অভিমানেৰে ভৰা এটি প্ৰেম কাহিনী ( অন্তিম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 29, 2021

অভিমানেৰে ভৰা এটি প্ৰেম কাহিনী ( অন্তিম খণ্ড ) : Assamese Storyboard

      Assamese Storyboard


       এদিন দুদিন কৰি ৭ দিন পাৰ হৈ গ'ল , লাহে লাহে আকাশ অলপ সুস্থ হ'ব ধৰিলে , ভৰি দুখনৰ বাহিৰে বাকীবোৰ ভাল হৈছে  ( Assamese Storyboard )। আজি তাক ঘৰলৈ লৈ গ'ল এতিয়া wheel chair খন তাৰ লগৰী হৈ পৰিল । এদিনৰ বাবে বৃষ্টিৰ মাক-দেউতাকো আহিল তাক ঘৰত থবলৈ । পিছদিনাই বৃষ্টিৰ মাক-দেউতাক গুচি গ'ল । আকাশে চকীখনতে বহি ইফালে-সিফালে যাব পৰা হৈছে । কিন্তু বৃষ্টিয়ে তাক অকলে ক'তো যাব নিদিয়ে , যতেই যায় তায়েই লৈ যায়b। ২  দিন মানলৈকে সকলো ঠিকেই আছিল । বেচেৰি বৃষ্টিজনী নাখায়-নুশুই একেবাৰে শুকাই-ক্ষিণাই গৈছে আৰু এতিয়া আকাশৰ মাকে তাইৰ ওপৰত মানসিক অত্যাচাৰ আৰম্ভ কৰি দিলে । প্ৰতিটো কথাতে কুলক্ষণী , অমংগলীয়া , ২টা ল'ৰা খালি... এতিয়া মোৰ ল'ৰাটোও খাবি... ইত্যাদি ইত্যাদি গালি পাৰিব ধৰিলে । আকাশে মাকক বহুত বাধা দিলে কিন্তু মাকে একোৱে শুনিব নিবিচাৰে.... তাইক খেদি দিব লাগে.....


:: আকাশ তোমাৰ মায়ে নিবিচাৰে যেতিয়া মই আঁতৰি যাম তোমাৰ জীৱনৰ পৰা , কিন্তু আকাশ তুমি সুস্থ হোৱা লৈকে মোক তোমাৰ লগত থাকিব দিয়া আকাশ ।


:: বৃষ্টি , পাগল হৈছা নেকি ?? তুমি ক'তো যাব নোৱাৰা , মায়ে ভুল বুজিছে.... মই মাক বুজাম । কিন্ত তুমি যদি এনেকুৱা কথা কোৱা মই বৰ কষ্ট পাম অ' । জীৱনত যিমানেই যি নহওঁক কিয়,, তোমাক মই ক'তো যাব নিদিওঁ । যদি তুমি মোৰ এই শাৰীৰিক দুৰ্বলতাৰ বাবে আঁতৰি যাব খুজিছা.... যোৱা...., বাধা নিদিওঁ । মোৰ বাবে মিছাই তোমাৰ বহুত কষ্ট হ'ব , এতিয়া হয়তো মোৰ বাবে তোমাৰ অশান্তি হ'ব । তুমি এতিয়াও তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰা ।


:: আকাশ..., তেনেকৈ নকবা , তোমাৰ মায়ে মোক অলপো ভাল নোপোৱা হ'ল । প্ৰতিটো কথাতে....... ( তাই কান্দিব ধৰিলে )


:: তুমি চিন্তা নকৰিবা , সকলো ঠিক হৈ যাব ।


          মাকক আৰু কিমান বুজাব সি , সেই অভিমানীজনীক কিয় এনেকুৱা কৰিছে । সি নিজকে ক্ষমা কৰিব পৰা নাই । তাইৰ যে তাৰ বাবেই কিমান কষ্ট হৈছে । ঘৰৰ কাম কৰা , প্ৰতিটো মুহূৰ্তত তাৰ কাষত থাকি তাৰ সকলো প্ৰয়োজনীয় কামবোৰ কৰা ।ইমানখিনি কৰাৰ পাছতো মাকৰ পৰা সকলো সময়তে অশান্তি... কিমান সহ্য কৰিব আৰু তাই । কোনোদিন ঘৰত দুঃখ অনুভৱ নকৰা ছোৱালীজনীয়ে আজি বাৰীৰ কাষৰ পৰা বন-শাক বুটলি সেইবোৰে তৃপ্তি লগাই খাব শিকিলে , তাই আৰু কিমান কৰিব । সি বাৰু তাইৰ সেই ঋণ পৰিশোধ কৰিব পাৰিব নে ?? কি কৰিব যাৰ বাবে মাকে বৃষ্টিক মৰম কৰিব.... কিয় বাৰু তাইক বোৱাৰী হিচাপে গ্ৰহণ কৰিব পৰা নাই...? এজনী নাৰী হৈ আন এজনী নাৰীৰ কথা অলপো বুজি নাপায় কিয়...? তাই গাতো তেজেই আছে , তাইটো কোনো ভুল কৰা নাই....


          ইফালে আকাশৰ অফিচৰ পৰা ফোন আহিল আৰু বৃষ্টিয়ে ধৰিলে ।


:: হেল্ল'.... আকাশ.....


:: মই আকাশৰ পত্নী। কওঁকচোন.....


:: আকাশৰ খবৰটো আমি পাইছো , শুনি বহুত দুঃখ পাইছো । কিন্তু কি কৰিব উপায় নাই , কপালত যি লিখা আছে । বাৰু এটা বিশেষ কথাৰ বাবেহে ফোন কৰিব লগা হ'ল....


:: হয়.... কওঁক....


:: চাওক তেখেতক এইমাহৰ দৰমহা দিয়া হ'ব । কিন্তু তাৰ পিছৰ পৰা আৰু দিব নোৱাৰিম , তেওঁ আহিব নোৱাৰে বাবে আমি তেওঁৰ ঠাইত আন মানুহ ৰাখিলো । ক্ষমা কৰিব আমাৰ অফিচতো চলাব লাগিব ন'...? ( কথাষাৰ কৈয়ে ফোনটো কাটি দিলে মানুহজনে )


          বৃষ্টি এইবাৰ নিতাল হৈ পৰিল , ফোনটো কাণতে লৈ বজ্ৰপাত পৰা মানুহৰ দৰে হ'ল ।


:: বৃষ্টি.... বৃষ্টি...., কোনে ফোন কৰিছিল ? কি হ'ল তোমাৰ... ? ( আকাশে চকীখনৰ চকাকেইটা ঘূৰাই ঘূৰাই তাইৰ ওচৰ পালেহি । তাইক ঠেলি দিয়াতহে , তাইৰ জ্ঞান ঘূৰি আহিল )


:: তোমাৰ অফিচৰ পৰা । এইমাহৰ দৰমহা দিব , কিন্তু...... তোমাৰ ঠাইত আন কাৰোবাক ল'লে.....


          ( আকাশে একো কব নোৱাৰিলে , যাওঁ বুলিও সি যাব নোৱাৰে , উপায়হীন আজি সি.... সি কি কৰিব এতিয়া )


:: একো নাই দিয়া , ভালপালেই আন এটা কাম বিচাৰি ল'ম ।

( মিছা সান্তনা , বৃষ্টিয়ে বুজি পাইছিল )


          বৃষ্টিয়ে মাক-দেউতাকৰ পৰা সকলো কথা লুকুৱাই ৰাখিলে । লাহে লাহে সিহঁতৰ জীৱনত দুঃখে পাতনি মেলিলে । আকাশৰ দৈনিক দৰববোৰ আনিবলৈও পইচা নাইকিয়া হ'ল । মাকে এতিয়া আৰু বেছি গালি পাৰিব ধৰিলে । বৃষ্টিয়ে নিজেই কাম এটা বিচৰা সিদ্ধান্ত ল'লে । 


:: নালাগে তুমি কাম কৰিব ।কেনেকৈ কৰিবা ইমান কষ্ট ? মই নিজক ক্ষমা কৰিব নোৱাৰিম । মই নিজে চেষ্টা কৰিম নিজৰ ভৰিত ঠিয় হব ।কিন্তু..


:: তুমি সুস্থ হোৱা লৈকে মোক কৰিব দিয়া । মোক বাধা নিদিবা আকাশ । ( তাই অলপ আবেগিক হৈ ক'লেb)


: চাওঁ মোৰ ওচৰত আহা.....( বৃষ্টি কাষলৈ আহিল ) আকাশে তাইক সাৱটি ধৰিলে আৰু কপালত চুমা আঁকি দিলে । মোৰ বাবে আৰু কিমান কষ্ট কৰিবা তুমি ? মই বহুত সুখী তোমাৰ দৰে এজনীক মোৰ পত্নী হিচাপে পাই । মোক ক্ষমা কৰি দিবা বাবে তোমাৰ বহুত কষ্ট হৈছে ।


:: হেই... কি কৈছা এইবোৰ । মই তোমাৰ বাবে সকলো কৰিব সাজোঁ আছোঁ ।


:: বৃষ্টি মোৰ মাৰ কথাত তুমি বেয়া নাপাবা । মাৰ হৈ মই ক্ষমা খুজিছোঁ ।


:: কিয় এনেকৈ কৈছা ? মই মাক আকণমানো বেয়া পোৱা নাই । মইহে কৈছে । মোৰ মায়ে চোন মোক ঘৰত বহুত গালি পাৰিছিল । সেইবুলি মই জানো মোৰ মাক বেয়া পাইছোঁ । এতিয়া তোমাৰ মা মানে মোৰো মা । এতিয়া মই মোৰ মাক কেনেকৈ বেয়া পাম আৰু তোমাক মাই বহুত ভাল পাই বাবে কিবা এটা হয় বুলি ভয় খাইছে । কিন্তু চাবা এদিন সকলো ঠিক হৈ যাব ।


          ( আকাশৰ মাকে কিবা কবলৈ বুলি আহি সিহঁতৰ সকলো কথা শুনিলে আৰু নিজকে বৰ দুখী যেন অনুভৱ কৰিলে । ইমান ধুনীয়া , মৰমিয়াল বোৱাৰী এজনীক মই ইমান দিনে ইমান অত্যাচাৰ কৰি আছিলোঁ । কিন্তু তাই মোক আজিও নিজৰ মাকৰ দৰে ভাবি আছে । নিজৰ ওপৰতে তেওঁৰ ঘৃণা উপজিল । কিয় বাৰু এবাৰো নিজৰ ছোৱালীৰ দৰে ভাবিব নোৱাৰিলোঁ । তাইতো কাৰোবাৰ ছোৱালী । কি বুলি ক্ষমা সুজিব ভাবি পোৱা নাই । চকুলো মচি একো নকয় তাৰ পৰা আঁতৰি আহিল । )


          বৃষ্টি সদায় 9 বজাত কামলৈ ওলাই যায় আৰু আবেলি 4 বজাত ঘৰ পাই । মাহত 6000 টকা পাই আৰু সেইখিনিৰে কোনোমতে ঘৰ খন চলাই নিয়ে । মৰম ভালপোৱা প্ৰেম এইবোৰ থাকিলে এনেকুৱা হাজাৰ বিপদ নাহক কিয় কোনো দিনে ইজনে আনজনৰ পৰা আঁতৰি নাযায় । বৰঞ্চ সাহসেৰে থিয় দিবলৈ শিকাই । কিন্তু আধুনিকতাৰ মাজত যেন আজিকালি এইবোৰ হেৰাই গৈছে । আকাশে ভবায়ে নাছিল যে সিহঁতৰ মাজলৈ এনেকুৱা এটা দিন আহিব । যিজনী ছোৱালীয়ে ঘৰত অভাৱ কি গম পোৱা নাছিল তাই আজি ইমানবোৰ কাম কৰিব লগীয়া হৈছে । ( Assamese Storyboard )

বৃষ্টি অফিচৰ পৰা আহি ঘৰৰ কামবোৰৰ লগতে আকাশৰ শৰীৰক যত্নত লাগি যায় । তাই যেন আকাশৰ বাবে নিজৰ দুঃখ ভাগৰৰ কথা পাহৰি গৈছে । নিশা যেতিয়া তাই তাৰ কাষত শুই পৰে সি তাইৰ ভাগৰুৱা মুখ খন চাই চাই তাইৰ মূৰত হাত বুলাই দিয়ে । তাইৰ মুখখন দেখিলে তাৰ চকুলো বৈ আহে । কোনোবাই কাৰোবাক ইমান ভাল কেনেকৈ পাব পাৰে ।            


          ( কথাবোৰ ভাবি ভাবি তাইক বুকুৰ মাজত লৈ চুমা আঁকি দি সি শুই যায় । )


          সদায় সদায় বৃষ্টিয়ে হাতত কিবা এটা টোপালা লৈ যায় । কিন্তু কোনো দিন আকাশে কি নিয়ে চাবলৈ বিচৰা নাছিল কিন্তু আজি চাব বিচৰাত তাই তাক বাধা দি কলে...."সকলো বস্তু দেখুৱাব নোৱাৰি নহয় তোমাক , মাইকী মানুহ বাহিৰত গ'লে কিছুমান বস্তু দৰকাৰ হয় । সেই বাবেহে লৈ লওঁ । হাঁহি মাৰি তাই ওলাই গ'ল ।


          লাহে লাহে আকাশ অলপ সুস্থ হ'ল । এখোজ দুখোজ কৰি সি নিজে খোজ কাঢ়িব পৰা হ'ল । সকলো সুখ যেন আকৌ ঘূৰি আহিব ল'লে সিহঁতৰ মাজত আৰু সি বৃষ্টিক কামলৈ যাব বাধা দিলে । কিন্তু বৃষ্টিয়ে ক'লে তুমি আৰু এমাহ মান জিৰণি লোৱা তাৰ পিছত তুমি কাম কৰিবা আৰু মই জিৰণি ল'ম । এনেকৈ কৈ তাই খৰ-ধৰ কৈ অফিচলৈ ওলাই গ'ল কিন্তু খৰখেদাত ফোনটো ঘৰতে এৰি থৈ গ'ল।


          12 মান বজাত বৃষ্টিৰ মাকে ফোন কৰিলে । দেউতাকৰ গাটো সিমান ভাল নহয় সেইবাবে তাইক ঘৰত মাতিছে । আকাশে তাইক খবৰটো দিবলৈ বুলি তাইৰ অফিচলৈ গ'ল কিন্তু তাত গৈ গম পালে বৃষ্টি নামৰ কোনো ছোৱালী তাত কাম নকৰে সি তাইক বহুত বিচাৰিলে কিন্তু তাইক কতো নাপালে । কিবা এটা খাই লওঁ বুলি ওচৰৰ হোটেল এখনত সোমাল । সি হাত ধুবলৈ বুলি হোটেলৰ ভিতৰত গৈ তাত বাচন ধুই ধুই থকা মানুহ জনীক পানী অলপ ঢালি দিব ক'লে।


:: বাইদেউ পানী অলপ ঢালি দিয়কচোন হাতখন ধুই লওঁ।( বাচন ধুই থকা মানুহ জনীয়ে পানী অলপ ঢালি দিলে । আকাশে তাইৰ মুখলৈ চাই একো কব নোৱাৰা হ'ল আৰু তাইৰ পৰা আঁতৰি আহিল ) সেইজনী আনকোনো নহয় , তাৰ বৃষ্টি , যিয়ে সৰু সৰু কথাত অভিমান কৰিছিল তাৰ ওচৰত আৰু সি মৰমতে নাম দিছিল অভিমানী । কিন্তু আজি তাই........ সেই যে সদায় সদায় হাতত টোপালা এটা লৈ গৈছিল অফিচলৈ বুলি । তাত তাই কাপোৰ আনিছিল । অফিচলৈ আহিম বুলি তাই ইয়াত বাচন ধোঁৱা কৰে । এতিয়া সি কি বুলি কব তাইক এইবোৰ ভাবি আহি থাকোতে পিছে পিছে বৃষ্টি দৌৰি আহিল ।


:: আকাশ....... আকাশ ....... তুমি কিয় আহিছিলা ইয়াত । মোক ক্ষমা কৰি দিয়া আকাশ । মই কোনো অফিচত কাম কাম নকৰোঁ । কিন্তু তুমি দুঃখ পাবা বুলি মই সঁচা কব নোৱাৰিলোঁ ।


          কাষত থকা সকলোৱে মাথোঁ সিহঁতক চাই আছে কোনেও একো বুজি পোৱা নাই । তাই দৌৰি আহি আকাশৰ ভৰিত ধৰিলে গৈ ।


:: কিয় এনে কৰিলা বৃষ্টি ? মোক কিয় ইমান কষ্ট দিলা তুমি ? তোমাক এনেদৰে দেখাৰ আগত মই মৰি নগলোঁ কিয় ? তুমি মোৰ বাবে কিয় এইবোৰ কাম কৰিলা । মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ ।


:: আকাশ বহুত বিছাৰিলোঁ কিন্তু কোনো কাম নাপালোঁ । মোৰ নিজতকৈ তোমাৰ দৈনিক ঔষধ যোগাৰ কৰাটো বহুত প্ৰয়োজন আছিল । মোৰ হাতত আন একো উপায় নাছিল আকাশ । মই কৈছিলোঁ নে তোমাৰ বাবে মই যিকোনো কাম কৰিব পাৰোঁ ।


          ( কোনোবা এজনে আহি  সুধিলে) কি হৈছে তোমালোকৰ ? কিবা অসুবিধা হৈছে নেকি ?


:: কি হৈছে বুলি কম.....এই জনী বৃষ্টি , মোৰ পত্নী । মোৰ এটা দুৰ্ঘটনাত ভৰি দুখত আঘাত পাইছিলোঁ যাৰ বাবে মই বহুত দিন উঠিব পৰা নাছিলোঁ ।  তাই মোক অফিচত কাম কৰোঁ বুলি কৈ ইয়াত এইবোৰ কৰি আছে ।


          আকাশে সকলো কথা ক'লে , সকলোৱে সিহঁতৰ কথাবোৰ শুনিলে । তাত এনেকুৱা এজন মানুহ নাই যি সিহঁতৰ কথা শুনি চকুলো টুকা নাই । সকলোৰে চকুত চকুপানী । সকলোৱে বৃষ্টিক আশীৰ্বাদ কৰিলে সদায় সুখী হোৱা তোমালোক । আকাশে তাইক সকলোৰে আগত কোলাত তুলি ল'লে....।।


:: ঐ.., এৰি দিয়া অ'..., ভৰিত দুঃখ পাবা... তুমি ।


:: এতিয়া মই মৰি গ'লেও কোনো চিন্তা নাই । বহুত সুখ দিলা তুমি , এতিয়া মোৰ সময় , তোমাক সুখত ৰখা ।আকাশে তাইক দাঙি ল'লে , সকলোৱে উঠি লৈ হাত চাপৰি বজালে । বৃষ্টিয়ে লাজতে আকাশৰ বুকুৰ মাজত মুখখন লুকুৱাই দিলে । আকাশে বৃষ্টিক ঘৰত লৈ গ'ল আৰু মাকক সকলো কথা ক'লে । মাকে কান্দি কান্দি বৃষ্টিক এটা চৰ মাৰিলে ।


:: কিয় এনেকুৱা কৰিলা তুমি..., মই মৰি গৈছিলোঁ নেকি হা.... তুমি মনে মনে ইমান বোৰ কৰিলা কিন্তু আজিলৈ মোক জানিব নিদিলা মই তোমাক ইমান কষ্ট দিলোঁ । কিন্তু তুমি ? মই কৰা পাপৰ বাবে মোক ক্ষমা কৰি দিবা নে মাজনী..., মোক তোমাৰ নিজৰ মাৰ দৰে আদৰি ল'বা নে মাজনী......।


:: মা..... মই আপোনাৰে ছোৱালী ... মই আপোনাক কেতিয়াও বেয়া নাপাওঁ মা আৰু মোক আপুনি ক্ষমা বিচাৰি দুঃখ নিদিব । মাকে ছোৱালীৰ ওচৰত জানোঁ ক্ষমা বিচাৰে । মোৰ মা দুজনী.... আপুনি গালি পাৰিলে মই বেয়া নাপাওঁ নহয় মা.....


:: এতিয়া আঁতৰি থাকিবা নে... ? মাৰ বুকুৰ মাজত এবাৰ আহিবা মাজনী....!!!


          বৃষ্টি দৌৰি আহি মাকৰ বুকুৰ মাজত সোমাই পৰিল । আজি সকলোৰে চকুত চকুলো , কিন্তু দুখৰ নহয়...সুখৰ । কিন্তু হঠাৎ  মাকৰ বুকুৰ মাজৰ পৰা ওলাই তাই দৌৰি গ'ল বাথৰুমলৈ......


:: কি হ'ল বৃষ্টি.....! বৃষ্টি......


:: বৃষ্টি.... বৃষ্টি.......  কি হ'ল তোমাৰ....... ( মাক আৰু আকাশ তাতেই ৰ'ল , বৃষ্টি উলাই আহিল )


:: মা, আকাশ দেউতাক হ'ব লৈছে আৰু আপুনি আইতা....। ( তাই যেন লাজত আকৌ এবাৰ ৰঙা হৈ পৰিল )


:: হা..... কি ক'লা..... মাজনী..... ৰ'বা মই এতিয়াই বিয়নীলে ফোন কৰো,, আৰু আকাশ তই যা মিঠাই লৈ আন। ( আকাশৰ মাকে হাঁহি হাঁহি বৃষ্টিৰ মাকলৈ ফোন লগালে )


          সকলো আজি আনন্দত.... আকাশে বৃষ্টিক দাঙি ৰুমলৈ লৈ গ'ল....... আকাশে আকৌ আন এটা অফিচত কাম কৰিব ল'লে । মাকে দিনৰ দিনটো বৃষ্টিক চোৱাচিতা কৰে , অলপো কাম কৰিব নিদিয়ে তাইক ....... দিন পাৰ হ'ল আৰু বৃষ্টিৰ এজনী ছোৱালী জন্ম হ'ল । নাম ৰাখিলে মায়া...। সিহঁতৰ সুখৰ দিনবোৰ আকৌ ঘূৰি আহিল । আকাশ দিনটো অফিচলৈ যায় বৃষ্টিয়ে কাম কৰে আৰু আইতাকে মায়াৰ লগতে খেলি দিনটো পাৰ কৰি দিয়ে । মায়া ও লাহে লাগে ডাঙৰ হৈ আহিল । তাইকো সকলোৰে মৰমত অভিমানী হৈ পৰিল । মায়াৰ অভিমানী মৰমে সিহঁতে পাৰ কৰা প্ৰতিটো দুঃখ কষ্ট পাহৰাই পেলালে ।


          অভিমানী মৰমবোৰৰ বাবেই আজি সকলো ঠিক হৈ গ'ল আৰু এতিয়া সুখেৰে দিনবোৰ পাৰ কৰি আছে ।


          ময়ো যাওঁ কেতিয়াবা সিহঁতৰ ঘৰত....। সেই অভিমানী মৰমবোৰৰ মাজত বৰ ভাল পাওঁ মই থাকি......।।।


XXXXX 


(সমাপ্ত)


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/2021/08/assamese-storyboard_22.html?m=1


 ( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages