নিবিৰ আহি পালত ৰীতাই ক'লে -"সোনকালে হাত মুখ ধুই লোৱা চাহ খাই লোৱা আৰু তাৰ পাছত ........!! ( Assamese Storyboard )
"তাৰ পাছত কি........!!!
"একো নাই!! প্ৰথমতে হাত মুখ ধুই লোৱা চাহ খাই লোৱা আৰু তাৰ পাছত কৈ আছোঁ!!"
নিবিৰে গৈ হাত ভৰি ধুই আহিল! মনোজৰ মাকে তালে চাহ লৈ আহিল আৰু সি খাবলৈ ধৰিলে!! তাৰ পাছত তেওঁ নিবিৰৰ সন্মুখত থিয় দিলে যেন কিবা ক'বলৈ আছে!!
"নিবিৰে ক'লে-"কোৱা খুৰী কি ক'ব খুজিছিলা!"
"কিৰণ দুবাৰ আহিল বৃস্তিৰ ওচৰলৈ যাবলৈ!!"
নিবিৰে আচৰিত হৈ ক'লে-" তুমি বৃস্তি কথা কেনেকৈ জানা?"
"মই সকলো জানো!" মনোজৰ দেউতাক ঢুকুৱা পাছত কিমান যে সমস্যা আহিল !! কিন্তু আমি সকলোবোৰ হাঁহি হাঁহি সমাধান কৰি ল'লো!!
"এতিয়া মোৰ ল'ৰাটো লাহে লাহে নাইকীয়া হোৱা দৰে হৈ পৰিছে!!মই কেনেকৈ সহ্য কৰিম? কৈ কৈ ৰীতাৰ চকুত চকু পানী ভৰি পৰিল!!"
"নাজানো সেইটো যে কি বেয়া সময় আছিল!! যেতিয়া মোৰ হাঁহি মাতি থকা ল'ৰাটোৱে সেই ছোৱালীজনীক লগ পাইছিল!!"
নিবিৰ তুমি কিবা এটা কৰা !! মইয়ো বিচাৰোঁ মোৰ বোৱাৰী এজনী হক!!নাতি-নাতিনী হক !!কিবা কৰি তুমি তাক বুজোৱা !!যাতে মই তাৰ বিয়াখন পাতি দিব পাৰোঁ!!
নিবিৰে ক'লে-"খুৰী সিটো আজি কালি মোক একোৱেই নকয়! কিন্তু মই এতিয়া কিবা এটা খাটাং কৰিম!!"
"চাহ খাই হ'লত সি কাপটো মেজত থৈ কিৰণক মাতিলে আৰু সিহঁতি উলাই গ'ল!! আৰু অলপ পাছত সিহঁতি বৃস্তি ঘৰ গৈ পালে!!"
বৃস্তিয়ে সিহঁতি যোৱা দেখি বহুত ভাল পালে!! বৃস্তিয়ে সিহঁতক বহিবলৈ দি কিবা বনাবলৈ গ'ল!!
অলপ পাছত টেবুলত চাহ সজাই থোৱা আছিল!!সকলোৱে চাহ খালে!!
মনোজক লৈ আমাৰ বহুত আশা আছিল!! যেতিয়া আমি গুৱাহাটীলৈ আহিব উলাইছিলো............. আমি তোমালোকক ক'ব বিচাৰিছিলো!! কিন্তু আমাক নেহাই কবলৈ নিদিলে!!!!!!
বৃস্তিৰ মাকে ক'লে -"মই এওঁলোকক সকলো কথা কম তুমি যোৱা আহাৰ বনাবলৈ প্ৰস্তুতি কৰা!!"
"বৃস্তি পাকঘৰ লৈ গ'ল আৰু মাকে সিহঁতক কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে!!"( Assamese Storyboard )
"কিছুমান কাম আমি নকৰিলেও তাৰ ভুক্ত ভোগি হ'ব লাগে!! নেহা দেউতাক আৰু বৃস্তি দেউতাক ককায়েক ভায়েক আছিল!!"
নেহাৰ দেউতাক আগতে শিৱসাগৰতে আছিল!! তাৰ পাছত তেওঁৰ চাকৰি হ'ল ইয়ালৈ গুচি আহিলে!!
তাৰ পাছত নেহাৰ দেউতাক বেমাৰত পৰি আছিল আৰু এদিন তেওঁ ঢুকাল!! নেহাই আগৰ পৰাই পইচা-পাতিৰ অভাৱ পোৱা নাছিল!! সেই কাৰণে তাই তেনেকুৱা হৈ গৈছিল!!
"কিন্তু পৰিস্থিতি বেলেগ আছিল!! আমি গাঁৱত থাকিছিলো!! এটাই ল'ৰা সিটো ইয়াতে পঢ়ি আছে.....!! আমি প্ৰথম বাৰ মনোজক দেখোতে ভাবিছিলো বৃস্তিৰ বিয়া মনোজৰ লগত পাতি দিম!!"
যেতিয়া আমি ৰাতি এই বিষয়ে পাতি আছিলোঁ!!নেহাই চিঞৰি উঠিল আৰু ক'লে-"আপোনালোকে মনোজৰ লগত বৃস্তিক বিয়া দিব নোৱাৰে!!"
"নেহা আমাৰ তালৈ তেতিয়া ফুৰিবলৈ গৈছিল!! সেই কাৰণে আমি বেছি তাইক একো নক'লো!!"
সেইদিনা ৰাতি তাই ক'ৰবাত গুচি গ'ল!! আমি বহুত ভয় খালো আৰু তাইক বিচাৰি ইয়ালৈ আহিলোঁ!!! আমিও ইয়াতে থাকিম বুলি ঠিক কৰিলোঁ!!
"আমি গম পালো যে তাই ঘৰতে আছে!! তাৰ পাছত পৰা আমি তাইক আৰু লগ নকৰিলোঁ!! কাৰণ তাইৰ আচাৰ ব্যৱহাৰ ভাল নাছিল!! এনেকুৱা লাগে যেন তাই মানসিক ৰোগী হে!!"
সৰু পৰাই একো অভাৱ নাছিল!! তাৰ পাছত দুখীয়া হ'ল আৰু দেউতাকো ঢুকাল!!........... এইবোৰ ঘটনাৰ পিছত তাইৰ মনত বেয়া চাপ পৰিলে!! তাৰ পাছত তাই অক্ষুৰৰ দৰে কাম কৰে !!যিটি কৰে!!
মই তোমাক এই কাৰণে মাতিছিলো যে যদি মনোজৰ মাকে বৃস্তিক পচন্দ কৰে!! তেতিয়া আমি সিহঁতৰ বিয়া কথা পাতিব পাৰোঁ!!
কথাটো শুনি নিবিৰ বহুত আনন্দিত হ'ল আৰু ক'লে-"হ'ব মই গৈ তেওঁক কম!!"
মনোজে কফি হাউচলৈ গৈ পাই দেখিলে নেহা আগৰ পৰাই তাত ৰৈ আছে!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment