এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 2, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২২ ) : Assamese Storyboard

Assamese Storyboard

 

ভাগৱতী ৰ এক্সিডেন্ট । কিন্তু কেনেকৈ ! বৰ্তমান ভাগৱতী মেডিকেলত আছে ।‌ ন্যায়াধীশ ৰ আদেশ মৰ্মে সেইদিনা বিচাৰ প্ৰক্ৰিয়া সিমানতে শেষ কৰা হ'ল ( Assamese Storyboard )। কাৰণ ভাগৱতী ক এই সময়ত ক'ৰ্টত প্ৰয়োজন । ভাগৱতীৰ এক্সিডেন্ট এক ষড়যন্ত্ৰ নেকি ! যদিহে ষড়যন্ত্ৰ কোনে কৰিলে ভাগৱতী ৰ এই অৱস্থা ! তাতে ভাগৱতী অত্যাধিক দ্ৰিংকচ ও কৰে । নে দ্ৰিংকচ কৰি ভাগৱতী ৰ এই অৱস্থা । এতিয়া সকলো বোৰে ৰহস্য ৰ আৱৰ্তত । আজি বিশ দিন হৈ গ'ল । দুটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ড । কিন্তু এতিয়ালৈ অপৰাধী ধৰা পৰা নাই । এইফালে অন্য এটা ঘটনা । ক্ৰমাৎ জটিলৰ পৰা জটিলতা লৈ গৈছে এই কেছ । 


             ভাগৱতী ৰ দুৰ্ঘটনাৰ পাছত আকৌ বৰুৱা কে উক্ত থানাৰ দায়িত্ব দিয়া হ'ল । এই কেছ ৰ তদন্ত কৰিব পাৰিব একমাত্ৰ বৰুৱা ই । বৰুৱাই এটা পুলিচ ফ'ৰ্চ লৈ মেডিকেল লৈ গ'ল । ভাগৱতী থকা ৰুমত সোমাই গ'ল অফিচাৰ বৰুৱা । ভাগৱতীয়ে শুই আছিলে ।ভৰি, বুকু আৰু মুখ মণ্ডলত প্ৰচণ্ড আঘাট পাইছিল বৰুৱা ই । ভাগৱতী কিছু সুস্থ হৈছে যদি ও ডাক্তৰে কথা কোৱা ৰ অনুমতি দিয়া নাই ভাগৱতী ক । ভাগৱতী য়ে চকু মেলি চাই দেখিছিল বৰুৱা ক । বৰুৱা ক দেখি ভাগৱতী য়ে এটা হাহি মাৰিব বিচাৰিছিল যদিও ভাগৱতীৰ কষ্ট হৈছিল ।


- চিন্তা নকৰিব ভাগৱতী আপুনি সোনকালেই সুস্থ হ'ব । 

ভাগৱতীয়ে বৰুৱা ৰ হাত খন তানি নিছিলে । নিজৰ দুয়োখন হাতৰ মাজত বৰুৱা ৰ হাত খন‌ লৈ ইংগিতেৰে বুজাই দিছিল 


            " তুমি মহান বন্ধু , তুমি এজন সৎ,সাহসী পুলিচ অফিচাৰ " ।


- আপুনি চিন্তা নকৰিব । মই ডাক্তৰক সকলো কৈছোঁ । মই এতিয়া আহো ।

ভাগৱতী য়ে হাত জোঁকাৰি বৰুৱা ক বিদায় দিছিল । বৰুৱাই আজি ভাগৱতী ৰ কিছু সলনি দেখিছে । হয়টো এক্সিডেন্টে সলনি কৰি পেলালে ভাগৱতী ক । বৰুৱাই এবাৰ মেডিকেল ৰ এম.ডি জনৰ অফিচ ৰুমত সোমাল ।


- আহক, মিষ্টাৰ বৰুৱা । বহক 

- মই আপোনাক বিশেষ কথা এষাৰ কবলৈ আহিছিলো ।

- হয় কওকচোন ।

- যদিও এইটো ভাগৱতী ৰ এক্সিডেন্ট কেছ বুলি ধৰা হৈছে । আচলতে এইটোৰ ওপৰত মোৰ সন্দেহ আছে ।

- মানে !

- এয়া এক হত্যাৰ অপচেষ্টা ।

- অহ মাই গড ।

- আপুনি এটা কাম কৰিব । ভাগৱতী ৰ পত্নীৰ বাহিৰে আৰু আমাৰ পুলিচ প্ৰশাসন ৰ বাহিৰে কোনো মানুহক ভাগৱতী ক দেখা কৰিবলৈ অনুমতি নিদিব ।

- ঠিক আছে । মই আপোনাৰ কথা ৰাখিম বৰুৱা ।

- ধন্যবাদ । মই আহিছোঁ ।

- ঠিক আছে ।


             বৰুৱাই এইবাৰ সম্পূৰ্ণ সুক্ষ্ম ভাৱে তদন্ত কৰিব । কাৰন বৰুৱা ৰ এটাই সন্দেহ পলাশ ,ৰাধিকা ৰ হত্যাকাণ্ড আৰু ভাগৱতী ৰ এক্সিডেন্ট এই সকলো বোৰ এটা পক্ষৰে চক্ৰান্ত । গতিকে এইবাৰ ভাগৱতী আগতকৈ বেছি সজাগতা অৱলম্বন কৰি আগবাঢ়িব । বৰুৱাই ওলাই আহোঁতেই মেডিকেলৰ মুখ্য গেটত এজনী মহিলাৰ লগত মুখামুখি হল ।


- নমস্কাৰ বৰুৱা ।

এজনী মহিলাৰ নমস্কাৰ সম্বোধন ত বৰুৱা ই ভাৱিবলৈ বাধ্য হ'ল । কত লগ পাইছিল বাৰু এই মহিলা জনী । লগ পোৱাটো মনত নপৰে । তথাপি মহিলা জনীক সহাঁৰি জনোৱা টো বৰুৱা ৰ কৰ্তব্য ।

- নমস্কাৰ 

- আপুনি চাগৈ মোক চিনি পোৱা নাই । মই অফিচাৰ ভাগৱতী ৰ পত্নী ।

- অহ, মিছেছ ভাগৱতী ।

- হয় ।

- ভাগৱতী ৰ কাৰনে চিন্তা কৰিব নালাগে । ভাগৱতী কিছু সুস্থ হৈছে ।‌ কেবল মুখ মণ্ডলৰ আঘাতৰ কাৰনে ডাক্তৰে কথা কোৱা ৰ অনুমতি দিয়া নাই ।

- আচলতে বৰুৱা মই ভাগৱতী সুস্থ হোৱাৰ লগতে কিছু সলনি হোৱা টো বিচাৰিছোঁ ।

- মানে !

- সেই কথা আপুনি ও জানে বৰুৱা । ভাগৱতী এজন ঘোচখোৰ অফিচাৰ । মই তেওঁ তেনে হোৱা টো বিচৰা নাছিলোঁ । মোৰ চাকৰি , তেওঁ ৰ চাকৰি কিহৰ অভাৱ আমাৰ ।দুখীয়া দুখীয়া নিৰীহ মানুহ বোৰৰ পৰা তেওঁ এনেকৈ টকা দাবী কৰাটো মই কেতিয়াও পচন্দ কৰা নাছিলোঁ । কাৰন তেওঁ ৰ কামৰ বাবে চৰকাৰে তেওঁক দৰমহা দিছে । তেনেস্থলত ,,,,,,

- মই বুজিছো মিছেছ ভাগৱতী । এইবাৰ ভাগৱতী সলনি হ'ব ।যাওক আপুনি ভাগৱতী ক দেখা কৰক মই যাও । আৰু এটা কথা কিবা অসুবিধা হ'লে জনাব ।

- হ'ব বৰুৱা , ধন্যবাদ ।


              বৰুৱাই এতিয়া অপেক্ষা কৰিছে ভাগৱতী সুস্থ হোৱালৈ ।‌ ভাগৱতী যিমান সোনকালেই সুস্থ হ'ব সিমান সোনকালেই সকলো ৰহস্য ওলাই পৰিব । 


                মিছেছ ৰূপালী দত্ত আৰু অধিবক্তা খাৰঘৰীয়া ই ভাগৱতী ক লগ কৰিবলৈ মেডিকেল লৈ আহিছিল ।‌ কিন্তু মুখ্য গেটতে মেডিকেল ৰ এম.ডি ৰ নিৰ্দেশ ত চিকুৰিটিয়ে সকলো মানুহকে ভালকৈ জেৰা কৰিছে । মিছেছ দত্ত আৰু খাৰঘৰীয়া ক ও চিকুৰিটিয়ে প্ৰশ্ন কৰিলে ।( Assamese Storyboard )


- আপোনালোকে কাক লগ কৰিবলৈ আহিছে ?

- ভিতৰত আমাৰ মানুহ আছে ।

ৰূপালী দত্ত ই কৈছিল ।

- হয়, নামটো জনাৱ ।

- পুলিচ অফিচাৰ অংকন ভাগৱতী ক লগ কৰিবলৈ আহিছোঁ ।

- আমি তেখেতক লগ কৰিবলৈ দিব নোৱাৰিম ।

- কি ! 

- অহ, তেখেতক একমাত্ৰ তেখেতৰ পত্নীয়ে হে লগ কৰিব পাৰিব ।

- কিন্তু তেখেতৰ পত্নী মই হয় ।

ৰূপালী য়ে নিজকে পত্নী দাবী কৰিছিল ।

- ক্ষমা কৰিব মেডাম । ইতিমধ্যে তেখেতৰ পত্নীয়ে তেখেতক লগ কৰি গৈছে ।

- কি ! মই থাকোঁতে ,,,,

- সেইবোৰ মই নাজানো । মাত্ৰ মই আপোনালোকক মেডিকেলৰ ভিতৰত সোমোৱাৰ অনুমতি দিব নোৱাৰোঁ ।

- ঐ ল'ৰা মই এজন অধিবক্তা হয় । তই এজন সাধাৰণ চিকিউৰিটি হৈ ইমান পাৱাৰ দেখাবলৈ আহিছ ?

খাৰঘৰীয়া ই খংতে চিকিউৰিটি জনক কৈছিল ।

- শুনক মহাশয় মই এই মেডিকেল খনৰ এজন চিকিউৰিটি । মেডিকেল খনে মোক এই মূহুৰ্তত পাৱাৰ দিছে কাৰনে মই ব্যৱহাৰ কৰিছোঁ । হ'ব পাৰোঁ সাধাৰণ চিকিউৰিটি কিন্তু এই সময়ত আপোনাৰ ওচৰত পাৱাৰ দেখোৱা মোৰ অধিকাৰ আছে ।

- তই অলপ বেছি কথা কৈছ !>

- হ'ব খাৰঘৰীয়া কাজিয়া নকৰিব ।

ৰূপালী য়ে খাৰঘৰীয়া ক কৈছিল ।

- নহয় হে মিছেছ দত্ত ইহঁতৰ দৰে খাব নোপোৱা ভিকহু বোৰক ভালকৈ দিব লাগে ।

- হাৰে বাদ দিয়ক না , আপুনি এজন অধিবক্তা আৰু সি এজন সাধাৰণ চিকিউৰিটি । তাৰ লগত কাজিয়া কৰি কিয় নিজৰ মানদণ্ড নিম্নগামী কৰে । এইবোৰ বাদ দিয়ক । আমাক ভাগৱতী ক লগ কৰিবলৈ নিদিয়া কাৰন কি হ'ব পাৰে ?

- তাকেই মই ভাৱিছো । কাৰ ষড়যন্ত্ৰ এয়া ।

- মোৰ কিন্তু বৰ ভয় লাগিছে খাৰঘৰীয়া ।‌ক্ৰমাৎ মই অকলশৰীয়া হৈ গৈ আছোঁ । এতিয়া মোৰ সৈতে আছে একমাত্ৰ আপুনি ।

- এই খাৰঘৰীয়া আপোনাৰ সৈতে থকালৈ আপুনি চিন্তা নকৰিব । খাৰঘৰীয়া ই আপোনাৰ সমস্ত শক্তি ।

- আপোনাৰ সাহসতে এতিয়া মই আগবাঢ়িব সাজু হৈছোঁ ।

- কিবা এটা কৰিব লাগিব মিছেছ দত্ত ।

- কি কৰিব ! কিমান কৰিলে আজিলৈ । কিন্তু কিবা সফল হলো জানো ।

- ধৰ্য ধৰিব লাগিব মিছেছ দত্ত । 

- কিন্তু কিমান আৰু !

- অপেক্ষা ! কিবা এটা কৰিব লাগিব ।


                   নিশাৰ মহানগৰীত লাহে লাহে ব্যস্ততা কমিছিল । দিনটোৰ ব্যস্ততা ৰ পাছত লাহে লাহে মানুহ ৰ শান্তিৰ সময় খিনি আহি পাইছিল । মেডিকেল ৰ চিকিউৰিটি জন বহি আছিল ।


- হেৰা

চিকিউৰিটি জনে মূৰ তুলি চাই দেখিছিল । এজন পুলিচ ।

- হয় ছাৰ কলৈ যাব ?

- মই পুলিচ অফিচাৰ অংকন ভাগৱতী ৰ ওচৰলৈ যাম ।

- ঠিক আছে ছাৰ ।


              পুলিচ জন সোমাই গৈছিল মেডিকেল ৰ ভিতৰলৈ । ভাগৱতী থকা কোঠাটো বিচাৰি পাইছিল পুলিচ জনে । ভিতৰত সোমায় দেখিছিল ভাগৱতী শুই আছে । পুলিচ জনে খুব সাৱধানে ভাগৱতীৰ ওচৰলৈ গৈছিল । লাহে লাহে পকেটৰ পৰা এখন তীক্ষ্ণ চুৰি উলিয়াইছিল । অতি সাৱধানে ভাগৱতী ৰ ডিঙিত চুৰি খন লগাই দিব লওতে ভাগৱতী য়ে চিঞৰি উঠিছিল ।


- মৰিলো ।


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


আগলৈ…

                    ক্ৰমশঃ © ৰাগ ৰঞ্জন


Assamese Storyboard




Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages