এগৰাকী তিৰোতা আছিল ৷ বিশ বছৰে তেওঁৰ কোনো সতি-সন্তান হোৱা নাছিল ৷ পাছত নিজ কৰ্মৰ ফলত তেওঁ এটা পুত্ৰ সন্তান লাভ কৰিলে।( Assamese Storyboard ) কিন্তু দূভাগ্যবশত বিশ দিন অতিক্ৰম কৰাৰ পাছতে সন্তানটিৰ মৃত্যু ঘটিল ৷ তিৰোতা গৰাকীয়ে হিয়া ধুনি কান্দিলে; তাৰ পাছত মৃত সন্তানটি কোলাত লৈ এজন সন্ন্যসীৰ ওচৰলৈ গ’ল ৷ তিৰোতা গৰাকীয়ে কান্দি-কান্দি সন্ন্যাসী জনক ক’লে, “মোৰ সন্তানটো মাথো এবাৰ জীৱিত কৰি দিয়ক ৷ এবাৰ মাথো মোৰ সন্তানটিৰ মুখৰ পৰা 'মা' শব্দটি শুনিব বিচৰো ৷” তিৰোতা গৰাকীৰ কাতৰ অনুৰোধক উপেক্ষা কৰিব নোৱাৰি সন্ন্যাসীজনে
দুই মিনিট সময়ৰ বাবে মৃত সন্তানটিৰ আত্মাক আমন্ত্ৰণ জনালে ৷ তেতিয়া তিৰোতা গৰাকীয়ে সন্তানৰ আত্মাক সুধিলে, “তুমি মোক কিয় এৰি থৈ গ’লা মোৰ পুত্ৰ ? মই তোমাৰ মুখেৰে মাথো এবাৰ 'মা' শব্দ শুনিব বিচাৰো ৷” তেতিয়া সন্তানৰ আত্মাই ক’লে, “কোন মা ? কেনেকৈ মা ! তুমি কৰা কৰ্মৰ হিচাপ-নিকাচৰ নিমিত্তেহে মই তোমাৰ কাষ চাপিছিলো ৷” তিৰোতা গৰাকীয়ে সুধিলে, “কেনেকোৱা হিচাপ-নিকাচ ?” সন্তানটিৰ আত্মাই ক’লে, “আগৰ জনমত তুমি মোৰ সন্তান আছিলা আৰু মোৰ চকুৰ সন্মুখতে তুমি মোৰ স্বামীক কাঢ়ি নিছিলা ৷ মই বহুত চকুলো টুকিছিলো, তোমাৰ ওচৰত মোৰ স্বামীৰ জীৱন ভিক্ষা খুজিছিলো কিন্তু তুমি মোৰ এষাৰো নুশুনিলা ৷ তেতিয়া মই কান্দিছিলো আৰু আজি তুমি কান্দিছা ৷ অৱশেষত তোমাৰ লগত মোৰ যি দেনা পাওনাৰ হিচাপ-নিকাচ আছিল আজি সম্পূৰ্ণ হ’ল ৷” বুলি কৈ আত্মাটি বিদায় মাগিলে ৷
তিৰোতা গৰাকীয়ে এইবোৰ দেখি শুনি তধা লাগিল ৷ সন্ন্যাসীজনে ক’লে, “আই-বোপাই, ভাতৃ-ভগ্নী এই সকলো বিলাক সম্পৰ্ক নিজ-নিজ কৰ্মৰ ফলতহে সংযোগ হৈছে ৷আমি সকলোবোৰ নিজ কৰ্মৰ ফলতহে এ্ই ধৰালৈ আহিছো ৷” তিৰোতা গৰাকীয়ে সন্ন্যাসী জনৰ কথাত হয়ভৰ জনাই ক’লে, “আপুনি সঁচা কৈছিলে, এতিয়া মই বুজি পালো ৷ আমি সকলো নিজ কৰ্মৰ ফল ভোগ কৰিবলৈহে এই ধৰালৈ আহিছো ৷ সদায় ভাল কাম কৰি যাব লাগে, ভৱিষ্যতে যাতে এইবোৰ ভোগ কৰিবলগা নহয় ৷” তিৰোতা গৰাকীয়ে সকলো বুজি লোৱাৰ পাছত ঘৰলৈ উভতি গ’ল ৷( Assamese Storyboard )
আমাৰ এই শৰীৰ এটা ভাড়াঘৰ ৷ ঘৰ এখন ভাড়ালে লওঁতে গৰাকীজনে কিছুমান চৰ্ত ৰাখে - ঘৰৰ ভাড়া সময়মতে দিয়া, হাই-হুলস্থূল নকৰা, ঘৰখন পৰিপাটীকৈ ৰখা, গৰাকীৰ কথা শুনা আৰু ঘৰৰ গৰাকীয়ে ইচ্ছানুযায়ী ঘৰ খালী কৰোৱা ৷ পৰমাত্মাই শৰীৰটো দিছে যেতিয়া এই সকলো চৰ্ত আমাৰ বাবে প্ৰযোজ্য ৷
মনুষ্য জীৱন দুদিনীয়া ৷ ইয়াক আমি হাই-কাজিয়া কৰি, মনত বেয়া ভাব ৰাখি সময় নষ্ট কৰিব নালাগে ৷ ভগৱানক আৰাধনা কৰিব লাগে ৷ সকলো সময়তে সৃষ্টিকৰ্তাজনক বিনতি কৰিব লাগে - হে ভগৱান, মোক কৃপা কৰা যে মই আপোনাৰ আজ্ঞাত থকালৈকে সকলো সময়তে যাতে আপোনাক স্মৰণ কৰিব পাৰো ৷ আমি যি পাৰ্থিৱ শৰীৰ লৈ জন্ম লৈছো এইয়া ভগৱানৰ প্ৰসাদ ৷ আমি ইয়াক অনাদৰ নকৰি প্ৰতিটো উশাহতে ঈশ্বৰৰ নাম স্মৰণ কৰিব লাগে ৷
रात गंवाई सोय कर दिवस गवायो खाय ৷ हीरा जनम अमोल था कौड़ी बदले जाय ৷৷
অৰ্থাৎ : হীৰাৰ দৰে উজ্জ্বল নক্ষত্ৰসম জীৱনটো তুমি কেৱল শুই বহিয়েই পাৰ কৰিছা………৷
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment