এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ১৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 2, 2021

এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ১৪ ) : Assamese Storyboard

Assamese Storyboard


ককায়েকৰ কথা শুনি তাইৰ মনটো আনন্দৰে ভৰি পৰিল। তাৰ লগত তাই প্ৰায়ে ৰক্তিমৰ মোবাইলটোৰ পৰা মনে মনে ফোনত কথা পাতেই, কিন্তু আজি বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে সোশৰীৰে ককায়েকক লগ পাব বাবে তাইৰ আনন্দৰ সীমা নোহোৱা হ'ল। পায়সখিনি খাই মুখখন মুচি বাৰাণ্ডালৈ ওলাই আহিল। বাপেকো তেতিয়া বাৰাণ্ডাতে বহিয়েই আছিল তেতিয়া।( Assamese Storyboard )


: কি হ'ল মুনু?


: দেউতা দাদা আহিছে বোলে, সেইকাৰণে মই ওলাই আহিছোঁ।


:  হয় নেকি? আহ তেন্তে ইয়াতে বহা।


                     বাপেকে চকীখন দেখুৱাই দিলে। তাই গৈ বাপেকৰ কাষতে থকা চকীখনত বহি বাপেকৰ কোলাতে মূৰটো পেলাই দিলে। 


: মুনু, তোমাক আমি বহুত কষ্ট দিলোঁ ন'?


: প্লিজ্ দেউতা এতিয়া আৰু সেইবোৰ কথা নুলিয়াবা। যি হ'বলগীয়া আছিল সেইয়া হৈ গ'ল এতিয়া তাকে ভাবি কি লাভ?


                  এনেতে পদূলিমুখত গাড়ীৰ শব্দ শুনি বাপেকে গৈ গেটখন খুলি দিলে।


: মা, দাদা আহিলে।


                 তাই ভিতৰলৈ গৈ মাকক কথাটো ক'লেগৈ‌।গাড়ীখন গেৰেজত ভিতৰত সুমুৱাই হাতত এসোপামান বস্তু লৈ দিপজ‍্যোতিও ঘৰৰ ভিতৰলৈ সোমাল।


: মা, এইখিনি লৈ যোৱাহি। মই টেবুলৰ ওপৰতে থৈছোঁ। মই গাটো ধুই আহোগৈ, দিনটো ঘূৰি ঘূৰি কিবা লাগি গৈছে। 


           কথাখিনি কৈয়ে টোপোলাকেইটা টেবুলখনৰ ওপৰত থৈয়ে সি ৰুমত সোমালগৈ।


: মুনু যোৱাচোন দাদাই কি আনিছে চোৱাগৈ।


: ঠিক আছে মা মই ইয়ালৈকে লৈ আনো ৰ'বা। 


                  এইবুলি কৈ টোপোলাকেইটা  লৈ আনি তাই ডাইনিংৰ ওপৰতে থৈ এটা এটাকৈ চাব ধৰিলে। প্ৰথম টোপোলাটো খুলি তাই প্ৰিয় ঘিঁউত ভজা জেলেপি আৰু খাহিৰ মাংস দেখিয়েই ভাবিলে --- "বাঃ দাদাই আজিও মই ভালপোৱা বস্তুবোৰ ঘৰলৈ আনে!"


: কি ভাবি আছা মুনু? 


: নাই মা, একো ভবা নাই।


: আচৰিত হৈছা ন'। যেতিয়াৰপৰা তুমি ইয়াৰপৰা গৈছা তেতিয়াৰ পৰাই সি বজাৰ কৰিলে এই দুবিধ বস্তু আনেই।  মই তাক গালি দিওঁ বোলো "তাই ভালপোৱা বস্তুবোৰ আনি এতিয়া কি লাভ? তাইকে ৰাখিব নোৱাৰিলো যেতিয়া!" তেতিয়া সি কি কয় জানা মুনু?


: কি কয় মা?


: তেতিয়া সি কয় " মা মোৰ এজনীয়ে ভন্টি। তাইক তোমালোকে পাহৰিব পাৰা কিন্তু মই কেতিয়াও নোৱাৰোঁ। আৰু তাই আমাৰ লগত নাই তাতে কি হ'ল? তাই ভালপোৱা বস্তবোৰটো আমাৰ লগত থাকিব পাৰে।" দেখিছা তোমাক কিমান ভালপায় সি?


: উমম্ জানো, দাদাই মোক বহুত ভাল পায়।আৰু এজনীয়ে ভনীয়েক তাৰ মোকে ভাল নাপায় আৰু কাক ভাল পাব সি?


                  তাইৰ কথাত মাকে হাঁহি মাংসখিনি ৰান্ধিবলৈ পাকঘৰলৈ লৈ গ'ল। আচলতে তাইৰ মনটো বেয়া যদিও বহুত দিনৰ মূৰত মৰম পাই, ভালপোৱা মানুহবোৰক কাষতে পাই, প্ৰিয় বস্তুবোৰ পাই তাইৰ সকলো বেয়ালগা নিমিষতে ভাললগালৈ ৰূপান্তৰিত হৈ গ'ল। তাইয়ো মুখত জেলেপি এখন ভৰাই দ্বিতীয়টো টোপোলা খুলিলে।সেইটো টোপোলাত অৱশ্যে ঘৰৰ কেইপদমান লাগতিয়াল বস্তুৰ বাহিৰে তেনে কোনো বিশেষ বস্তু নাছিল। তাই টোপোলাতোৰ পৰা বস্তুখিনি উলিয়াই সামৰি থ'লে। তৃতীয়টো টোপোলা খুলি তাই আচৰিত। দুযোৰকৈ পাটৰ কাপোৰ?


: মা, দাদাই কিয় পাটৰ কাপোৰ আনিছে?


: অ' মুনু মই পাহৰিলোঁৱেই তোমাক কথা এটা কোৱাই নাই নহয়।


: কি কথা মা?


: তোমাৰ দাদাৰ কাৰণে ছোৱালী এজনী চাইছো। 


: কি সচাঁ? ক'ত ঘৰ? কি নাম? তাই আনন্দতে ব‍্যাকুল হৈ পৰিল।


: ৰ'বা ৰ'বা। বিয়া এতিয়াও ফাইনেল হোৱা নাই। যোৱা দেওবাৰে দেউতা আৰু মই গৈ ছোৱালীজনী চাই আহিলোগৈ। ছোৱালীজনী দেখাই শুনাই ভালেই। পৰিয়ালটোও ভাল মানে ঘৰৰ একমাত্ৰ ছোৱালী। বাপেকে বেংকত চাকৰি কৰে‌। তিনিমাহ নে চাৰিমাহ হ'ল এম.এ পাছ কৰা এতিয়া ওচৰৰে প্ৰাইভেট স্কুল এখনত কৰি আছে। তোমাৰ দৰে তাইও ইংৰাজীতে মেজৰ। যিমানখিনি এতিয়ালৈকে জানিছোঁ তাইৰ স্বভাৱ- চৰিত্ৰৰ বৰ ভাল। ৰঙে বৰণে ওখ-পাখই আমাৰ ইয়াৰ লগত ভাল মিলিব। আৰু সিহঁতৰ ঘৰ লংকাত।( Assamese Storyboard )


: অহ্ হয় নেকি?


: উমম্ আৰু কি জান'?


: কি মা?


: ৰ'বি। বুলি কৈ মাকে তাইক চাদৰ-মেখেলা এযোৰ আনি।দিলে।


: এইযোৰ দেখিছ'? তাইক চাব যাওঁতে তাই মোক সেৱা কৰি এইযোৰ দিছে নিজে হাতে বোৱা হেনো। তইতো জানই মই এইবোৰ বোৱাইনে কিনাই ধৰিবই নোৱাৰা। মমী খুড়ীক দেখুৱাওতে তাই হাতে বোৱা বুলিয়েই কৈছে। দেউতাৰাকো তাই হাতে বোৱা গামোছা এখন দিছে আৰু আমাৰ ইয়ালৈকো এখন দি পঠিয়াইছে।


: বৰ ধুনীয়া লাগিছে দেই মা কাপোৰযোৰ। ফুলবোৰ ইমান ধুনীয়াকৈ বাচিছে। সেইবোৰতো ঠিকে আছে মা কিন্তু দাদাই কাপোৰ কিয় আনিছে তাতে আকৌ পাটৰ কাপোৰ?


: ৰ'বি কৈ আছোঁ। মাংসখিনি লৰাই থৈ আহোঁ ৰহ্।


               মাংসখিনি লৰাই থৈ আহি মাকে আকৌ ক'লে।


: তাইক আমাৰ পছন্দ হোৱাৰ দৰে সিহঁতৰো আমাৰ দিপক পছন্দ হৈছে, সেয়ে তাক এবাৰ মাতিছে তেওঁলোকে। গতিকে পৰহিলৈ সি তালৈ যাব।


: অহ্ হয় নেকি মা? ময়ো যাব দে দাদাৰ লগত বৌক চাবলৈ। আৰু তুমি সিহঁতক ফোন কৰি মই যাব বুলি কৈ দিবা?


: যাবি যাবি দে। কিন্তু তই যাবি বুলি কিয় ক'ব লাগে?


: ইহ্ তেতিয়াহে মোক ভাল বোৱা কাপোৰ এযোৰ দিব। তোমাহকে লাগে মোক নালাগে নেকি কাপোৰ?


: ঠিক আছে বাৰু মই তাইৰ মাকক ফোন কৰি কৈ দিম।


: Okk, কিন্তু মা দাদাই দুযোৰ কাপোৰ কিয় আনিছে?


: ক'তনো দুযোৰ আনিছে? এযোৰহে আনিছে। মইয়ছ তাক তাইলৈ কাপোৰ এযোৰ আনিব কৈছিলোঁ।


: ইহ্ তুমি ক'লেই হ'ব নেকি? এইয়া চোৱা দুযোৰ কাপোৰ?


             বেগৰপৰা কাপোৰ দুযোৰ উলিয়াই মাকক দেখুৱালে। কাপোৰ দুযোৰ চাই মাকে হাঁহি মাৰি ক'লে ---


: এই ৰঙাযোৰ তাইলৈ আনিছে আৰু এই আকাশীনীলাযোৰ তোমালৈ আনিছে। তোমাৰ প্ৰিয় ৰঙ যে।


: অ' তোমালৈ। সি চাগে তাৰপৰা আহোঁতে তোমালোকৰ ঘৰত সোমাই আহিম বুলি ভাবিছিল, সেয়ে তোমালৈও কাপোৰ এযোৰ লৈ আনিছে........ আমি জানো মুনু তোমালোকে যছ সদায় কথা পাতা আৰু তোমালোকৰ সম্পৰ্কটোও যে ভাল।


: মা........!


: মোৰ চাহ হ'ল‌। মই চাহকাপ বাকো মানে তুমি কাপোৰ দুযোৰ তোমাৰ ৰুমতে থৈ আহাগৈ আৰু আহি ককায়েৰাক চাহকাপ দি আহা। তাৰ চাগে গা ধুই হ'লেই। অহাৰপৰা তাক তুমি মতাই নাই নহয়। যোৱা চাহকাপো দি আহিবা তাৰ লগত কথাও পাতি আহিবা।

 

               তাই কাপোৰ দুযোৰ জাপি তাইৰ ৰুমত থৈ আহিলগৈ।


: মা, চাহকাপ দিয়া।


: লোৱা।


           মাকে তাইলৈ প্লেটখনত বিস্কুট দুখন আৰু চাহকাপ উঠাই আগবঢ়াই দিলে।

(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


✍️✍️...............…...আগলৈ...................✍️✍️

( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages