#অতীতৰ_পৃষ্ঠা
:হয় দিয়া,, তাৰ পাছত মই ক'লো যদি তই মোৰ ছোৱালীক এৰি নিদিয়' তেন্তে তই তোৰ মাৰ বাপেৰক এৰিবলৈ সাজু হ'( Assamese Storyboard ) । কাইলৈৰ ভিতৰত তই তোৰ মাৰ বাপেৰৰ ডেড বডি পাই যাবি। এইয়া মোৰ ফালৰ পৰা মোৰ ছোৱালীৰ লগত প্ৰেম কৰাৰ তোৰ প্ৰথমটো উপহাৰ হ'ব। এইবুলি কৈয়ে মই তাৰ পৰা উঠি আহিব ধৰোঁতেই সি মোৰ ভৰিখনত ধৰি ক'লে-- "আপুনি যি কয় মই তাকেই কৰিম, আপুনি যদি কয় মানসীক মই এৰি দিব লাগে তেন্তে মই তাইক এৰিও দিম। আপুনি মাত্ৰ মোৰ মা-দেউতাক এৰি নিদিব।"
:তাৰ পিছত আপুনি কি ক'লে?
: কি কম আৰু! তাক ভৰিৰ পৰা এৰুৱাই আজি সি যিখিনি কৰিলে সেই গোটেই খিনি কৰিবলৈ ক'লো। আৰু কোনো দিন যাতে এইক লগ নকৰে তাৰ বাবে সকিয়াই দিলোঁ।
: আচ্ছা,,, আপোনাৰো কিছু বুদ্ধি আছে দেই!
: ধন্যবাদ ধন্যবাদ,,,
দুয়োয়ে খেলখেলকৈ হাঁহিবলৈ ধৰিলে। এক বিজয়ৰ উৎসৱৰ আয়োজন কৰিলে। সকলো কাম অতি পৰিপাটিকৈ হৈ গ'ল তেওঁলোকৰ। এতিয়া আৰু একো চিন্তা নাই তেওঁলোকৰ। দুখীয়া ঘৰৰ ল'ৰাৰ পৰা জীয়েকক উদ্ধাৰ কৰি আনিলে। লাগিলে দুখীয়া ঘৰৰ ল'ৰাটোৰ পৰা জীয়েকে সচাঁ মৰমেই নাপাওঁক কিয়? তেওঁলোককটো আৰু মৰম নালাগে। হয়ো মৰমেটো পেট নভৰায়.... টকাইহে ভৰায়।গতিকে এতিয়া জীয়েকক ধনী ল'ৰা এটাৰ হাতত দিব পাৰিলেই তেওঁলোকৰ আৰু চিন্তা নাই।
"শব্দৰে নসজাও আজি মোৰ এই হৃদয়
অলেখ চকুৰ নিজৰাৰে নিগৰা অশ্ৰুয়ে সজাম আজি মোৰ এই হৃদয়;
মুক্ত হ'ম সকলো সম্বন্ধৰ পৰা
খুলি দিম আৰু খুলি ল'ম
সকলো বান্ধোনৰ শিকলি
উৰণীয়া হৈ যাম মই
নাথাকিব একো মায়া
নাথাকিব একো মোহ
থাকিব মাথোঁ প্ৰশান্তি
আৰু কেৱল প্ৰশান্তি।"
দুয়োৰে জয়ৰ ৰণশিঙা গৈ মানসীৰ কাণটো পৰিল। মাকৰ ওচৰলৈ কিবা এটা কামত আহি তাই মাক-বাপেকৰ পৰা যিখিনি কথা শুনিলে সেইখিনি তাইৰ মন-মগজুৰ সিপাৰে থকা অবচেতন মনৰো সীমাৰ বাহিৰতম শীৰ্ষত। নিজৰ মা-বাপেকৰ পৰাই আজি প্ৰতাৰিত নিজৰ জীয়ৰী। মাক-বাপেকৰ প্ৰতাৰণাৰ জুইকুৰাৰ পৰা নাবাচিল নিজৰ পেটৰ সন্তানো,,নিজৰ ভৱিষ্যতৰ সপোনো,,নিজৰ একমাত্ৰ জীয়ৰীয়ো। অসম্পূৰ্ণতাই সম্পূৰ্ণ ৰূপেই আজি তাইক গ্ৰাস কৰিলে। বাৰুকৈয়ে উৰি গ'ল তাইৰ নিজৰ প্ৰিয়তমৰ ওপৰত থকা বিশ্বাসৰ কাপোৰখন। নগ্ন হৈ গ'ল এটি মন,, অকলশৰীয়া হৈ ৰ'ল এখনি হৃদয় আৰু ফাটি দুটুকোৰা হৈ গ'ল এসোপা মৰম।
তাইৰ আজি নিজৰ ওপৰতে ঘৃণা উপজিল। "ইমাননো বেঙানে মই?? কোনটো সচাঁ আৰু কোনটো মিছা তাকো ধৰিব নোৱাৰিলোঁনে?? তাৰ চকুহাললৈ চায়ো কিয় মই বুজি নাপালোঁ তাৰ মনৰ কথা,, কিয় ধৰিব নোৱাৰিলোঁ তাৰ অন্তৰৰ ভাষাবোৰ,, কিয় পঢ়িব নোৱাৰিলোঁ তাৰ মনৰ দুখবোৰ?? কিয় মই নোৱাৰিলোঁ কিয়,,,কিয়,?"
: মাজনী......
: অহহ্... মোৰ কথা মনত পৰিল মইটো ভাবিছিলোঁ মোক তোমালোকে পাহৰিলাই নেকি?
: কি কৈ আছ' তই এইবোৰ?
: যি কৈছোঁ সচাঁ কৈছোঁ। তোমালোকক আজি মোৰ নিজৰ মা-দেউতা বুলি ক'বলৈও লাজ লাগিছে! ছিঃ ইমান তললৈ গ'লানে তোমালোক?? আৰু দেউতা তুমি নিজৰ সুখৰ কাৰণে তুমি কাৰোবাক হত্যা কৰি দিম বুলিও বিনাদ্বিধাই ক'ব পাৰিলা। অকণো তোমাৰ জিভাখন নকঁপিল( Assamese Storyboard )।
: তই ভবাৰ দৰে কথাবোৰ নহয় মাজনী!
: তেনেহ'লে কেনেকুৱা?
তাই দৰজাখনৰ মুখৰ পৰা আগুৱাই আহিল। পাহৰি গৈছে আজি তাই সম্পৰ্কবোৰ। হেৰুৱাই পেলাইছে সকলো জ্ঞান। দেখিবলৈ পাইছে নিজৰ আগত এখনি ছলনাৰে গঁঠা জালৰ আৱৰণেৰে আবৃত দাপোন। তাত দেখা পাইছে তাই নিজৰ আপোন মানুহবোৰৰ মুখৰ আঁৰত থকা এখন ভয়ংকৰ মুখ,,,,, দেখিছে মুখৰ আঁৰত থকা দস্যুৰতাক। মানৱৰূপৰ দানৱৰ ক'লা অধ্যায় গোপন সত্য। কল্পনা কাৰেংৰ ক'লা ৰং। প্ৰচণ্ড ভূমিকম্পত তাচ্ পাতৰ দৰে খহি পৰা ঘৰবোৰৰ দৰে খহি পৰিছে তাইৰ বিশ্বাস। এখনি ডাঙৰ আৰু সুদৃঢ় প্ৰাচীৰ থিয় হৈ পৰিছে এতিয়া তাই আৰু তাইৰ মাক-বাপেকৰ মাজত। কি কৰিব তাই? এৰি গুছি যাব নেকি ৰিদিপ্তৰ কাষলৈ? চিৰদিনৰ বাবে ৰিদিপ্তৰ মানসীজনী হৈ থাকিবলৈ? কিন্তু তাৰ পিছত যদি তাইৰ পিতৃৰ হাতৰ বলি হয় ৰিদিপ্তৰ মা বাপেক! তেতিয়া জানো তাই নিজকে ক্ষমা কৰিব পাৰিব? ৰিদিপ্তই জানো তাইক আকৌ পুনৰ আকোঁৱালি ল'ব? যিজনে ল'ৰাই নিজৰ মাক-বাপেকৰ জীৱন ৰক্ষাৰ বাবে নিজৰ অন্তৰখনত বিসৰ্জন দিব পাৰে.... পাৰিব জানো সেইজন ল'ৰাই নিজৰ মা-বাপেকৰ হত্যাকাৰীৰ পুত্ৰীৰ সৈতে সহবাস কৰিবলৈ,,, পাৰিব জানো নিজৰ অৰ্ধাংগিনী কৰিবলৈ??
====================================
"পৰ্বতৰ আঁৰে আঁৰে,, ভৈয়ামৰ মাজে মাজে কিয় যে বিচৰণ কৰি আছোঁ। বিচিৰিলেই পাওঁ আমি মনৰ পৰ্বত বিচাৰিলেই পাওঁ আমি মনৰ ভৈয়াম।"
শান্তি.....অশান্তি এই সকলোবোৰ মনৰ পৰা সৃষ্টি হয়। যদি মনটোৱে শান্তি বিচাৰে তেন্তে সকলোবোৰেই শান্তি হয় আৰু যদি মনটোৱেই অশান্তি বিচাৰে তেন্তে......।
"সময় যে নাথাকে কাৰোৰে লগত।"
না মানুহৰ লগত,,,,না জীৱ-জন্তুৰ লগত,,, না ঈশ্বৰৰ লগত। ই পাৰ হৈ যায় নদীৰ দৰে। আকৌ সেই বাৰটো আৰু তাৰিখটো উভতি আহে কিন্তু উভতি নাহে যোৱা সময়কণ। সেইদৰেই সময়ৰ সোঁতত নাইকীয়া হৈ যোৱা মানুহৰ অস্তিত্বৰ ক্ষুদ্ৰ অশ্ৰুও ক'তো পোৱা নাযায়। ইয়াৰ কাৰণ হ'ল ই হৈ গ'ল বিলীন। সময়ৰ লগত,, ইয়াৰ খোজৰ লগত আৰু ইয়াৰ ধৰ্মৰ লগত।
"সকলোবোৰ বস্তু দেউতাই আইতাৰ হয় বুলি কৈ চহী কৰি সেই আটাইবোৰ বস্তুৰ সৈতে উভতি আহিছিল। আইতাকৰ দেহৰ অৱশিষ্ট টুকুৰা কেইটা আনিবলৈ দিয়া নাছিল। দেউতা আহি একেবাৰে হস্পিতাল সোমাইছিল। সকলোবোৰ বস্তু মাক দেখুৱাইছিল। মায়েও আইতাৰ বস্তু বোৰ দেখি কান্দি পেলাইছিল। তেনেকৈয়ে সময়বোৰ অতিবাহিত হৈছিল। আইতাৰ তিলনি পাৰ হৈ গ'ল।
সেইদিনা আছিল আইতা ঢুকুৱাৰ চাৰিদিন। দিনৰ ১১ মান বাজিছিল। এগৰাকী নাৰ্চে মোৰ ওচৰলৈ মোক চাব আহিছিল। তেতিয়াই হেনো মোৰ এখন হাত লৰিছিল। লগে লগে সেই নাৰ্চগৰাকীয়ে ডক্তৰক মাতিছিল। মাও আছিল তাতেই। দেউতা ঘৰত আছিল। খবৰ ল'বলৈ বিভিন্ন মানুহ আহি আছিল ঘৰত। সেইবাবে তেওঁ সেইকেইদিন হস্পিতাললৈ আহিব পৰা নাছিল। কিন্তু ফোনতে মোৰ খা-খবৰ নিতৌ লৈ আছিল। ডক্তৰজন আহি মোক পৰীক্ষা কৰিছিল আৰু মাক কৈছিল--
"বাচ্ছাটোৰ হুচ আহিল মানে কোমাৰ পৰা বাহিৰলৈ আহিল। হি ইছ নাউ আউট অফ ডেঞ্জাৰ (He is now out of danger).... এতিয়া খালি সি টোপনি গৈ আছে অলপ পিছতে সাৰ পাব। কাইলৈ মানে তাক লৈ যাব পাৰিব।"
: বহুত বহুত ধন্যবাদ আপোনাক ছাৰ,, আপুনি মোৰ ল'ৰাটোৰ জীৱন ৰক্ষা কৰিলে।
: মই মাত্ৰ মোৰ ডিউটিহে কৰিছোঁ বাকী সকলোবোৰ আপোনালোকৰ কষ্ট আৰু প্ৰাৰ্থনাৰ ফল। আহিছোঁ দিয়ক...... অহহ্ আৰু এটা কথা মই পাহৰিয়েই গৈছিলোঁ এওঁ যে আপোনালোকৰ সন্তান নহয়। ঘপহকৈ আপোনালোকৰ ঘৰলৈ লৈ যাব বুলি কৈ দিলোঁ। কিন্তু আপোনালোকে কি ভাবিছে বাচ্ছাটোৰ কথা? কোনোবা এন.জি.অ'. ক দিব নে.....?
: নাই নাই ছাৰ আমি ভাবিছোঁ ইয়াক আমিয়েই তুলি লওঁ। আচলতে আমাৰ নিজৰ সন্তান নাই। নাই মানে হৈছিল কিন্তু মোৰ পাঁচ মাহ হওঁতে মোৰ এটা এক্সিডেন্ট হৈছিল যাৰ বাবে মই পেটত দুখ পাইছিলোঁ আৰু মোৰ অপাৰেচন কৰিবলগীয়া হৈছিল সেয়ে ডক্তৰে মোক বচাবলৈ গৈ মোৰ সন্তানটোক বচাব নোৱাৰিলে। এতিয়া সমাজত মোৰ নাম বাজী। সেয়ে মই ইয়াক....
: আই চি.. আপুনি চিন্তা নকৰিব মোৰ বোধেৰেও সেইটোৱেই সঠিক হ'ব সকলোৰে বাবে। আপোনালোকেও এটা বাচ্ছা পাব আৰু বাচ্ছাটোৱেও এখন ঘৰ পাব। আপোনালোকে খালি আইনী কামখিনি সোনকালে কৰি ল'ব।
: নিশ্চয়।
: আহিছোঁ।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment