পিছদিনা অফিচত,
ৰুদ্ৰ: দিম্পি, এই তৃষ্ণা কলিতাই তেওঁৰ বায়দাতাৰ ফাইলটো জমা কৰোৱা নাছিল নেকি?( Assamese Storyboard )
দিম্পি: ছাৰ, তেওঁ ফাইলটো আনিছিল , মিঠু বাইদেউৱে নিজেই টেবুলত থৈ দিছিল।
ৰুদ্ৰ: কিন্তু মই যে বিচাৰি পোৱা নাই। তুমি এটা কাম কৰা তুমি বিচাৰি চোৱাচোন এবাৰ। যদি তেওঁ অফিচলৈ আহিল তেন্তে মোৰ কেবিনলৈ পঠিয়াই দিবা।
কিছুসময় পাছত তালৈ তৃষ্ণা আহিল। আজিও তাই মেক আপ অবিহনে শাৰী পিন্ধি আছিল। তাই ভিতৰলৈ আহি ৰুদ্ৰক গুড মৰ্নিং কলে।
ৰুদ্ৰই তৃষ্ণাৰ ফালে চালে," বেয়া লগা নাই, সাধাৰণ ভাবে থাকিও তুমি বৰ আকৰ্ষণীয়।" মনতে ভাবি সি লাহেকৈ মিচিকিয়াই দিলে।
তাক এনেদৰে মিচিকিয়াই থকা দেখি তৃষ্ণাই কলে," ছাৰ, আপুনি মোক মাতিছিল নেকি?"
ৰুদ্ৰ: হয়, আচলতে তোমাৰ বায়দাতা ফাইল তো বিচাৰি পোৱা নাই।
তৃষ্ণাই ইফালে সিফালে চোৱাত টেবুলৰ ওপৰতে ফাইলটো দেখা পালে,"ছাৰ, এইয়া মোৰ ফাইল। সন্মুখতেই থৈছিল মিঠু মেদামে।"
ৰুদ্ৰই ফাইলটো হাতত লৈ তাইৰফালে চালে," অ , এইটো সন্মুখতেই আছিল। কিন্তু মই তোমাৰ ফাইল বিচাৰি আছিলোঁ। এইটো কোনোবা ৰিয়া কলিতাৰ ফাইল হয়। ইয়াত সকলো কাগজ পত্ৰ ৰিয়া কলিতাৰ নামত আছে।"
তৃষ্ণাই মূৰ তল কৰি লাহেকৈ কলে," ছাৰ, মোৰ নামেই ৰিয়া কলিতা হয়।"
ৰুদ্ৰ: কিন্তু,তুমি তোমাৰ পৰিচয় তৃষ্ণা কলিতা হিচাপে দিলা। ৰিয়া হিচাপেও পৰিচয় দিব পাৰিলা হয়।
তৃষ্ণা: ছাৰ মই মাত্ৰ নিজক তৃষ্ণা কলিতা ৰূপে জানিব বিচাৰো।
ৰুদ্ৰ: অৱশ্যে ৰিয়া নামটোও বহুত ধুনীয়া হয়।
তৃষ্ণাই উদাস মনেৰে কলে," ছাৰ, মই নিবিচাৰো যাতে মোক কোনেও এইটো নামেৰে মাতে। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ এই নামটো যাতে এই ফাইলটো লৈকে সীমিত থাকে।"
ৰুদ্ৰ: কিন্তু এইটো কেনেকৈ হব পাৰে যে কোনোবাই নিজৰ নামটো ইমানেই বেয়া পায় যে নামটো শুনিবও পছন্দ নকৰে। আমাৰ নামেই আমাৰ পৰিচয় হয়। এনেকুৱা কি হল যে তুমি নিজৰ নামটো বেয়া পোৱা হ'লা? তথাপিও তুমি কিমানদীনলৈকে এই নামটো লুকুৱাই ৰাখিবা? কেতিয়াবা নহয় কেতিয়াবা তো এইটো নাম সন্মুখলৈ আহিবই "
তৃষ্ণাই খঙত কলে," চাওক ছাৰ, এইটো মোৰ ব্যক্তিগত কথা আৰু মই ইয়াত মাত্ৰ কাম কৰিবলৈ আহিছোঁ নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে আলোচনা কৰিবলৈ অহা নাই। গতিকে এইবোৰ কথা আপুনি ইয়াতেই শেষ কৰাটো ভাল হব। অথবা মই ইয়াত কাম কৰিব নোৱাৰো।"
ৰুদ্ৰই কিবা ভাবি কলে," চ'ৰি, মই তোমাক কষ্ট দিব খোজা নাচিলো। তুমি যাব পাৰা আৰু নিজৰ কাম কৰা।"
তৃষ্ণা তাৰ পৰা গুচি গল। তাই যোৱাৰ পাছত ৰুদ্ৰই ভাবিলে," হে ভগবান! এইগৰাকী মাত্ৰ দেখিবলৈহে মৰম লগা আৰু সাধাৰণ হয়। বাস্তৱত তো গোটেইজনী এটিটিউডৰ দোকান। মায়ে ঠিকেই কৈছিল কিবা তো বিশেষতা আছে তাইৰ মাজত। বহুত কিবা লুকুৱাই ৰাখিছে মনৰ ভিতৰত। বাৰু এওঁৰ লগত আগলৈ যাত্ৰা কেনে হয় চাওচোন। " ভাবি ভাবি সি হাঁহি দিলে।
ইফালে তৃষ্ণাই খঙত আহি নিজৰ টেবুলত বহিলে," মানুহে বেলেগৰ ব্যক্তিগত জীৱনত সোমাই কি মজা পাই কব নোৱাৰো।" তাৰ পাছত চকু মুদি দিলে। চকুৰ পৰা এটুপাল চকুলো বৈ আহিল। তাই চকুলো মোহাৰি মূৰটো জোকাৰি নিজৰ কামত লাগিল।( Assamese Storyboard )
লাহে লাহে ৬ মাহ পাৰ হল। গোটেই তিমটোৱে তাইৰ ভাল ব্যৱহাৰ আৰু প্ৰতিভাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তাই সম্পূৰ্ণ মনোযোগেৰে নিজৰ কাম কৰে। ৰুদ্ৰইও তাইৰ প্ৰতিভাৰ আগত সেও মানিলে। সিও তাইৰ কামবোৰৰ পৰা বহুত প্ৰভাবিত হল। তাৰ মাজতে অফিচৰ কেইজনমান কৰ্মচাৰীয়ে তৃষ্ণাক প্ৰেম প্ৰস্তাৱ দিলে কিন্তু তাই ভদ্ৰতাৰে মানা কৰি দিলে। ৰুদ্ৰই এই সকলোবোৰ জানিছিল। সিও তাইৰ এই সৰলতাক পছন্দ কৰিব ধৰিছিল।
তৃষ্ণাই এতিয়া হোষ্টেল এৰি ৰাধিকাৰ ঘৰলৈ গুচি গল। ৰাতিপুৱা অফিচলৈ যোৱাৰ আগতে তাই ৰাধিকাক ঘৰৰ কামত সহায় কৰি দিয়ে। ৰোহিয়ে তো অনবৰতে মা মা বুলি কৈ তাইৰ আগে পিছে দৌৰি থাকে। তৃষ্ণাইও তাইৰ লগত ইমান ধুনীয়াকৈ মিলি পৰিছিল যে ৰোহিৰ সকলো দায়িত্ব নিজৰ ওপৰত লৈ ললে। ৰোহি আৰু তৃষ্ণাক দেখি কোনেও কব নোৱাৰিব যে তৃষ্ণা তাইৰ নিজৰ মাক নহয়। তৃষ্ণাৰ যত্নৰ পায় ৰোহি সোনকালেই সুস্থ হৈ উঠিল। তাই এতিয়া লাহে লাহে সকলো কবলৈ শিকিলে।
এদিন অফিচত এখন ডাঙৰ দিল পাছ হোৱাৰ বাবে মিথুৱে পাৰ্টি দিয়াৰ কথা ভাবিলে। পাৰ্টি অফিচতে ৰখা হৈছিল। সকলোকে এদিন আগতেই কৈ দিয়া হৈছিল যে অহাকালি কোনেও অফিচত কাম কৰিব নালাগে মাত্ৰ পাৰ্টি হব। তৃষ্ণাই কথাষাৰ শুনাত মিঠুক কলে," মেম, কাইলৈ একো কাম নাই যদি মই অলপ দেৰিকৈ আহিব পাৰিম নে? আচলতে মোৰ অলপ ব্যক্তিগত কাম আছিল।"
মিঠু: ঠিক আছে তৃষ্ণা, কোনো কথা নাই তুমি লাহে ধীৰে কাম শেষ কৰি আহিবা।
তৃষ্ণা: ধন্যবাদ মেম।
পিছদিনা তৃষ্ণাই ৰোহিক ঘৰৰ ওচৰত এখন প্লে স্কুলত নাম ভৰ্তিৰ বাবে লৈ গল। আচলতে ৰোহি এতিয়াও সম্পূৰ্ণ ৰূপে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাছিল। ডাক্তৰেই তাইক প্লে স্কুলত লৈ যোৱাৰ কথা কলে। ডাক্তৰৰ মতে নিজৰ সমবয়সীয়া লৰা ছোৱালীৰ লগত থাকিলে তাই সোনকালেই ভাল হৈ যাব।
স্কুললৈ গৈ প্ৰথমে ৰোহিয়ে অলপ ভয় কৰিলে। তাৰ পাছত তৃষ্ণাই বুজোৱাত তাই লাহে লাহে বাকীবোৰ লৰা ছোৱালীৰ লগত কথা পাতিলে।
তৃষ্ণা: ৰোহি, তুমি মাৰ জান হয় নে , তুমি ষ্ট্ৰং হয় ন গতিকে ভয় নকৰে মাজনী। চোৱাচোন ইয়াত কিমানবোৰ বন্ধু আছে। সকলো তোমাৰ দৰেই মৰম লগা। তুমি এওঁলোকৰ লগত খেলিলে তোমাৰো ভাল লাগিব আৰু এওঁলোকৰো ভাল লাগিব।"
ৰোহি: সচাকৈ মা, এওঁলোকে মোৰ লগত খেলিব নে?
তৃষ্ণা: অ মাজনী, যোৱা এতিয়া আৰু সকলোৰে লগত কথা পাতা।
ৰোহি দৌৰি সিহঁতৰ ওচৰলৈ গল। ওচৰলৈ গৈ তাই ৰৈ দিলে। পিছফালে ঘূৰি চোৱাত তৃষ্ণাই তাইক আগলৈ যাবলৈ ইঙ্গিত দিলে। তাই সিহঁতৰ ওচৰলৈ গল আৰু লাহেকৈ কলে,' তোমালোকে মোল লগত বন্ধুত্ব কলিবা নে?'
সকলো লৰা ছোৱালীয়ে ৰোহিৰ ফালে চালে। ৰোহিক একেবাৰে দেখিবলৈ গোল মূল পুতলাৰ দৰেই লাগিছিল। সকলো তাইৰ ওচৰলৈ আহিল,"তুমি কোন হয়? মোৰ লগত খেলিবা নে? "
তেতিয়া তাই ফুৰ্তিৰে কলে," মই ৰোহি হয়, মাল জান হয় মই।"
তেতিয়া ছোৱালী এজনীয়ে কলে," তোমাল মা কত আথে?" তেতিয়া ৰোহিয়ে তৃষ্ণাৰ ফালে ইঙ্গিত দিলে। সকলোৱে তৃষ্ণাৰ ফালে চোৱাত তাইও হাঁহি দিলে। তাৰ পাছত ৰোহিয়ে সকলোৰে লগত খেলিব ধৰিলে।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment