আনফালে শ্ৰুতিয়েও পাৰ হৈ যোৱা ঘটনাবিলাক যে তাইৰ জীবনত ঘটিব সেইবোৰ কথা সপোনতো ভবা নাছিল( Assamese Storyboard )।তাইৰ ভাবিবলৈ টান লাগে তাইক বহুত মৰম কৰা সমীৰৰ পৰিয়ালে কিয় বাৰু প্ৰয়োজনীয় খিনি নিয়াৰ পাছতো ককয়েকক আকৌ যৌতুক খুজিলে।
তাইৰ মনটো ভাঙি গৈছিল।ঘৰলৈ ঘুৰি আহি বাকী থকা পঢ়া খিনি শেষ কৰি এম•কম পঢ়িব গুৱাহাটীলৈ যাওঁ বুলি ওলাইছিল।কিন্তু সেই সময়তে তাই বেংকত দি থোৱা ইণ্টাৰভিউ টোৰ ৰিজাল্টও দি দিছিল।তাইৰ চাকৰি হৈছিল।সেয়ে তাই আকৌ নপঢ়ি চাকৰি কৰিবলৈ বেলেগ এখন চহৰলৈ ঢাপলি মেলিছিল।( Assamese Storyboard )
চাকৰি পাই নতুন বন্ধু আৰু বান্ধৱী পাই শ্ৰুতিয়ে নতুন জীৱন এটিক আকোৱালি লৈছিল যদিও পাৰ হৈ অহা ঘটনা বোৰে তাইক মাজে মাজে অশান্ত কৰি তুলিছিল।কিন্তু তাইৰ অশান্ত মনটোক শান্ত কৰিবলৈ তাইৰ বান্ধৱী গাৰ্গী,জুৰি হতে তাইক বহু প্ৰকাৰে বুজনি দিছিল।তাইও পাৰ হৈ যোৱা কথাবোৰ বেয়া সপোন বুলিয়েই এৰি দিছিল।কিন্তু কেতিয়াবা অসহায় দুৰ্বল মুহুৰ্তত মনত পৰিলে আকৌ তাই অশান্ত হৈ পৰিছিল।
তাই পাহৰিব পৰা নাছিল যে সমীৰৰ মৰম মৰম যেন লগা কথাবোৰ।সেই মৰম যে তাইৰ এতিয়াও অন্তৰেৰে বিচাৰে সমীৰৰ পৰা।আচলতে প্ৰকৃততে ভাল পালে নিজৰ আপোনজনে হাজাৰ গুণ দুখ দিলেও গাত নালাগে- তাইৰো ক্ষেত্ৰত সেইটোৱেই হৈছিল।
-এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://বিচ্ছেদৰ-পিছত.in
( Assamese Storyboard )
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment