এদিন তাইও অনুভৱ কৰিবলৈ ধৰিলে যে তাই আৰু নোৱাৰে সমীৰ অবিহনে জীয়াই থাকিব।দুয়ো বিবাহিত হৈয়ো বেলেগ বেলেগে আছে( Assamese Storyboard )।তাইৰ বাবে সমীৰৰ লগতে আকৌ দুজনে অপেক্ষা কৰি আছে-তাইৰ শাহু-শহুৰে।তাইৰো জানো মন নাযায় এখন ঘৰ পাতি এবাৰ জিৰাই চাবলৈ।সেয়ে তাই মাকক ফোন কৰি সকলো কথা জনাই দিয়ে
তেতিয়া মাকে কৈ উঠে-
ঃইমানখিনি হোৱাৰ পিছত অবুজন হৈ তাৰ তাত আকৌ যাও বুলি ভাবিছা যদি মই কি কম।এতিয়া চাকৰিও কৰিলি।একো কোৱাৰ অধিকাৰেই নাই আমাৰ।কিন্তু সিদ্ধান্তটো যে ভুল তইও জানা।সমাজে কি কব আমাক।মই এইবোৰ সহ্য কৰিব নোৱাৰি।তই তাৰ তাত গ'লে মোৰ মৰা মুখখন হে দেখিবি।
মাকৰ উত্তৰ শুনি সমীৰ আৰু শ্ৰুতি দুয়োজনৰে মুখৰ মাত নহোৱা হ'ল।সি ভাবিলে শ্ৰুতিয়ে বুজি পাইও চোন একো লাভ ন'হল।
সিদিনাখন দুপৰীয়া বেংকত কাম কৰি থাকোতে প্ৰশান্ত দাদাকে আহি তাইক ক'লেহি,
ঃশ্ৰুতি ওলোৱা সোণকালে এফালে যাব লাগে।
তাই কি হ'ল বুলি সুধিবলৈয়ে নাপালে তাইৰ হাতত ধৰি তেওঁ বেংকৰ পৰা উলিয়াই লৈ আহিল।p>
বাইকত বহি গৈ তাই ভাবিলে হঠাৎ দাদাৰ কিনো হ'ল মোক ভাবিবলৈকে সময় নিদিয়াকৈ কলৈ লৈ আহিল।লাহে লাহে গৈ তাইক এখন ব্যক্তিগত খণ্ডৰ নাৰ্চিংহোমৰ আগত নমাই দিলে আৰু ক'লে সমীৰে হাত খন কাটি দিব খুজিছিল।ভাগ্য ভাল মালাই দেখা পালে।তাইয়ে কিবাকৈ সমীৰক আনি ইয়াতে এডমিট কৰাই দিলে।
তাই দৌৰি গৈ মালাৰ কাষ পালে।মালাই কলে সমীৰ বৰ্তমান বিপদ সীমাৰ পৰা দুৰত।কিন্তু হাত খন গভীৰকৈ কটা যোৱা বাবে বহুত তেজ গৈছে আৰু সি অজ্ঞান হৈ আছে।বৰ্তমান আই,চি,ইউত তাক ভৰ্তি কৰা হৈছে।
শ্ৰুতিৰ বহুত ভয় লাগিবলৈ ধৰিলে।মালাইও তাইক কি বুলি শান্তনা দিব ভাবি নাপালে।কি কৰো কি নকৰো হৈ তাই মাক হঁতক ফোন কৰিলে।
আবেলিলৈ লগৰ সকলোবিলক আহি নাৰ্চিংহোমত ভৰ্টি হৈছিলহি।সকলোৱে এটা কথাই কৈছিল সমীৰ ভাল হোৱাৰ পিছতেই তাৰ সৈতে গুচি যাবলৈ। তেনেতে নাৰ্চ জমীয়ে সমীৰৰ জ্ঞান ঘুৰি অহাৰ বাতৰি দি গৈছিলহি।কিন্তু ভাল হবলৈ ৰাতিতো আৰু তাক ৰাখিব লাগিব বুলি ক'লে।/p>
এনেতে শ্ৰুতিৰ মাক আৰু ককায়েকো আহি পাইছিলহি।তাই দৌৰি গৈ মাকৰ বুকুতে সোমাই কান্দি কৈ উঠিল।
ঃমা মইও নোৱাৰিম সমীৰৰ অবিহনে জীয়াই থাকিব।সচাকৈয়ে মইও চাগে সি অবিহনে কেতিয়াবা মৰি থাকিম মা।
ঃতই সমীৰলৈ গুচি গ'লে সমাজখনে আমাক ভাল বুলি কব জানো মাজনী।তই তাৰ তাত গুচি গ'লে সমাজখনে আমাক নাহাঁহিব জানো?( Assamese Storyboard )
তেতিয়া প্ৰশান্তই কৈ উঠিল,
ঃখুৰী আপুনি কিয় সমাজখনে কিবা ভাবিব বুলি কিয় ভাবিছে?এই সমাজখনত থকা কিছুলোকেই জানো শ্ৰুতিৰ যৌতুক কম হোৱা বুলি কোৱা নাছিল।সমাজ খনত থকা সকলোৰে মতত চলিবলৈ হ'লে আপুনি কেনেকৈ চলিব।নিজে যিটো ভাল দেখে সেইটোহে কৰিব।এটা কথা জানেনে আপুনি য'ত সুখী হয় লাহে লাগে সমাজখনো তাতেই সুখী হ'ব।
মাক হতে সকলোবিলাক কথাই বুজি পাইছিল।মাথো অপেক্ষা কৰিছিল সি ভাল হৈ উঠালৈ।এটা সামান্য ভুল বুজাবুজিৰ বাবে দুয়ো বহুত কষ্ট পাইছিল।আকৌ নোৱাৰি সিহঁতক অকলশৰীয়া কৰি ৰাখিব।
আনফালে সমীৰ আৰু শ্ৰুতিৰ ভালপোৱাখিনিয়েও প্ৰাপ্তিৰ হাঁহি মাৰিছিল।সম্পৰ্ক এটিত মৰম আৰু বিশ্বাস থাকিলে যে যিকোনো বেয়া অবস্থাৰ পৰা সেই সম্পৰ্কটো ঘুৰাই আনিব পাৰি সেই কথাখিনি তাই বিশ্বাস কৰি উঠিল।কিন্তু তাৰ বাবে যে সম্পৰ্কটিও সৎ আৰু বিশ্বাসযোগ্য হোৱা উচিত সেই কথাটিও লক্ষ্যণীয়।সমীৰক সুখী যেন দেখি তাই ভাবিছিল--
ভালপোৱা মানেনো কি?তাৰ পিছত নিজৰ মনতেই ভাব হৈছিল তাইৰ তাইতো কেতিয়াও সমীৰক বেয়া পোৱাই নাছিল তাৰ ওপৰত তাইৰ অভিমানহে হৈছিল।নিজৰ প্ৰিয়জনক হেজাৰ বেয়া পাইও ভাল পোৱাৰ নামেই জানো ভালপোৱা নহয়?সেই বেয়া পোৱা খিনি যে অভিমানহে আছিল তাই এতিয়াহে বুজি উঠিল।
ভগবানে হয়তো প্ৰমাণ চায় প্ৰকৃত ভালপোৱাৰ শক্তি কিমান।তাইও বহুত পৰীক্ষা দিলে ভালপোৱাৰ নামত।কিন্তু তাই জানো বেলেগৰ হব পাৰিছিল।আৰু সিয়ো যেন প্ৰতিক্ষণে তাইৰ কথাকেই ভাবি থকা আছিল।এয়া জানো প্ৰকৃত প্ৰেম নহয়।এতিয়াৰ পৰা সময়বোৰ যে সিহঁত দুয়োৰে সময়।
সুখী সুখী ভাব এটি লৈ সমীৰৰ ফালে আগবাঢ়ি গ'ল।দুৰৰ পৰাই দেখিলে সিয়ো যেন মিলনৰ আশাত অধিৰ আগ্ৰহেৰে তাইলৈয়ে ৰৈ আছে । (সমাপ্ত)
( Assamese Storyboard )
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment