মনমোহন মাষ্টৰে যদিও গুৱাহাটী ত থকা নাছিল । তথাপি গুৱাহাটী ৰ প্ৰতিটো বাট পথ , গলি সকলো বৰ ভালকৈ চিনি পাইছিল ( Assamese Storyboard )। মনমোহন মাষ্টৰে গণেশগুৰি ৰ কাবেৰী ৰ ভাড়া ঘৰ আহি ওলাইছিল । গেটত থকা এজন মধ্যবয়সীয়া মানুহ ক দেখি মাষ্টৰে সুধিছিল ।
- হেৰি , ইয়াত কাবেৰী নামৰ এজনী অধিবক্তা থাকে নহয় জানো ?
- হয় হয় , আপুনি কাবেৰী ক বিচাৰি আহিছে নেকি ?
- হয় ।
- সেই ৰুমটো কাবেৰী ৰ ।
- ঠিক আছে বাৰু আহিছোঁ ।
মাষ্টৰে মানুহ জনে কোৱা মতে উক্ত ৰুমৰ বাহিৰৰ কলিং বেল টো বজাইছিল । বহু সময় পাছত কাবেৰী ৰ মাকে দৰ্জা খুলি বাহিৰলৈ ওলাই আহিছিল ।
- আপুনি !
- মই মনমোহন মাষ্টৰ ।
- অহ, আপুনি আহিছে । আহক আহক সোমাই আহক ।
মাষ্টৰে কোঠাটোৰ ভিতৰলৈ সোমায় গৈছিল । এটা সু-সজ্জিত কোঠা । বৰ ধুনীয়া পৰিপাতি । ঘৰটোৰ এচুকত খুব ধুনীয়া কৈ সজোৱা আছিল বহুত কিতাপ ।
- আপোনাৰ ভাল নে ?
- ভাল বুলি নো কি কম ! সকলো চাগে গম পাইছে ?
- হয়, কাবেৰী য়ে মোক সকলো কৈছে । কি কৰিব এইবোৰ ভগবানৰে লীলা ।
- হয়, তেওঁ ৰ যি বিচাৰ সেই বিচাৰ আমি সলনি কৰিব নোৱাৰোঁ । কাবেৰী ঘৰত নাই নেকি ?
- আছে আছে । তাই গা ধুবলৈ সোমাইছে । আপুনি অলপ বহক মই চাহ বনাওগৈ ।
- হ'ব চাহ পিছটো বনাব । মই আপোনাৰ ওচৰত এটা বিশেষ কথা লৈ আহিছোঁ ।
- বিশেষ কথা !
- হয় এটা প্ৰস্তাৱ ।
কাবেৰী ৰ মাক আচৰিত হ'ল ।সমাজ খনৰ গুণী ব্যক্তি তথা আদৰ্শ বান শিক্ষক মনমোহন মাষ্টৰে নো তেওঁ লোকৰ ঘৰলৈ হঠাৎ কি প্ৰস্তাৱ লৈ আহিলে ।
- হয় কওকচোন ।
- মই কাবেৰী ক মোৰ বোৱাৰী হিচাপে আকোঁৱালি ল'ব বিচাৰোঁ ।
- কি !
মাষ্টৰৰ প্ৰস্তাৱ শুনি কাবেৰী ৰ মাকৰ মুখেৰে হাহি ওলাই আহিল । আচলতে কাবেৰী য়ে মাকৰ লগত সকলো কথাই আলোচনা কৰে । তাই মাকক সকলো কথা আগতে কৈছিলে । যে তাই নিয়ৰক পচন্দ কৰে। নিয়ৰে বিচাৰিলে , নিয়ৰৰ দেউতাকে বিচাৰিলে তাই হাহি হাহি সেইখন ঘৰৰ বোৱাৰী হ'ব । আজি সেই প্ৰস্তাব আহি নিজে ঘৰ পালে । তাতকৈ আৰু বেলেগ আনন্দ আজি থাকিব পাৰে নেকি !
- তাৰ মাক হঠাৎ হেৰাই গল । আৰু মই ও কেতিয়া হেৰাই যাম তাৰ ও একো ঠিকনা নাই । সেয়েহে মই জীয়াই থাকোঁতে তাৰ জীৱন ৰ গতিপথ লগাই থৈ যাৱ বিচাৰিছোঁ । যদিহে আপুনি বিচাৰে ,,,,
মাষ্টৰে কাবেৰী ৰ মাকক হাতজোৰ কৰিছিল । লগে লগে কাবেৰী ৰ মাকে মাষ্টৰৰ হাত খনত ধৰি কৈছিল ।
- আপুনি হাতজোৰ নকৰিব মোৰ এই বিয়াত সম্পূৰ্ণ সন্মতি আছে ।
তেনেতে বাথৰুমৰ পৰা ওলাই অহা কাবেৰী য়ে কৈছিল ।
- উক্ত বিয়াত মোৰ সন্মতি নাই ।
- কাবেৰী !
কাবেৰী য়ে এইবোৰ কি কৈছে । কাবেৰী ৰ মাক আচৰিত হ'ল ।
- কিন্তু তই মোক এদিন কৈছিলি তই,,,,,
- কৈছিলো মা । কিন্তু এতিয়া মই মোৰ সিদ্ধান্ত সলনি কৰিছোঁ ।
- কি !
- কিন্তু কিয় কাবেৰী ?
- কাৰণ সি অইন ছোৱালী এজনী ভালপায় ।
- কি ! তাৰমানে নিয়ৰে !
ইতিমধ্যে ৰাধিকা হত্যাকাণ্ড ৰ কথা দুই অপৰাধী ক্ৰমে আকাশ দাস আৰু ৰাধিকা ৰ মামীয়েক পূৰ্ণিমা ডেকাই স্বীকাৰ কৰিছে । যিজনী ৰাধিকা ই নিজে বেয়া পথেৰে উপাৰ্জন কৰা টকা নিজৰ মামীয়েকক সহায় কৰিছিল , যিজনী ৰাধিকা ই মাকৰ প্ৰস্তাৱ ক আওকাণ কৰি ও একমাত্ৰ মামীয়েকৰ ঘৰৰ দুৰৱস্থাৰ বাবে এনে এটা সিদ্ধান্ত লৈছিল । সেইজনী ৰাধিকা ক কি কাৰণত নিজৰ মামীয়েকে অইন পুৰুষ ৰ লগত লগ হৈ হত্যা কৰিলে সেই কথা ৰ ৰহস্য উদঘাটন কৰিবলৈ বৰুৱা ই আকৌ জেৰা আৰম্ভ কৰিলে । বৰুৱা ৰ সন্মুখৰ চকী দুখনত আকাশ দাস আৰু ধৃত পূৰ্ণিমা ডেকা বহিছিল ।
- উপকাৰী ক অজগৰে খাই । হয় নে নহয় ?
- হয় ছাৰ ।
- ডাঙৰকৈ কওক। পুলিচ ৰ আগত ইমান সৰু মাত কিয় ? আপোনালোকে ধৰ্ষণ কাৰীক সমৰ্থন কৰে নে ?
সিহঁতৰ মুখৰ মাত ওলাই অহা নাছিল ।
- মই সুধিছো আপোনাৰোকে ধৰ্ষণকাৰী ক সমৰ্থন কৰে নে নকৰে ?
তেতিয়া ও সিহঁতে মনে মনে আছিলে ।
- তাৰমানে আপোনালোকৰ মুখৰ মাত নোলায় ন ? ঠিক আছে । বৰ্মন লাঠি দুলাল লৈ আনক ।
- সমৰ্থন নকৰোঁ ছাৰ ।
লগে লগে দুয়ো একেলগে কৈছিল ।
- সেইদিনা যে মৰিগাঁও ৰ এজনী ন বছৰীয়া ছোৱালী ক এজন বয়সস্থ নৰপিশাচে ধৰ্ষণ কৰি অতি নিৰ্মমভাৱে হত্যা কৰিলে সেইটো ভাল কথা হৈছে নে বেয়া কথা ?
- বেয়া কথা ছাৰ ।
- মন্দিৰৰ বা মছজিদত গৈ প্ৰাৰ্থনা বা দোৱা কৰা জন প্ৰকৃত ধৰ্ম ৰক্ষক নে ?
- ধৰ্ম ৰক্ষক হয় ছাৰ ।
- তাৰমানে আপোনালোকে কব খুজিছে সেই বৃদ্ধ নৰপিশাচ জন ধৰ্ম ৰক্ষক আছিলে ?
- নহয় ছাৰ ।
- হয় - নহয়, হয়- নহয় মই স্কুলৰ মাষ্টৰ নহয় যে মোক এনেকৈ উত্তৰ দিব । সেই জন মানুহে ইছলাম ধৰ্মালম্বীৰ কোৰান খন অপবিত্ৰ কৰি আছিল , সেয়েহে আজি ফান্দত বজিছে । শুনক প্ৰকৃত ধৰ্ম মাক-দেউতাকক সেৱা শুশ্ৰূষা আৰু মানব ধৰ্ম । ৰাধিকা ও আপোনাক মানব ধৰ্ম য়ে কৰিছিল ।
লগে লগে পূৰ্ণিমা ডেকাই তলমূৰ কৰিছিল ।
- আপোনালোকৰ মতে সেই বৃদ্ধ কামাতুৰ জনক কি কৰিব লাগে ?
- ছাৰ জেইলত থব লাগে ।
আকাশ দাসে তপৰাই কৈছিল ।
- বঢ়িয়া , আপোনালোকে টো সমৰ্থন নিশ্চয় কৰিব কাৰন একেই অপৰাধী । ( Assamese Storyboard )
বৃদ্ধ ই স্বীকাৰোক্তি দিছিল । ছোৱালী জনীক বলাৎকাৰ কৰি কিমান নৃসংশ ভাৱে হত্যা কৰিছিল । হত্যা কৰি ও ক্ষান্ত থকা নাছিল আকৌ বলাৎকাৰ কৰিছিল । এটা জীৱ হত্যা কৰিছে , এহাল পিতৃ-মাতৃৰ বুকু উদং কৰিছে । তাৰ পাছত আকৌ টকাৰে বন্ধ কৰিব খুজিছিল দুখন মুখ । ধৰ্ষণকাৰীৰ জাতি নাই , যেনেকৈ পশুৰ জাতি নাই । অসম আৰক্ষীয়ে এটা ভাল কাম কৰিছে যেতিয়া বুঢ়াই পলাবলৈ লৈছিল সেই সময়ত বুঢ়াৰ দুয়োখন ভৰিত গুলি কৰিছিল । আচলতে ভৰিত নহয়, যেতিয়া সকলো কথা স্বীকাৰ কৰিছে তেতিয়া সম্পূৰ্ণ গুলি কৰি মাৰি পেলাব লাগিছিল । কাৰণ এনে বোৰ জঘন্য ব্যক্তিৰ জীয়াই থকা অধিকাৰ নাই । শেষত নিৰ্যাতিতা ৰ ন্যায় বিচাৰিছোঁ অতিশিঘ্ৰে ।
- আৰু আপোনালোকক ও এনেকৈ গুলি কৰি মাৰি পেলাব লাগিব । কাৰন এজনী গাভৰু ছোৱালী আপোনালোকে ও নৃশংস ভাৱে হত্যা কৰিছে ।
বৰুৱা ৰ খং দেখি আকাশ আৰু পূৰ্ণিমা কপিছিল ।
- কওক কি কাৰনে হত্যা কৰা হ'ল ৰাধিকা ক ?
- কম ছাৰ কম । সকলো কম ।
ধৃত পূৰ্ণিমা ডেকা ই কবলৈ আৰম্ভ কৰিছিল ।
মই যেতিয়া মোৰ স্বামীৰ বেমাৰৰ সময়ত স্বামীৰ সৈতে মেডিকেল ত আছিলোঁ তেতিয়া লগ পাইছিলো নগাঁও ৰ এজনী মহিলাক । ইতিমধ্যে সকলোৱে গম পাইছিল যে মোৰ স্বামীৰ এয়া অন্তিম সময় চলি আছে । কোনো প্ৰকাৰে তেখেতক বচাব পৰা নাযাব । তেতিয়া সেই মহিলা জনী য়ে মোৰ ঘৰৰ সকলো কথা সুধিছিল । মই তেখেত ক সকলো কৈছিলো । তেতিয়া তেখেতে মোক এটা ফোন নং দিছিল কাগজত লিখি । উক্ত কাগজ খনত আকাশ দাসৰ ফোন নং টো দিছিলে । তাৰপাছত মোৰ স্বামীৰ মৃত্যু হ'ল । স্বামীৰ বেমাৰৰ কাৰনে আমাৰ ঘৰৰ মাটি , পথাৰৰ মাটি সকলো বিক্ৰী গৈছিল । তেতিয়া মাৰ ঘৰত থাকিবলৈ ললো । মই মানুহ জনীয়ে দিয়া ফোন নং টোৰ কথা পাহৰি গৈছিলো । মই যিহেতু পথাৰৰ কাম জানো সেয়েহে মানুহ ৰ ঘৰত কাম কৰিবলৈ ললো । মোৰ ঘৰত ৰুগীয়া মা , ল'ৰা জন । চলিবলৈ বৰ কষ্ট হৈছিল । তেনেতে এদিন আমাৰ ঘৰত ৰাধিকা গৈছিল । ৰাধিকা ই মোৰ দুৰ্দশা দেখি ৰাধিকা ই মোক সহায় কৰা ৰ প্ৰতিশ্ৰুতি দি আহিছিল । আৰু তাৰ পাছত তাই দিয়া কথা মতে মোক সহায় ও কৰিছিল । কিন্তু হঠাৎ এদিন মই কিবা কিবি খোচৰি থাকোঁতে ফোন নং লিখা কাগজ খন পাইছিলো । মোৰ ফোন নাই কাষৰ ল'ৰা এজনৰ পৰা ফোন কৰিছিলোঁ । মোক পিছদিনাই আকাশে গুৱাহাটী লৈ মাতি পঠাইছিল । মই ও চিন্তা কৰিলোঁ যিহেতু ৰাধিকা গাভৰু ছোৱালী তাই কাইলৈ কৰবাত বিয়া হৈ যাব । তেতিয়া মই কেনেকৈ চলিম । সেয়েহে আকাশ ৰ কথা মতে গুৱাহাটী গুছি আহিলো ।
গুৱাহাটী আহি মই আকাশৰ লগত কাম সম্পৰ্কে সকলো কথাই পাতিলো ।আকাশে মোক সকলো কথা বুজাই কৈছিল । মই ও দেখিছিলো তাত বহুতো মহিলা আছিল । মই একো আচৰিত নহলো । মই কাম কৰাৰ সিদ্ধান্ত ললো । কাৰণ আজিৰ দুনিয়াত এনেকুৱা কাম কৰি বহুতে ঘৰ পোহপাল দি আছে । লাহে লাহে মই আকাশৰ ব্যৱসায়ৰ সহযোগী পলাশ ৰ লগত চিনাকী হৈছিলোঁ । এদিন পলাশৰ ওচৰলৈ যাওতে হঠাৎ মই ৰাধিকা ক তাত দেখিছিলো । ৰাধিকা ক দেখি মই ভয় খাইছিলো । যদি তাই মোৰ চৰিত্ৰ ৰ কথা গম পায় । তাই ৰ মোৰ প্ৰতি কি ধাৰণা হ'ব । মই ৰাধিকা ক চিনি নোপোৱা ৰ ভেশত পলাশক সুধিছিলো ।
- পলাশ সেইজনী কোন ?
- ৰাধিকা ।
- বৰ ধুনীয়া ছোৱালী । কি কৰে ?
- আমাৰ ইয়াতে কাম কৰে । তাই এটা দিনত বহু টকা পায় । যিটো আপুনি কল্পনা ও কৰিব নোৱাৰিব ।
মই বুজিলো তাৰমানে ৰাধিকাই মোক কোৱা চাকৰি এইটো । তাৰমানে তাই ও এজনী বেশ্যা হে । তথাপি ও নিজৰ চৰিত্ৰ ৰাধিকা ৰ ওচৰত ধৰা নপৰে তাৰ কাৰণে মই সজাগ হৈ থাকিলো ।
কিন্তু এদিন হঠাৎ খবৰ পালো কোনোবাই পলাশক হত্যা কৰিছে । আমি জনা মতে পলাশ ক হেনো এইবোৰ কাৰনতে হত্যা কৰিছে । সেয়েহে আমি বহুত ভয় খালো । লাহে লাহে গম পালো উক্ত হত্যাকাণ্ড ত ৰাধিকা ৰ নামটো ও সাঙোৰ খাইছে । যদি ৰাধিকা ক পুলিচে এৰেষ্ট কৰে তেতিয়া হ'লে আমি গোটেইবোৰ ধৰা পৰিম । সেয়েহে আকাশ আৰু মই এই বিষয়ত চিন্তা চৰ্চা কৰিলোঁ । আকাশ ক এজনী মহিলাই ফোন কৰিছিল আৰু কৈছিল !
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
ক্ৰমশঃ © ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment