ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ১১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 1, 2021

ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ১১ ) : Assamese Storyboard

Assamese Storyboard

 

মাধুৰীক দেখি পদূলিত মানুহবোৰে জুম বান্ধিছে , সকলোৱে মুখত এটাই প্ৰশ্ন শেৱালিৰ হত্যাকাৰীয়ে উচিত শাস্তি পাব নে...! নৱহঁতৰ পদূলিত বাইকখন ৰখোৱা লগে লগেই খুড়াক খুড়ীয়েক বাহিৰলৈ ওলাই আহিছিল , খুড়াকে চোতাললৈ চকী দুখন উলিয়াই দিছিল..., বহকচোন...., চকীখনত বহি মাধুৰীয়ে প্ৰশ্ন কৰিলে।( Assamese Storyboard )


: আপুনি নিশ্চয় নৱৰ খুড়াক ,


: হয় বাইদেউ...


: নৱ নোহোৱা হোৱাৰ কথাটো থানাত কিয় জনোৱা নাছিল...?


: থানালৈ গৈছিলোঁ কিন্তু পল্লৱ ছাৰে মিতালিৰ লগত পলাই যোৱা বুলি কলে..., 


: পলাই যোৱাৰ পাছত নৱৰ লগত যোগাযোগ হৈছিল নে....?


: নাই কৰা যোগাযোগ , আচলতে সি আমালৈ বহুত ভয় কৰে , সেয়ে চাগৈ চাকৰি বাদ দি কৰবাত আছেগৈ...., 


: যদি মই কওঁ আপোনালোকে বিশ্বাস কৰিবনে....! নৱ মিতালিৰ লগত পলাই যোৱা নাছিল , নৱ আৰু মিতালিক হত্যা কৰা হৈছিল...


: এইবোৰ আপুনি কি কৈছে মেডাম..... খুড়ীয়েকে তপৰাই মাত লগালে...... নৱক হত্যা কৰা হৈছে...! কিন্তু কিয় মেডাম....?


: সেই কিয়টোৰ উত্তৰ মোৰ হাতত নাই সেয়ে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ , সেইদিনা নৱ কেতিয়া ঘৰলৈ আহিছিল...? আপোনালোকক কিবা কৈ গৈছিল...?


: সাঁজ লগাৰ আগতেই ঘৰলৈ উভতি আহিছিল , ছাৰৰ জন্মদিন আছিল বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল , তাৰ পাছত আৰু ঘৰলৈ নাহিল..., পুৱাই চুবুৰীত বিয়পি পৰিছিল মিতালিক লৈ নৱ কৰবালৈ পলাই গল..


: এক মিনিট...! চুবুৰীত খবৰটো কোনে দিছিল...?


: মৃণালে এই খবৰটো চুবুৰীত বিয়পাই দিছিল , ঘৰৰ লৰা ঘৰলৈ উভতি আহিব বুলি আমি তিনি বছৰ বাট চালোঁ , কিন্ত সি নাহিল , নিজৰ লৰাৰ দৰে মৰম কৰিছিলোঁ তাক ,  ......চাঁদদৰ আচলেৰে চকুপানী মচি মচি বৰ দুখেৰে কথা কেইটা কলে খুড়ীয়েকে..., 


: মিতালি আৰু নৱৰ হত্যাৰ কেচটো মই লৈছোঁ , বহু তথ্য মোৰ হাতত আছে , দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবৰ বাবে আমি দিনক ৰাতি ৰাতিকে দিন  কৰি কাম কৰিছোঁ , এতিয়া মাথোঁ আপোনালোকৰ সহায় লাগে , আদালতত ইয়াৰ বিচাৰ হব , আপোনালোকে সাক্ষী দিব লাগিব , পাৰিবনে..


: সাক্ষী দিবলৈ গৈ পাছত যদি আমাৰ বিপদ হয়...?


: ভয় নকৰিব , মই আছোঁ আপোনালোকৰ লগত , কোনেও একো বিপদ ঘটাব নোৱাৰে , আৰু এটা কথা হয়টো পল্লৱ আহিব পাৰে টকাৰ লোভ দেখুৱাবলৈ , তাৰ চলাহী কথাত আপোনালোক ভুল নাযাব...., 


: যোৱা নিশা সি আহিছিল মেডাম খবৰ লবলৈ বুলি , ঘৰ চলাবলৈ বুলি পঞ্চাশ হাজাৰ টকা দি থৈ গৈছে......


: oh my god....! তাৰমানে কালি বাইক আৰোহীজন পল্লৱেই হয় ৰত্নাকৰ... কিবা কৈছিল নেকি আপোনালোকক ......., 


: নাই.... নাই কোৱা মেডাম..!


: চাওক খুড়া , আপোনালোকে সঁচা কথাবোৰ কলেহে নৱৰ হত্যাকাৰীক উচিত শাস্তি দিব পাৰিম , 


: মানে মেডাম তেওঁ কৈছিল...... মানুহগৰাকীয়ে মুখ খোলাৰ আগতেই মানুহজনে মানুহজনে নকবলৈ চকুৰে ইংগিত দিলে , কিবা এটা কব খুজিও ৰৈ গৈছিল খুড়ীয়েক....


: কি কৈছিল খুড়ী.., কওঁক খুড়ী...! ভয় কৰিব নালাগে....


       .......তুমি ভিতৰলৈ যোৱাচোন মেডামৰ বাবে চাহ একাপ আনাগৈ...., 


: চাহ পাছত খাম , আপুনি কি কব বিচাৰিছিল কথাখিনি কৈ যাওঁক খুড়ী..., ( Assamese Storyboard )


: নাই একো নাই মেডাম...., ৰব মই চাহ কৰি আনোগৈ ......, খুড়ীয়েক ভিতৰলৈ সোমাই যাব খুজিছিল.....,


: আপোনালোকে চাগৈ এটা কথা নাজানে , অপৰাধী এজনক বচাবলৈ চেষ্টা কৰাটোও এক অপৰাধ.., ইচ্ছা কৰিলে আপোনালোক দুয়োকে ল'কাপত ভৰাব পাৰোঁ , গতিকে কথাবোৰ লোকোৱাবলৈ যত্ন নকৰি খোলাখুলিকৈ কৈ দিলে আপনালোকৰে মঙ্গল...., 


     কথাটো শুনি মানুহহালে অলপ ভয় খাইছিল , গিৰিয়েকৰ কথাত গুৰুত্ব নিদি ঘৈণীয়েকে মুখ খুলিলে.... মানে মেডাম তেওঁ কৈছিল , মাধুৰী আহিব পাৰে নৱৰ বিষয়ে সোধ পোচ কৰিবলৈ , মানুহজনী বৰ সুবিধাজনক নহয় , গছত তুলি গুৰি কটা বিধৰ , মাধুৰীয়ে কি প্ৰমাণ কৰিব বিচাৰিছে মই নাজানোঁ মোৰ ঘৰৰ পৰাই সিহঁত দুয়োটা পলাই গৈছিল ৰাজু আৰু মৃণাল সাক্ষী আছে , সিহঁত এতিয়াও জীয়াই আছে , মাধুৰীয়ে কলে বুলিয়েই সঁচা কথা এটা মিছা হৈ নাযায় , সেই সাধাৰণ কথাটোকে ৰহণ সানি মাধুৰীয়ে হত্যাৰ ৰূপ দিব বিচাৰিছে , গতিকে তাইৰ লগত হাত উজান দিলে আপোনালোকৰেই বিপদ হব , 


: আৰু কি কৈছিল খুড়ী.....?


: কথাকেইটা কৈ মানুহজনৰ হাতত টকা কেইটা গুজি দি তেওঁ ওলাই গৈছিল..., 


: পল্লৱে হয়তো আকৌ আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিব পাৰে , গতিকে মই আপোনালোকৰ লগত লগ হোৱাৰ কথাটো পল্লৱক জানিবলৈ নিদিব , আৰু যদি কিবা কয় আপুনি মোৰ লগত যোগাযোগ কৰিব.... এতিয়া আমি আহিছোঁ । 


: মেডাম চাহ একাপ খাই যাওঁক...., খুড়ীয়েক চাহ আনিবৰ বাবে ভিতৰলৈ সোমাই গল.., 


: ৰত্নাকৰ , পল্লৱ মানুহজন সচাঁই বৰ অবুজ সাঁথৰ, কি আচৰিত মানুহ এইজন , ৰক্ষকেই যদি ভক্ষক হয় তেন্তে সাধাৰণ জনতাই কেনেকৈ ন্যায় পাব , 


: হয় মেডাম..., জীৱনৰ আধা বয়স পাৰ হল , কিন্তু পল্লৱৰ নিচিনা মানুহ জীৱনত প্ৰথম লগ পাইছোঁ , 

কথা পাতি থাকোঁতেই খুড়ীয়েকে ৰঙা চাহ দুকাপ আনি মাধুৰীৰ সমুখত থলে..., চাহকাপ খাই খুড়াক খুড়ীয়েকক ধন্যবাদ জনাই মাধুৰীয়ে বাইখখন ষ্টাৰ্ট দিলে তেনেতে গাওঁবুঢ়াজনে মাধুৰীক আগভেটি ধৰিলে , ......মেডাম শেৱালিৰ কেচটো কিমান আগবাঢ়িছে...


: এইবিলাক কথা মই ৰাস্তাই পদূলিয়ে নাপাতো , কিবা জানিবলগীয়া থাকিলে থানালৈ আহিব , 


          কথাষাৰ কৈ এবাৰো পাছলৈ ঘুৰি নাচায় কুকুৱাই গুচি গৈছিল মাধুৰী..


 (ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ২ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

  ......... ক্ৰমশঃ

( বেটুপাটত অসমৰ আৰক্ষীৰ এগৰাকী দক্ষ বিৰাংগনা - বিস্মিতা লেখক )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages