দিম্পি: গুড মৰ্নিং তৃষ্ণা,এতিয়া তোমাৰ শৰীৰ কেনে আছে?
তৃষ্ণা: গুড মৰ্নিং, মই এতিয়া ঠিকেই আছোঁ।( Assamese Storyboard )
দিম্পি: যোৱাকালি ৰিংকু চাৰৰ লগত তোমাৰ চিনাকি নহল, আজি গৈ চিনাকি হৈ লবা।
তৃষ্ণাই মূৰ জোকাৰি গুচি গল,"নাই মই লগ পাব নোৱাৰো তেওঁক। মই যিমান পাৰোঁ তেওঁৰ সন্মুখলৈ যোৱাৰ পৰা বাছি থাকিম।"
তৃষ্ণাই মিঠুৰ ওচৰলৈ গৈ ৰিপোৰ্ট কৰি নিজৰ টেবুলত আহি বহিলে আৰু যোৱাকালি এৰি থৈ যোৱা ডিজাইনবোৰ কম্পলিত কৰিলে।
ইফালে ৰিংকুয়ে নিজৰ কেবিনত বহি ৰিয়াক লগ পোৱাৰ উপায় বিচাৰি আছিল," মই যিকোনো প্ৰকাৰে ৰিয়াক মান্তি কৰাব লাগিব। তাইৰ লগত কথা পাতিব লাগিব আৰু পাপাৰ লগত ইয়াৰ পৰা গৈ কথা পাতিম। তেওঁ সকলো গম পাইছিল সেইকাৰণে মোক ইয়ালৈ পঠিয়ালে। অলপ আগতে পঠিয়াব নোৱাৰিলে নেকি? আগতেই পঠিয়াই দিয়া হলে মই এতিয়ালৈকে ৰিয়াক মান্তি কৰাব পাৰিলোঁ হয়। এফালে তাইৰ খং আৰু আনফালে সেই খুড়ী জনীয়ে যিদৰে তাইক নিজৰ ছোৱালী আৰু ৰোহিৰ মাক বুলি কৈছে। ৰুদ্ৰইও আৰু বেলেগ বিচাৰি নাপালে। সকলোৱে মোৰ ৰিয়াকেই পাই। কোনো কথা নাই, সি উভতি অহালৈ মই ৰিয়াক মান্তি কৰাম।"
ৰোহিৰ কথা মনত পৰাত তাৰ মুখত হাঁহি বিৰিঙি উঠিল,"ৰিয়া যিয়েই হওক লাগিলে, কিন্তু ৰোহিয়ে একদম তোমাৰ দৰেই কথা কয়। সেইদিনা মোৰ দ্বাৰা সেই ভুলটো নোহোৱা হলে আজি আমাৰো ৰোহিৰ দৰে কোনোবা জুনিয়ৰ ৰিয়া আৰু জুনিয়ৰ ৰিংকু থাকিল হয়।"
তাৰ পাছত ৰিংকুয়ে লেপতপত কিবা চাৰ্চ কৰিলে আৰু দিম্পিক মাতি পঠিয়ালে।
দিম্পি: হয় ছাৰ, মোক মাতিছিল?
ৰিংকু: অ দিম্পি এই যে মিষ্টাৰ গগৈৰ লগত যি দিল ফাইনেল হৈছে তাৰ ডিজাইন কাৰ ওচৰত আছে? ইয়াত একো স্পষ্ট হোৱা নাই।
দিম্পি: ছাৰ , সেইকেইটা ডিজাইন তৃষ্ণাই চাইছে। আৰু এতিয়া তৃষ্ণাৰ হাতৰ ডিজাইন ক্লাইণ্টে পছন্দ কৰিছে।
ৰিংকুয়ে মিচিকিয়াই," বহুত টেলেন্টেড হয় তেন্তে মিছ তৃষ্ণা। যোৱাকালি মিতিংত নাছিল যে সেইগৰাকীয়ে নহয় জানো?"
দিম্পি: হয় ছাৰ,যোৱাকালি তাইৰ গা বেয়া আছিল।
ৰিংকুয়ে মনৰ ভিতৰতে ভাবিলে," গা বেয়া হোৱা নাছিল মাত্ৰ মোক লগ কৰিব বিচৰা নাছিল। কেতিয়ালৈকে নো মোৰ পৰা লুকাই থকা চাওঁ।" তাৰ পাছত দিম্পিক কলে,"তুমি মিছ তৃষ্ণা ডিজাইনৰ সৈতে মোৰ কেবিনলৈ পঠোৱা আৰু তুমিও মিষ্টাৰ বৰাৰ ফাইলটো সম্পূৰ্ণ কৰি দিয়া প্লিজ।"
দিম্পি: 'হয় ছাৰ' বুলি কৈ তাৰ পৰা তাই গুচি গল। দিম্পিয়ে তৃষ্ণাৰ ওচৰলৈ গৈ কলে," তৃষ্ণা তোমাক ৰিংকু ছাৰে মিষ্টাৰ গগৈৰ ডিজাইনৰ ফাইলটো লৈ তেওঁৰ কেবিনলৈ মাতিছে ।"
তৃষ্ণাই অলপ ভাবি কলে,"কিন্তু দিম্পি, সেইটো ডিজাইনৰ প্ৰিন্ট আউত উলিয়াই মই ৰুদ্ৰ ছাৰক দি থৈছিলো।"
দিম্পি: নাজানো, কিন্তু ছাৰে কৈছে তাত একো স্পষ্ট হোৱা নাই আৰু তুমি ফাইলটো লৈ তেওঁক বুজাই দিয়া।
তৃষ্ণাই মনৰ ভিতৰতে কলে,"মই জানো, হয়তো তেওঁ কৰবাৰ পৰা মোৰ নামটো পঢ়িলে আৰু মোক লগ পোৱাৰ সুবিধা বিচাৰি আছে। তেওঁ জানিব বিচাৰিছে যে এই তৃষ্ণা তেওঁৰ ৰিয়া হয় নে বেলেগ কোনোবা। কিন্তু মইও আপোনাৰ ওচৰলৈ নাযাওঁ।" তাৰ পাছত তাই বেলেগ এজনী ডিজাইনাৰ পূজাক ফাইলটোৰ বিষয়ে বুজাই ৰিংকুৰ ওচৰলৈ পঠিয়াই দিলে।
কিছুসময় পাছত পূজা উভতি আহিল।
তৃষ্ণা: কি হল পূজা?
পূজা: তৃষ্ণা চাৰে খং কৰিছে মই যেতিয়া ডিজাইন বনুৱাই নাই তেন্তে স্পষ্ট কেনেকৈ কৰিম। তৃষ্ণা তুমিয়েই যোৱা। চাৰে বহুত খং কৰিছে।
তৃষ্ণাই ঠিক আছে বুলি কৈ ফাইলটো লৈ ললে। পূজাও নিজৰ টেবুললৈ গুচি গল। তৃষ্ণাইও ফাইলটো টেবুলত থৈ নিজৰ কামত লাগি গল।
"যদি সচাই এইটো ফাইলৰ প্ৰয়োজন হব তেন্তে নিজেই আহিব তেওঁ। মইতো যোৱাত নাই।" তাৰ পাছত মিঠুৰ ওচৰলৈ গৈ ডিজাইনবোৰ শুধৰাই ললে।( Assamese Storyboard )
ইফালে ৰিংকুৰ অপেক্ষা কৰি অৱস্থা বেয়া হৈ পৰিল।
"তোমাক টেবুলৰ পৰা উঠাই আনিবলৈ মন গৈছে মোৰ। কিন্তু এইয়া কৰিব নোৱাৰো নহয়। ইয়াত কোনেও নাজানে যে তোমাৰ যিজন ৰহস্য জনক স্বামীৰ কথা সকলোৱে জানিব বিচাৰে সেইজন মই হয় ।"
সি নিজৰ মন বহাবলৈ বেলেগ ফাইলবোৰ চালে। কিন্তু ৰিয়াক চোৱাৰ হেঁপাহে তাক একো কাম কৰিবলৈ নিদিলে। কিছুসময় পাছত সি মিঠু লৈ ফোন কৰিলে," আন্তি,আপুনি কেনেকুৱা অসভ্য ডিজাইনাৰক কামত ৰাখিছে? ৰাতিপুৱাৰ পৰা তিনি বাৰ মাতি পঠালো ফাইলবোৰ লৈ কিন্তু এতিয়ালৈকে অহা নাই।"
মিঠু: তুমি কাৰ কথা কৈছা ৰিংকু?
তৃষ্ণাই ৰিংকুৰ নাম শুনি মূৰ তল কৰি নিজৰ কাম কৰি থাকিল যেন তাই একো শুনা নাই।
ৰিংকু: তৃষ্ণা কলিতা , যাৰ ডিজাইনবোৰ মিষ্টাৰ গগৈয়ে পছন্দ কৰিছে।
মিঠুয়ে মিচিকিয়াই তৃষ্ণাৰ ফালে চাই কলে,"তেন্তে তুমি এতিয়ালৈকে তৃষ্ণাক লগ পোৱা নাই?"
ৰিংকু: নাই পোৱা আন্তি, ইমান অসভ্য ছোৱালী।
মিঠুয়ে বুজি পালে যে ৰিংকুয়ে এতিয়ালৈকে তৃষ্ণা কোন হয় গম পোৱা নাই,"ঠিক আছে তাইক পঠাইছোঁ ৰবা।" বুলি কৈ ফোনতো ৰাখি দিলে।
মিঠু: তৃষ্ণা,আমাৰ কোম্পানীৰ চি. ই.ও ৰিংকু কলিতাক লগ পালা নে?
তৃষ্ণাই নিজক চম্ভালি কলে," নাই মেম, এতিয়ালৈকে লগ পোৱা নাই।" তাৰ পাছত অচিনাকি হৈ কলে,"কি হল মেম?"
মিঠু: তেওঁ তোমাক ডিজাইনৰ ফাইলটো লগত লৈ মাতিছে , যোৱা লগ কৰি আহিবা।
তৃষ্ণাই সংকোচ কৰি কলে,"কিন্তু মেম, মইতো ডিজাইন বোৰ পূজাৰ হাতত দি পঠাইছিলোঁ আৰু মই এতিয়া বেলেগ কাম কৰিব লগাও আছে।"
মিঠুয়ে তাইক জোৰ কৰি পঠাই দিলে।
তৃষ্ণাই অনিচ্চাস্বত্তেও ৰিংকুৰ ওচৰত যাব লগা হল। ইফালে ৰিংকুয়ে মনৰ ভিতৰতে হাঁহি থাকিল," ৰিয়া , এতিয়া তো তুমি আহিবই লাগিব।" দুৱাৰ খোলা গম পায় সি লেপটপৰ ফালে চালে।
দুৱাৰত ৰিয়াই মাত লগালে," মই ভিতৰলৈ আহিব পাৰো নে ছাৰ?"
আজি প্ৰায় ৩ বছৰৰ পাছত ৰিয়াৰ মাতটো শুনি ৰিংকুৰ উশাহ বোৰ ঘন হল। সি নিজক চম্ভালি অচিনাকি হোৱাৰ দৰে কলে," হয় আহা।"
তৃষ্ণাৰো একেই অৱস্থা। তাই ৰিংকুৰ ওপৰত খং কৰি আছিল যদিও ৰিংকুৰ প্ৰতি ভালপোৱা এতিয়াও আছিল। সম্পূৰ্ণ ৩ বছৰৰ পাৰ হোৱাৰ পাছত তাই আজি সন্মুখত ৰিংকুক দেখা পাইছিল। তাই নিজক চম্ভালি ভিতৰলৈ আহিল,"ছাৰ, এইতো লওক ফাইল।"
ৰিংকুয়ে আৰু সহ্য কৰিব নোৱাৰিলে আৰু মূৰ দাঙি চালে।সন্মুখত তাৰ ভালপোৱা তাৰ ৰিয়া থিয় হৈ আছিল। সেই একেই ৰূপ এখন সাধাৰণ শাৰীত। মাত্ৰ কপালত ৰঙা এটি সৰু ফুট আৰু অলপ গুলপীয়া লিপষ্টিক।
তাৰ উশাহ বোৰ ঘন হব ধৰিলে...
"ৰিয়া".....
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment