নিবিৰ আৰু মনোজে গুৱাহাটী ষ্টেচনত নামিলে আৰু থাকিবলৈ নতুন ঘৰ বিচাৰিবলৈ ধৰিলে!! সিহঁতৰ চিনি মানুহ গুৱাহাটীত আছিল!!( Assamese Storyboard )
সি ভাবিলে সকলো ঠাইতে গৈ চাকৰি বিচাৰিব!! ভাল চাকৰি পালে ভাল ঘৰো ল'ব পাৰিম!!
সিহঁতি ভাবিছিল যে এতিয়া ইমান সোনকালে ভাল চাকৰি এটা আমি নাপাওঁ আৰু এতিয়া সেইকাৰণে আমি বহুত ভাল ঘৰ ল'ব নোৱাৰোঁ!!
সিহঁতৰ চিনাকি নয়নে সিহঁতৰ বাবে বহুত ঠাইত ঘৰ চাই থৈছিল আৰু আগতে নয়নো সিহঁতৰ লগত আছিল !!তাৰ পাছত সি গুৱাহাটীলৈ গুচি আহিছিল!!
সি চাকৰি ও পালে আৰু লাহে লাহে সি বস্তুবোৰ ও গোটালে আৰু শুনা মতে সি বিয়াও পাতিলে!! সিহঁতি লভ মেৰেজ কৰিছিল!! নয়নৰ পত্নীয়েও চাকৰি কৰিছিল!!
এই কথাবোৰ সি নিবিৰ আৰু মনোজক আগতেই কৈ থৈছিল!!
সিহঁতক নয়নে কৈছিল কম্পিউটাৰ জানিলে বহুত ভাল হয়!!নিবিৰে কম্পিউটাৰ জানিছিল!!
নয়নে পাছদিনা অফিচাৰ পৰা ছুটি ল'লে আৰু সিহঁতক লৈ বহুত কেইটা কোম্পানীলে গ'ল আৰু এঠাইত নিবিৰে কম্পিউটাৰৰ কাম এটা পালে !! কিন্তু মনোজে নাপালে!!
মনোজে বিচাৰিলত দোকান এখনত চাকৰি পালে!! সি সুখী হোৱা নাছিল!! কাৰণ তাত বহুত দায়িত্ব পালন কৰিব লাগে!! যিবোৰ সি কৰিব বিচৰা নাছিল!!
কিন্তু চলিব কাৰণে এতিয়া কিবা এটা লাগিব। সেই কাৰণে নয়নে ক'লে-" তই এতিয়া এইটোকে কৰি থাক!! মই বেলেগ ঠাইত বিচাৰি থাকিম আৰু তইও বিচাৰি থাকিবি!!"
সেই কথাটো নিবিৰ আৰু মনোজে মানি লৈছিল!! এতিয়া সিহঁতক থাকিবলৈ ঘৰ এটা লাগিছিল!! সিহঁতি নয়নক ক'লে আমাক থাকিবলৈ এটা কম দামৰ ঘৰ হ'লে হ'ব!!নয়নে ক'লে ইয়াত কম দামৰ ঘৰ পাবলৈ বহুত কষ্টকৰ!!( Assamese Storyboard )
নিবিৰ আৰু মনোজে একেলগে থাকিব বিচাৰিছিল !! সেই কাৰণে সিহঁতি এটা বাথৰুম,পাকঘৰ আৰু এটা ৰুমত থকা ঘৰ লম বুলি ঠিক কৰিলে!!
মনোজৰ মাকক পাছত লৈ আহিব আৰু ঘৰ ভাড়াটো আধা আধা কৰি ল'ব!! আৰু যি যি লাগে সকলো আধা আধা কৰি ল'ব!!যাতে সিহঁতৰ অলপ পইচা বাচি যায়!!
এতিয়া সিহঁতি নয়নৰ ঘৰৰ পৰাই কাম লৈ যায় !!তাৰ ঘৰতে থাকে!!নয়নৰ পত্নীয়ে সোনকালে উঠি কিবাকিবি খাবলৈ বনাই আৰু লগতে সিহঁতকো টিফিন বনাই দিয়ে !! তাৰ পাছত নয়ন আৰু নিজৰ বাবেও টিফিন ভৰাই তাই কামলৈ যায়!!
তৃতীয় দিনা দেওবাৰ আছিল আৰু সিহঁতি ঘৰ বিচাৰি গল!! দুই-তিনি ঠাইত ঘৰৰ পচন্দ হ'ল!!কিন্তু এঠাইত বহুত বেছি পছন্দ হ'ল আৰু কামৰ ঠাইলৈ তাৰ পৰা ওচৰো হয়...............!!! যেনেকুৱা বিচাৰিছিল তেনেকুৱা ঘৰ পালত সিহঁতি তাত থাকিল আৰু কাম কৰিবলৈ ধৰিলে!!
নিবিৰ আৰু মনোজে ঘৰলৈ ফোন কৰি সকলো কথা ক'লে!! মনোজৰ মাক বহুত সুখী হ'ল..........!! মনোজে মাকক কৈছিল যে মই প্ৰথম দৰমহা পালেই তোমাক ইয়ালৈ লৈ আহিল!!
সকলো হৈ গৈছিল!! যদিও কোনেও একো নাজানে যে ভাগ্যত কি লিখা আছে!!
তেতিয়া মনোজে কেনেকৈ জানিব যে তাৰ জীৱনটোত আগলৈ কি হ'ব!! নেহাক লগ পাব নে............তাৰ জীৱনটো আকৌ বেছি দুখৰে ভৰি যাব!! এতিয়াটো আৰু কিবাকিবি হ'বলৈ বাকী আছিল!!
প্ৰথমতে মনোজে ইয়াত থাকি অকনো ভাল পোৱা নাছিল!!
নতুন চহৰ....... নতুন মানুহ, নতুন ঠাই.............. নতুন ঘৰ...... নতুন ওচৰ চুবুৰীয়া সকলো নতুন আছিল!! অকল চিনাকি হিচাপে সন্ধিয়া নিবিৰক লগ পায়!! তেতিয়াহে তাৰ অলপ মনতো ভাল লাগে!! দুয়োটাই দিনটো কি কি হ'ল পাতে আৰু কয়!! তাৰ পাছত ভাত একেলগে বনাই খাই!!
সিহঁতৰ দিনবোৰ বৰ কষ্টৰে পাৰ হৈছিল!! আৰু মনোজে বহুত মন মাৰি থাকে!! লাহে লাহে নিবিৰেও অফিচৰ কামত মন বহালে!!
লাহে লাহে অচিনাকি মানুহবোৰ চিনাকি হৈ পৰিছিল আৰু মনোজেও বহুত মন দি কাম কৰিছিল!!সিও অফিচত কাম পাইছিল!! নিজৰ কামবোৰ বহুত দায়িত্ব আৰু মন লগাই কৰিবলৈ ল'লে !! মানুহবোৰেও তাক ভাল পোৱা হ'ল!!
সি কাকো বেয়াকৈ নকয়!! অহংকাৰো নকৰে!! কোনোবাই কিবা কৰিব ক'লে সেই কামটো ভালকৈ কৰি দিয়ে!!
ক'বলৈ গ'লে তাৰ জীৱনটো বহুত ভালকে চলি আছিল!! কিন্তু এদিন................................!!!!
আজি তাৰ অলপ দেৰি হৈ গৈছিল!! সেই কাৰণে সি খৰধৰকৈ আহি আছিল!! তাৰ পাছত সি আট্ৰালিকাৰ তৃতীয় মহলটোলে যাবলৈ লিফ্টৰ ওচৰলৈ আহিলে!! তেতিয়া লিফ্টৰ পৰা এজনী ছোৱালী উলাই আহিল আৰু সি ছোৱালীজনী দেখি লিফ্টৰ কথা পাহৰি গ'ল আৰু তাই পিছে-পিছে দৌৰিবলৈ ধৰিলে!!
তাৰ মূৰটোৱে যেন চিঞৰি চিঞৰি কৈছিল-" নেহা!!!!
নেহা!!!! হয় এইজনী নেহাই !!!!!!!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment