মানসীয়ে চাহকাপ লৈ গৈ তাৰ ৰুম পালেগৈ। লাহেকৈ দৰজাখন খুলি তাই ৰুমটোৰ ভিতৰলৈ সোমাই গ'ল। আগতে এই কোঠাটোতে দুয়োটা ককায়েক ভনীয়েকে যে কিমান কাজিয়া লাগিছিল তাৰ কোনো আদি অন্ত নাই( Assamese Storyboard )। কহুৱা কঁপুৱা হৃদয়ৰ আৰ্তনাদত চেঁচা পৰি যোৱা কোমল মানসীৰ মনটো মাক-দেউতাকৰ মৰম পাই পুনৰ উজ্বলি উঠিল। নিমাতীজনীয়ে যে আজি তাইৰ মাত ঘূৰাই পালে। সময়ৰ বালিৰ মাজত থকা পাৰ হৈ যোৱা ভৰিৰ খোজবোৰক চিনিব পাৰি তাই পুনৰ সেই খোজেৰেই উভতি আহিল। কিন্তু উভতি নাহিল "মাজনী", উভতি আহিল "মুনু"। উভতি নাহিল "মানসী", উভতি আহিল ৰক্তিমৰ "অৰ্ধাংগিনী"। নিজৰ শৈশৱ, কৈশোৰ আৰু যৌৱন পাৰ কৰা ঘৰটোত আজি তাই যি নিৰাপত্তা অনুভৱ কৰিলে সেই নিৰাপত্তা কেতিয়াও তাই ৰক্তিমৰ কাষত কিম্বা তাৰ ঘৰখনৰ ভিতৰত অনুভৱ কৰা নাছিল। প্ৰতিটো সময়ৰ ক্ষুদ্র ক্ষুদ্ৰ অণুত তাই সন্মুখীন হৈছিল অকল্পনীয়, অমানৱীয়, অপ্ৰস্তুতিকৰ, অপ্ৰীতিকৰ পৰিস্থিতিৰ; পাৰ হৈ গৈছিল যন্ত্ৰণাৰ চৰম সীমা। এটি ভগ্ন আৰু অপ্ৰয়োজনীয় কাঁচৰ টুকুৰাত পৰিণত হৈ পৰিছিল তাই সেইখন ঘৰত। যিটুকুৰা কাঁচে কিন্তু মানুহক নাকাটে মানুহেহে
টাৱেলখনেৰে চুলিকেইডাল মুচি মুচি ককায়েক বাথৰুমৰপৰা ওলাই আহিল।
: ভন্টি........তই...........
স্তব্ধ হৈ পৰিল সময়। স্তব্ধ হৈ পৰিল এটি পল। স্তব্ধ হৈ পৰিল এটি ক্ষণ আৰু স্তব্ধ হৈ পৰিল এটি যুগ। অবাস্তৱ মূহুৰ্তত নিস্বাৰ্থ হৃদয়ৰ কোনটো কোণৰপৰা "ভন্টি" শব্দটো ওলাইছে সিহঁত এটাইও গম পোৱা নাই। মাথোঁ গম পাইছে এই শব্দটিত ককায়েকৰ অবৰ্ণনীয় মৰম সোমাই আছে তাইৰ প্ৰতি। সঞ্জীৱনীয়ে লক্ষ্মমণৰ শৰীৰৰ আঘাত ভাল কৰিছিল কিন্তু তাক আনি দিছিল হনুমানে ঠিক তেনেদৰেই মানসীৰ অন্তৰৰ আঘাতবোৰো দূৰ কৰিলে ককায়েকে হৃদয়ৰ সৰ্বস্ব মৰম উজাৰি কোৱা "ভন্টি"শব্দটোৱে।
চাহকাপ বিছনাৰ ওপৰতে থৈ তাই ককায়েকক সাৱটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন শুনি সিনো কেনেকৈ ৰৈ থাকিব পাৰে? সিও কান্দি দিলে। যোৱা ৰাতি বৈ গৈ ৰঙা তেজে ধৰণীৰ বুকু চুইছিলগৈ কিন্তু আজি তাইৰ প্ৰাপ্তিৰ চকুপানীয়ে বৈ গৈ ধৰণীৰ দুগালত চুম্বন কৰিলেগৈ। পাৰ্থক্য মাথোঁ এয়াই যে কালি ধৰণীয়ে তাইৰ দুখত কান্দিছিল আৰু আজি তাইৰ প্ৰাপ্তিৰ সুখত হাঁহিছে। একেই কালিৰ দৰে আজিও এটা ৰাতি, মাত্ত আজি প্ৰাপ্তিৰ পূৰ্ণিমা, প্ৰাপ্তিৰ ৰাতি আৰু যোৱাকালি যন্ত্ৰণাৰ বিষাদৰ অমাৱস্যা। কালি বৈ গৈছিল দুখ আৰু প্ৰেমৰ কৰুণ নৈ আজি বৈ গৈছে প্ৰাপ্তিৰ এখন সীমাহীন আনন্দৰ নৈ।
"বিৰল হৃদয়ৰ অধিকাৰী তুমি নাৰী,
কাৰণ ক্ষুদ্ৰ ক্ষুদ্ৰ মৰমতে বিচাৰি পোৱা তোমাৰ হাঁহি।
কিছু দুখ আৰু কিছু সুখেৰে জৰ্জৰিত তোমাৰ জীৱন
তথাপিও আনন্দেৰে চৰণ চুৱা তুমি আপোন হৃদয়ৰ।"
সিহঁতৰ কান্দোন শেষ হোৱাৰ পিছত মৌনতাই বিৰাজ কৰিলে গোটেই কোঠাটোত।
: হ'ব আৰু দে ভন্টি কিমান আৰু কান্দ' তই?
: অকল মইয়ে কান্দিছোনে তইয়োতো কান্দিছ'?
: হ'ব দে মুচ আৰু চকুপানী।
দুয়ো-দুয়োৰে অশ্ৰু মুচি দিলে। মুচি দিলে দুখন হৃদয়ৰ সকলো দুখ কিম্বা যন্ত্ৰণা।
: হো' চাহ খাই ল'।
: তই বনাইছ'?
: উমম্।
নাই বনোৱা বুলি ক'লে ককায়েকে মনত দুখ পাব বুলি তাই মিছাকৈয়ে বনাইছো বুলি ক'লে।
: কিমান আৰু মিছা ক'বি তই মোক ভন্টি?
: মানে? মই কি মিছা ক'লো?
: এই চাহকাপ যে তই বনোৱা নাই মই ভালদৰেই জানো।
: কেনেকৈ?
: তই চাগে পাহৰিলি ভন্টি, তই চাহ বনালে সদায় মোক খালী চাহকাপহে দিয়'। বিস্কুট কেইটা মাৰপৰা মোলৈ আনিছোঁ বুলি কৈ চাহ বনাই দিয়াৰ বাবদ তই নিজেই খাই থয়'। কিন্তু আজি.........?
: কিন্তু আজি সময় সলনি হ'ল দাদা।
: আৰু তয়ো।
: সময়ৰ লগে লগেইটো মানুহ সলনি হয়।
: হো ল' এখন বিস্কুট তই খা আৰু এখন মই খাওঁ।
তাইলৈ বিস্কুট এখন আগবঢ়াই দিলে সি। তাইয়ো বিস্কুট খন হাতপাতি লৈ খালে।
: অই, তোৰ হাতত বেণ্ডেজ যে! কি হ'ল?
উধাতু খাই সি ভনীয়েকলৈ প্ৰশ্নবান মাৰিলে।
: একো নাই হোৱা। ঘৰত কাম কৰোঁতে দুখ পালোঁ।
: সেইকাৰণেই কামবোৰ কৰোঁতে সাৱধানে কৰিব লাগে।
"উহ্ ৰক্ষা, দাদাই যে আচল কথাটো গম নাপালে। মোৰ কথাটতো সি বিশ্বাস কৰা যেনেই লাগিছে।"( Assamese Storyboard )
: তই ইয়ালৈ, মানে মা-দেউতাই........?
: মা-দেউতাই মোক ইয়ালৈ লৈ আনিছে।
: তাৰমানে মা-দেউতাই তোক ক্ষমা কৰি দিলে.....?
: উমম্।
: উফফ্ ৰক্ষা। মই আজি তোৰ কাৰণে বহুত সুখী ভন্টি।
: ময়ো তোৰ কাৰণে?
: মোৰ কাৰণে আকৌ কিয়?
: ইহ্ একো নজনাতোৱেই হ'ল এতিয়া, হ'ব দে মই সব জানো মোৰ পৰা একো লুকুৱাব নালাগে। মই বৌৰ কথা কৈছোঁ আকৌ!
: "বৌ" কোন বৌ? আৰু তোক এইবোৰ কথা কোনে ক'লে?
: মায়ে ক'লে।
: অ', কিন্তু এতিয়ালৈকেতো বিয়া ফাইনেল হোৱাই নাই। দুইখন ঘৰৰ চোৱা-চুই হৈছেহে মাত্ৰ।
: হয় নেকি মোৰ সোণ? তই চিন্তা কৰিব নালাগে নহয়। মই পৰহিলৈ গৈ সব ফাইনেল কৰি থৈ আহিম নহয়।
: ইচ্।
: কি ইচ্ আকৌ? বাৰু এটা কথা কচোন তোৰ বৌক পছন্দ হৈছেনে নাই?
: মইতো তাইক আজিলৈকে লগ পোৱাই নাই। পৰহিলৈ লগ পামহে। ফটোতহে দেখিছোঁ তাইক, ফটোত দেখাটতো ভালেই লাগিছে। আৰু পৰহিলৈ তই লগত যাবি যেতিয়া মোৰ একো চিন্তা নাই মানে মই অলপ ভয় খাই আছোঁ ফাষ্ট টাইম ন'!
: হ'ব থ' থ' ছোৱালী চাবহে যাবি যুদ্ধলৈ নাযাৱ' নহয়। আৰু তই দৰাটো হৈ ইমান ভয় কৰিলে তোৰ কইনাজনীৰ কি হ'ব? দৰা হয় তই অলপ গপছত থাকিবি?
: কথাটো হয় তথাপিও......?
=====================================
: কি ভাবি আছিলোঁ আৰু কি হৈ গ'ল? সকলো কষ্ট পানীত পৰিল। একমাত্ৰ এই পাগল চবৰ বাবেই।
ৰক্তিমৰ বাপেক জয় প্ৰকাশ হাজৰিকাই খঙতে গুজৰি- গুমৰি কথাখিনি ক'লে।
: আপুনি অলপ শান্ত হওঁকচোন। সকলো ঠিক হৈ যাব।
ৰক্তিমৰ মাকে গিৰিয়েকক বুজাবলৈ চেষ্টা কৰিলে।
: ইমানবোৰ হৈ যোৱাৰ পিছত তুমি কৈছা সকলোবোৰ ঠিক হৈ যাব।
এইবাৰ তেওঁ ৰক্তিমৰ ওচৰলৈ আহিল।
: অই মূৰখ তোক কি কৰিব কৈছিলোঁ আৰু তই কি কৰিলি? তোক আমি তাইক মাৰিবলৈহে।কৈছিলোঁ মাৰি।পেলাবলৈ কোৱা নাছিলোঁ নহয়।
: দেউতা, মোৰ ভুল হৈ গ'ল। মই আচলতে তেতিয়া কি কৰিলোঁ নিজেও গম নাপালোঁ।
: সেইবোৰ মই একো নাজানো। তাইক পুনৰ এইখন ঘৰলৈ ওভোতাই আনি কেনেকৈ সিহঁতৰ চহৰৰ মাটিখিনি আমাৰ নামৰ কৰ' সেইয়াৰ সম্পূৰ্ণ দায়িত্ব তোৰ। বুজিলি?
: উমম্, বুজিলোঁ দেউতা।
: হেৰি, ময়ো এটা কথা ভাবিছোঁ।
: কি কথা?
: তাইক যেতিয়া খঙেৰে সৈমান কৰিব নোৱাৰিলোঁ এতিয়া ভাবিছোঁ মৰমেৰে তাইক সৈমান কৰাওঁ নেকি? এনেও ছোৱালী মানুহ যিহেতু অলপমান মৰমতে পমি যাব?
: ময়ো তাকে ভাবিছোঁ মা।
: যি কৰ, কৰ মুঠতে সেই টাউনৰ মাজমজিয়াত থকা সিহঁতৰ মাটিখিনি মোক মোৰ নামত লাগে।
কথাখিনি কৈ মানুহজন কোঠাটোৰ পৰা ওলাই গ'ল।
: ৰক্তিম।
: মা?
: চিধা আঙুলিৰে ঘিঁউ নুলালে আঙুলি বেকাঁ কৰিব লাগে।
: হমম্।
এটা কৃত্ৰিম সন্তুষ্টিৰ হাঁহি মাৰি স্বস্তিৰ নিশ্বাস এৰিলে মানুহ গৰাকীয়ে।
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment