নেহাৰ দেউতাকে চাকৰি পোৱা পাছত গুৱাহাটীলৈ আহি ৰক্তিমৰ দেউতাকৰ লগত চিনাকি হৈছিল!! ( Assamese Storyboard )
তাৰ পাছত তেওঁলোক ভাল বন্ধু হৈ পৰিল!! তেওঁলোকে সৰুতেই ৰক্তিম আৰু নেহাৰ বিয়া ঠিক কৰি থৈছিল!!
ৰক্তিম আৰু নেহাৰ কলেজ শেষ হ'ব হৈছিল আৰু তেওঁলোকে সিহঁতৰ বিয়া পাতি দিয়া কথা ভাবিছিল!!
ৰাতি ৰক্তিমৰ মাকে তাক নেহাৰ লগত বিয়া পতা কথা ক'লত সি ক'লে-"মই বেলেগৰ লগত বিয়া পাতিব বিচাৰোঁ!!"
বেলেগৰ লগত?????
কিন্তু তুমিটো নেহাৰ লগতে সময় পাৰ কৰা আৰু বেলেগ সেইজনী কোন ছোৱালী?????
"অ' তাৰ মানে তুমি কেইদিনমানৰ বাবে তালৈ গৈ এইবোৰ কৰি আহিছা!!"
তাইৰ মাক-দেউতাকে কি কৰে??
মা তুমি তাইক দেখিছা নেহাহঁতৰ ঘৰলৈ জন্ম দিনত আহিছিল!!
অ' এইয়া ১০-১২ বছৰ আগৰ কথা !! তাৰ পাছত ক'লে-" মন পৰিল !!ক'লা ৰঙৰ গাঁৱলীয়া ছোৱালীজনী আৰু তাইৰ মাক-দেউতাক কেনেকুৱা আছিল!!"
ৰক্তিমৰ খঙ উঠিল আৰু ক'লে-"মা তাই বহুত ভাল !!নেহাতকৈ তাইৰ অন্তৰখন বহুত ভাল!!"
তাৰ পাছত কথাবোৰ দেউতাকে গম পালে আৰু চিঞৰ -বাখৰ হৈ গ'ল!! তেওঁ ক'লে -"সি নিজৰ মতে কৰিলে এই ঘৰখনত হয়তো সি থাকিব নহ'লে মই!!"
তাৰ পাছত তাৰ উপায় নোহোৱা হ'ল!!
তাৰ পাছত নেহাৰ ৰূপৰ তুলনাত বৃস্তিৰ ৰূপে হাৰি গ'ল!!
কেইদিনমানৰ পাছত বৃস্তিহঁতক খবৰ দিয়া হ'ল যে ৰক্তিম আৰু নেহাৰ আঙুঠি পিন্ধোৱা আপোনালোক আহিব লাগিব !!! বৃস্তিয়ে কথাটো শুনি ভাবিলে মোৰ লগত ৰক্তিমে ইমান ডাঙৰ বিশ্বাস ঘাটকতা কৰিলে!!( Assamese Storyboard )
আঙুঠি পিন্ধোৱা দুদিনৰ আগতেই বৃস্তিহঁত গুৱাহাটীলৈ আহিছিল!!
বৃস্তিয়ে ৰক্তিমক লগ পায় কান্দি কান্দি এটাই কথা সুধিলে-"মোৰ লগত বিশ্বাস ঘাটকতা কিয় কৰিলা!!"
ৰক্তিমে চকু তললৈ কৰি ক'লে-"মই তোমাক বহুত ভাল পাওঁ!! কিন্তু মই নিজৰ ভৰিত থিয় হোৱা নাই আৰু মই মোৰ মা-দেউতাক এৰিব নোৱাৰোঁ!!"
তাই ক'লে-"তেতিয়া মাহঁতক সুধি মোক ভাল পাব লাগিছিল!!"
আঙুঠি পিন্ধোৱা দিনাই ৰক্তিমৰ মাকৰ হৃদয়ৰ ৰোগ হ'ল আৰু তেওঁৰ মৃত্যু হ'ল!!
তাৰ পাছত ৰক্তিমৰ ককায়েকো চাকৰি কৰা ঠাইলৈ গুচি গ'ল!!
এতিয়া সি আৰু দেউতাক হে অকলে ঘৰত থাকিছিল!!
এনেদৰে বহুত দিন পাৰ হৈ গ'ল আৰু এটা পাৰ্টীলৈ নেহা আৰু ৰক্তিম গ'ল!! সকলোৱে নেহাৰ সুন্দৰতাৰ প্ৰসংশা কৰিবলৈ ধৰিলে আৰু তেতিয়াই তাইৰ লগৰ কাবেৰীয়ে ক'লে-" এতিয়াও এনেকুৱা ল'ৰা আছে যিয়ে নেহাক চকু উঠাই নাচায়!!"
নেহাই অহংকাৰ কৰি ক'লে-" এনেকুৱা কোন আছে যি মোৰ পৰা বাচি যাব ????"
কাবেৰীয়ে ক'লে--"আছে এটা ল'ৰা!!"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment