সি তাইৰ পিচা কৰিবলৈ এৰি দিয়া নাছিল।মাজে সময়ে আহি বেংকতেই বহি কটোৱা আছিল গোটেই দিনটো।অশান্তিৰে পাৰ হৈছিল সি আগত থকা সময়বোৰ( Assamese Storyboard )।
খংবোৰে যেন তাইক আগবঢ়াই দিয়ে যা শ্ৰুতি যা তাক অন্তৰ খুলি গালি দে গৈ।কিন্তু তাই নোৱাৰিলে তাক গালি দিব।তাৰ ৰঙা পৰি থকা চকুজুৰিয়ে তাইক বহুত কিবা কিবি বুজাই যায়।মাজে মাজে তাইৰ পিচে পিচে ৰূমৰ আগলৈকে আহি ওলাই সি।তাইও ভাবিলে তাক ক্ষমা কৰিয়েই দিয়া বুলি ক'ব নেকি।নহলেযে সি কি কৰে থিক নাই।তাৰ পিছতেই আকৌ ভাবে নকয় ইমান সোণকালে তাক ক্ষমা কৰা বুলি।
যোৱা দুবছৰৰ পৰা যিখিনি অশান্তিত তাই ভুগি আছে সেইখিনি সিও পাওকচোন।অকণমান শান্তি পাব তাইও।ইমান দিনে মানুহৰ কথাৰ শেল তাইহে বুকু পাতি লৈ আছিল।তাইৰ অন্তৰত জ্বলি থকা জুইকুৰাৰ তাপ অলপ সিও পাওক।ইমান দিনৰ কষ্টৰ প্ৰতিদান তাই জানো নলব।লগৰ বিলাকে কয় তাক ক্ষমা কৰি দিবলৈ।ক্ষমা কৰিলে বুলে মানুহ দেৱতাৰ শাৰীলৈ যায়।তাই নিজে শান্তি নোপোৱালৈ তাক ক্ষমা কৰিবলৈ নাযায়।
ঃসু শুনাচোন।
বেংকৰ আগত এদিন আবেলি গৰমৰ বাবে কুহিয়াৰৰ ৰস খাই থকা অবস্থাত তাইক বহুত সাহস কৰি সি মাত দিলে।
তাক দেখি তাইৰ খংটো আকৌ উঠিল যদিও শান্ত ভাবেৰে কৈ উঠিল তাই,
ঃকি হ'ল কোৱা।কিন্তু মোক ডিষ্টাৰ্ব নকৰিবা আৰু।ন'হলে মই ঘৰত কৈ দিম মোৰ পিচে পিচে লাগি থকা বুলি।/p>
ঃঘৰৰ মানুহৰ আগত কৈ দিম বুলি যে কৈছা ঘৰৰ মানুহে জানো ইমান ভাবে তোমাৰ কথা
ই পাগল হ'ল বুলি তাই কৈ উঠে কিবা বেলেগ কব লগা আছেনে আৰু।মই আপোনাক ক্ষমা কৰি দিছো আৰু মোৰ পিচত লাগি নাথাকিব আপুনি।
ঃসু শুনাচোন,তুমি কিয় সেন্দুৰ নলোৱা
কি প্ৰশ্ন কৰিব ভাবি নাপাই কৈ উঠে সি
ঃআপুনি সচাকৈয়ে পাগল হ'ল নেকি?অশান্তিবোৰ জাপি দি লাজেই পোৱা নাই আৰু এতিয়া অবান্তৰ প্ৰশ্ন কৰিবলৈ আহে যে আপুনি।ডিভোৰ্চীয়ে জানো কেতিয়াবা সেন্দুৰ লয়।( Assamese Storyboard )
ঃতেনেকৈ নকবাচোন তুমি।ডিভোৰ্চ মানে জানো এখন কাগজত লিখি ৰখা চহীয়েই নহয়।যিখন নষ্ট কৰি দিলে নষ্ট হৈ যাব।কিন্তু তোমাৰ মোৰ সম্পৰ্কটো যে পবিত্ৰ হোমৰ জুইৰ আগতহে গঢ়ি তোলা হৈছিল।সেই জুইৰ আগত গঢ়া সম্পৰ্কটোৰ বাবে সেন্দুৰ নলোৱাটো পাপ হব সু।>
ঃআপুনি মোক পাপ পূণ্যৰ কথা শিকাবলৈহে আহিছে নেকি।আপুনি মোক বহুত কষ্ট দিছে মিষ্টাৰ সমীৰ চলিহা।আপুনি যাতে দ্বিতীয় দিন যাতে মোৰ সন্মুখলৈ নাহে।নহলেযে মোৰ অশান্ত মনটো আকৌ দুগুণে অশান্ত হৈ পৰিব।মোক মোৰ মতে জীয়াই থাকিবলৈ দিয়ক।
এইবুলি কৈ তাক তাতেই এৰি তাই আগবাঢ়ি গুচি গ'ল।
সমীৰে মনতেই বিৰবিৰাই উঠিল সু তুমি যিমান কষ্টত আছা মই তাতকৈ বেছি অশান্তিত আছো।আৰু তুমাক কষ্ট দিবলৈ নোৱাৰিম।তোমাক কষ্টবিলাকৰ পৰা উদ্বাৰ কৰাৰ সময় আহি পালে।
আজি কালি গাৰ্গী আৰু জুৰিয়েই তাইক এৰাই চলা হৈছে।কাৰণটো কি বুজিয়েই নাপায় তাই।একেটা ৰূমতেই থাকে যদিও তাইক কিয় এৰাই চলে তাই বুজিব নোৱাৰে।দিনটো তিনিও অফিচলৈ ওলাই যায়।ৰাতি ৰূমলৈ আহি জানো ইমানকৈ মোবাইলতেই ব্যস্ত থাকে সেয়ে তাইৰ অশান্তি লাগি যায়।বহুত অকলশৰীয়া অনুভৱ কৰে তাই মাজে মাজে সমীৰলৈও মনত পৰে তাইৰ।গালি দিয়াৰ পৰা তাৰো দেখা দেখি নাই। আকৌ কি বা ক'লেহেতেন সি।জনিবলৈ এতিয়াহে মন গৈছিল।মাজে মাজে বেংকৰ আশে পাশে চাই ৰৈছিল সি আছে নেকি।কিন্তু সিদিনাখনৰ পৰা তাৰ চাঁটোকে দেখা পোৱা নাছিল তাই।
গাৰ্গী হঁতৰো তাইৰ প্ৰতি ব্যৱহাৰত যঠেষ্ট পৰিবৰ্তন আহি গৈছিল।বিশেষ কাম নাথাকিলে তাইক সিহঁত দুয়ো মাতেই নিদিয়ে।কিন্তু দুয়ো হাঁহি মাতি বহুত কথা আলোচনা কৰি থাকে।সিহঁতৰ মাজত তাই সোমালেই কিয় জানো দুয়ো অসহজ অনুভব কৰা যেন দেখাই।
তাই মনতে ভাবে আচলতে সম্পৰ্ক বিলাকৰ একো মূল্যই নাই নেকি এই পৃথিৱীত।দুদিন আগলৈকে তাইৰ লগত হাঁহি মাতি থকা তাইৰ বান্ধৱী দুজনীয়ে কিয় জানো বেয়া পালে তাইক।চিন্তা ভাবনাত দুচকুৰ চকুলো শিতানৰ গাৰুটেই শুকায়।
( Assamese Storyboard )
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment