চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৯ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 2, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৯ ): Assamese Storyboard

Assamese Storyboard



চাৰিজন বন্ধুৱে গা ধুই আহি তাত উপস্থিত হ'ল। সিহঁতি আগতে ধুটী কেতিয়াও পিন্ধি পোৱা নাছিল। সেই কাৰণে সিহঁতি যেনেতেনে মেৰিয়াই পিন্ধি আহিল

(Assamese Storyboard )

। সিহঁতক দেখি তাই হাঁহি মুখেৰে স্বাগতম জনালে আৰু তাত পাৰি থোৱা ধাৰিত  বাহিবলৈ দিলে। তাৰ পিছত তাই তামৰ পাত্ৰত থকা পানী সিহঁতৰ গাত চেতিয়াই দিলে আৰু তাই চক্ খাই উঠিল।যেন তাই চকুত পোহৰে চাট মৰি ধৰিছে। তাইক দেখি সিহঁতি ভয় খালত তাই আকৌ চেহৰাটো ভাল কৰি হাঁহিলে।


 তাই ক'লে যে হয়তো দুষ্ট ৰত্নাকৰে তোমালোকৰ হাতত কিবা অপবিত্ৰ ৰচী বান্ধি দিছে যাৰ ফলত পূজা ভালদৰে  সম্পন্ন নহ'ব। পবিত্ৰ পূজাত এনেধৰণৰ বস্তু গাত থাকিব নালাগে। তোমালোকে এইবোৰ খুলি পেলোৱা। ৰক্তিম চন্দালিকাৰ ওচৰতে বহি আছিল বাবে তাইৰ ফালে হাত খন আগবঢ়ায় দিলে। তাই চক্ খাই পাছলৈ গ'ল আৰু ক'লে,"মোক নোচোবা"। মই তপস্যা কৰো সেইকাৰণে এইবোৰ মই নুচুও । তোমালোকে নিজেই হাতৰ পৰা খুলি পেলায় দিয়া।

চাৰিজন বন্ধুৱে হাতৰ ৰচী খুলিবলৈ  লওঁতেই আকৌ ওপৰৰ পৰা মাত আহিল।"মূৰ্খহঁত, এনেকুৱা ভুল নকৰিবা।এই  ৰচীবোৰ খুলিলেই তোমালোক সম্পূৰ্ণ ৰূপে তাইৰ মায়াজালত সোমাই যাবা। তাইৰ মায়াজালত....................... আহ..!

( Assamese Storyboard )



পাছৰখিনি ৰত্নাকৰৰ ডিঙিতে লাগি ধৰা দৰে হ'ল তেওঁ ক'ব নোৱাৰিলে। কাৰণ চন্দালিকাই আকৌ এপাহ ফুল তেওঁ থকা ফালে দলিয়াই দিছিল আৰু তেওঁ কষ্টতে তাৰ পৰা যাব লগা হ'ল।

চন্দালিকাই হাঁহি মাৰি সিহঁতক ক'লে, ৰত্নাকৰে পূজা সম্পন্ন নহ'বলৈ এইবোৰ কৰি আছে।এই  পূজাটোৱে তাৰ সৰ্বনাশৰ কাৰণ। মই মোৰ মৰি যোৱা দেউতা আৰু দেৱীৰ সপত খাই কৈছোঁ যে ৰচী খুলিলেহে তোমালোকৰ কল্যাণ হ'ব। তোমালোকে মোৰ চকুত চকু দি চোৱা সত্য কি গম পায় যাবা।



সিহঁতি তাইৰ চকুত চোৱাৰ লগে লগেই মুগ্ধ হৈ পৰিল আৰু হাতৰ ৰচী খুলি জুইত পেলাই দিলে।তাই এটা দীঘলীয়া উশাহ ল'লে আৰু তাৰ পাছত আকৌ প্ৰাৰ্থনা গাবলৈ ধৰিলে।


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages