জীৱনৰ ৰংঘৰটো মৰম নামৰ ইটা গঁঠা। কিন্তু ই বৰ চনকা। অদূৰ ভৱিষ্যতৰ সম্ভেদ নোপোৱা এক অজানিত মনৰ সন্ধানত এক মানৱ ৰূপী ভিন্ন ভিন্ন পক্ষী( Assamese Storyboard )। অসীমত যেনেকৈ সীমনাৰ পৰিধিৰ অভাৱ হয় তপ্ত বলুকাত সৃষ্টি হোৱা হেলাৰঙী আচল ছবিখনৰো সত্বা জাগ্ৰত নহয়। প্ৰেম জীৱনৰ এক অভিচেদ্য অংশ। কিন্তু এই প্ৰেম যে সমাজৰ নিয়ম মতেই হ'ব ইয়াৰ কোনো মানে নাই। কাৰণ প্ৰেমে নামানে জাতি ভেদ, বয়স কিম্বা লিংগ। প্ৰেম হৈছে অন্ধ।
গানটোৰ প্ৰতিটো শব্দত বিলীন হৈ মানসীয়ে চকুহাল মুদি দি চিটটোতে মূৰটো পেলাই গানটো অনুভৱ কৰিলে। অনুভৱৰ পৃথিবীলৈ আগমন ঘটিল নিদ্ৰাদেৱীৰ। তন্দ্ৰলতাৰ গ্ৰহণত শিৰচ্ছেদি ভাৱনাৰ ৰাগগোঞ্জৰিত এটি আভাসময়ী কল্পাতুৰ বিষম্বাৰৰ কালাত্মক দিশৰ আবিৰ্ভাৱ হ'ল।
: অ'ই ভন্টি, উঠ, পালোহি আমি।
: হা............ অ'।
: তোৰ কিন্তু ভাল টোপনি গ'ল দেই।
: উমম্।
: তই কাপোৰযোৰ ল' আৰু মই মিঠাইৰ টোপোলাকেইটা লওঁ।
: ঠিক আছে।
"নূন্যতম পোৱাৰ হাবিয়াস
ক্ষুদ্ৰতম হেৰুৱাৰ যন্ত্ৰণা
কিন্তু পাই হেৰুৱাৰ অকল্পনীয়
যন্ত্ৰণাৰ এটি যন্ত্ৰকিত মই।"
: আহিলা তোমালোক।
: হয়।
ভিতৰৰপৰা মুখত এটা হাঁহি লৈ এজন ভদ্ৰ মানুহ ওলাই আহিল। সম্ভৱতঃ হ'বলগীয়া কইনাৰ দেউতাক।
: আহোঁতে একো কষ্ট হোৱা নাই নহয়।
: নাই খুড়া। বুলি কৈ মানসীয়ে ভৰিখন চুই সেৱা জনালে।
: হ'ব হ'ব ঈশ্বৰে তোমাৰ মংগল কৰক।
: তুমি দিপজ্যোতিৰ ভন্টি নহয় জানো?
: হয় মইয়ে এইৰ ভন্টি আৰু এই য়ে মোৰ দাদা অ' নহয় নহয় এইয়ে মোৰ ভন্টি আৰু মইয়ে এইৰ দাদা...... হা হা।
: হা... হা...।
দিপজ্যোতিয়ে চিনাকি কৰাই দিয়াত তাই মানুহজনক "নমস্কাৰ" জনালে।
: হ'ব মাজনী ......তোমাৰ নাম কি?
: মানসী........মানে মানসী হাজৰিকা।
: অ' আহা আহা ভিতৰলৈ আহা।
: হেৰা তেওঁলোক আহিলে ওলাই আহা আকৌ।
এটা আছাম টাইপৰ চহা গাঁৱলীয়া অসমীয়া মানুহৰ ঘৰ। ঘৰটোৰ ভিতৰৰ হলসদৃশ পৰ্টিক ৰুমত সিহঁত বহি আছে। মূৰৰ ওপৰত ঘূৰন্ত গতিত চলি আছে দুখনকৈ ফেন। ঘড়ীৰ টিক্ টিক্ শব্দটোৰ বাহিৰে কোঠাটোত অন্য একোৰে মাত নাই। সম্পূৰ্ণ নিস্তব্ধ কোঠালি এটাৰ বৰ্তমানৰ নিবাসী সিহঁত। অ' অৱশ্যে মাজে মাজে দুটা এটা জেঠীয়ে মাতি আছে। সিহঁতে নিজৰ কৰ্ম কৰি আছে। কাৰণ কৰ্মই ধৰ্ম। ই পশু-পক্ষী, পোক-পতংগ, গছ-গছনি সকলোতে চিৰবিৰাজমান।
ভালদৰে মানসীয়ে কোঠাটো লক্ষ্য কৰিলে। এখন সাধাৰণ গৃহস্থীৰ এটা সাধাৰণ কোঠা। চৌকেচ এটাত ফুল, পুতলা আৰু অন্যান্য খেলনা সামগ্ৰীৰে ভৰি আছে আৰু ওপৰতে আছে এটা মস্ত ডাঙৰ টিভি। কোঠাটোৰ চাৰিওফালে আছিল কেলেণ্ডাৰ, ফুলৰ থোপা আৰু জাপি। দুখন প্ৰাকৃতিক চিত্ৰৰ আলোকসজ্জাৰে সজ্জিত চিত্ৰই ৰুমটো অলপ আকৰ্ষণীয় কৰি তুলিছিল। বহুকেইখন চোফাৰে আগুৰা ঠাইখিনিৰ মাজত এখন টেবুল আৰু তাৰ ওপৰতে আছিল এটা ফুলদানি।
: পিয়াহ লাগিছে চাগৈ তোমালোকৰ.....পানীখিনি খাই লোৱা।
সম্ভৱতঃ কইনাৰ মাক। এগৰাকী ভদ্ৰ অসমীয়া মহিলাই আহি প্লেট এখনত দুটা পানীৰ গিলাছ আনি সিহঁতৰ সন্মুখত ৰাখিলেহি। অভ্যৰ্থনাত অকণো ক্ৰুতি ৰখা নাই তেওঁলোকে।
: নমস্কাৰ দেই মোৰ নাম ৰেখামণি বৰুৱা। মই ৰূপাংকৃতাৰ মাক।
"অ' বৌৰ নাম মানে ৰূপাংকৃতা। ছেঃ কথাৰ কোবতে ইমান গুৰুত্বপূৰ্ণ কথাটোনো বাৰু মই মাক সুধিবলৈ পাহৰিব লাগেনে!"
: অ' নমস্কাৰ মোৰ নাম মানসী হাজৰিকা। মই ইয়াৰ ভন্টি।
কিয় জানো আজি তাই নিজৰ নামটোৰ "হাজৰিকা" বুলি কৈ বৰ ভাল লাগিছে। গৌৰৱ অনুভৱ কৰিছে তাই। দুখবোৰে যেন তাই লগ এৰিছে। শাম কাটিছে।( Assamese Storyboard )
: আৰু মোৰ নামটো জানিবলৈ মন যোৱা নাই নেকি?মই কইনাৰ বাপেক হয়।
: অ' কওঁকচোন খুড়া।
: মোৰ নাম বীৰবিজয় বৰুৱা।
:অহহ্। বহুত শক্তিশালী নাম।
: হা......হা.......
: পানী খোৱা।
: হয়।
দুয়োটাই ঘট্ ঘট্ কৈ পানীগিলাছ খালে। দুয়োটাৰে অণ্ঠ-কণ্ঠ শাঁত পৰি গ'ল।
: বৌক মাতি দিয়কচোন।
: অহ্ ৰ'বা........মাইনা....... মাইনা...... আহা আকৌ।
কঁকাললৈকে পৰা একোছা দীঘল চুলি, মিঠাবৰণীয়া ৰঙ, এটা ৰঙচঙীয়া যৌৱনসুলভা থকা হাঁহিৰে সৈতে এগৰাকী গাঁৱলীয়া শিক্ষিতা ছোৱালী। সিহঁতক দেখি তাই খপজপকৈ উৰণীখন লোৱা দেখি মানসীয়ে ক'লে ------
: বৌ নালাগে দিয়া উৰণীখন ল'ব আমিহে আহিছোঁ।
হাতত লৈ অনা তামোল-পাণ, চপগুটিৰে ভৰা কাঁহৰ বটাতো সিহঁতলৈ আগবঢ়াই দিলে।মানসীয়ে বিশেষ একো নল'লে যদিও হিৰামণি কেইটামান খালে।
: বৌ এইখিনিতে বহা।
ৰূপাংকৃতায়ো লাজলাজকৈ মানসীৰ কাষতে বহিল।
: বৌ এইটো লোৱা।
: কি?
: কাপোৰ....... পাটৰ কাপোৰ। দাদাই কালি তোমালৈ আনিছে।
তলমূৰকৈ থকা মূৰটো ওপৰমূৰ কৰি লাজকৈ দিপজ্যোতিলৈ চোৱা এটা হাঁহিৰে ভৰা ৰূপাংকৃতাৰ মুখখন মানসীয়ে বাৰুকৈয়ে লক্ষ্য কৰিলে।
: বৌ কিনো কথা পাতিম আৰু। তোমাৰ বিষয়ে সকলো গম পাইছোৱেই । এটা কথা কোৱাছোন...!
: কি কথা?
: তোমাৰ সপোণ কি মানে তোমাৰ কি কৰাৰ মন আছে? আমাৰ ঘৰলৈ বিয়া হৈ অহাৰ পিছতো তুমি তোমাৰ সপোণবোৰ পূৰ কৰিব পাৰিবা,পঢ়িব পাৰিবা, কিবা কৰিব বিচাৰিলে মানে চাকৰি-বাকৰি কৰিব পাৰিবা। ন' দাদা....!
:উমম্।
: মোৰ সিমান ডাঙৰ সপোণ নাই কিন্তু মোৰ শিক্ষকতা কৰাৰ বহুত মন আছে যিটো মই কৰিও আছোঁ বৰ্তমান। আৰু পি.এছ.ডি. কৰাৰ এটা সপোণ আছে।
: বঢ়িয়া।
================================
: আৰে ভন্টি তই?
: অ' মই কি হ'ল..?
: নাই আহ আহ।
ৰক্তিমৰ মাহীয়েক আহি সিহঁতৰ ঘৰ পোৱাত ৰক্তিমৰ মাকৰ গাত তত নাইকিয়া হৈছে।
: বহ বহ।
: উমম্।
: ৰহ মই চাহ আনোগৈ।
: নালাগে মই যাওঁৱেই বজাৰ কৰিবলৈ আহিছোঁ ভাবিলোঁ তোৰ ঘৰটো এপাক সোমাই যাওঁ।
: ভালেই কৰিলি।
: মই আৰু এটা কাৰণে আহিছোঁ।
: কিবা...?
: মই যছ কৈছিলোঁ ছোৱালীজনীৰ কথা মনত আছেনে তোৰ?
: উমম্ আছে আছে.....কি হ'ল?
: এইখন চা তাইৰ ফ'টো।
: বৰ ধুনীয়া দেই।
: উমম্। বাপেকে বেংকত কৰে বহুত টকা। বৰ ধনী মানুহ। আৰু মই ঘৰ ক'ত তোক কৈছিলোঁ নেকি?
: উমম্ কৈছিলি লংকাত নহয় জানো..!
: হয়।
: তই খালি এই কুলক্ষণী জনীক বাবাৰ জীৱনৰ পৰা আঁতৰ কৰ তাৰ পাছত কি কৰিব লাগে মই কৰিম।
: ৰহ এইজনী তাই ঘৰলৈ আহি লওঁক তাৰপিছত মাটিখিনি আমাৰ নামত কৰি ল'লেই তই চাই থাক কেনেকৈ মই তাইক এইখন ঘৰৰপৰা গটিয়াই বাহিৰ কৰি দিওঁ।
: মজজা্।
: বাৰু এইৰ নামটো কি?
: ৰহ্ পাহৰিলোৱেই নহয় নামটো নামটো কি আছিল। কিবা ৰ লগাই আছিল। এহহ্ পাহৰিলোঁ যা। মই মনত পৰিলে তোক ফোন কৰি কৈ দিম দে।
: ঠিক আছে।
: হ'ব দে মই যাওঁ এতিয়া। বজাৰলৈ যাব আছেই নহয়।
: চাহ একাপো নাখালি.....
: পিছত আহিলে খাম এতিয়া দেৰি হৈছে চাহ তাহ খাই নাথাকো যাওঁ।
: ঠিক আছে যা তেন্তে।
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা হৈছে জনাব।।)
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment