দ্বিতীয় দিনা,
আজি তৃষ্ণাৰ মনটো পোৱাৰে পৰা বিচলিত হৈ আছে। তথাপিও ৰোহিক প্লে স্কুলত থৈ অফিচলৈ গুচি গল( Assamese Storyboard )। আজি অফিচত বহুত বেছি ব্যস্ততা। এইবোৰ কিয় হৈছে তাই বুজি পোৱা নাই। তেতিয়াই তাই দিম্পিক ফাইল কেইটামান লৈ আহি থকা দেখা পালে। তাই দিম্পিক সুধিলে," আজি কিবা বিশেষ আছে নেকি?"
( "আধৰুৱা বিবাহ" ধাৰাবাহিক খনৰ সমূহ পাঠকবৃণ্ডক জনাই দিব বিছাৰো যে ২৩/৮/২১ ৰ পৰা ৪ বজাৰ সলনি দিনৰ ১১ বজাত প্ৰতিদিনে ধাৰাবাহিক খন প্ৰকাশ পাব।সেয়ে সময়মতে ধাৰাবাহিকখন উপভোগ কৰিবলৈ গুগুলত চাৰ্ছ কৰিব smj24.in ধন্যবাদ।)
দিম্পি: আজি গুৱাহাটীৰ পৰা ৰিংকু ছাৰ আহিব আৰু ৰুদ্ৰ ছাৰ ৰাতিলৈ লণ্ডণলৈ যাব সেই বাবে চি ই ও পদটো এতিয়া ৰিংকু চাৰে চম্ভালিব। তাৰেই প্ৰস্তুতি চলি আছে।
তৃষ্ণাই নামটো শুনি অলপ আচৰিত হল," কি নাম ক'লা তুমি এতিয়া নতুন চি. ই.ও জনৰ?"
দিম্পি: ৰিংকু ছাৰ, তুমি তেওঁক চিনি পোৱা নেকি?
তৃষ্ণাই নাপাওঁ বুলি মূৰ জোকাৰি দিয়াত দিম্পিয়ে কলে," মই এই ফাইলবোৰ চাৰৰ কেবিনত থব লাগিব গতিকে মই যাওঁ। তুমি মনত পেলাই মিটিংত যাবা। আজি ৰিংকু চাৰৰ চিনাকি পৰ্ব আছে।"
তৃষ্ণাও নিজৰ কেবিনৰ ফালে গল," গুৱাহাটীত মাত্ৰ এজন ৰিংকুয়েই আছে নেকি কিবা? আৰু বহুত আছে।" তাইক কোনোবাই মাত লগালে। 'এইটো মাত দেখোন ৰিংকু দাৰ হয়।' পিছফালে ঘূৰি চোৱাত তাই ৰিংকুক ৰুদ্ৰৰ লগত আহি থকা দেখিলে। তাই তৎক্ষণাত লুকাই দিলে। ৰিংকু ৰুদ্ৰৰ লগত তাৰ কেবিনলৈ গল।
তৃষ্ণাই সোনকালে নিজৰ কেবিনলৈ গল," মই যাব লাগিব, মই এতিয়া তেওঁক লগ পাব নোৱাৰো। কিন্তু তেওঁ মোক দেখা নাই তো? নাই নাই ,দেখা হলে পিছলৈ ঘূৰি নিশ্চয় চালে হয়। মই এতিয়া ঘৰলৈ গুচি যোৱাটোৱেই ভাল হব। মই এতিয়া তেওঁৰ সন্মুখীন হব নোৱাৰো।" মুখৰ ভিতৰতে কৈ তাই দিম্পিক মেছেজ এটা কৰি তাৰ পৰা গুচি আহিল ।
ইফালে ৰিংকুৰ ও কিবা এটা অনুভৱ হল। নিজৰ মনতে ভাবিলে," এনে লাগিল যেন ৰিয়া ইয়াতেই মোৰ ওচৰে পাজৰে আছিল। তাইৰ উপস্থিতি মই অনুভৱ কৰিলো। তাইক এতিয়া বাহিৰত দেখা যেন লাগিল। যদি সচাই তাই আছিল তেন্তে হয়তো তাই ইয়াত চাকৰি কৰে । কিন্তু তাইক বিচাৰি উলিয়াম কেনেকৈ?"
তেতিয়া ৰুদ্ৰই তাক কলে," কিছুসময় পাছত হলত মিটিং আছে তোমাৰ কৰ্মচাৰী সকলৰ লগত। তেওঁলোকৰ লগত তুমি চিনাকি হব লাগিব।"
ৰিংকুয়ে শুনি সকাহ পালে," বাৰু ভালেই হল, যদি ৰিয়াই ইয়াত চাকৰি কৰে তেন্তে নিশ্চয় মিটিংলৈ আহিব।" কথাষাৰ ভাবি হাঁহি দিলে।
কিছুসময় পাছত কণফাৰেন্স ৰুমত সকলো আহি উপস্থিত হল। সি চাৰিওফালে চালে কিন্তু ৰিয়াক দেখা নাপালে। সি দিম্পিক সুধিলে,"সকলো আহিল নে?"
দিম্পিয়ে কলে," কেৱল মিছ তৃষ্ণা অহা নাই।"
ৰুদ্ৰই সুধিলে,' তৃষ্ণা কিয় নাহিল? ৰাতিপুৱা তো অফিচলৈ আহিছিল।
দিম্পি: হয় ছাৰ, কিন্তু হঠাৎ তাইৰ শৰীৰ অসুস্থ হোৱাৰ বাবে চুটি বিচাৰি মেছেজ কৰি গুচি গল
ৰুদ্ৰই কথাষাৰ শুনি চিন্তিত হৈ কলে," তুমি এইটো কথা এতিয়া কৈছা। আগতেই কব লাগিছিল ন। কেনেকৈ ঘৰলৈ গল ঠিক নাই?"
তেতিয়াই মিঠু তালৈ আহিল," কি হল ৰুদ্ৰ? "
ৰুদ্ৰ: হয় মা, তৃষ্ণাৰ হঠাৎ গা তো বেয়া লগা কাৰণে ঘৰলৈ গুচি গল।
মিঠু:' অ মই কথা পাতিলো তাইৰ লগত। তাই এতিয়া ঠিকেই আছে'
ৰুদ্ৰই স্বস্তিৰ নিশ্বাস লৈ কলে," ঠিক আছে তেনেহলে মিটিং আৰম্ভ কৰোঁ।"( Assamese Storyboard )
তাৰ পাছত গোটেই কৰ্মচাৰী সকলৰ লগত ৰিংকুক চিনাকি কৰাই দিলে। কিছুসময় পাছত সকলো নিজৰ নিজৰ চকীত গৈ বহিলে। ৰিংকু ও ৰুদ্ৰৰ লগত তাৰ কেবিনলৈ গল। ৰিংকু কিছুসময় পাছত ৱাছৰুমলৈ গল। ৰুদ্ৰইও চকীত বহি তৃষ্ণাৰ কথা ভাবিবলৈ ললে," ভাবিছিলোঁ আজি হেঁপাহ পলুৱাই তোমাক চাম। তোমাক অলপ আমনিও কৰিম। এতিয়া তো আৰু তিনি মাহ পাছত হে তোমাক দেখা পাম। কিন্তু তুমি তো ঘৰলৈ গুচি গ'লা। মোৰ ওচৰত তো তোমাৰ ফোন নম্বৰো নাই যে তোমাক মই গা ভাল পালা নে বুলি সুধিব পাৰো। মাৰ পৰা নম্বৰ খুজিব নোৱাৰো। কোনো কথা নাই তুমি আৰাম কৰা। এতিয়া আৰু লণ্ডনৰ পৰা অহাৰ পাছতহে তোমাক লগ পাম। আৰু অ, তেতিয়ালৈকে যদি তোমাৰ স্বামী আহি নাপায় তেন্তে তোমাৰ এষাৰ কথা ও নুশুনো কিয়নো তোমাৰ মুখত উদাসতা মোৰ ভাল নালাগে। মই কথা দিছোঁ, ৰোহিক আৰু তোমাক পৃথিৱীৰ সকলো সুখ দিম।" সি মনৰ ভিতৰতে কথাবোৰ ভাবি হাঁহি দিলে।
সন্মুখত ৰিংকুয়ে বহি তাক চাই আছিল,"ৰুদ্ৰ এতিয়া উভতি আহা আৰু।" ৰুদ্ৰই উচপ খাই উঠিল আৰু ৰিংকুয়ে হাঁহি দিলে," তেন্তে আপুনি তৃষ্ণাৰ চিন্তাত মগন।"
ৰুদ্ৰ আচৰিত হল," নহয় নহয়" তাৰ পাছত মূৰটো খজোৱাই কলে," তোমাক কোনে কলে?"
ৰিংকু: ইয়াত কব লগীয়া কি আছে? সকলো তোমাৰ চেহেৰাতেই দেখি আছোঁ। যিদৰে তুমি দিম্পিক তৃষ্ণাৰ কথা লৈ কৈ আছিলা তেতিয়াই গম পাইছিলোঁ। অৱশ্যে এই তৃষ্ণা হয় কোন?
ৰুদ্ৰ: কি কম তৃষ্ণাৰ বিষয়ে? তাই একদম যাদু হয় যাদু। আমাৰ কোম্পানীৰ ডিজাইনাৰ তিমৰ মেম্বাৰ হয় আৰু মাৰ প্রিয় ডিজাইনাৰ। বিশ্বাস নকৰিবা তুমি, মই তাইৰ সৰলতাৰ ওপৰত প্ৰথম দিনা অলপ কমেণ্ট কৰিছিলোঁ কিন্তু মায়ে তাইৰ যি হে গুণ গালে। মই তো ভাবি আচৰিত হৈছিলোঁ যে একেবাৰে সাধাৰণ ভাবে থকা সদায় শাৰীত মেৰ খাই থকা ছোৱালী এজনী কেনেকৈ ইমান ক্ৰিয়েটিভ ডিজাইনাৰ হব পাৰে। কিন্তু সময়ৰ লগে লগে তাই মোৰ চিন্তা ধাৰাক সলনি কৰি দিলে আৰু নিজৰ প্ৰতিভাৰ প্ৰমাণ দিলে। তাৰ পাছত মই তাইৰ সৰলতাৰ প্ৰেমিক হৈ পৰিলোঁ।
ৰিংকু: তুমি মনৰ কথা তাইক কৈছা নে?
ৰুদ্ৰ: নাই কোৱা , বাঘিনীৰ দৰে মোৰ ওপৰত জঁপিয়াই পৰে। কথা পাতিবলৈ চেষ্টা কৰিলেই কয় কোনো পাৰ্চনেল কথা নহব।নতুবা চাকৰি এৰি গুচি যাম বুলি কয়।
কথাবোৰ শুনি ৰিংকুয়ে হাঁহি দিলে," তেন্তে তোমাৰ লগত যুঁজিব পৰা।"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment