এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ৩২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 13, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ৩২ ) : Assamese Storyboard

Assamese Storyboard

 

অবিনাশ দুৱৰাই স্বীকাৰ কৰিলে যে পলাশক হত্যা তেওঁ কৰিছিল ।


- আপুনি কেনেকৈ কিয় পলাশ ক হত্যা কৰিছিল ?

- মই কম ছাৰ ।( Assamese Storyboard ) 


            এদিনা খনৰ কথা মই সন্ধিয়া দিউটিৰ পৰা আহি ঘৰ সোমাইছিলো । আহিয়ে মুখ হাত ধুই আজৰি হৈছিলোঁ । ৰেখাই মই আহি পোৱা ৰ লগে লগে সদায় চাহ একাপ দিয়ে ।‌ সেইদিনা ও তাৰ ব্যতিক্ৰম হোৱা নাছিল ।‌ ৰেখাই মোক চাহ একাপ দি ৰন্ধা - বঢ়াত ব্যস্ত হৈ আছে । তেনেতে মোৰ ওচৰলৈ মোৰ ভনী মল্লিকা আহিছিল । 


- দাদা 

- ক'

- তোৰ লগত মোৰ এটা ডাঙৰ কথা আছে ।

- কি কথা ?

- আমাৰ নবৌ আৰু ভাড়াতীয়া পলাশৰ মাজত আছে এক প্ৰেমৰ গোপন সম্পৰ্ক ।

- কি ! তই কেনেকৈ গম পালি ?

- মই নবৌৰ মোবাইলত পলাশৰ এটা মেচেজ পাইছোঁ ।

- কি !


         তাই কোৱা কথাটো মোৰ বিশ্বাস কৰিবলৈ তান হৈছিল যদিও এবাৰ ভাৱিছিলো তাই মোৰ ভগ্নী হয় । গতিকে তাই মোক মিছা কথা কেতিয়াও নকয় । কিন্তু ৰেখা ! ৰেখা তেনেকুৱা নহয় । অন্য মহিলা ৰ দৰে তাইটো চঞ্চলা নহয় । মই ৰেখাৰ মোবাইল টো বিছাৰি পালোঁ । মই তাইৰ মোবাইল টো খুলি দেখিছিলো ,হয় ৰেখা আৰু পলাশৰ মাজত আছে অবৈধ প্ৰেম ৰ সম্পৰ্ক । কথাটো মোৰ সহ্য নহল । মোৰ ঘৰতে ভাড়া থাকিব আৰু মোৰ পত্নীৰ লগতে ! মই কথাটো হজম কৰিব পৰা নাই । কিন্তু মই সিদ্ধান্ত ললো । মই এই কথা ৰেখাক কব নোৱাৰোঁ বা নোসোধো ।‌ কাৰণ এই বিষয়ক লৈ মই তাইৰ লগত কাজিয়া কৰিলে হয়টো আমাৰ সম্পৰ্ক বহুত বেয়ালৈ যাব ।  গতিকে সেইদিনা মই নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিলোঁ । পিছদিনা খন অফিচ লৈ গৈছো যদিও অফিচত মন বহাব পৰা নাই । কাৰণ মোৰ পত্নীক কোনোবাই মোৰ পৰা আজৰি নিব নাই এয়া হ'ব নোৱাৰে । মই কি কৰোঁ ভাৱি পোৱা নাই । সেইদিনা অফিচ চুটি কৰি লগৰ এজনৰ লগত ধাবাত বহিলো । অইন দিনা মই লগৰ বোৰৰ সৈতে হাহি স্ফুৰ্তি কৰি থাকো । কিন্তু সেইদিনা মই যে মোৰ লগৰ জনৰ ওচৰত ধৰা পৰি গৈছিলো । কি কৰোঁ ! 


- কি হল অবিনাশ আজি তই গোমোঠা মাৰি আছ যে !

- নাই অ ভাই মনটো ভাল লগা নাই ।

- কি হল তোৰ ?

- একো নাই বাদ দে এইবোৰ ।

- চা ভাই মই তোৰ বন্ধু হয় । যদি তোৰ বন্ধুৰ আগতে তোৰ সমশ্যাৰ কথা প্ৰকাশ কৰিব নিবিচাৰ তেন্তে বাদ দে মই আহিছোঁ ।

- ঠিক আছে মই তোক কম ।‌ কিন্তু আচলতে মই তোৰ আগত কথাটো কবলৈ লাজ পাইছোঁ ।

- একো নহয় ক' তোৰ সমশ্যা মানে মোৰ সমশ্যা ।

- তই মোৰ ভাড়া ঘৰত থকা পলাশ নামৰ ল'ৰা জন নিশ্চয় দেখিছ ?

- অহ, দেখিছোঁ । অ তাৰ কিবা হ'ল নেকি ?

- হলেটো ভালেই আছিলে ।

- তেন্তে ?

- সি মোৰ বুকুত কামুৰিছে ।

- কি !

- অহ, সি মোৰ ঘৰ শেষ কৰাৰ পৰিকল্পনা কৰিছে ।

- আৰে ভাই ভালকৈ বুজায় ক' না ।

- তাৰ আৰু মোৰ পত্নীৰ মাজত আছে অবৈধ সম্পৰ্ক ।

- কি !

- অহ, মই এতিয়া কি কৰিম !

- কিন্তু তোৰ পত্নী ৰেখা টো এনেকুৱা চৰিত্ৰৰ নাছিল ?

- নাছিল , কিন্তু এতিয়া তাই পলাশৰ লগত !

- মই এতিয়া কি কৰিম ভাৱিছ ?

লাহে লাহে মোৰ নিছা হৈছিল ।

- মই তাক একেবাৰে খতম কৰি পেলাম ।

- পাগল হৈছ নেকি তই ?

- অহ মই পাগল হৈছোঁ ।

- মানুহ এজন হত্যা কৰাৰ পাছত তোৰ ঠিকনা কি হ'ব তই জাননে ?

- জানো জেইল ।

- তেতিয়া তোৰ পত্নী আৰু ছোৱালী জনীৰ কি হ'ব ?

- সিহঁতে চলিব পাৰিব ।

- কিন্তু !

- কিন্তু এই কালপ্ৰীত জন জীয়াই থাকিলে মোক জ্বলাই জ্বলাই মাৰিব ।


              সেইদিনা মোৰ বহু ৰাতি হৈছিল । মোৰ নিছা বহুত হৈছিল । ৰেখাই ৰেখাই ফোনৰ ওপৰত ফোন কৰিছিল । মই ৰিচিভ কৰা নাছিলোঁ । পলাশে ও মদ খাই । সি মোৰ লগত বহু দিন মদ খাইছিল । সেইকাৰণে সেইদিনা মই তাৰ কাৰণে এটা মদৰ বটল লৈ আহিছিলো । ৰাতি ধলং পলং কৈ আহি গেটৰ দৰ্জা খন খুলিছিলো । আমাৰ গেটৰ ওচৰতে পলাশৰ ৰুমটো । মই পলাশৰ ৰুমটোলৈ লক্ষ্য কৰিছিলোঁ তাৰ ঘৰৰ লাইট জ্বলি আছিল । মই তাৰ দৰ্জা খনত টক টক কৈ বজাই মাতিছিলো ।( Assamese Storyboard )


- পলাশ ঐ পলাশ ।

সি দৰ্জা খুলি ওলাই আহিছিল ।

- দাদা 

- কি হল ভাত খালাই নেকি ?

- নাই দাদা । আৰু কিছু সময় লাগিব ।

- বটল এটা আনিছিলো খাবা নেকি ?

- খাব পাৰি ।

- বঢ়িয়া তেন্তে বলা ।


          আমি ৰুমত সোমাই আহিছিলো । মই ভিতৰৰ পৰা দৰ্জাৰ খিলিটো বন্ধ কৰি দিছিলোঁ । সি দুটা গিলাছ আৰু পানীৰ বটল টেবুল খনত থৈছিল । 


- হাৰে ভাই খালি খালি খাবা নেকি , কিবা এটা লৈ আনা ।

সি কিছু সময় চিন্তা কৰি কৈছিল । 

- অহ, ৰব তিয়হ এটা আছে ।

সি ভিতৰলৈ সোমায় গৈছিল । সেই সময়তে মই সময়ৰ সদ্ব্যৱহাৰ কৰিছিলোঁ । মদৰ পেক দুটা বাকিছিলো । আৰু তাৰ পেকটোত বিষ মিহলাই দিছিলোঁ । কিছু সময় পাছত সি তিয়হ লৈ আহিছিল ।


- পিছে ডেকা ল'ৰা এই কেইদিন বহুত ধুনীয়া হৈছা । কৰবাত প্ৰেমত পৰা নাইটো ?

- কি যে কয় দাদা ।

- লাজ কৰিব নালাগে ।প্ৰেমত পৰিলে হেনো মানুহ ধুনীয়া হয় । প্ৰেম কৰিব লাগে কিন্তু ,,,,,

- কিন্তু কি দাদা ?

- বাদ দিয়া এইবোৰ । পেক লোৱা !

হ'লেও পলাশৰ মনটো সন্দেহ ৰে ভাৰাক্ৰান্ত হ'ল । তাৰ আৰু ৰেখাৰ কথা অবিনাশ দুৱৰাই গম পালে নেকি ! 


- পেক লোৱা আকৌ ।

- অহ 

" চিয়েৰ্চ " 


              মাত্ৰ কেইমিনিট মানৰ ভিতৰতে পলাশ বাগৰি পৰিল । আৰু মই খংত তাৰ ডিঙিত মোচোকা মাৰি ধৰিছিলো " প্ৰেম কৰ , মোৰ পত্নীৰ ওপৰত চকু তোৰ । এতিয়া প্ৰেম কৰি থাক । এটা পৰুৱা মাৰি নোপোৱা মানুহ জনক মানুহ হত্যাকাৰী বনাই দিলি তই " । মই অতি সাৱধানে তাৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিছিলো ।


- আৰু এনেকৈ সংঘটিত কৰিলে আপুনি এটা হত্যাকাণ্ড ।

- হয় ছাৰ ।


                সেই সময়তে ৰেখাই মৰম লগা কনমানি জনীক লৈ সোমাই আহিছিল বৰুৱা ৰ কোঠালৈ । ৰেখাক দেখাত লগে লগে অবিনাশ দুৱৰাই ফেকুৰী উঠিছিল ।


- ৰেখা মোক ক্ষমা কৰি দিয়া ।

- মই এটা কথা বুজি নাপালোঁ মিষ্টাৰ দুৱৰা । আপুনি নিজৰ পত্নীক গুৰুত্ব দিয়া নাছিলে তেনে স্থলত আপুনি পত্নী ৰ এই অবৈধ প্ৰেমত কিয় জ্বলি মাৰিছিল ?

- ছাৰ , মোৰ এইজনী ইমান মৰম লগা , ইমান সহজ সৰল । তাইক দেখাৰ লগে লগে সকলোৰে মৰম জাগে । আৰু তেনে স্থলত মোৰ নাজাগিব নে । আপুনি তেওঁ ক এবাৰ সোধক মাইনা জন্ম নোহোৱালৈকে মই তেওঁ ক কিমান মৰম কৰিছিলোঁ । কিমান সুখত ৰাখিছিলো । মোৰ ৰেখা অবিহনে জীয়াই থকাৰ কল্পনা কৰিব নোৱাৰোঁ । কিন্তু হঠাৎ এজাক ধুমুহা ই মোক সলনি হবলৈ অভিনয় কৰিবলৈ বাধ্য কৰাইছিল ।

- ধুমুহা ! কি ধুমুহা দুৱৰা ?

- এজাক বিধ্বংসী ধুমুহা । মই এটা গুপ্ত ৰোগত ভুগিছিলো । সেই ৰোগৰ বেদনা মই কাৰো আগতে কোৱা নাছিলোঁ । মই ৰেখাক ও কব বিচৰা নাছিলোঁ । ভাৱিছিলো বেমাৰ হয় যেতিয়া এদিন নিশ্চয় ভাল হ'ব । কিন্তু ক্ৰমান্বয়ে মই এই বেমাৰৰ বেদনা বেছিকৈ অনুভৱ কৰিব লৈছিলোঁ । মই পলম নকৰি ডাক্তৰৰ ওচৰ চাপিছিলো । পৰীক্ষা নিৰীক্ষা ৰ অন্তত ডাক্তৰে মোক জনাইছিল যে মই " বিনাইন এনলাৰ্জমেন্ট অব প্ৰষ্টেট "নামৰ এক জটিল ৰোগত ভুগিছো । ডাক্তৰে মোক সকীয়াই দিছিল আপুনি কিন্তু ভুলটো যৌন সম্পৰ্ক নকৰিব । নহ'লে আপোনাৰ বিপদ নিশ্চিত । /p>


            সেয়াই ছাৰ , সেয়েহে মই ৰেখাক বাধ্য হৈ মোক বেয়া পাবলৈ শিকালো ।‌ মই ৰেখাৰ প্ৰতি গুৰুত্ব কমাই দিলোঁ ।‌ বেছি সময় বাহিৰতে কটায় আহো । বেছিকৈ মদ খাবলৈ ললো যাতে তাই মোক ঘৃনা কৰে । আপুনি কওক ছাৰ মোৰ জানো যৌৱন নাছিল ! মোৰ জানো মোৰ পত্নী জনীক মৰম কৰিবলৈ মন নাযায় । মোৰ মনটো সলনি হ'ব বুলি মই মোৰ ৰুম ও সলনি কৰি লৈছিলোঁ ।


             কথা খিনি কওতে দুৱৰাই বহু খিনি কষ্ট অনুভৱ কৰিছিল । দুৱৰা এজন হত্যাকাৰী হ'লেও বৰুৱা কিছু কোমল হৈ পৰিছিল ।


- কিন্তু দুৱৰা ঠিক আছে আপুনি আপোনাৰ পত্নীক বাধ্যত পৰি এনেকুৱা কৰিলে কিন্তু আপোনাৰ ছোৱালী জনীক কিয় আপুনি গুৰুত্ব নিদিয়ে ?

দুৱৰাই থিয় হৈছিল , ৰেখাৰ কোছৰ পৰা মৰম লগা পুতলা জনীক বুকুৰ মাজলৈ তানি আনিছিল ।

- আপুনি কওক ছাৰ এই ছোৱালী জনী ক মই মৰম নকৰাকৈ থাকিব পাৰোঁ নে ? যেতিয়া ৰাতি ৰেখাই ঘৰৰ কামত ব্যস্ত হৈ থাকে তেতিয়া মনে মনে মই তাইৰ ওচৰলৈ যাও । টোপনিত থকা ছোৱালী জনীক এবাৰ বুকুৰ মাজত লও । মৰমৰ চুমাৰে উপচায় দিওঁ । কিন্তু মই ৰেখাক দেখাই তাইক মৰম কৰা নাছিলোঁ । ৰেখাক দেখাই মৰম কৰিলে ৰেখাই মোৰ ওচৰ চাপিবলৈ চেষ্টা কৰিলে হৈ । তেতিয়া মই কি কৰিম ছাৰ ! কিন্তু ছোৱালী জনী ৰ , ৰেখাৰ প্ৰতিটো লাগতিয়াল সামগ্ৰী মই যোগান ধৰিছিলো । সেইদিনা ৰেখাই মোক কৈছিল ছোৱালী জনীৰ ভীষণ জ্বৰ । মই মনে মনে তাইক চাইছিলো হয় , তাইৰ বহুত জ্বৰ উঠিছিল । ৰেখাক দেখাই মই তাইক গুৰুত্ব নিদিলো । কিন্তু মই পিছদিনা অফিচ লৈ যোৱাৰ সময়ত ৰেখাৰ বিচনাত পাচ হাজাৰ টকা থৈ গৈছিলো । ভাৱিছিলো ৰেখাই তাইক ডাক্তৰক দেখাই আনিব । 


           কথা খিনি কৈ থাকোঁতে দুৱৰাৰ চকুৰে ধাৰাষাৰ চকু পানী সৰিছিল । কিন্তু সেই সময়ত এটা দৃশ্য ই বৰুৱা ক ও আবেগিক কৰি তুলিছিল । সেই কনমানি মৰম লগা জনীয়ে নিজৰ দেউতাকৰ চকুপানী বোৰ মোহাৰি দি আছিল ।‌ দুয়োখন হাতেৰে ডিঙিটোত খামোছি ধৰিছিল ।/p>


হঠাৎ ৰেখাই দুৱৰাক সাৱটি ধৰি হুকহুকাই কান্দিছিল । 


- মোক ক্ষমা কৰি দিয়ক আপুনি । কিন্তু এইবোৰ কথা আপুনি মোক কিয় খুলি নকলে ! কিয় । কিয় নিজৰ মনত এবুকু দুখ লৈ জীয়াই আছিল । আপুনি নাজানে নাৰী মানে ত্যাগ । নাৰীৰ প্ৰথম ধৰ্ম গুৰু স্বামী । আপোনাৰ কৈ মোৰ যৌৱন , মৰম ডাঙৰ নহয় । আপুনি শ্ৰেষ্ঠ আছিলে মোৰ মনত । মই কথাবোৰ বুজা নাছিলোঁ । সেয়েহে এদিন মই আপোনাক জ্বলাবলৈ এটা অবৈধ সম্পৰ্ক ত নামিছিলো । ভাৱিছিলো যিদিনা ধৰা পৰিম হয় সিদিনা ভাল হ'ব । নহয় বেয়া হ'ব । কিন্তু ,,,,,

- ক্ষমা তুমি মোক কৰি দিয়া ৰেখা । মই তোমাক বাধ্য কৰালো তোমাক এইবোৰ কৰাবলৈ ।

- তেনেকে নকব আপুনি ! মই বেছি দুখ পাইছিলো ,জ্বলিছিলো এই কাৰনে প্ৰথমতে আপুনি মোক ইমানে মৰম কৰিছিল মই মা - দেউতাৰ মৰম পাহৰি গৈছিলো । কিন্তু পিছত যেতিয়া আপুনি মোক গুৰুত্ব নিদিয়া হ'ল মই বলিয়া হৈ পৰিছিলো । আৰু শুনক আপুনি বিশ্বাস কৰক মই আপুনি থোৱা সেই পাচহাজাৰ টকা লোৱা নাই । মল্লিকা ই কৈছিল সেয়া হেনো আপুনি তাইক দি থৈ গৈছিল ।

- দেখিলে ছাৰ মোৰ ঘৰ ধ্বংস কৰাৰ মূলতে মোৰ ভগ্নী । মোৰ ঠাইত যদি তাই অকনমান ৰেখাক গুৰুত্ব দিলে হেঁতেন নিশ্চয় ৰেখা এনে নহয় ।

- আপুনি পলাশক হত্যা কৰাৰ আগতে মোক সকলো খুলি কৰে হেঁতেন তেতিয়া হ'লে সকলো ঠিক হৈ গ'ল হেঁতেন । কিন্তু আপুনি !

- মই বলিয়া হৈ গৈছিলো ৰেখা । মোৰ ধুনীয়া পত্নী জনীক ভালপোৱা ৰ অধিকাৰ মই মোৰ বাহিৰে কাকো দিব নোৱাৰোঁ ।

- দুৱৰা , মিছেছ দুৱৰা আপোনালোকে বাহিৰত অকনমান সময় কথা পাতক ।‌ কিছু সময় পাছত দুৱৰাক জেললৈ প্ৰেৰণ কৰা হ'ব ।


             এটা খুব দুখৰ মূহুৰ্ত । হয় কেতিয়াবা কিছুমান কথা বাধ্যত পৰি কৰা হয় । আজি দুৱৰা ৰ ও তেনে হ'ল । ভগবানে যে কাৰজীৱনত কি লিখিছে । তেনেতে বৰুৱা ৰ মনত পৰিল । পলাশ ৰ হত্যাকাণ্ড সংঘটিত হোৱা ঠাইত " R" লিখা এটা আঙুঠি উদ্ধাৰ হৈছিল । যিটো আঙুঠি ৰাধিকা ৰ বুলি নিয়ৰে বৰুৱা ক কৈছিল । কিন্তু ডাঙৰ কথা এইটো যে সেইদিনা ৰাধিকা ক নিয়ৰে লগ কৰিছিল , সেইদিনা তাইৰ হাতত সেই আঙুঠি টো দেখিছিল , সেইদিনা ই ৰাধিকা ই দ্ৰেছিং ৰ সন্মুখত আঙুঠি টো খুলি থওতে আঙুঠি টো হেৰাই থাকিল , সেই দিনটোতে নিয়ৰে পলাশ ক ভাবুকি দিছিল , আৰু সেইদিনা ই দুৱৰাই পলাশক হত্যা কৰিছিল । কিন্তু কি কাৰনত ৰাধিকা ৰ আঙুঠি টো তাত ওলাইছিল ! বৰুৱা ই ৰূপালী দত্ত ক নিজৰ কোঠালৈ লৈ আনিলে ।


- মিছেছ দত্ত ইতিমধ্যে পলাশ ৰ হত্যাকাৰী ধৰা পৰিল । সেয়া পলাশ থকা ভাড়া ঘৰৰ মালিক । কিন্তু এতিয়া কথা হ'ল সেইদিনা পলাশৰ মৃত্যু হোৱা ঠাইত এটা আঙুঠি পৰি আছিল যিটো আঙুঠি ৰাধিকা ৰ বুলি চিনাক্ত কৰা হৈছিল । কিন্তু ৰাধিকা ৰ আঙুঠি টো পলাশৰ ওচৰ পালে কেনেকৈ ?

- ছাৰ যিহেতু আপুনি গম পালে যে পলাশ আৰু ৰাধিকা একেটা লাইনৰ মানুহ । হয়টো পলাশৰ ৰুমলৈ কেতিয়াবা আহোতে এৰি থৈ গৈছিল ।

- না না মিছেছ দত্ত । পলাশৰ মৃত্যু হব ৰ দিনা দিনত সেই আঙুঠি টো ৰাধিকা ৰ হাততে আছিল ।

- কিন্তু ছাৰ ।

- সেইদিনা খন সন্ধিয়া ৰাধিকা ৰ দ্ৰেছিং আইনাৰ সন্মুখৰ পৰা আপুনি আঙুঠি টো চোৰ কৰিছিল ।

ৰূপালী দত্ত যে বাৰে বাৰে ধৰা পৰে বৰুৱাৰ সন্মুখত ।

- হয় , কৰিছিলোঁ ছাৰ ।

- বঢ়িয়া , এতিয়া কওক এই আঙুঠিটো পলাশৰ কোঠা কেনেকৈ পালে ?

- ছাৰ , সেইদিনা খন যেতিয়া নিয়ৰে পলাশ ক ভাবুকি দিলে তেতিয়া পলাশে বহুত ভয় খাইছিল । সেই সময়তে সি মোক ফোন কৰি সকলো ক'লে ।‌ আমি দুটাই সন্দেহ কৰিছিলোঁ সেয়া নিশ্চয় ৰাধিকা ক ভালপোৱা কোনোবাই হ'ব । সেয়েহে আমি ভাৱিলো ৰাধিকা ৰ আঙুঠি টো পলাশৰ হাতত থাকক । তেতিয়া সি পিছদিনা ৰাধিকা ক কব যেতিয়া তাক কোনোবাই মাৰিবলৈ আহিব যেতিয়া তাৰ হাতত এই আঙুঠি টো থাকিব নিশ্চয় মানুহে সন্দেহ কৰিব এই হত্যাকাণ্ড ৰাধিকা ই কৰিছে । আমি ভাৱিছিলো তেনেকৈ তাইক ভাবুকি দিলে আমি সুৰক্ষিত হৈ থাকিম । কিন্তু ,,,,,

- সেইদিনা ই পলাশৰ হত্যা সংঘটিত হ'ল । আপোনাক কিন্তু মানিছো মিছেছ দত্ত । 


             ইতিমধ্যে বৰুৱা ই কাবেৰী ক সকলো কথা অবগত কৰিলে । কাবেৰী ৰ মনটোত আজি বহুত স্ফুৰ্তি লাগিল ।  কাৰণ আজিৰ পৰা নিয়ৰ মুকলি আকাশৰ তলত ঘূৰিব পাৰিব ।


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


আগলৈ…

                    ক্ৰমশঃ © ৰাগ ৰঞ্জন


Assamese Storyboard




Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages