ৰাষ্টাত আহি থাকোঁতে মানসীয়ে মন কৰিলে যে আজি ৰাতিপুৱাৰে পৰা ককায়েকৰ মনটো অলপ মৰা( Assamese Storyboard )। তাৰ কি হৈছে তাই একো ধৰিব পৰা নাই। আহোঁতেও শহৰেকৰ (হ'বলগীয়া) ঘৰলৈ নতুন ছোৱালী এজনীক চাবলৈ অহাৰ কোনো আনন্দ নাই তাৰ গাত। আনকি তাত থকা সময়কণো কি কিবা অন্যমনস্ক হৈ থকাদি আছিল আৰু এতিয়া আহোঁতেও। আচলতে তাৰ হৈছে কি? বিয়া পতাৰ অকণো উৎসাহ নাই যেন সি কিবা বাধ্যত পৰিহে বিয়া কৰাবলৈ ওলাইছে নাইবা নকৰিলে নহয় বাবেহে কৰিবলৈ ওলাইছে। ৰূপাংকৃতাৰ লগতো অকণো কথা নাপাতিলে। নাপাতিলে মানে "ভালনে তোমাৰ" বুলিও নুসুধিলে। তাই দিয়া উপহাৰটোৰ প্ৰতিও যেন তাৰ কোনো আগ্ৰহ নাই। নল'লে নহয় বাবেহে যেন সি লৈছে। আৰু গাড়ীত বহিয়েই পিছৰ চিটতোলৈ টোপোলাটো দলিয়াই দিলে। ইয়াৰ অৰ্থ কি? এই কৰি সি বুজিব বিচাৰিছে?
: দাদা, বৌহঁতৰ ঘৰত যিমানখিনি মানুহ লগ পালোঁ সকলো বৰ ভাল দেইআৰু বৌও খুব ভাল ন'? আৰু বৌ তেওঁলোকৰ একমাত্ৰ ছোৱালী ন'?
: উমম্।
: কি উমম্ উমম্ কৰি আছ'? কি হৈছে তোৰ হা...?
তাই যেন তাক কথা শুনাবলৈ এটা সুৰুঙাহে বিচাৰি আছিল। এতিয়া শেষত সেই সুৰুঙাটো তাই বিচাৰি পালে। আচলতে তাই ভালকৈয়ে বুজি পাই নিজৰ প্ৰিয়জনৰ পৰা পোৱা তিৰস্কাৰ আৰু অবহেলাই মনত দিয়া কষ্টৰ কথা। কাৰণ তাই তাৰেই এক জলন্ত ভুক্তভুগী। এখন জীয়া ছবি তাইৰ জীৱনটো এই যন্ত্ৰণাৰ গাঁৱৰ। নিজৰ আপোনজনৰ পৰা আশা কৰা মৰমবোৰ সমাধিস্থ কৰাৰ একুৰা জীয়া জুইৰ উত্তাপ তাই বিয়া হৈ দিনৰে পৰাই পাই আহিছে। এতিয়া অলপ মৰম পালেও এদিনতে ছমাহৰ অকথ্য যন্ত্ৰণাৰ কথা আৰু নিমিষতে পাহৰিব নোৱাৰি। তাইয়ো পৰা নাই। কালিৰপৰা ৰক্তিমে তাইক বহুত বেছি মৰম কৰিছে। তথাপিও কিয় জানো এটি অজান আশংকাৰ এডাল ডাঙৰ বটগছে তাইৰ মূৰটো ঢাকি ধৰিছে। কিন্তু সেইডাল কাটিবলৈ বৰ্তমান খৰিকটীয়াৰ অভাৱ। নতুবা অক্সিজেনৰ বাবেও তাই নিজেও এইডাল কটাতো নিবিচাৰে। মনত পেলালে তাই কলেজত ৰক্তিমৰ সৈতে কটোৱা এটি মধুৰ ৰোমাণ্টিক দিনৰ কথা।
কলেজৰ পৰা আহি প্ৰায় ২.৩০ মান বজাত তাই মেইন ৰাষ্টাৰ ওচৰৰ দোকানখনত তাৰ বাবে ৰৈ আছিল। সিও প্ৰায় ২.৪০ মান আহি পালেহি। সি কেতিয়াও বেছি দেৰি নকৰে। সদায় সময়মতে বা সময়তকৈ অকণমানহে দেৰিকৈ আহে। "আহিলা" বুলি হাঁহি মাৰি তাক ক'লে। "আহিলোঁ" বুলি কৈ সিও তাইৰ কথাৰ প্ৰত্যুত্তৰ দিলে। "ক'ত যাবা আজি?" "যাম আৰু ব'লাচোন গম পাবা নহয়" বুলি কৈ সি তাইক বাইকত বহিবলৈ ক'লে। দুয়ো গৈ অলপ সময়ৰ পিছত এটি নিৰ্জন ঠাই পালেগৈ। ঠিক নিৰ্জন নহয় কাৰণ তাত এটা মন্দিৰ আছিল কিন্তু জনাসমাগম নাছিলেই। এখন অতি ভিতৰুৱা গাঁৱৰ সিটো মূৰে থকা এখন গাওঁ। চহৰৰ পৰা বহু মাইল দূৰৈত থকা গাওঁ খনৰ ৰাস্তা ঘাটবোৰো উন্নত নাছিল। তদুপৰি তেতিয়া বাৰিষাকাল হোৱাৰ বাবে বৰষুণৰ পানীৰে ৰাস্তাবোৰ ভৰি আছিল। ৰাস্তাবিলাক প্ৰায় বোকাৰেই পৰিপূৰ্ণ। গাড়ী গোৰাই যেন কেতিয়াও এইখন গাঁৱৰ চৰণ চুৱাহি নাই তাত মানসীৰ অকণো সন্দেহ নহ'ল। চহৰৰপৰা অলপ দূৰৈত হোৱাৰ বাবে সিহঁতৰ গৈ পাওঁতে প্ৰায় আবেলিয়েই হ'ল। ( Assamese Storyboard )
গাওঁ সাৰি এখন ধুনীয়া পথাৰ আৰু তাৰ পৰা কিছু নিলগতেই সেই মন্দিৰভাগ। কিন্তু এটা ডাঙৰ সমস্যা হ'ল। পথাৰ অতি ধুনীয়া যদিও তালৈ যোৱা ৰাস্তাটোৰ কথাহে অবৰ্ণনীয়। বোকা বালি বৰষুণৰ পানী ভৰাৰ উপৰিও তাত আছিল মানুহৰ মল, গৰুৰ গোবৰ, ছাগলীৰ মলৰ লডা আদি বহুতো। ইমানবোৰ বস্তুৰে পৰিপূৰ্ণ সেই নৰকসদৃশ ঠাইখিনিৰ পৰা অহা কদৰ্যময় গোন্ধটোৰ কথা বাৰু নকলোৱেই। সেইটো দেখাৰ মাত্ৰকে মানসীৰ নাক কোচ খাই গ'ল আৰু বমি কৰাৰ দৰেই অৱস্থা হ'ল। সেইটো ৰাস্তা দেখি সেইখন গাঁৱৰ মানুহবোৰ যে অশিক্ষিত তাৰ উমান মানসীয়ে পালে। তদুপৰি সেইসোপাৰ কাষতে এটা মস্ত জাবৰৰ দ'ম।
"তুমি মোক এইলৈকে লৈ আনিছা।" চুৰ্ণিখনেৰে মুখখন ঢাকি তাই প্ৰশ্ন কৰিলে। "নাই অনা" সিও হাঁহি মাৰি কথাটো ক'লে। "তেন্তে ক'লৈ আনিছা?" "সৌ মন্দিৰভাগলৈ"।
"কি, কিন্তু এইসোপা পাৰ হৈ তালৈ কেনেকৈ যাম?" হয়তো। এটা ডাঙৰ প্ৰশ্ন! ইমানখন দুৰ্গন্ধময় যমপুৰী পাৰ হৈ তাই এতিয়া মন্দিৰলৈ কেনেকৈ যাব? তাতে বাইকখন নিয়াৰ কৰাটো সপোণৰো অগুচৰ। তেন্তে এতিয়া সিহঁত এতিয়া এই সিহঁতৰ বাবে কিলোমিটাৰতকৈও দীঘল ৰাস্তাটো পাৰ হৈ যাব কেনেকৈ?
"তুমি চিন্তা কৰিব নালাগে নহয় জান। তোমাক নিয়াৰ দায়িত্ব মোৰ" বুলি কৈ সি বাইকৰ পৰা নামি বাইকখন ভালদৰে ষ্টেণ্ড দি থ'লে। বাইকখন থৈয়ে সি মানসীক কোঁচত উঠাই ল'লে। একো ধৰিব নোৱাৰি তাই "হা'ৰে" বুলি চিঞৰ এটা মাৰি দিলে। "একো নহয় মই আছোতো"।
গোটেই ৰাস্তাটো তাই তাৰ কোঁচত উঠি চকুমুদিয়েই গ'ল। প্ৰতিটো ছেকেণ্ডতে যেন দহবাৰ মানকৈ "কৃষ্ণ, কৃষ্ণ" বুলি ক'লে।
"আইজনী নামা এতিয়া, মন্দিৰ পালোহি। আৰু অকণ সময় তোমাক কোঁচত ল'লে মোৰ ৰাজহাঁৰ ডাল দুডখৰ হব।" তাইৰ তাৰ কথাখিনি শুনি লাহেকৈ চকুহাল মেলি চালে। হয় ভালে কুশলে মন্দিৰ পালেহি। পিছলৈ তাই ঘূৰি চাই দেখে যে ৰাস্তাটোৱে যেন তাইক "আহানা, আহানা" বুলি মাতি আছে এনে লাগিল। যি নহওঁক। তাই তাৰ কোঁচৰ পৰা নামিলে আৰু দুয়ো গৈ মন্দিৰৰ ভিতৰ পালে। সেৱা সৎকাৰ কৰি দুয়ো বাহিৰৰ নিৰিবিলি পৰিৱেশটোলৈ ঘূৰি আহিল। বহুত কথা পাতিলে। কিন্তু লাক বান নোহোৱা এসোপামান কথা। এ ধৰক "মই যদি দেশৰ ৰাষ্ট্ৰপতি হওঁ তেন্তে কি কৰিম" বা "যদি এই পৃথিৱীখন এদিন পানিময় হৈ যায় তেন্তে কি হ'ব?" নতুবা "পৃথিৱীৰ পৰা যদি প্ৰেম নাম বস্তুটো বা কথাটো নাইকীয়া হৈ যায় তেতিয়া কি হ'ব?" ইত্যাদি ইত্যাদি। তাৰ মাজে পথাৰৰ পৰা ঘৰলৈ যোৱা ৰোৱনী, দাৱনী কেইজনীৰ ভৰ যৌৱনা শৰীৰটোত লাগি থকা বোকা আৰু পথাৰৰ গোন্ধটোও তাই উজাই ল'লে। তাই ভাবিলে তাইৰ জীৱনটো এওঁলোকতকৈ কিমান যে সুখী! তেওঁলোকৰ দৰে তাই গাধৰ নিচিনাকৈ গেবাৰি খাটি খাটি এই আহাৰ-শাওণ মহীয়া টিকাফটা ৰ'দত কাম কৰিব নালাগে। তাই কেৱল খাব, শুব, আৰু পঢ়িবহে লাগে। তাৰোপৰি তাইৰ অন্য এটা কামো অৱশ্যে নথকা নহয়.......
"পালাহি" ভাবনাৰ উৰ পৰিল। সমাধিস্থ হ'ল অতীতৰ এটা সোণোৱালী মনফাগুণী ইতিহাসৰ মধুৰ অধ্যায়।
সন্ধিয়াৰ বেলিটিৰ বিদায়ৰ ক্ষণৰ উচুপনি আৰু আৰ্তনাদ, শিয়ালৰ হোৱা আৰু আকাশত জোন তৰাৰ সমিলমিল মধুলগন বাৰ্তালাপ। তেনেতে গাঁৱৰ মূৰত থকা নামঘৰত ভোগেশ্বৰ দদায়ে বজোৱা দবাৰ কোব শুনি তাইৰ সেৱা কৰিলে। কিন্তু আজি গাঁৱত আৰু সেই আগৰ পৰিৱেশ নাই। আগৰ দৰে গাঁৱত হোৱা ভাওনা-সবাহৰ পৰিমাণো কমি আহিল। আজিকালি প্ৰায় গাঁৱত এইবোৰ নহয় বুলি ক'লেও ভুল কোৱা নহ'ব। যিখন গাঁৱত আগতে নামঘৰৰ ভাওনাৰ আখৰাৰ বচনে সন্ধিয়াটো পুলকিত কৰিছিল এতিয়া তাই ঠাইত পশ্চিমীয়া ৰেপ সং, নাইবা হিন্দী গীত আদিয়ে দখল কৰিলে। আধুনিকতাৰ গ্ৰাসত পৰি নিজৰ ঐতিহ্যময় সংস্কৃতিক ধ্বংসৰ গৰাহত পেলোৱা এই গাঁৱখনৰ বা ইয়াৰ নৱপ্ৰজনমৰ ভৱিষ্যতেই বা কোন দিশত? গুৰুজনাই অসমীয়া সংস্কৃতিক সোণত সুৱগা কৰি থৈ যোৱা সত্ৰীয়া সংস্কৃতি আজি ধ্বংসৰ গৰাহত।
"উমম্ পালোহি।"
"আহা আহা।"
=================================
ৰক্তিমৰ মাকৰ আজি গাত তত্ নাই। হ'বলগীয়া নতুন বোৱাৰীয়েকৰ পৰিচয় পত্ৰ পালে। তাতে চাৰ্টিফিকেট খনো চৰিত্ৰ বিষয়ত সম্পূৰ্ণ সম্পূৰ্ণ নম্বৰৰে ভৰা। আনন্দতো হোৱাটো স্বাভাৱিকেই। তাৰোপৰি আজি তেওঁ প্ৰথমা গলগ্ৰহ বোৱৰীয়েকক ফোন কৰি অতি সোনকালেই তাইৰ পৰা মাটিখিনি লৈ তাইক ডিভোৰ্চ দিয়াই পুতেকৰ দ্বিতীয় আৰু তেওঁৰ মন পছন্দৰ ছোৱালীজনীৰ লগত বিয়া পাতিব। কিমান সুন্দৰ পৰিকল্পনা! ক'তো এতিয়ালৈকে একো আউল লগা নাই সেইবাবে পিছলৈও একো আউল নালাগে আৰু সকলো তেওঁ ভবামতেই হ'ব বুলি ভাবা মনে মনে সন্তোষ লভিবলৈ ধৰি গিৰিয়েক আৰু পুতেক অহাৰ ক্ষণ গণিবলৈ ধৰিলে। কেতিয়া আহিব তেওঁৰ স্বামী আৰু বাধ্য সন্তান ৰক্তিম? কেতিয়া তেওঁ সকলোৰে আগত কথাবোৰ ক'ব?
কথাবোৰ শুনি ৰক্তিম আনন্দতে মতলীয়া হৈ "মা তুমি ইমান ভাল" বুলি কৈ তেওঁক সাৱটি ধৰিব। গিৰিয়েকেও "তোমাক কিন্তু মানিছোঁ দেই" বুলি ক'ব। সকলোবোৰ সুখেৰে ভৰি পৰিব। চাৰিওফালে কেৱল হ'ব সুখ সুখ আৰু কেৱল মাথোঁ সুখেৰে। সুখৰ ৰঙেৰে ৰাঙলী হ'ব মিনাক্ষী হাজৰিকাৰ ঘৰ। উপচি পৰিব সুখেৰে সকলোবোৰ। য'ত কেতিয়াও আৰু কাহানিও দুখৰ অকণো ছিদ্ৰও নাথাকিব।
"ছিদ্ৰিত চিন্তনত মায়াবীৰ উজাগৰী নিশা
মানসৰপথতো কেৱল মাথোঁ তোমাৰেই আশা।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
বিঃদ্ৰঃ নিতৌ প্ৰকাশিত ধাৰাবাহিক সমূহ পূৰ্বৰ সময়তে প্ৰকাশ পাব,ধন্যবাদ।
No comments:
Post a Comment