: হেল্ল'..! নূপুৰ কি কৰি আছা , মনাই নূপুৰলৈ ফোন লগালে
: চাহ খাই আছো , তুমি..
: মই এনেয়ে আছোঁ , ঋত্বিক আছে নাই..
( Assamese Storyboard )
: আছে , দেউতাৰ ভাল নে ...?
: উম... ভালেই , শুনা , সোমবাৰে দেউতাই তোমালোকক ঘৰলৈ মাতিছে আনুষ্ঠানিক কামবোৰ কৰি পেলাম বুলি ভাবিছে , ৰক্তিমো বুধ বৃহস্পতি বাৰ মানে যাবগৈ ,
: কিন্তু বৌ..., ঋত্বিকৰ ঘৰত কথাটো মানি ল'ব জানো....!
: সেইবোৰ তুমি চিন্তা কৰিব নালাগে.., দেউতাই সকলো ঠিক কৰি থৈছে , তোমালোক দেওবাৰে পোৱা কৈ আহিবা ,
: ঠিক আছে বৌ..., ফোনটো কাটি দিলে নূপুৰে..., ঋত্বিক বৌয়ে ফোন কৰিছিল, কি কৈছে জানা ! আমাক দেউতাই ঘৰলৈ মাতিছে ,
: তুমি সচাঁকৈ কৈছা নে...?
: কিয় মিছাকৈ কম আকৌ..., দেওবাৰে পোৱাকৈ মাতিছে, এতিয়া আমি কাপোৰ কানি সামৰিবৰে হল, আৰু কি জানা ...! দেউতা- দাদা- বৌৰ কাৰণে কাপোৰ কিনিব লাগিব , নিয়ম বুলিটো কথা এটা আছে ,
: উম... সেইটো হয় , কাইলৈ ৰাতিপুৱাই যাম ওলাবা...,
চকুৰ পচাৰতে দিনকেইটা পাৰ হৈ গল , মৃণালিনী আৰু নীহাই সাজি কাঁচি মন্দিৰ পালেগৈ , ওখল মাখল পৰিবেশ , আটক ধুনীয়া কৈ সজাইছে মন্দিৰ , জীয়েকৰ বিয়া বুলি মনত আনন্দ লাগিছে যদিও এক অচিন আশংকাত বুকু কপি উঠিছে , লগৰ লগৰীয়াই নীহাক ধুনীয়াকৈ সজাইছে , নীহাই বাৰে বাৰে আইনাত মুখখন চাইছে , কইনাৰ সাজত তাইক সঁচাকৈ ধুনীয়া লাগিছে , সকলোৱে মাত্ৰ অপেক্ষা কৰিছে ৰক্তিমলৈ..., বাৰ বজাৰ আগতেই ৰক্তিম পালেহি , দৰা অহাৰ খবৰ পাই নীহাৰ মূৰত মৃণালিনীয়ে উৰুনীখন দি দিলে , মঙ্গল উৰুলি ধ্বনিত মুখৰিত হল মন্দিৰৰ চৌদিশ , পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰি পবিত্ৰ হোমৰ অগ্নিত জুই লগালে ,
ওলাই আহাঁ সীতা দেৱী সমাজৰ মাজে
ৰামচন্দ্ৰ ৰৈয়া আছে তোমাৰ কাৰণে....
ঝাওড়িয়ে ঝাওড়িয়ে বিয়ানাম , জোৰানাম গাবলৈ ধৰিলে , সমন্ধীয় খুড়ীয়েক এজনীয়ে নীহাক হোমৰ গুৰিলৈ ওলিয়াই আনিলে , নীহাই সেৱা জনাই ৰক্তিমৰ কাষতে বহিল , পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰিবলৈ ধৰিলে ........ বন্ধ কৰক...., বন্ধ কৰক......, এই বিয়া কেতিয়াও হ'ব নোৱাৰে..., এতিয়ালৈকে ৰক্তিম আৰু মোৰ মাজত বিবাহ বিচ্ছেদ হোৱা নাই , এতিয়াও মই ৰক্তিমৰ নামত শিৰত সেন্দুৰ লৈয়ে আছোঁ , কিয়...? মৃণালিনী চলিহাটো জনা বুজা মানুহ তেওঁ কিয় এই কাৰ্য সমৰ্থন কৰিলে....! শুনিবলৈ পোৱা মতে নীহা চলিহা গৰ্ভৱতী , ....মনালিছাই বৰ খঙেৰে কথা কেইটা কলে..,
: ৰক্তিম...., তুমিটো কৈছিলা সকলো মেনেজ কৰিম বুলি , তেন্তে মনালিছা ক'ৰ পৰা ওলালহি ...? ...... নীহাই ৰক্তিমক প্ৰশ্ন কৰিলে । এক হুলস্থুলিয়া পৰিবেশৰ সৃষ্টি হল , সকলোৱে কেৱল মনাৰ কথাবোৰ মন দি শুনিবলৈ ললে...,
: নীহা...! চোৰ যিমানেই চালাক নহওক কিয় কিবা নহয় কিবা এটা ক্লু এৰি থৈ যায়...., তুমি ভাবিছিলা ভুৱা কিছুমান ফটো আৰু ডাক্তৰী ৰিপৰ্ট দেখুৱাই আমাৰ সম্পৰ্কটো শেষ কৰি দিয়াৰ কথা , অসমীয়াত কথা এষাৰ আছে " ওপৰলৈ পানী ছটিয়ালে নিজৰ গাতে পৰে.."
: ৰক্তিম কি চাই আছা তুমি , এইক গতিয়াই বাহিৰ কৰি দিয়া....,
: শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে নিজৰ নিজৰ আসনত বহক , মই আজি আপোনালোকৰ সমুখত সমাজ সেৱিকা মৃণালিনী চলিহাৰ সু - কন্যা নীহা চলিহাৰ কিছুমান সমাজ সেৱাৰ নিদৰ্শন দেখুৱাম , যি নিদৰ্শন হয়টো সমাজত বিৰল ,
হাতত লেপটপ আৰু পজেক্টৰটো ঋত্বিক আগুৱাই আহিল , সকলো ঠিক থাক কৰি ভিডিঅ'টো প্লে কৰি দিলে , মনাৰ আগত ফটোঘৰৰ ল'ৰাজনে কোৱা কথাকেইটা সকলোৱে স্পষ্টকৈ শুনিলে , তাৰ পাছত ডাক্তৰ মুকুল পাঠকৰ ভইচ ৰেকৰ্ডিংটো বজাই দিলে , ঘটনাবোৰ দেখি সকলো আচৰিত হ'ল...., লাজতে মৃণালিনী চলিহা মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গল , তাৰ পিছত ঋত্বিকে মুখ খুলিলে ...... ৰাইজ আপোনালোকে যিগৰাকী নীহাক দেখিছে সেইগৰাকী আচল নীহা নহয় , দেখাত সহজ সৰল যেন লাগিলেও নীহা ইমান সৰল নহয় , এইগৰাকী কোন আপোনালোকে নিশ্চয় চিনি পাইছে , ৰক্তিমৰ ভনীয়েক নূপুৰ , ইমান মৰম লগা ছোৱালীজনীক ধৰ্ষণ কৰি মাৰি পেলোৱাৰ পৰিকল্পনা কৰিছিল , এই কামটো কৰিবৰ বাবে মোক ডেৰ লাখ টকাৰ উপহাৰ দিছিল , কিন্তু নূপুৰৰ সঁচা ভালপোৱাৰ ওচৰত মই হাৰি গলো সেয়ে মই নূপুৰক কামাখ্যাত নি বিয়া কৰালোঁ , আৰু নীহাক উচিত শিক্ষা এটা দিয়াৰ উদ্দেশ্যে মনা বৌ আৰু মই মিলি এই নাটখন ৰচনা কৰিলোঁ , সমাজৰ প্ৰতিজন লোকেই যাতে নীহাৰ প্ৰকৃত স্বৰপটো গম পাই সেয়ে এই বিয়াখনৰ আয়োজন কৰা হ'ল , ( Assamese Storyboard )
ঋত্বিকৰ কথাবোৰ শুনাৰ পাছত নীহাই ৰণচণ্ডী মূৰ্ত্তি ধৰি ঋত্বিকৰ ফালে চোঁচা মাৰি গৈছিল , কিন্তু ৰক্তিমে নীহাৰ হাতখন থাপ মাৰি ধৰিছিল , .......আচলতে কি জানা নীহা..! ত্যাগৰ অন্য এক নাম ভালপোৱা , তুমি যদি সচাঁকৈ ৰক্তিমক ভাল পাইছিলা তেন্তে ৰক্তিমৰ সুখত সুখী হ'ব পাৰিলাহেঁতেন , কিন্ত তুমি কেনেকৈ ৰক্তিম আৰু মোৰ মাজত বিভেদ আনিব পাৰি তাৰ পৰিকল্পনা কৰিলা , নূপুৰৰ কি দোষ আছিল...? কিয় তুমি তাইক ধ্বংস কৰিব বিচাৰিছিলা ...? ধনেই সৰ্বস্ব নহয় নীহা , তাৰ প্ৰমাণ ঋত্বিক , ধনৰ মোহত ঋত্বিকে তোমাৰ লগত বন্ধুত্ব স্থাপন কৰিছিল , যদিও নূপুৰৰ সঁচা ভালপোৱাৰ ওচৰত ধনৰ মোহ লোপ পাইছিল , ভালপোৱা হৈছে দুখন হৃদয়ৰ সঁচা আৰু পবিত্ৰ মিলন , দুখন হৃদয় মিলি যেতিয়া এক হয় তেতিয়া জগতৰ কোনো অপশক্তিয়ে সেই সম্পৰ্ক শেষ কৰিব নোৱাৰে , তুমিওটো এগৰাকী নাৰী... , বিয়াৰ পাছত যদি তোমাৰ স্বামীক কোনোবাই তোমাৰ কাষৰ পৰা আঁতৰাই ৰাখিব খোজে তেতিয়া তোমাৰ কেনেকুৱা অনুভৱ হ'ব...! পাৰিবা নে হাঁহি হাঁহি সকলো দেখিও নেদেখাৰ ভাও জুৰিব ....? তুমি কথাবোৰ এবাৰ মোৰ ঠাইখিনিত থিয় হৈ ভাবি চোৱা ...... বৰ নম্রকৈ মনাই কথাকেইটা কলে , নীহা আৰু ঠিৰেৰে ৰৈ থাকিব নোৱাৰিলে , কান্দি কান্দি ভিতৰলৈ দৌৰ মাৰিলে , উপস্থিত হোৱা নীহাৰ সকলো শুভাকাংক্ষী মন্দিৰৰ পৰা হঠাৎ নাইকিয়া হৈ গল, মৃণালিনী চলিহাৰ সকলো সুনাম ধূলিৰ লগত মিলি গল ,
...... ধন্যবাদ ৰক্তিম ইমান ধুনীয়াকৈ অভিনয় কৰাৰ বাবে , দেউ আপুনি মন্ত্ৰ পাঠ কৰি আকৌ হোমৰ বেদী স্থাপন কৰক .., এই মণ্ডপতেই ঋত্বিক আৰু নূপুৰৰ বিয়া হ'ব , যোৱা তোমালোক সাজু হৈ লোৱাগৈ , ৰক্তিম দেউতা ক'ত ,
: দেউতা আহি আছে , তুমি নূপুৰক সজাই দিয়াগৈ
মনাই নূপুৰক ধুনীয়াকৈ সজাই দিলে , ঋত্বিকেও চুৰিয়া চেলেং পিন্ধি দৰা সাজিলে , পুৰোহিতৰ নিৰ্দেশত ঋত্বিক হোমৰ ওচৰত বহিল , কিছু সময় মন্ত্ৰ পাঠ কৰাৰ পাছত দীঘল উৰণী দি নূপুৰক মনাই আনি ঋত্বিকৰ কাষত বহাই দিলে , দেউতাকে নূপুৰক সম্প্ৰদান কৰিলে , নূপুৰে ঋত্বিকক বৰমাল্য প্ৰদান কৰিলে , ঋত্বিকেও নূপুৰৰ শিৰত ৰঙা তিলক আঁকি দিলে , দেউতাকৰ ভৰিত ধৰি ঋত্বিক আৰু নূপুৰে সেৱা জনালে , জী জোঁৱাইক প্ৰাণভৰি আৰ্শীবাদ দিলে কুনাল দুৱৰাই , ৰক্তিম আৰু মনায়ো মৰমৰ চিহ্ন স্বৰূপে ঋত্বিকৰ ডিঙিত সোণৰ চেইনডাল পিন্ধাই দিলে , হোমৰ জুইক সাক্ষী কৰি ঋত্বিক আৰু নূপুৰে যুগ্মজীৱনৰ পাতনি মেলিলে .......,
( সমাপ্ত )
"ফুলশয্যাৰ নিশা" ধাৰাবাহিক উপন্যাসখন আগবঢ়াই নিয়াত যিসকল পাঠকে সু-দিহাপৰামৰ্শ দি মোক উৎসাহিত কৰিলে , তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment