকিয়ালে!! তেতিয়া বৃস্তিয়ে আহি দৰ্জা খুলিলত সকলোৱে চক্ খাই উঠিল!!
সকলোৱে বৃস্তিক এনেকৈ চাই আছিল যেন তাই মংগল গ্ৰহৰ পৰা আহিছে!!
সকলোৱে তাইক প্ৰশ্ন কৰিবলৈ ধৰিলে-"ক'ত গৈছিলা???? কি হ'ল তোমাৰ লগত.....?????ক'ৰ পৰা আহিছাঁ..............????
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment