ছোৱালীজনী নেহা নে কাবেৰী সি ধৰিব পৰা নাছিল!! সি বুজি পোৱা নাছিল তাই এনেকুৱা কিয় কৰি আছে!!( Assamese Storyboard )
তাইটো গুচি গৈছিল!!কিন্তু মনোজ তাতে থিয় হৈ আছিল!! তাৰ পাছত সি অফিচলৈ আহি কাম কৰিবলৈ ধৰিলে!! ইমান দিনৰ পাছত নেহাক দেখি তাৰ আকৌ আগৰ কথাবোৰ মনত পৰিল আৰু তাৰ বহুত দুখ লাগিল!!
সি ভাবি আছিল তাই মোক ইমান সহজে চিনিব নাপাওঁ বুলি কৈ দিলে!!
"তাৰ মগজুৱে কৈ আছিল তাই বিশ্বাস ঘাটক !! তাইৰ পিছত নুঘূৰিবি !! নহ'লে তই বৰবাদ হৈ যাবি!!"
হৃদয়ে কৈছিল-" তোৰ ভাল পোৱা সঁচা!! আৰু এদিন তাইক তই ইনেইও পাবি!!"
এনেদৰে তাৰ মগজুৱে এটা ভাবে আৰু হৃদয়ে এটা!!
সি ঘাঁমিবলৈ ধৰিলে আৰু তাৰ হৃদয়খন জোৰে জোৰে ধিপধিপাবলৈ ধৰিলে!!
তাৰ এনেকুৱা লাগিছিল যেন সি এতিয়া পৰি যাব!! তাৰ পাছত সি মূৰ ঘূৰাই পৰিব লওঁতেই প্ৰকাশে দেখি তাক ধৰি ল'লে!!
প্ৰকাশে তাক চকিত বহাই পানী খাবলৈ দিলে আৰু চিন্তা কৰি সুধিলে-"তোমাৰ কি হ'ল???কি কথা ভাবি আছা????"
"তোমাৰ গা বেয়া নেকি?"
"মই এতিয়া ঠিকেই আছোঁ !! মনোজে ক'লে!!"
মই জানো তুমি ভাল পোৱা নাই!!এটা কাম কৰা তুমি ছুটি লৈ ঘৰলৈ যোৱা!! মই চাই আছোঁ কাবেৰীক লগ পোৱাৰ পৰাই তোমাৰ অৱস্থাটো ভাল নহয়!!
"তুমি তাইক চিনি পোৱা নি?কথাটো কি??সকলো ঠিকেই আছে নে?"
"তুমি ইনেই ভাবি আছা তাই নিচিনা আৰু এজনী ছোৱালী আছিল!!তাই হেৰাই থাকিল !! মই তাই বুলি ভাবিছিলো !! কিন্তু তাই নহয় এইজনী বেলেগ কোনোবা!!"
" হয় কেতিয়াবা তেনেকুৱা চেহেৰা মিলি যায়!!বাদ দিয়া সেইবোৰ ভাবি নাথাকিবা!! এতিয়া তুমি অলপ ভাল পালা নে?"
"অ' মই ঠিকেই আছোঁ বুলি কৈ লাহেকৈ উঠি সি কাম কৰিবলৈ ধৰিলে!!!"
সিহঁতি থকা ঘৰটোৰ দুটা পাৰ্ট আছিল!! কিন্তু পাৰ্টকেইটা বহুত দূৰে দূৰে আছিল বাবে দুটা ঘৰৰ হৈ পৰিছিল!! মালিকৰ ঘৰত পত্নী, পুতেক আৰু ছোৱালী এজনী থাকে!!
যেনেকৈ ভাবিছিল তেনেকৈয়ে নিবিৰে মনোজৰ মাকক গুৱাহাটী লৈ লয় আহিলে!! সেই কাৰণে সিহঁতৰ অলপ আৰাম হ'ল কাৰণ এতিয়া সিহঁতি ভাত বনাব নলগা হ'ল!!
মালিক আৰু মালিকনীৰ বয়স ৪৫-৫০ হৈছিল চাগে!! ল'ৰাটো এম.বি.এ কৰি আছিল আৰু সৰু ছোৱালীজনীয়ে বি.এ.চি.ৰ তৃতীয় বৰ্ষৰ আছিল!! তাই নাম কিৰণ আছিল!!
কিৰণ সাধাৰণভাৱে থাকিছিল আৰু তাই গাৰ ৰঙটো মাগুৰ বৰণীয়া আছিল!! মনোজৰ মাক সিহঁতৰ লগত ফ্ৰি হৈ গ'ল আৰু তেওঁৰ একো অসুবিধা নহ'ল!!
তেওঁৰ সময়বোৰ ভালদৰে পাৰ হৈ যায়!!
তেওঁ এতিয়া বহুত সুখত থাকে। গাওঁত থকাতকে বেছি আনন্দত থাকে!!
নিবিৰ আৰু মনোজক মালিক আৰু মালিকনীহঁতে বহুত ভাল পাইছিল!! মনোজে অলপ উদাস হৈ থাকে !! সিহঁতি সেইয়া তাৰ গম্ভীৰতা বুলি ভাবে!!
কাৰো লগত হাঁহি ধেমালি নকৰে!!চুপ চাপ অফিচলৈ যায় আৰু আহে!!( Assamese Storyboard )
তাৰ কথা মালিকে সদায় মালিকনীক কয় যে চোৱা আজি কালি এনেকুৱা ল'ৰা পাবলৈ বৰ টান!!
মালিকনীয়ে ও সিহঁতক নিজৰ ল'ৰা দৰে মৰম কৰিছিল আৰু কিবা ভাল বস্তু বনালে সিহঁতলৈ দি পঠায়!!
এইফালে মনোজৰ মাকে ও কেতিয়াবা কেতিয়াবা মালিকনীহঁতক খাবলৈ মাতে আৰু তেওঁলোকে ৰীতাই বনোৱা খাই বহুত ভাল পায় আৰু তাইৰ প্ৰসংশা কৰে!!
মালিকনীহঁতৰ ঘৰত কিবা পাতিলেই সিহঁতি ৰীতাক ৰাতিপুৱা মাতে আৰু ৰীতাই সকলো কাম স্বভালী লয়!!!
কিৰণে ও মনোজৰ স্বভাৱবোৰ ভাল পাইছিল!!
এদিন মালিকনীয়ে ক'লে পৰীক্ষা আহি আছে আৰু কিৰণক পঢ়াবলৈ শিক্ষক পোৱা নাই!! তেতিয়া মনোজে ক'লে-" নিবিৰে সহায় কৰিব পাৰিব!!"
"মালিকনীয়ে আনন্দিত হৈ ক'লে-" হ'ব তেতিয়া!"
নিবিৰে ৰাতিপুৱা নহবা সন্ধিয়া কিৰণক নোট বনাই দিয়ে আৰু নুবুজাবোৰ বুজাই দিয়ে!!
সন্ধিয়া নিবিৰ বহি আছিল আৰু সি দেখিলে কিৰণ হাঁহি হাঁহি আহি আছে!! তাইৰ লগত আৰু এজনী ছোৱালী আছিল!! সেই ছোৱালীজনী দেখি নিবিৰ চক্ খাই উঠিল.................!!! কাৰণ সেইজনী বৃস্তি আছিল....!!!
তাইক দেখিয়ে নিবিৰ উঠি থিয় হ'ল আৰু ক'লে-" বৃস্তি তুমি!"
বৃস্তিয়ে ও তাক দেখি চক্ খাই উঠিল আৰু ক'লে-"কি আচৰিত?"
"মই তোমাক ইয়াত লগ পাম বুলি ভবা নাছিলোঁ!"
নিবিৰে আনন্দিত হৈ ক'লে- "মইয়ো তোমাক ইয়াত লগ পাম বুলি ভবা নাছিলোঁ!"
"খুৰা-খুৰীৰ ভাল নে?"
"ভালেই আমি ইয়াৰ পৰা অলপ দূৰতে থাকোঁ!"
"বৃস্তি মোৰ তোমাৰ লগত বহুত কথা পাতিব লগা আছে!! মনোজৰ বিষয়ে তোমাক ক'ব লগা আছে!! আৰু নেহা কি তোমালোকৰ লগতেই থাকে?"
তাই অলপ খঙত আৰু দুখত ক'লে-"তাই আমাৰ লগত নাথাকে!!" তাই সিদিনায়ে বেলেগে গুচি গৈছিল!! যিদিনা আমি তাৰ পৰা গুচি আহিছিলোঁ! "
নিবিৰে ক'লে-" কিন্তু তোমালোকে একো নোকোৱাকৈ কিয় গুচি আহিলা?"
" তুমি কিৰণৰ লগত কাইলৈ মোৰ ঘৰলৈ যাবা!! মই সকলো কথা কম!! ঠিক আছে!! এতিয়া মই ঘৰত কৈ অহা নাই মই সোনকাল যাব লাগে!!
মনোজে ভাবি আছিল যে নেহাৰ কথা নিবিৰক ক'ব নে নকয়!!
নিবিৰৰ নেহা কথা শুনিলে খঙ উঠে বাবে মনোজে তাইৰ কথা তাক একো কোৱা নাছিল!! সি সিন্ধান্ত কৰি লৈছিল যে সি আৰু নেহাৰ কথা পাহৰি নাযায়!!
সি তাইক পাহৰিব নোৱাৰে !! সেই কাৰণে উলিয়াই হে এৰিব যে কথাটো কি?
সি এইবোৰ ভাবি থাকোঁতেই মোৱাইলটো বাজি উঠিল!! নম্বৰটো দেখি সি আচৰিত হৈ জপিয়াই উঠিল!! কাৰণ সেইটো নেহাৰ নম্বৰ আছিল!!
ইমান দিনৰ মূৰত নেহাই ফোন কৰিছিল!! সি ফোন উঠালে আৰু ক'লে-"হেল্ল"!!
নেহাই ক'লে-"মনোজ মই তোমাক কিবা এটা কথা ক'ব বিচাৰোঁ!! তুমি কাইলৈ অফিচৰ সন্মুখত থকা কফি হাউচত মোক ৰাতিপুৱা লগ কৰিবা!!
মনোজে আনন্দ মনেৰে ক'লে-" ঠিক আছে!"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment