চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১৩ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 6, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১৩ ): Assamese Storyboard

Assamese Storyboard


চাৰিজন বন্ধুৱে হতভম্ব হৈ শুনি আছিল । তাৰ পাছত নয়নে ক'লে,"আপুনি মন্দিৰৰ দৰ্জা খুল খালত কিয় চিঞৰিছিল"?

( Assamese Storyboard )


যিজনী গৰাকী দেৱীৰ মই ইমান দিনে পূজা কৰিছিলোঁ। তেওঁৰ ওচৰত এগৰাকী দুষ্ট যাদুগৰনীক দেখিলে মোৰ খঙ উঠে আৰু মই খঙতেই চিঞৰি উঠিছিলো। তোমালোক ভিতৰলৈ আহোঁতে তোমালোকে ভয় কৰিবা বুলি মই মনে মনে গৈ চুকত বহি আছিলোঁ। তাৰ পাছত যেতিয়া পূজা শেষ হ'ব হৈছিল তোমালোকক বলী দি দিব বুলি মই জোৰে জোৰে খুঁটাবোৰত খুন্দিয়াই আছিলোঁ।


মই তোমালোকক বচাব বিচাৰিছিলো আৰু যেতিয়া তোমালোক বাহিৰলৈ আহিলা মই তোমালোকৰ হাতত দেৱী মাৰ তৰুৱাল দেখিলোঁ আৰু মই  জানিছিলো যে এইখনেই মোক এই ৰূপৰ পৰা মুক্তি দিব । সেইকাৰণে মই দাঁত কৰচি তোমালোকৰ ওপৰত জপিয়াই পৰিলোঁ।

( Assamese Storyboard )

ৰমেনে সুধিলে ,চন্দালিকাৰ ৰূপ কেনেকৈ সলনি হৈ গ'ল? তেতিয়া ৰামচন্দ্ৰই ক'লে তাই সেই ৰূপটো যাদু কৰি ধাৰণ কৰি আছিল । যেতিয়া তোমাৰ বন্ধুৱে তাইক স্পৰ্শ কৰিলে তাইৰ ৰূপ সলনি হৈ গ'ল। সেই কাৰণে তাই তোমালোকক চুব মানা কৰি থৈছিল। এতিয়া এই দুষ্টজনীৰ পৰা মন্দিৰটো মুক্ত হ'ল। কিন্তু এতিয়াও বাহিৰত ৰত্নাকৰৰ আতংক বিৰাজমান হৈ আছে।সি বহুত মায়াৱী মানুহ । 


পূৰ্ণিমা আৰু অমাৱস্যাত তাৰ শক্তি আৰু বেছি বাঢ়ি যায়। চন্দালিকাই দেৱী পূজা কৰি কৰি বহুত শক্তি প্ৰাপ্ত কৰি লৈছিল। যাৰ ফলত তাই তাৰ লগত যুদ্ধ কৰিব পাৰিছিল। কিন্তু এতিয়া তোমালোকে নিজেই ইয়াৰ পৰা সাহস কৰি উলাই যাব লাগিব মই বাহিৰলৈ যাব নোৱাৰোঁ। তেতিয়া নয়নে ক'লে আমি যদি আজি ইয়াত ৰাতি  থাকি কাইলৈ ৰাতিপুৱা গুচি যাও।তেতিয়াটো ৰত্নাকৰ নাইকীয়া হ'ব ন । ৰামচন্দ্ৰই লগা লগ মূৰ লৰাই ক'লে , যদি আজি ৰাতি তোমালোকে ইয়াত থাকি দিয়া তোমালোক আৰু কেতিয়াও ইয়াৰ পৰা উলাই যাব নোৱাৰিবা আৰু ঘৰৰ মানুহ কেতিয়াও লগ নাপাবা। সেই কাৰণে সোনকাল কৰা আৰু ইয়াৰ পৰা যোৱা।


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages