তুমিতো তাৰ কথা ভালদৰে নুশুনা।সেয়ে গাৰ্গী হঁতৰ লগ লাগি তোমাৰ লগত ইমান খিনি নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰিবলগীয় হ'ল।এতিয়া মই যিখিনি কম ভালদৰে শুনিবানে?( Assamese Storyboard )
ঃঘটনাৰ আকস্মিকতাত তাই মুক হৈ ৰৈ গৈছিল।গাৰ্গী হঁতৰ মুখলৈ ৰ লাগি চাই ৰৈছিল কিয় সিহঁতে তাইক গুৰুত্ব দিয়া নাছিল ভালকৈয়ে বুজিছিল তাই
ঃপ্ৰশান্তদা শ্ৰুতিক আপুনি বুজোৱাতকৈ সমীৰেই সকলোবোৰ বুজাই কলেই ভাল হব নেকি?জুৰিয়ে প্ৰস্তাৱ দিলে
সকলোৱে সিহঁত দুটাক কথা পাতিব দি ৰূমটোৰ পৰা ওলাই আহিল।যাওতে সিহঁত দুজনীয়ে কৈ গ'ল- কেকটো দুয়ো অকলেই নাখাবি দেই আমি আহি আছো।
সমীৰক ওচৰত পাই শ্ৰুতিৰ খংটো কৰ্পূৰৰ দৰে উৰি গ'ল।নকোৱাকৈয়ে যেন তাইও সকলোবোৰ বুজি পালে।তাৰ ভিজা চকুজোৰে যেন সকললো কথাই কৈ গ'ল তাইক।
জানা সু আমাৰ কোনো ভুল নাছিল।আমাৰ দেউতাইয়ো কথাবিলাক ভালদৰে কব নাযানে।বুঢ়া হৈছে যে।ওচৰৰ মানুহ খিনিয়ে কোৱা কথাবোৰ শুনিহে দেউতাই তোমাৰ ককায়েৰাক কৈছিল তেনেকৈ।কিন্তু তোমাৰ খুৰাই ভুল বুজিলে আমাক।হঠাৎ পৰিস্থিতি ইমান বেয়ালৈ লৈ গ'ল যে আমাৰ সত্যতা প্ৰতিপন্ন কৰাৰ একো সুযোগেই বাকী নাথাকিল
সমীৰৰ একেষাৰ কথাতেই তাই সকলোবিলাক কথা বুজিব পাৰি মনটো দুখেৰে ভৰি পৰিল।মিচাতে তাক ইমান দিনে তাই ভুল বুজি আছিল।ঃ
সু কোৱাচোন তোমাৰ খুৰাই যে মোৰ পৰা লৈ গৈছিল তোমাক এতিয়া তোমাৰ খবৰ ৰাখেনে তেওঁ?নাৰাখে নহয়?চাবা এটা সময়ত সকলোৱে কামবিলাক বেছি বেছি দেখাই কৰে কিন্তু পিছলৈ তেওঁলোকৰে সময় আৰু ইচ্ছাও নাথাকে ভাবিবলৈ।সেইবাবে সিদ্বান্তবিলাক নিজৰ পৰিয়ালক লবলৈ দিয়া উচিত।সেইদিনাখন যদি তেওঁ হুলস্থুল নকৰি কথাখিনি বুজি ললে হেতেন আজি আমাৰ এই পৰিস্থিতি নহল হেতেন।
অলপ ৰৈ সি আকৌ কৈ উঠে,
ঃমই বহুত কষ্টত আছো সু।বলা ঘুৰি গৈ আকৌ আমাৰ সংসাৰ খন সম্পূৰ্ণ কৰি তোলো।
হঠাৎ যেন তাইৰ ভাব হ'ল তাই শাপ মুক্ত অহল্যা।ৰামচন্দ্ৰৰ দ্বাৰা মুক্ত হোৱা অহল্যাৰ দৰে তাইও যেন সমীৰৰ দ্বাৰা তাইৰ দুখবিলাকৰ পৰা মুক্তি পোৱা শ্ৰুতি।
আবেগ বোৰ দমাই ৰাখিব নোৱাৰি তাই একেবাৰে গৈ সমীৰৰ বুকুৰ মাজত কান্দি উঠিল।এইখিনি সময়ত যেন আৰু তাইৰ সমীৰৰ বুকুখনৰ বাহিৰে নিৰাপদ ঠাই বেলেগ একো নাই আৰু সিয়ো সকলো দুখ পাহৰি তাইক আকোৱালি লৈ ফেকুৰি উঠিল।তাইক পোৱাৰ হেপাহত সি যেন তাইক এৰিকেই নিদিব।দুয়োজনৰে দুখবোৰ বৰফ গলা দি গলি যেন চকুৰ পানীৰ সৈতে ওলাই আহিল।( Assamese Storyboard )
এনেকৈ কিমান সময় আছিল মনত নাই।হঠাৎতে সোমাই অহা মালাই কৈ উঠিল,
আমি বেয়া সময়ত আহিলো নেকি।ভাবিছিলো শ্ৰুতিয়ে ইতিমধ্যে সমীৰৰ দাত কেইটা ঘুচিয়াই ভাঙিয়েই দিলে।চাবলৈ আহি দেখো কথাটো ওলোটাহে হ'ল।এতিয়া কেকটো কাটিবহে লাগে।
সিহঁত সুখী হোৱা দেখি বাকী সকলো বিলাক বন্ধু বান্ধৱীয়েই সুখী হৈছিল।শেষত সমীৰেই এটা প্ৰস্তাব আগবঢ়াইছিল শ্ৰুতিৰ লগত ডেন্স কৰাৰ প্ৰস্তাব।সকলো উৎফুল্লিত হৈছিল তাৰ প্ৰস্তাবত।আৰু আনফালে শ্ৰুতিজনী,তাই লাজতে যেন মৰহিহে গৈছিল।তথাপিও তাৰ অনুৰোধ এৰাব নোৱাৰি তাৰ লগত নাচিবলৈ বাধ্য হ'ল।
৯)
ঃসু ঘৰত কেতিয়ালৈ জনাবা আমাৰ কথাটো।মই নোৱাৰিম আৰু তুমি অবিহনে জীয়াই থাকিব।
ঃআপুনি কলে নে ঘৰত?
ঃমইতো কেতিয়াবাই কৈ দিলো।তোমাক আকৌ ঘুৰাই পাব বুলি জানি বহু সুখী এতিয়া মা-দেউতা।
কৈ থাকোতে তাৰ চকু মুখ উজ্বলি উঠে
ঃমোৰ ঘৰত মানি লব জানো?
ঃনামানিলে মই মৰি থাকিম ও সু।এই দুবছৰ যেন মোৰ দুটা যুগ আছিল জানা
তেনেহলে এই দুবছৰে মোক কিয় মনাই লোৱা নাছিল?মইও আপোনাৰ অবিহনে কিমান কষ্ট পাইছিলো আপুনি জানো বুজি পাব?
ঃসেই সময়ত যে তোমাৰ বুজি পোৱা শক্তি নাছিল।বহুত সৰু আছিলা মোৰ টিকলি জনী হৈ।মই সঠিক সময় অহালৈ অপেক্ষা কৰিছিলো।মাজতে প্ৰশান্তক লগ পাই তোমাক পোৱাৰ বাট সুগম হ'ল।মই তোমাৰ প্ৰতিটো সময়ৰে খবৰ লৈ আছিলো সু।তুমি আকৌ ভুল বুজিবা বুলি হে তোমালৈ আগবাঢ়ি অহা নাছিলো।
ভালপোৱা বিলাক লাহে লাহে বাঢ়ি গৈ থাকে। আজি- কালি তাইৰ মুখত অনবৰতে হাঁহি এটি লাগিয়েই থাকে।তাইৰ সুখত সমীৰৰ লগতে জুৰি,গাৰ্গী,আৰু প্ৰশান্তহতো সুখী হৈ পৰে।সিহঁত দুজনৰ ঘৰখন আকৌ পাতি লোৱাৰ বাবে কৈ উঠে।
( Assamese Storyboard )
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment