সি নেহাৰ কথা একো গম নাপালে !! তাৰ এনেকুৱা লাগিছিল যেন গছ-গছনি আৰু ফুলবোৰে তাৰ ওপৰত হাঁহি আছে!!( Assamese Storyboard )
সি তাৰ পৰা দুখ কৰি গুচি আহিল!! তাৰ এনেকুৱা লাগিছিল যেন সি নিজৰ চুলিবোৰ চিঙি পেলাব!!
তাৰ বহুত খঙ উঠিছিল!!! কিন্তু কাৰ ওপৰত উঠিছিল..........!!সি বুজি পোৱা নাছিল....!!!!! তাৰ জোৰে জোৰে কান্দিবলে মন গৈছিল!!
ঘৰলৈ আহি সি দীঘল দি পৰি দিলে!! মাকে খোৱা কথা ক'লত মাকক গালি দিলে আৰু খঙ কৰি ক'লে-
" নাখাও মই একো ভাত পানী!!"
সি এনেকুৱা কৰা দেখি মাকে একো বুজি নাপালে!! তথাপিও তাক একো নক'লে!!
আজি তাৰ নিজৰ ওপৰত খঙ উঠিল !! ইমান দিন হ'ল আৰু সি তাই কি কৰে নুসুধিলে!!
তাইৰ মাক-দেউতাকে কি কৰে নুসুধিলে??
সি বৃস্তিৰ মাক-দেউতাকক লগ পাইছিল আৰু বৃস্তিৰ চকুত সি তাৰ প্ৰতি ভাল পোৱা দেখিছিল!!লগতে তাইৰ মাক-দেউতাকে ও তাক বহুত পচন্দ কৰিছিল!!
কিন্তু সি এই কথাবোৰ জানি বুজিও নজনা ভাৱ ধৰিলে!! সেই কাৰণে হয়তো তেওঁলোকে ভাবিলে তই যেতিয়া নেহাকে বেছি গুৰুত্ব দিওঁ !!আমিও তোক অশান্তি নকৰোঁ আৰু একো খবৰো নিদিওঁ!!
এনেকুৱা বহুত কথা তাৰ মনত ঘূৰি আছিল!!
সি তাইক বহুত বিশ্বাস কৰিছিল!! কাৰণে সি ভবা নাছিল যে এনেকে তাক এৰি যাব!! সিটো সদায় তাইক নিজৰ বুলিয়ে ভাবিছিল!!
তাৰ লগত বিশ্বাস ঘাটকতা কৰিব বুলি কেতিয়াও ভবা নাছিল!! সি বুজি পোৱা নাছিল যে যদি নেহাই তাক নিজৰ বুলি ভাবিল হেঁতেন তাক খবৰ দিলে হেঁতেন!!
এই কথাটো সি মানি ল'ব বিচৰা নাছিল!! সন্ধিয়া লৈকে সি তেনেকৈয়ে শুই থাকিল!!
সন্ধিয়া নিবিৰে তাক লগ কৰিবলৈ আহিল!!হয়তো মাকে গৈ তাক সকলো কথা কৈছিল!!
সি নিবিৰক অহা দেখি মনৰ ভিতৰতে ক'লে-" এতিয়া মোক সি কথা শুনাব !! ক'ব মইটো আগতেই কৈছিলো!!
কাৰণ সিটো মোক বহুত বাৰ সাৱধান কৰিছিল!!
সি এতিয়া নিবিৰ অহা দেখি ভাল পোৱা নাছিল!! কিন্তু নিবিৰটো মনোজৰ বহুত ভাল বন্ধু আছিল !!সি যদি তাৰ হৃদয়ৰ কথা নুবুজে কোনে বুজিব??
নিবিৰে তাক দেখি বুজি পাইছিল যে সি কি ভাবি আছে!!
সি এইটোও বুজি পাইছিল যে সি এতিয়া অহা মনোজে ভাল পোৱা নাই!! তাৰ মনত চলি থকা কথাবোৰ নিবিৰে বুজি পাইছিল!!( Assamese Storyboard )
সি তাৰ ওচৰত আহি বহিলে আৰু লাহেকে ক'লে-"তোৰ গা বেয়া নেকি?""
"গা ভালেই বুলি মনোজে মন মাৰি ক'লে!!"
নিবিৰে অলপ বুজি পাইছিল যে কি হৈছে??............. সেই কাৰণে সি একো নুসুধিলে আৰু পিঠিত থপথপাই ক'লে- " বেছি দুখ কৰি নাথাকিবি!!! লাহে লাহে সকলোবোৰ ঠিক হৈ যাব!!"
মনোজে ভাবি আছিল সি সুধিলেও নকওঁ!! কিন্তু কি আচৰিত নিবিৰে একো সুধা নাছিল আৰু সি নিজেই তাক সকলোবোৰ কথা কৈ দিলে!!
নিবিৰে তাৰ কথাবোৰ বুজি পায় ক'লে-" ব'ল অলপ বাহিৰত ফুৰি আহোঁ!! সি মাকৰ ওচৰত এইবোৰ কথা পাতিব বিচৰা নাছিল!!
লাহেকৈ তাক উঠাই ক'লে-" ব'ল দুই মিনিটৰ বাবে বাহিৰলৈ যাওঁ!!মূৰ বিষ ভাল হৈ যাব!!
বাহিৰলৈ উলাই আহিল আৰু ৰাস্তাত কোনো নথকা দেখি সি লাহেকে মনোজক সুধিলে-" তাই তোক একো নোকোৱাকে এৰি থৈ গ'ল ন??"
সি আৰু এতিয়া নিজকে ৰখাব নোৱাৰিলে !! নিবিৰৰ কান্ধত মূৰটো পেলাই কান্দিবলৈ ধৰিলে................!!
তাৰ এনেকুৱা অৱস্থা দেখি নিবিৰ চক্ খাই উঠিল!!
মনোজে নেহাক বহুত ভাল পাইছিল সি এই কথাটো ভালকৈ জানিছিল.................. আৰু সি কিমান অশান্তিত আছিল নিবিৰে বুজি পাইছিল!!
তাৰ মূৰ্খামিত তাৰ খঙ উঠিছিল যে সি কি কামত ফঁচি গ'ল!! সি তাৰ বন্ধু আছিল আৰু তাক স্বম্ভালাটো তাৰ কৰ্তব্য আছিল!!
মনোজৰ কামত মন নহবা হ'ল!! আৰু এতিয়া পৰ্যটক অহাটো ও কমি গৈছিল ! সেই কাৰণে নিবিৰে মনোজক ক'লে- " ব'ল নহ'লে বেলেগ ঠাইত গৈ কাম কৰোঁ!"
কথাটো শুনি মনোজে লগা লগা হ'ব বুলি ক'লে! কিন্তু এটা কথা মাক কোনে চাব!!
নিবিৰে ক'লে -"এতিয়া আমি আগত যাওঁ!!তাত ঘৰ এটা লৈ আমি মাক আহি লয় যাম!!
আমি যিমান দিন থাকিম !!মা আমাৰ লগত সিমান দিনেই থাকিম!!
তাৰ পাছত সি মান্তি হ'ল!! "অ' তই থিকেই কৈছ!!"
মাকেও কথাটো মানি ল'লে!! ভালে হ'ব দে ইয়াৰ পৰা গ'লে তাৰ মনতো ও ভাল হ'ব!!
এইবাৰ সিহঁতি গুৱাহাটী যাবলৈ মন কৰিলে!!নিবিৰ আৰু মনোজ ৰাতিপুৱা যাবলৈ উলাল!! তাৰ পাছত বেগ আৰু জৰুৰী বস্তু লৈ মাকৰ ভৰি চুই সি যাবলৈ ল'লে!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment