বৃষ্টিয়ে বাৰে বাৰে আকাশৰ মাকক ফোন কৰিলে কিন্তু কোনো সঁহাৰি নাপাই তাই নিজৰ ঘৰলৈ ফোন কৰিলে । বৃষ্টিৰ মাকে ফোনটো ৰিছিভ কৰিলে।( Assamese Storyboard )
:: Hello ........ Hello ...... কোন ?
:: ( তাই কান্দি কান্দি ক'লে ) Hello মা .......... Hello........মা .... আমাৰ accident হৈছে মা । আকাশ hospital ত আছে । তোমালোক সোনকালে আহাঁ মা । মোৰ বৰ ভয় লাগিছে ।
:: মাজনী তই নাকান্দিবিচোন আমি এতিয়াই গৈ আছোঁ । আকাশৰ একো নহয় ।
( বৃষ্টিয়ে কান্দি কান্দি ফোনটো ৰাখিলে । এইপিনে আকাশৰ মাকেও অচিনাকি নম্বৰটোত ফোন কৰিলে আৰু বৃষ্টি ৰিছিভ কৰি সকলো কথা ক'লে )
বৃষ্টিৰ মাক - দেউতাক আহিল আৰু অলপ সময়ৰ পিছত আকাশৰ মাকও আহিল । আহিয়ে মাকে চিঞৰি কান্দিলে আকাশ ক'ত ? কি হৈছে তাৰ ? সি এতিয়া ক'ত আছে ? কি হৈ গ'ল এয়া । এনেতে কোনোবা এজনে আহি তেওঁক ওচৰৰ চকী এখনত বহুৱাই দিলে । সকলোৰে এটাই প্ৰাৰ্থনা আকাশ যেন সোনকালে ভাল হয় । অলপ সময়ৰ পাছত ICU পৰা doctor এজন ওলাই আহিল আৰু তেখেতৰ ওচৰত সকলো আগবাঢ়ি গ'ল ।
:: Doctor মোৰ আকাশ কেনে আছে ? তেওঁ মাতিছে নে ? মোক তেওঁৰ ওচৰত যাবলৈ দিয়ক । তেওঁ চাগে মোক বিচাৰি আছে ? তেওঁ মোক নেদেখিলে বৰ দুঃখ পাব doctor..... প্লিজ মোক তেওঁৰ ওচৰত যাবলৈ দিয়ক ।
:: তেওঁ বৰ্তমান অজ্ঞান অৱস্থাত আছে , হয়টো অলপ সময় লাগিব ঠিক হব বাবে । আপুনি তেওঁৰ MRS নেকি ? অলপ আহিবচোন মোৰ লগত ।
( বৃষ্টি তেওঁ পিছে পিছে গ'ল )
:: তেওঁ হয়টো ঠিক হৈ উঠিব, কিন্তু ...
:: কিন্তু কি ?
:: তেওঁ ভৰিদুখন সম্পূৰ্ণৰূপে ভাঙি গৈছে , হয়টো ঠিক হবও পাৰে আৰু নহবও পাৰে আমি সঠিক ভাবে এতিয়াই কব নোৱাৰিম । তেখেতৰ operation কৰিব লাগিব যাৰ বহুত টকাৰ প্ৰয়োজন হব আমাক কিছু সময়ৰ প্ৰয়োজন হব । বিভিন্ন ঠাইত আঘাত পোৱা বাবে বহুত তেজ গৈছে , যাৰ বাবে খুব বেছি দুৰ্বল হৈ পৰিছে সেয়ে বহুত তেজৰো প্ৰয়োজন হব।
:: ডাক্তৰ.. আপুনি মোৰ আকাশক বছাওক । মই যেনেকৈ যি কৰিব লাগে তাকে কৰিম ডাক্তৰ । যি দৰকাৰ হয় মই দিম । আপুনি মাত্ৰ মোৰ আকাশক বচাই দিয়ক ।
(🙏তাই ডাক্তৰৰ ওচৰত হাত যোৰ কৰি মাথোঁ কান্দি কান্দি কৈ গ'ল । মোৰ আকাশক বচাই দিয়ক ডাক্তৰ । )
:: চিন্তা কৰিব নালাগে ।
:: মোৰ আকাশ নহলে মই মৰি যাম ডাক্তৰ । Please ডাক্তৰ , তাক বছাওক ।
:: ঠিক আছে ।। আপুনি Counter ত গৈ আপোনাৰ নাম, ঠিকনা আৰু দুটামান signature কৰিব লগা আছে কৰি আহক ।। যিমান পাৰে সোনকালে পইচা arrange কৰক ।
:: ঠিক আছে ডাক্তৰ ।।
(তাই কান্দি কান্দি counter ৰ ওচৰলৈ গ'ল। তাইৰ মনলৈ বিভিন্ন কথা আহিব ল'লে ইমান পইচা তাই কৰ পৰা যোগাৰ কৰিব । আকাশৰ মাকক তাই কি বুলি সান্তনা দিব । কি কৰিব তাই এতিয়া ? )
( বৃষ্টিৰ দেউতাকে পিছপিনৰ পৰা ডাক্তৰে কোৱা সকলো কথা শুনিলে আৰু বৃষ্টিয়ে গম নোপোৱাকৈয়ে বৃষ্টিৰ মাক - দেউতাকে Counter ত গৈ সকলো কথা পাতি পইচা দি থৈ আহিল । )
অলপ পিছতে বৃষ্টি Counter ৰ কাষ পালে আৰু তাইৰ ওচৰত থকা সোণৰ অলংকাৰ খিনি খুলি contour ত জমা দিলে ..
:: এইবোৰ লওক সোণৰ , মোৰ ওচৰত পইচা নাই , এইবোৰ ৰাখক কিন্তু মোৰ আকাশক ভাল কৰি দিয়ক ..!
:: আপোনাৰ সকলো payment হৈ গৈছে মেম ! ( Counter ত থকা ছোৱালীজনীয়ে ক'লে )
:: ( আচৰিত হৈ সুধিলে ) কিন্তু কোনে দিলে ?
:: সেই মানুহজনে ....!
( ছোৱালীজনীয়ে বৃষ্টি দেউতাকৰ ফালে দেখুৱাই দিলে ! বৃষ্টি য়ে পিছপিনে ঘূৰি চালে আৰু মানুহ জনৰ ওচৰত দৌৰি গ'ল )
:: দেউতা .... তুমি !!
:: আকাশ ভাল হব মাজনী ! তোৰ দেউতা আছো নহয় তই কিয় চিন্তা কৰিছ !! আমি থাকোতে তহঁতৰ একো হব নোৱাৰে । ( তই এনেদৰে কান্দি নাথাকিবিচোন দেউতাকে তাইক হাৱতি ধৰি উচুপি উঠিল ) লাহে লাহে সন্ধ্যা নামি আহিল । কিন্তু আকাশৰ ওচৰত কাকো যাব দিয়া নাই । এটা সময়ত ডাক্তৰে আকাশক operation room লৈ লৈ গ'ল। সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে operation যেন successful হয়।( Assamese Storyboard )
:: মা তোমালোক ঘৰত যোৱা । আকাশৰ ওচৰত মই থাকিম । তোমালোকৰ ইয়াতে বহুত কষ্ট হব ।
:: নহয় মাজনী.... তোমাৰ অকলে অসুবিধা হ'ব, আমিও থাকিম.....
:: নহয় মা...., তেওঁৰ লগত তাত এজনহে থাকিব পাৰিব ।
:: হ'ব মাজনী তুমি তাৰ লগতে থাকিবা , আমি ইয়াতে ৰাতিটো পাৰ কৰিম।
(কোনো নাযায়..... আকাশক এৰি ; কেনেকৈ যাব )
কিছু সময়ৰ পিছত operation room ৰ পৰা ডাক্তৰ এজন উলাই আহিল আৰু সকলোকে উদ্দেশ্যি ক'লে )
:: এটা ভাল খবৰ আছে , তেওঁ চকু মেলিছে আৰু বৃষ্টিক বিচাৰিছে। আপোনালোকে তেওঁ ওচৰত যাব পাৰে ,, কিন্তু খুব বেছি কথা নাপাতিব । কাৰণ তেওঁ এতিয়া বেছি কথা পাতিব পৰা অৱস্থাত নাই ।
সকলো তাৰ ওচৰলৈ গ'ল। তাৰ অৱস্থাটো দেখি সকলোৱে চকুপানী বৈ আহিল । আকাশৰ মাক গৈ তাৰ ওচৰতে বহিল.....
:: সোণ , ভাল পাইছানে অলপ ? সকলো ঠিক হৈ যাব, আমি আছোঁ নহয় । (চকুপানীবোৰ বহু চেষ্টা কৰি লুকুৱাই ৰাখিলে মাকে । কিন্তু বৃষ্টি , তাই কিদৰে লুকুৱাব । তাক তেনেদৰে দেখি তাই মাথোঁ ৰুমৰটোৰ এচুকত বহি উচুপি থাকিল , তাৰ ওচৰত যোৱা সাহস যেন তাইৰ নাইকিয়া হৈ গ'ল )
:: বৃষ্টি........ (থুকাথুকি মাতেৰে আকাশে তাইক মাতিলে)....
(বৃষ্টি আকাশৰ মাত শুনি তাই চকু পানীবোৰ মচি আকাশৰ কাষলে দৌৰি গ'ল )......
:: আকাশ মই ইয়াতে আছোঁ , কোৱা আকাশ.....
:: তুমি ভালে আছা নে ? জানো কি হৈ গ'ল , মই একো গমেই নাপালো।
( এইবাৰ বাৰু কিদৰে তাই চকুপানীবোৰ বাধা দিব , ইমান দুখ-কষ্টৰ মাজতো দুচকু মেলিয়েই তাইৰ চিন্তা )
:: আকাশ চোৱা মই ভালেই আছো.....
:: বহুত কথা পাতিব মন গৈছে তোমাৰ লগত ।
:: মাজনী তোমালোক ৰোৱা ! বিয়নী ব'লক আমি বাহিৰতে বহো । ( বৃষ্টিৰ বাহিৰে সকলো উলাই গ'ল )
:: কথা পিছত পাতিম , এতিয়া তুমি অলপ জিৰণি লোৱা , ডাক্তৰে কথা পাতিব মানা কৰিছে ।
:: একো নহয় অ'..... চাওঁ অলপ ধৰাচোন বহো মই । ( আকাশ বহিব চেষ্টা কৰিলে কৰিলে কিন্তু তাৰ ভৰি দুখনৰ বাবে নোৱাৰিলে )
:: তুমি এনেকৈয়ে থাকা বহিব নালাগে কষ্ট পাবা ।
(বৃষ্টিয়ে তাক বাধা দিলে....আৰু তাৰ ওচৰত বহি তাৰ মূৰটো তাইৰ কোলাত তুলি ল'লে আৰু তাৰ চুলিবোৰৰ মাজে মাজে আঙুলি বুলাই কৈ গ'ল )
:: তুমি সোনকালে ভাল হ'বা , মই প্রার্থনা কৰিম সোনকালে তুমি সুস্থ হ'বলে । মইয়ো যাম তোমাৰ লগত গুৱাহাটী নিবা নে ??
:: নিম..... বৃষ্টি মোৰ ভৰি দুখন.....। ( বহু চেষ্টা কৰিও সি ভৰি দুখন লৰচৰ কৰিব নোৱাৰিলে )
:: একো নাই ভাল হৈ যাব.... দুঃখ পাইছা যে অলপ সেই কাৰণেহে......
:: বৰ কষ্ট পাইছোঁ অ'.... মোক মাৰি নিয়া হ'লেই ভাল আছিল....
:: ( তাই হাত খনেৰে আকাশৰ মুখত বাধা দি ক'লে ) তেনেকৈ নকবা আকাশ.... তোমাৰ কিবা এটা হ'লে মই কেনেকৈ জীয়াই থাকিম । তোমাৰ অবিহনে মই একো ভাবিব নোৱাৰো আকাশ । প্লিজ তুমি আৰু এনেকোৱা কথা নক'বা । মোৰ বৰ কষ্ট হয় অ'....
( আকাশৰ দুগালে বৈ অহা চকুপানীবোৰ মছি দিলে তাই )
:: মোৰ লগত তোমাৰো কষ্ট হৈছে ন তুমি শুৱা...... ( সি আৰু কথা ক'ব নোৱাৰা হৈ আহিছে , যিমানে আন্ধাৰ হৈ আহিছে, তাক যেন কোনোবাই হেঁচা মাৰি ধৰিছে )
:: মই শুম বাৰু তুমিও অলপ টোপনি যাব চেষ্টা কৰা আকাশ ।
আকাশে আৰু একো নক'লে , বৃষ্টিৰ কোলাত মূৰ থৈ সি শুই পৰিল । তাৰ মুখখন চাই চাই তাই মাথোঁ ওৰে ৰাতি চকুলোবোৰ মছি থাকিল ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/2021/08/assamese-storyboard_22.html?m=1
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
( Assamese Storyboard )
(আগলৈ)....
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment