তাই চুমা নিদিয়ে আৰু সি নামানে। এনেকৈ প্ৰায় এঘন্টামান জুৰি সিহঁতৰ মাজত এখন অঘোষিত প্ৰতিযোগিতা চলিল( Assamese Storyboard )। প্ৰতিযোগিতাৰ অন্তত মানসী হাৰিল আৰু ৰক্তিমে বিজয়ৰ ৰণশিঙা বজালে এমোকোৰা হাঁহিৰে সৈতে। শেষত তাইৰ পৰা চুমাটো লৈ সি ফোনটো ৰাখিলে।/p>
ফোনটো কাটি মানসীও ভাগৰা শৰীৰটোৰ সৈতে বিছনাত বহিল। কি যে পাগল এইজন... ইমান ভাল পায়নে মোক! একেবাৰে আগৰজনেই হৈ পৰিছে। কিন্তু বিয়াৰ আগৰজন বা এতিয়াৰ ৰক্তিমজন সেই একেইজন ৰক্তিমেই নে যিজনে মোৰ হাত কাটিছিল, মোক প্ৰতিটো নিশাই বলিৰ পঠা সজাইছিল।হয় জানো এইজন...? এজন মানুহৰে ইমান ৰূপ থাকিব পাৰেনে?.... ইমান সুন্দৰকৈ মোৰ লগত ইমান দিনে বেয়া পোৱাৰ অভিনয় কৰি থাকিব পাৰেনে.....? নে এতিয়াও মোৰ লগত কিবা খেল খেলি আছে? যদি খেল খেলি আছে তেন্তে কিহৰ কাৰণে? ইমান সুন্দৰকৈ ভালপোৱাৰ মিছা অভিনয় কৰিব পাৰিছেনে? নাই নাই চকুয়ে কেতিয়াও মিছা কথা নকয়। মই তাৰ চকুত মোৰ প্ৰতি সেই আগৰ ভালপোৱাই দেখিছোঁ। সেই একেই মৰম, একেই অভিমান। তেতিয়াহ'লে ইমান দিনে এই প্ৰেমিকজন ক'ত সোমাই আছিল?
এক অদ্ভুত সাঁথৰ...এক অদ্ভুত ৰহস্য। কিন্তু সত্যটো কেতিয়াও বেছিদিন লুকাই নাথাকে। ৰহস্য আৱৰণখন যিমানেই টান শিলেৰে বন্ধা নহওঁক কিয় সত্যৰ পোহৰত এদিন ই উদ্ভাসিত হ'বই। সকলো অবুজন সাঁথৰ বা ৰহস্যৰ আৱৰণ ফালি এদিন সত্যটো সকলোৰে সমুখলৈ আহিবই। কিন্তু তেতিয়ালৈকে আমি কৰিব লাগিব অপেক্ষা... ধৰিব লাগিব ধৈৰ্য্য। কাৰণ কথাতে কয় নহয় ধৈৰ্য্যৰ ফল হেনো বৰ মিঠা হয়। অকণমান ধৈৰ্য্য ধৰি তেন্তে মিঠা খাদ্যকে খোৱা যাওঁক।
"মুনু কি ভাবি আছা?" মাকৰ কথাত তাই দৰজাখনলৈ চকু ঘূৰাই চালে। মাক লাহে লাহে সোমাই আহি তাইৰ কাষতে বহিল। মাকৰ মনত এসোপামান প্ৰশ্ন টোপোলা। প্ৰতিটো প্ৰশ্নৰ টোপোলা খুলি তাৰ উত্তৰ দিয়ালৈ যে ৰাতি পুৱাব সেইটো মানসীয়ে মাকৰ মুখখন দেখিয়েই গম পালে।
"সিহঁতৰ ঘৰৰ চবকে লগ পালা নে?"
"উমম্ পালোঁ মা। বহুত ভাল বৌহঁতৰ ঘৰৰ মানুহখিনি। আমি সচাঁকৈয়ে বহুত লাকী মই ইমান ভাল ছোৱালী এজনী যে আমাৰ ঘৰৰ বোৱাৰী হ'বলৈ ওলাইছে।"
"হয় দিয়া। বাকী কি খুৱালে?"
"প্ৰথমতে চাহ, লুচি, মিঠাই, চানা আদি এসোপামান বস্তু দি চাহ দিলে। তাৰ পিছত হাঁহৰ মাংসৰ ভাত। লগত আৰু বস্তুৰে কাঁহী ভৰাই দিছে মা। আজি চাগে দাদা আৰু মই ভাত নাখালেও হ'ব।"
"হয় নেকি? নেলাগে দে খাব। ইমান খাই থকাও ভাল নহয়। ল'ৰা-ছোৱালী নহওঁতেই ইমান শকত হ'লে কেনেকৈ হ'ব...?"
"মা..." /p>
"হ'ব এইযোৰ সুমুৱাই থ'। আহিয়েই চোফাখনতে পেলাই চিধাই গুছিহে আহিলি।"
ৰক্তিমৰ বাপেক আহি ঘৰ পালেহি। ৰক্তিমৰ মাকে উধাতু খাই আহি গিৰিয়েকৰ ওচৰ পালেহি। মানুহগৰাকীৰ মুখত চিন্তাৰ ৰেখাডাল স্পষ্টকৈ ফুটি উঠিছে। তেনেকৈ অহা দেখি ৰক্তিমৰ বাপেকো কিছু পৰিমাণে চিন্তিত হ'ল। দুয়োয়ে কিছুসময় এজনে আনজনৰ মুখলৈ চাই থাকিল। শান্ত
হৈ পৰিল কোঠাটো লগতে পৰিৱেশটো। শান্তৰ কোলাত চিৰশান্তি লৈ প্ৰশান্তি লভিবলৈ সাজু হ'ল দুজন নৰ মনীষ।
"কি হ'ল এনেকৈ আহিছা যে?"
"আজি বাবাই অহাৰ পৰাই ৰুমটোতে সোমাই আছে এতিয়ালৈকে ওলাই অহা নাই।"
"সেইটোনো কি ডাঙৰ কথা, কিবা কাম কৰি আছে চাগে।"
"নহয় এঘন্টামান জুৰি কাৰোবাৰ লগত কথা পাতি আছে।"
"কোনোবা লগৰ চাগৈ।"
"হ'ব পাৰে। আপুনি ফ্ৰেচ হৈ আহক। মই চাহ কৰোগৈ। বাবাকো ইয়ালৈকে মাতি দিওঁ। কথা আছে মোৰ আপোনালোকৰ লগত।"
কথাখিনি কৈয়ে তেওঁ পাকঘৰলৈ গ'ল। ৰক্তিমৰ বাপেকো ফ্ৰেচ হ'বলৈ গ'ল। ব্যস্ত হৈ পৰিল সকলো নিজৰ নিজৰ কামত।
এক নিৰ্দিষ্ট সময়ৰ মূৰত বাপেক আৰু ৰক্তিম সিহঁতৰ সমুখৰ কোঠাটোলে আহিল। মাকেও হাতত চাহৰ ট্ৰেখন লৈ সোমাই আহিল। সকলোকে চাহকাপ দি তেওঁ আৰম্ভ কৰিলে -----
"ৰক্তিম আমি তোমাক কথা এটা কোৱাই নাই। আচলতে আমি তোমাক কোৱাই প্ৰয়োজনবোধ কৰা নাই। কাৰণ আমি জানো তুমি কথাটোত অলপো আপত্তি নকৰা। বৰং ভালহে পাবা।"
"কি কথা মা?" সিও কথাটো শুনিবলৈ আগ্ৰহী হৈ পৰিল। কাৰণ সি ভাবিছে মাকে চাগৈ কিবা মানসীৰ কথা ক'ব। সেইবাবে সি কথাটো উৎসাহেৰে শুনিবলৈ তৎপৰ হৈ পৰিল।( Assamese Storyboard
"ৰক্তিম দেউতা আৰু মই তোমাৰ বিয়াৰ ছেকেণ্ড মেৰিজৰ কথা ভাবিছোঁ। ভাবিছোঁ মানে তোমাৰ মাহীয়ে ইতিমধ্যে এজনী ছোৱালীও চাইছে। আৰু আমাৰ পছন্দও হৈছে। গতিকে আমি এতিয়া কথাটো আগবঢ়াও বুলি ভাবিছোঁ।"
"মা......" খং, হতাশা, শোক-দুখ আদি সকলো অনুভূতি মিশ্ৰিত হৈ এটা অকল্পনীয় ডাৱৰে তাৰ মুখখন ছানি ধৰিলে। মূহুৰ্ততে তাৰ চকুৰ সমুখলৈ ভাহি আহিল মানসীৰ প্ৰতিচ্ছবি খন। ভাহি আহিল এইকেইদিন সি মানসীৰ লগত কটোৱা প্ৰতিটো পল, তাইৰ লগত পাতা প্ৰতিটো কথা।
"কি হ'ল এনেকৈ ৰিয়েক্ট কৰিছা যে তুমি। মাৰাইটো ঠিকেই কৈছে।"
"কিন্তু দেউতা সিহঁতৰ মাটিখিনি এতিয়াও আমাৰ হোৱাই নাই। কথাটো তুমি পাহৰিলা নেকি?" হঠাতে সি তাৰ মুখৰ প্ৰতিক্ৰিয়া সলনি কৰিলে। কাৰণ সি তাৰ মাক-বাপেকক দুখ দিব নিবিচাৰে। কিন্তু মানসীক....? পাৰিব জানো সি তাইৰ পৰা চিৰবিচ্ছেদ হ'বলৈ? পাৰিব জানো সি মানসীবিহীন জীৱনটো পাৰ কৰিবলৈ? মৰম নদীৰ সিপাৰে থকা যন্ত্ৰণাৰ ঘাটতোলৈ আকৌ এবাৰ সি জানো মানসীক ঠেলি দিব পাৰিব? কিন্তু এইবোৰৰ কাৰণে সি টো নিজৰ মাক-বাপেকৰ বিৰোধো কৰিব নোৱাৰে। নোৱাৰে ইমানদিনে তাক তুলি তালি ডাঙৰ দীঘল কৰা মাক বাপেকৰ বিৰুদ্ধে বিপ্লৱ কৰিব। তেন্তে এই সমস্যাৰ সমাধান কি? দুখন নাঁৱত ভৰি দি কেতিয়াও এখন নদী পাৰ হ'ব নোৱাৰি। তাতে জীৱন নামৰ নৈখনতো পাৰ কৰাৰ প্ৰশ্নই নুঠে।
"সেইবোৰ তুমি চিন্তা কৰিব নালাগে। মানসীৰ পৰা মাটিখিনি লৈহে আমি তোমাৰ বিয়া পাতিম। কিন্তু সেইটো কাম কৰোতেনো কিমান দি লাগিব। খুব বেছি এমাহ। আৰু তাৰ পিছত তাই এইখন ঘৰৰ পৰা গেট আউত। আৰু তাৰপিছত তোমাৰ হ'বলগীয়া বিয়াখনৰ বাবে জানো ছোৱালী এজনী চাব নালাগিব। কিন্তু ঘপহকৈ জানো ভাল আৰু ধনী ঘৰৰ ছোৱালী এজনী পাম। সেইবাবে এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ বিচাৰ-খোচাৰ। তোমাৰ যদি কোনোবা চিনাকী ধনী ঘৰৰ ভাল ছোৱালী আছে তেন্তে ক'বা। আৰু শুনা মাহীয়েৰাই চোৱা ছোৱালীজনীৰ নাম ৰূপাংকৃতা, ঘৰ লংকাত। আমাৰ পছন্দ হৈছে। এইখন ফটো তুমিও চাই লোৱা।'" কথা খিনি কৈ ৰক্তিমৰ মাকে টেবুলৰ তলৰ পৰা ৰূপাংকৃতাৰ ফটো উলিয়াই তাৰ হাতত দিলে। কিন্তু সি ফটোখন চাবলৈ আকণো আগ্ৰহ প্ৰকাশ নকৰিলে। কথাখিনি কৈ ৰক্তিমৰ মাক কোঠাটোৰ পৰা ওলাই গ'ল।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment