"স্বাধীন স্বাধীন নহয় যেন স্বাধীন
মায়াৰ জঞ্জৰিত যেন ইয়ো পৰাধীন"
সুখবোৰ হেনো ক্ষণস্থায়ী আৰু দুখবোৰ .......? অশ্ৰুৰ আৱৰণেৰে ঢাৰান্বিত ভ্ৰেসনাত জীৱন চক্ৰৰ মায়াজালত বন্দী মানৱী জনম ( Assamese Storyboard )।পাৰাপাৰ নে পাৰহীন! দুখাঘ্নী নে দুখহীন!
অশ্ৰুগ্নি নে অশ্ৰুহীন! ক্ষুবদ্ধাৰিত, শোকাঘ্নীতা নে বেদনাৰ শশাংকৰ তপ্তলতা জঞ্জৰিৰ বন্যাৰ এখনি শোকৰ মেলা, কিন্তু কাহিনীও নুশুনা নুবুজা এক অবুজ সাঁথৰ ই। কাৰণ অবুজন সাঁথৰৰ গৰাকীৰ মন।
: ৰক্তিম আহিলা?
: উমম্ মা.............দেউতা ক'ত আছে?
: দেউতা অফিচলৈ ওলাইছে। তুমি আজি অফিচলৈ নোযোৱা নেকি?
: যাম মা। মই গাটো ধুই লওঁ তুমি কিবা এটা খাবলৈ দিয়া।
: ঠিক আছে আহা।
সাধাৰণ ভাবেৰে এটি সাধাৰণ মনেৰে আৰু এটি সাধাৰণ মানুহৰ দৰেই ৰক্তিম ভিতৰলৈ গ'ল। ৰুম পাই সি বাথৰুমত সোমাল। কাপোৰযোৰ খুলি টাৱেল এখন খুলি সি চাৱাৰটো খুলি দিলে।
" বৈ যাওঁক এই ক্ষণ, বৈ যাওঁক এই পল
বৈ যাওঁক এই জলৰাশিৰ সৈতে মোৰ জীৱন"
"মোক ক্ষমা কৰিবা মানসী। মই কেতিয়াও তোমাক দুখ দিবলৈ বিচৰা নাছিলোঁ আৰু কেতিয়াও নিবিচাৰোঁ। কাৰণ সচাঁ অন্তৰেৰে ভাল পাওঁ তোমাক। কালি ৰাতি তোমাৰ লগত কটোৱা প্ৰতিটো ক্ষণ, তোমাক কৰা প্ৰতিটো স্পৰ্শতেই মৰম সোমাই আছিল। তাত কোনো ছল নাছিল মানসী। তোমাক মায়ে ইয়ালৈ কেৱল সম্পত্তিৰ মাটিখিনিৰ লোভত মিছা মৰম দি আনিব বিচাৰিছে কিন্তু মই........"
: হেৰি শুনিছে...........ৰক্তিম আহিলে।
: হয় নেকি... মানসীও আহিছেনে?
: নাই অহা। কিন্তু তাই ইয়াক ক্ষমা কৰি দিলে। আজি তাই ককায়েকৰ বাবে ছোৱালী চাবলৈ লংকালৈ যাব হেনো! গতিকে আজি নাহিলে। মই কি ভাবিছোঁ জানে.......?
: কি?
: মই আজি তাইক ফোন এটা কৰিম আৰু এই সপ্তাহৰ ভিতৰতে সিহঁতৰ ঘৰলৈ গৈ তাইক লৈ আনিম। অলপ কন্দাকটা কৰি একটিং কৰিম আৰু।
: বেছ। ময়ো যাব লাগিবনে...?
: লাগিবতো। মই অকলে গ'লে কথাটো বেয়া নহ'ব নেকি?
: ঠিকে আছে দিয়া। সোনকালে কৰিবা কিন্তু। এটা কামতে ইমান দেৰি হ'লে কেনেকৈ হ'ব..…?.......…মাটিখিনিৰ কাম হোৱাই নাই। সেইখিনি হোৱাৰ পিছতহে অফিচটো বনোৱাৰ অন্য কামবোৰ কৰিব পাৰিম। আৰু তুমিটো জানাই এইটো মোৰ কিমান পুৰণা সপোণ। তাতে এই অফিচটোৰ বাবে সেই মাটিখিনিতকৈ আৰু উপযুক্ত মাটি গোটেই অসমতে নাই।
: মই জানো নহয় আপুনি বেলেগ চিন্তা নকৰিব। মই বাৰু যিমান পাৰি সোনকালে কৰিবলৈ ছে কৰিম।
: অ'কে আৰু বোৱাৰীৰ ককায়েকৰ বিয়াৰ আগতে কামখিনি কৰিব লাগিব বিয়াৰ পিছত নতুন ছোৱালী এজনী আহিলে কি হয় আৰু ঠিকটো নাই.......?
: হমম্।
: ব'লা মোক ভাত দিয়াগৈ মোৰ দেৰি হৈছে।
: আহক।
≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈≈
: ভন্টি হ'লনে নাই তোৰ? ইমান দেৰি কৰিছ' যে!
গাড়ীৰ ভিতৰৰ পৰা দিপে মানসীক মাত লগালে। যাযাবৰ নহয় যেন মৰমৰ উতলুৱা ককায়েক ভনীয়েকৰ এক নিভাঁজ মৰম। মৰমৰ নাওঁ খনে সদায় সিহঁতৰ পক্ষতে ভটিয়াই চলি আছিল আৰু আছে। মাথোন বঠা মাৰোতে কিছুদিন সিহঁত এজনে আনজনক দেখা পোৱা নাছিল। ভাতৃ ভগ্নীৰ স্নেহৰ নাওঁ খনৰ আকৌ দুয়ো বঠাধাৰী যাত্ৰী হ'ল। পাৰ্থক্য বুলিবলৈ বিশেষ একো নাই যদিও বৰ্তমান দুয়োৰে জীৱনলৈ নতুন সদস্যৰ আগমন ঘটিছে। অন্তৰখন দুয়োৰে বহল হৈ আৰু এজনক ঠাই দিব পৰা হৈছে।
পাটৰ বনকৰা এখন ধুনীয়া ৰিহা-মেখেলা। সেই একেই ফুলৰেই বনকৰা এখন ধুনীয়া চাদৰ, হাতত সোণৰ খাৰু, ডিঙিত সোণৰ চেইন আৰু কাণত সোণৰ ফুলি পিন্ধি সামান্যতম প্ৰসাধনৰ প্ৰলেপেৰে মুখখন সাতোৰঙী ৰামধেনুৰ দৰে উজ্বলাই বগা নীলা ৰঙৰ পৰ্দাখন হাতেৰে দাঙি তাই বাহিৰলৈ ওলাই আহিল। গাড়ীৰ দৰজাখন দিপে খুলি দিলে। চাদৰৰ আঁচলখন আগলৈ টানি তাই গাড়ীখনৰ সমুখৰ চিটত বহিল। লাজকুৰীয়া চঞ্চলাস্বৰূপ হাঁহিটোৱে যেন তাইৰ সৌন্দৰ্যৰ সোণত সুৱগাহে চৰাইছে।( Assamese Storyboard )
: ব'ল দাদা। যাওঁতে চেণ্ডোলৰ দোকানত সোমাই ভাল চেণ্ডোল এযোৰ কিনি ল'ব লাগিব। এই হাৱাই চেণ্ডোলযোৰ পিন্ধি আলহীৰ ঘৰতটো আৰু যাব নোৱাৰি দেচোন!
: ঠিক আছে। টাউনতে কিনি ল'বি।
: মা আহিছোঁ দেই, দেউতা আহোঁ।
: যা ভালকৈ যাবি।
: তাইৰ লগত ভালকৈ কথা-বতৰা পাতি আহিবি মুনু। জান' নহয় কি কি খথা পাতিব লাগে?
: মই জানো মা।
: ঠিক আছে যা।
গাড়ী খন ষ্টাৰ্ট দি গিয়েৰ লগাই এক্সিলেটৰ ডাল টিপি দি দিপজ্যোতিয়ে স্থবিৰ গাড়ীখনক ঘূৰন্ত মাত্ৰা প্ৰদান কৰিলে। ৰাস্তাৰ সকলোবোৰ ঘাঁহ-বন, গছ-গছনিক পিছলৈ ঠেলি সিহঁতৰ গাড়ীখন চলন্ত গতিৰে আগুৱাই গ'ল। লক্ষ্যক আগত লৈ কৰা এটা যাত্ৰাত গাড়ীখনৰ ভিতৰত যেন নিমাতী কইনাৰ আবিৰ্ভাৱ হ'ল।সোঁহাতত লৈ থকা মানসীৰ ৰঙা ৰঙৰ সৰু বেগটোত কালি ৰক্তিমে দিয়া এনড্ৰইড মোবাইলটো বাজি উঠিল। বেগটোৰ চেইনডাল খুলি তাই ফোনটো উলিয়াই ৰিচিভ কৰি বাওঁকাণৰ কাষলৈ নিলে। ভাহি আহিল সিফালৰ পৰা কিছুদিনলৈকে চিনাকি হৈও অচিনাকি আৰু কালি ৰাতিৰপৰা অচিনাকীৰপৰা চিনাকি হোৱা ৰত্নাকৰৰপৰা বাল্মিকী হোৱা এজন পুৰুষৰ এটি পুৰুষসুলভ কণ্ঠ ----
: হেল্ল'........
: মানসী....!
: কোৱা ৰক্তিম?
: তোমালোক পালাগৈ জানো?
: নাই ঘৰৰপৰা ওলাই অহা পোন্ধৰ মিনিট মান হৈছেনে।
: অ' ভালকৈ যাবা। গৈ পায় মোক ফোন এটা কৰিবা।
: ঠিক আছে। তুমি কি কৰি আছা?
: মই অফিচ পাই চহীটো কৰি কেবিনলৈ আহি এইয়া এতিয়া তোমাৰ লগত কথা পাতি আছোঁ।
: অ' হ'ব দিয়া তেন্তে..... ৰাখিছোঁ।
: ঠিক আছে, Have a wonderful journey.
: Thanks a lot.
ফোনটো কাটি তাই পুনৰ ৰঙা ৰঙৰ বেগটোৰ ভিতৰত ফোনটো ভৰাই থ'লে। ফোনটো উলিয়াওঁতে আৰু সুমুৱাওঁতে তাইৰ হাতৰ খাৰু আৰু বেগটোৰ চেইন কেইডাল লগ লাগি এটি চনচননিৰ শব্দৰ সৃষ্টি হ'ল। আসস্ কি যে মধুৰ এই ক্ষণ, কি যে মধুৰ এই শব্দ। অমূলীয়া চিৰপৃথক আমোলমোলীয়া শব্দটিত হোৱা তাইৰ অনুভৱটি ধ্বনি হিচাপে প্ৰকাশ কৰিবলৈ যেন তাইৰ গোলাপীয়া ৰঙৰ লিপষ্টিক সনা ওঁঠদুখনত শব্দৰ অভাৱ। অভাৱ সেইক্ষণত তাইৰ জীৱনত দুখৰ। ভৰ বাৰিষাকালত বানপানীত মাছৰ উজান উঠাৰ দৰে তাইৰ জীৱনটো যেন এতিয়া সুখৰ উজান উঠিছে। কিন্তু বানপানী আৰু সেই বানপানীত উজান দিয়া মাছ দুয়োটাই ক্ষণস্থায়ী, ই চিৰস্থায়ী নহয়।
"সুবাসিত, পুলকিত আজি ধৰণিতে ধৰাৰ
মন মদাৰৰ পিপোহাত শব্দচলাৰ ছায়া।
ছায়া মূৰ্তিৰ বিষাদেৰে আগুৰা ই যেন
নৈবদ্য দাত্ৰীৰ এক কোমল ভাষা।"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment