মোবাইল।
: কালৈ?
: তোমালৈ।
আগবঢ়াই দিয়া নতুন মোবাইলৰ বাক্যটো লৈ তাই বাকচটো খুলিবলৈ চেষ্টা কৰিলে কিন্তু হাতখনৰ বাবে খুলিব নোৱাৰিলে।( Assamese Storyboard )
: দিয়া মই খুলি দিওঁ।
তাইৰ হাতত পৰা মোবাইলৰ বাকচটো লৈ সি মোবাইলটো উলিয়াই তাত এখন নতুন চিম ভৰাই দিলে।
: লোৱা এতিয়া।
: কিন্তু আপুনি এইবোৰ কিয় আনিছে?
: মৰমতে আনিছো।
অ'মৰমতে আনিছে। প্ৰতিটো দিনে মোক দিয়া মানসিক কষ্টবোৰো চাগৈ মোলৈ থকা মৰমেই আছিল। প্ৰতিটো ৰাতি মোক দিয়া শাৰীৰিক যন্ত্ৰণাবোৰো চাগৈ মোলৈ থকা মৰমেই আছিল।
: ছৰী মানসী। মোক ক্ষমা কৰি দিয়া। মই জানো মই বহুত ভুল কৰিছোঁ কিন্তু মোক মই কৰা ভুলবোৰ শুধৰণি কৰাৰ এটা মাত্ৰ চাঞ্চ দিয়া। বহুত বেছি ভাল পাওঁ তোমাক। সিদিনাখন ৰাতি তোমাৰ অৱস্থাটো দেখিহে মই বুজিলো মই তোমাক কিমান ভাল পাওঁ! সেইদিনা তোমাক চিৰদিনৰ কাৰণে হেৰুৱাৰ এটা অজান ভয়ে মোক খুলি খুলি খাইছিল। বহুত কষ্টত আছোঁ তোমাৰ অবিহনে মই এইকেইদিন মানসী। এতিয়াহে মই প্ৰেম কি বস্তু ভালদৰে বুজি পাইছোঁ। মই তোমাক কথা দিছোঁ মানসী মই কেতিয়াও আৰু তোমাক কষ্ট নিদিওঁ কেতিয়াও আৰু তোমাক বেয়া ব্যবহাৰ নকৰোঁ। প্লিজ্ তুমি মোৰ জীৱনলৈ আকৌ ঘূৰি আহা।
কথাখিনি কৈ সি মানসীক সাৱটি ধৰি কান্দি পেলালে। কথাখিনি শুনি মানসীৰ হাঁহিমেইনে কান্দিমেই এনেকুৱা লাগিল। জঠৰ হৈ পৰিল তাই। তাক সাৱটিও ধৰিব নোৱাৰা হ'ল আৰু তাৰ বাহুবন্ধনৰ পৰা ওলাবও নোৱাৰা হ'ল।
: যদি তুমি মোক ক্ষমা কৰি দিছা আৰু মোৰ ওচৰলৈ আকৌ ঘূৰি আহিব বিচাৰা তেন্তে কাইলৈৰ ৰেডী হৈ থাকিবা মই তোমাক নিবলৈ আহিম।
টপককৈ তাইৰ কপালত চুমা এটা খাই সি দৰজাখনৰ হুকটো খুলি ৰুমটোৰপৰা ওলাই গ'ল।
: ৰক্তিম লোৱা চাহকাপ খাই লোৱা।
: এতিয়া নাখাওঁ নেকি মা অথনি খোলোৱেই নহয়।
: অথনি খালা তাতে কি হ'ল?অথনি খালা বুলিৱেই এতিয়া খাব নাপায় নেকি? দিনটো ইমান কষ্ট কৰি আহিছা চাহকাপ খালে গাটো ভাল লাগিব লোৱা।
: ঠিক আছে দিয়ক তেন্তে।
: ৰক্তিম বেয়া নোপোৱা যদি ভাতকেইটাও খাই যোৱা নহ'লে। মই মানে আজি লোকেল মাছ আনিছিলো।
: নাই দাদা মই ভাত খালে কোনোবাই বেয়াও পাব পাৰে.......যদি চবেই খাবলৈ কয় তেতিয়াহে খাম নহ'লে কাৰোবাৰ পেটলৈ ভাতেই নাযাব।
চাহৰ হুকাটো মাৰি দৰজাখনৰ মুখত লৈ থকা মানসী লৈ চাই চকুটিপ এটা মাৰি ৰক্তিমে ক'লে। "কম বদমাছ নেকি? বিয়াৰ আগৰজন আকৌ সাৰ পালে চাগৈ। এতিয়াতো আকাশে-বতাহে, পাহাৰে-ভৈয়ামে প্ৰেমৰ গোঞ্জৰে গোঞ্জৰিত হ'ব। মায়াসনা আদিম বাসনাই সাৰ পাই জাগি উঠিব। কিন্তু "ক্ষমা কৰি দিয়া" বুলি ক'লেই জানো ক্ষমা কৰি দিব পাৰি? আজি অতদিনে মোক কৰা নিৰ্যাতনবোৰ জানো পাহৰিব পাৰি? চকুপানীৰে বাট নেদেখা জীৱনটোৰ বাটত ধূমকেতুৰ দৰে আহি পোহৰ বিলাইছা কিয়? ইয়াত তোমাৰ স্বাৰ্থ নামতো? যদি আছে (মোৰ মনে কয়) তেন্তে পূৰ্ণ হোৱাৰ পিছত যদি মোক আকৌ অকলশৰীয়া কৰি আন্ধাৰময় জীৱন পথৰ অকলশৰীয়া পথিক কৰি আঁতৰি যোৱা তেন্তে মই কি কৰিম তেতিয়া? তাৰপিছত তোমাৰ আকৌ এটা নতুন স্বাৰ্থ ওলাব আৰু তুমি আকৌ এবাৰ আহি মোক উপহাৰ দি ক'বা "মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া" আৰু মই সকলো পাহৰি তোমাক ক্ষমা কৰি দিম। কাৰণ মই নাৰী। কিমানদিনলৈ আৰু এই সস্তীয়া খেলখন মোৰ লগত খেলিবা ৰক্তিম?
: মুনু এইফালে আহচোন।
এইবুলি কৈ মাকে তাইৰ হাতখনত ধৰি ভিতৰলৈ লৈ গ'ল।
: জোঁৱাইয়ে তোক কি সুধি আছে আৰু তই কি ভাবি আছ'? মতা মানুহক যে সদায় নিজৰ হাতৰ মুঠিত ৰাখিব লাগে পাহৰিলি নেকি?সি কি ভাবি আহিছিল আৰু তই কি কৰি আছ'? যা এতিয়া ভাত তাক খাবলৈ ক'গৈ আৰু পাৰিলে ৰাতিটো থাকিবলৈও ক'বি।
অসম্ভৱ নোৱাৰোঁ মই একেটা ঘৰৰ একেটা ৰুমতে এটা নৰপিশাচৰ লগত থাকিবলৈ। নোৱাৰোঁ........ নোৱাৰোঁ.......... নোৱাৰোঁ.........। লাগিলে মই এইবাৰ নিজে মোৰ হাত কাটি মৰি যাম।
: যা আকৌ.........
কইনাতকৈও ক্ষিপ্ৰবেগেৰে যাওঁ নাযাওঁকৈ গৈ তাই ৰক্তিম, বাপেক আৰু ককায়েক থকা ৰুমটো পালেগৈ। ( Assamese Storyboard )
: ভাতকেইটা খাই যোৱা তুমি। বেছি সময় নালাগে হওঁতে। মাক ফোন এটা কৰি কৈ দিয়া।
: ঠিক আছে তেন্তে..... তুমি কৈছা কাৰণেহে খাম।
পকেটৰপৰা ফোনটো উলিয়াই সি বাহিৰলৈ গৈ মাকৰ লগত কথা পাতিলে ------
: হেল্ল' মা...........
: কোৱা ৰক্তিম?
: মা আজি মোক ইয়াতে ভাত খাবলৈ কৈছে।
: বঢ়িয়া। চাঞ্চতো নেৰিবা কিন্তু। সিহঁতৰ পৰিয়ালৰ মানুহবোৰক যিমান পাৰি সিমান আমাৰ ফলীয়া কৰিবলৈ চেষ্টা কৰা আৰু তাইক ছৰী ক'লা নে?
: উমম্ বাত তাই এতিয়ালৈকে একো কোৱাই নাই।
: ক'ব ক'ব ধৈৰ্য্য ধৰা আৰু পাৰিলে ৰাতিটো তাতেই থাকিবা। তোমাৰ বুকুৰ উমেৰে তাইক উমলাই ৰাখিবা। তেতিয়াহে তাই লাহে লাহে তোমাক বিশ্বাস কৰি ক্ষমা কৰি দিব।
: উমম্ তুমি ঠিক কৈৰা কিন্তু মই উপযাচিতো ইয়াত থাকিব নোৱাৰোঁ। থাকিবলৈ ক'লেহে পাৰিম।
: বাৰু চাই লোৱাচোন পৰিস্থিতিটো।
: ঠিকে আছে ৰাখিছোঁ দিয়া বাই ।
: বাই।
: অল দ্যা বেষ্ট (All the best)
: থেংক ইউ ভেৰি মাচ্ছ মা (Thank you very much)
ফোনটো কাটি সি ভিতৰলৈ সোমাই আহিল।
: কি ক'লে মায়ে ৰক্তিম?
: নাই দেউতা বিশেষ একো কোৱা নাই। খালি সোনকালে আহিবলৈ কৈছে দিনকাল ভাল নহয় হেনো।
: হয় দিয়া ঠিকেই কৈছে তেওঁ। বাৰু দেৰি হ'লে আজি যাব নালাগে ইয়াতে থাকিবা।
বাপেকৰ কথাষাৰ শুনাৰ লগে লগে মানসীৰ চকু কপালত উঠিল। "কোনেও কিয় মোৰ কথা অলপো বুজিবলৈ চেষ্টা নকৰে? কিয়...........?............কিয়.........?...............কিয়..........?
: মুনু এইফালে আহাচোন।
: গৈছোঁ মা..........কোৱা?
: ক'লানে নাই তাক?
: ক'লো।
: কি কৈছে সি?
: খাম বুলিয়েই কৈছে।
: ঠিকেই আছে তুমি আদা নহৰু খিনি বখলিয়াই দিয়া।
অলপ পিছতে ৰক্তিম আহি মানসীৰ ওচৰ পালেহি। তাই তেতিয়া মাকৰ আদেশ মৰ্মে ডাইনিঙত বহি আদা নহৰু বখলিয়াই আছিল।
: তুমি ............ইয়াত যে?
: অ' অকলে অকলে কি কৰি থাকিম?
: কিয় দাদা আৰু দেউতা................
: নাই। দেউতা নামঘৰলৈ গ'ল কিবা মিটিং আছে হেনো আৰু দাদা লগৰ কোনোবা এজনৰ লগত ওলাই গ'ল।
: মুনু হ'লনে নাই তোৰ?
: হ'ল মা লোৱা।
: ৰক্তিম থিয় হৈ আছা যে বহা।
: অ'।
: পিছে ৰক্তিম তোমালোকে ভৱিষ্যতৰ কথা কি ভাবিছা?
: মানে কি কৈছে মা?
: মানে মই ল'ৰা-ছোৱালীৰ কথা কৈছোঁ আকৌ। সদায় কি এনেকৈয়ে থাকিবা নেকি? বিয়া হোৱাৰ ছমাহ হ'ল মই আইতাক কেতিয়া হ'ম?
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment