কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৩৫ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 18, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৩৫ ) ? Assamese Storyboard

Assamese Storyboard

 

 

দিল্লীত,

  তৃষ্ণাই ৰোহিক লগত লৈ এখন কিতাপৰ দোকানলৈ গল। তাই তাত  এখন ড্রইংৰ কিতাপ লবলৈ গৈছিলAssamese Storyboard )। তেনেকুৱাতে কোনোবাই মাত লগালে," হাই মিছ চুপাৰফাষ্ট, ইয়াতো অকলে।"

তৃষ্ণাই মূৰ দাঙি সন্মুখত ৰুদ্ৰক দেখি কলে,"ছাৰ, আপুনি ইয়াত।"

ৰুদ্ৰ: অ মই ইয়াত, কিয় মই ইয়ালৈ আহিব নোৱাৰো নেকি? এইখন তোমাৰ ব্যক্তিগত দোকান নেকি?

তেতিয়া ৰোহিয়ে হাঁহি মাৰি সুধিলে,"মা, এইখন কি দোকান হয়?"

তেতিয়া ৰুদ্ৰই তাইক কোলাত দাঙি কলে," হাই পুতলা, মইতো তোমাক দেখাই নাছিলোঁ।"

ৰোহি: খুড়া মোক নমাই দিয়া, মায়ে কৈছে অচিনাকি মানুহৰ লগত কথা পাতিব নালাগে। মই ঠিকে কৈছোঁ নে মা?

তৃষ্ণা: 'অ মাজনী, তুমি ঠিকেই কৈছা ' বুলি কৈ তাই ৰোহিক ৰুদ্ৰৰ কোলাৰ পৰা আঁতৰাই আনিব খোজাত সি কলে," আমি নো কত অচিনাকি পুতলা? সেইদিনা পাৰ্টিত লগ পাইছিলোঁ হে আমি।"



ৰোহিয়ে তাইৰ গালত এটা আঙুলি থৈ চিন্তা কৰিলে,"অ আপুনি তো মাৰ অফিচৰ আংকল জন হয়।"

তৃষ্ণাই দুয়োকে কথা পতা দেখি ৰুদ্ৰক কলে,"ছাৰ, অলপ সময় ৰোহিক চাব নে ? মই পইচা তো দি আহোঁ।" ৰুদ্ৰই হব বুলি মূৰ জোকাৰিলে।

ৰুদ্ৰ: এতিয়া গম পালা, আমি অচিনাকি নহয়। সেইকাৰণে তোমাক মই কোলাত লৈছোঁ। এতিয়া আমি ফ্রেণ্ড হব পাৰো নে?"

ৰোহি:' ঠিক আছে , এতিয়াৰ পৰা আমি ফ্রেণ্ড।' ৰোহিয়ে তাইৰ কণমানি হাতেৰে ৰুদ্ৰক হাত মিলালে আৰু ৰুদ্ৰই তাইৰ কপালত চুমা আঁকি দিলে।

তৃষ্ণাও আহিল আৰু ৰোহিক কোলাত তুলি কলে," ধন্যবাদ ছাৰ, ৰোহিৰ ধ্যান ৰখাৰ বাবে। বাৰু আমি এতিয়া যাওঁ।"

ৰুদ্ৰ:  ব'লা মই তোমালোকক থৈ আহোঁ।

তৃষ্ণা: নালাগে ছাৰ আমি যাব পাৰিম।

ৰুদ্ৰ: মই তোমাক থৈ আহিলে কি হব নো?

তৃষ্ণা:আচলতে মই বিনামূলীয়াকৈ সহায় লব বেয়া পাওঁ।

ৰুদ্ৰ: ইয়াত নো কি সহায়ৰ কথা আহিল? আমি বন্ধু হয় আৰু বন্ধত্বত এইবোৰ চলে।

তৃষ্ণা: ক্ষমা কৰিব ছাৰ, আমি কেতিয়াও বন্ধু হোৱা নাচিলো আৰু ভৱিষ্যতেও নহওঁ।



ৰুদ্ৰ: আৰে ৰিয়া, ছ'ৰি তৃষ্ণা তুমিতো বেয়াই পালা। অৱশ্যে তোমাৰ স্বামী কত আছে দেখা নাপালোঁ যে? তোমাক এৰি থৈ গুচি যোৱা নাই তো?

তৃষ্ণা: ছাৰ, সীমা চেৰাই নাযাব।

ৰুদ্ৰ: ছ'ৰি ছ'ৰি পাৰ্চনেল কথা নহয়।

তেতিয়া ৰোহিয়ে হাঁহি দিলে,"আপুনি ইমান ছ'ৰি কয়।"

ৰুদ্ৰইও হাঁহি দিলে । তেতিয়াই তৃষ্ণাই অতো এখন ৰখাই গুচি গল।

ৰোহিয়ে ৰুদ্ৰক বাই ফ্রেণ্ড বোলি কোৱাত সিও কলে।

কিছুসময় অ'টু খন চাই থকাৰ পাছত ৰুদ্ৰই আহি নিজৰ গাড়ীত বহিল," ৰিয়া, ছ'ৰি তৃষ্ণা। মোৰ বাবেতো তুমি তৃষ্ণা হৈয়ে থাকিবা কিয়নো যিটো তোমাৰ পছন্দ নহয় সেইটো মোৰো অপচন্দ।  কিন্তু তোমাৰ সেই স্বামী। কিন্তু মোৰ এনে কিয় লাগে যে তুমি কিবা লুকুৱাই ৰাখিছা। বাৰু তেওঁ আৰু তোমাৰ জীৱনলৈ উভতি নাহিলেই হয়। কিয়নো তোমাৰ জীৱনত এতিয়া মই আহিব বিচাৰো। তোমাৰ মুখত হাঁহি বিৰিঙাব বিচাৰো। তোমাক কেতিয়াও হাঁহি থকা দেখা নাই কিন্তু বিশ্বাস আছে যে কোনো সৰগৰ পৰিতকৈ কম নোহোৱা তুমি।" আৰু সি আগবাঢ়ি  গুচি গল।Assamese Storyboard )

দ্বিতীয় দিনা অফিচত ৰুদ্ৰৰ মন বহা নাছিল। সি কামৰ অজুহাত দেখুৱাই তৃষ্ণাৰ ওচৰলৈ আহিল," হেল্ল চুপাৰফাষ্ট কি কৰিছা?"

তৃষ্ণাই মূৰ দাঙি এবাৰ চালে আৰু নিজৰ কামত লাগি গল। তাইক মনে মনে থকা দেখি ৰুদ্ৰই কলে," জানা নে , যোৱাকালি তুমি যোৱাৰ পাছত মই তাত বহুত দেৰি ৰৈ থাকিলোঁ। কিন্তু তোমাৰ স্বামী নাহিলেই। তেওঁৰ মাজত নো এনে কি বিশেষতা আছে যে তেওঁক লগ কৰাই দিব নিবিচৰা তুমি? মোতকৈ ও দেখিব ধুনীয়া নেকি? কেতিয়াবা মোৰ সন্দেহ হয় তোমাৰ স্বামী আছে নে নাই?" তৃষ্ণাই বিৰক্তি পায় তাৰ পৰা উঠি গুচি গল।

তেতিয়াই মিঠু কেবিনলৈ আহিল।ৰুদ্ৰক তাত দেখি আচৰিত হৈ কলে," তুমি ইয়াত আৰু তৃষ্ণা কত?"



ৰুদ্ৰ: মা, আচলতে মই তৃষ্ণাৰ লগত অলপ ডিজাইনৰ বিষয়ে আলোচনা কৰিব আহিছিলোঁ। কিন্তু চোৱাচোন, মোক ইয়াত থৈ তাই কত গুচি গল?

মিঠু: কিবা কামত ব্যস্ত আছে চাগে। বাৰু তুমি মোৰ কেবিনলৈ ব'লা তোমাৰ লগত অলপ কথা আছে।

ৰুদ্ৰ: ঠিক আছে মা।

মিঠুয়ে তাক ফাইল এটা দি কলে," গুৱাহাটীৰ পৰা কলিতা চাৰৰ ফোন আহিছিল। তেওঁ কৈছিল যে ৰিংকু আজি ইয়ালৈ আহিব। অহাকালিৰ পৰা সি অফিচ জইন কৰিব।"



ৰুদ্ৰই আনন্দিত হৈ কলে,"ৱাহ মা! এইটো বহুত ভাল খবৰ। কিমান দিনৰ পাছত যে ৰিংকুক লগ পাম। অৱশ্যে মা মইও লণ্ডনৰ বাবে কাইলৈ যাব লাগিব কিয়নো মই তাত পৰহিলৈ মিটিং ফাইনেল কৰিলোঁ। অৱশ্যে মা ,মই ভাবিছিলোঁ ইয়াৰ পৰা ভাল ডিজাইনাৰ কেইজনমান তালৈ লৈ যাওঁ। হয়তো তাৰ ডিজাইনাৰৰ লগ হৈ কিবা বেলেগ ডিজাইন দিব পাৰে নেকি।"

মিঠু: ঠিক আছে, তুমি যি ভাল বুলি ভাবা কৰিবা। প্ৰথমে কাইলৈ ৰিংকুক সকলো হেন্ড অভাৰ কৰাৰ কথা চিন্তা কৰা।


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages