সকলোৱে কথাবোৰ শুনি আচৰিত হ'ল আৰু চক্ খাই উঠিল!! পুলিচে ক'লে-"বলা তুমি আমাৰ লগত তোমাক সুধ-পোচ কৰিব আছে!!"( Assamese Storyboard )
মাকে কথাটো শুনি ক'লে-"মোৰ ল'ৰাই পইচা চুৰ
কৰিছে !!নাই তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে!!"
আপুনি চিন্তা নকৰিব অকল অভিযোগ আছে !! এনেকৈ বহুতৰ ওপৰত অভিযোগ আছে!!
এতিয়া বলা তুমি আমাৰ লগত তোমাক সুধ-পোচ কৰিব আছে!!
বৃস্তিৰ দেউতাকে মনোজৰ মাকক ক'লে-"আপুনি চিন্তা নকৰিব!!মই মনোজৰ লগত যাম!!"
তাৰ পাছত বৃস্তি আৰু মাকক ক'লে-"এওঁক ভিতৰলৈ লৈ যোৱা!!" নিবিৰো ওলাই গ'ল!!
সিও নাই মই এতিয়া পুলিচৰ লগত যাব লাগিব বুলি কৈ মনোজ গুচি গ'ল!!
বৃস্তিৰ দেউতাকক বাহিৰতে থাকিবলৈ ক'লে আৰু মনোজে সুধিবলৈ ভিতৰলৈ পুলিচে লৈ গ'ল!!
থানাত মনোজ বিজয় নাথৰ সন্মুখত চকিত বহি আছিল!!
তাৰ বিৰুদ্ধে যিবোৰ প্ৰমাণ আছিল!! সেইবোৰে তাকে দোষী সাব্যস্ত কৰিছিল!!
বিজয় নাথে মনোজক সুধিলে-"তুমি পইচা চুৰ কৰিছা নেকি??"
মনোজে ক'লে মই কিয় চুৰ কৰিম???
পুলিচ-"কাৰণ তোমাক পইচা বহুত জৰুৰী হৈ আছিল!!"
মনোজে ক'লে-"কিয় জৰুৰী আছিল??"
তোমাক প্ৰেমিকাৰ লগত বিয়া পাতিবলৈ পইচা লগা হৈ আছিল.....!! তাৰ পাছত পুলিচে এটা ভিডিঅ' মনোজক দেখালে!!
আজি ৰাতিপুৱা নেহা লগত যি কথা পাতিছিল...... !!তাৰে ভিডিঅ' আছিল!!
পুলিচ-"তুমি প্ৰকাশকো কৈছিলা তোমাৰ তাত দহ লাখ টকা হ'লে তুমি নেহাক বিয়া পাতিব পাৰিবা!!"
মনোজে ভাবি আছিল যে আজি ৰাতিপুৱা নেহাক লগ কৰোঁতে কোনো নাছিল!! তেতিয়া এই ভিডিঅ'টো কোনে বনালে!!
এইটো নেহাই বনোৱা নাছিল !! কোনোবা বেলেগে বনালে!!
কোন হ'ব পাৰে???
সি থানাত আছিল যিটি কোৱা মানে সিয়ে ফঁচিব !!
মনোজে ক'লে-"চুৰ কেতিয়া হ'ল মই সেইটোৱে নাজানো!!"
চুৰ দুপৰীয়া হৈছিল!! মেনেজাৰৰ ৰুমৰ পৰা !!
পুলিচে ক'লে এতিয়া অকল অভিযোগ আছে !!আমি তদন্ত আৰম্ভ কৰিছোঁ!! এতিয়া লৈকে গম পোৱা নাই!!
মনোজে পুলিচক ক'লে নেহাই মোক পইচা কথা কৈছিল!! তাৰ মানে পইচা মই চুৰ কৰা নহয়!!
ছাৰ এবাৰ ভাবি চাওঁক মই যদি পইচা চুৰ কৰিলোঁ হেঁতেন মই কি প্ৰকাশক এই বিষয়ে ক'লো হেঁতেন নি??
তাৰ কথাবোৰ শুনি পুলিচজন মনে মনে থাকিল আৰু ভাবিবলৈ ধৰিলে!!( Assamese Storyboard )
"অ' তোমাৰ কথাত দম আছে!!"
অলপ দেৰি তাক কিবাকিবি পুলিচে সুধিলে তাৰ পাছত ক'লে এতিয়া তুমি যোৱা!! কিন্তু তদন্ত চলি থকা লৈকে তুমি এইখন চহৰ এৰি ক'তো নাযাবা!!
পুলিচজনক নমস্কাৰ আৰু ধন্যবাদ দি সি বাহিৰলৈ উলাই আহিল!!
নিবিৰ ঘৰলৈ আহিল আৰু সকলো কথা গম পায় থানালে যাবলৈ লওঁতেই মনোজহঁত আহি পালে!!
মনোজে ৰাতিপুৱা পৰা কি কি হ'ল ক'লে আৰু তাৰ পাছত সকলোৰে মুখত তাৰ প্ৰতি খঙৰ ভাৱ দেখা পালে!!
বৃস্তিৰ মাকে ক'লে-" মোক সেইজনী ছোৱালীয়ে আগৰ পৰাই অশান্তি কৰি থাকে!!"
তাই নাম কাবেৰী নেকি সুধিলত বৃস্তিৰ মাকহঁতে ক'লে-"তাইক নেহা বুলিয়ে সকলোৱে মাতে স্কুলৰ নাম কাবেৰী আছিল ,যদি আমি নাজানো!!"
মনোজে ক'লে-"আজি নেহা লগত কোনো নাছিল !! ভিডিঅ' কোনে বনালে???মোৰ মতে অকলে তাই এই সকলোবোৰ কৰিব নোৱাৰে!!"
কোনোবা অফিচৰ মানুহ মিলি আছে যেন মোৰ লাগিছে বুলি নিবিৰে ক'লে!!
কিন্তু কোন তেওঁ .................কোন???????
ধুনীয়া এটা আট্ৰালিকাত এটা বহুত ডাঙৰ কোম্পানীৰ মালিক অশোক কিবা ভাবি বাগৰি আছিল!!
অশোক প্ৰায় ৩৫ বছৰীয়া আছিল!!চেহেৰা টো ধুনীয়া আৰু দেখাত সুস্থ-পুষ্ট আছিল!!! চেহেৰাটো দেখিলেই গম পায় যে তেওঁ বহুত চিন্তাত আছে!!
অলপ পাছত তেওঁ নিজৰ ওচৰত পৰি থকা ফটো এখন উঠালে.................!!!! ফটোত এজনী ধুনীয়া ছোৱালী আছিল আৰু হাঁহি আছিল!!
তেওঁ খঙ উঠা দৰে ফটোখন চাই ক'লে-"কিয় কৰিলা তুমি এনেকুৱা???কোৱা কিয় মোৰ লগত বিশ্বাস ঘাটকতা কৰিলা!!!"
বহুত দেৰি ফটোখন চাই তাৰ পাছত পেলাই দি ক'লে-" কিন্তু নহ'ব মই আৰু সহ্য নকৰোঁ বুলি কৈ উঠি থিয় হ'ল আৰু দাৰ্জটো খুলিলে.........................!!!
তাৰ পাছত এটা পিষ্টল উলিয়াই বহুত দেৰি কিবা ভাবিলে আৰু আকৌ থৈ দিলে!!
তাৰ পাছত ক'লে-"এতিয়া তোমাক কোনেও বচাব নোৱাৰে!! যেনেকৈ তই মোক কষ্ট দিছ তোকো দিম!!!"
"নাই তোক নামাৰো একেবাৰে মাৰি পেলালে বেয়া হ'ব কষ্ট দি দি মাৰিম!!!!"
নেহাৰ ঘৰত উৎসৱৰ দৰে পৰিৱেশ আছিল!! তাত ৰক্তিমো বহি আছিল!!!
ৰক্তিমে বহুত আনন্দ কৰি আছিল যেন সি খাজনা হে পালে!!তাক দেখাত মদ খাই থকাৰ দৰে লাগিছিল!!
সি কৈছিল-"নেহা তুমি মোৰ বাবে বহুত লাকী জানা !!!"
নেহাই তাৰ কথাৰ উত্তৰ নিদিলে!! ৰক্তিমে আকৌ উঠি নাচি নাচি ক'লে-"কাইলৈ দিনটো বহুত ভাল দিন!!! আৰু আমি আকৌ আৰামত থাকিব পাৰিম!!"
হ'ব দিয়া মই যাওঁ বুলি কৈ ৰক্তিমে গুচি গ'ল!!
তাৰ পাছত সি গাড়ী চলাই গুচি গ'ল!!
দ্বিতীয় ফালে দুটা মানুহে মদ খাই আছিল!! তাৰ পাছত সিহঁতি কাৰোবালৈ বাট চাই আছিল আৰু কৈ আছিল যে ইমান দেৰি সি কিয় অহা নাই!! তাৰ পাছত দৰ্জাত ধকিয়া মাত শুনা গ'ল আৰু সিহঁতৰ মুখত হাঁহি বিৰিঙি পৰিল!!দৰ্জাখন খুলিলত এজন মানুহ সোমাই আহিল আৰু ক'লে-"এইটো বেগ লোৱা আৰু চাবা নাবাচে যাতে !! নহ'লে তোমালোকক যমৰাজৰ ওচৰলৈ পঠাই দিম!!"
"চাই লোৱা আৰু হিচাপ কৰি লোৱা পইচা ঠিকেই আছে নে নাই!!"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment