"জীৱনৰ ৰঙবোৰে লুকাভাকু খেলে,
অময়া স্মৃতিও অতীতৰ গৰাহত পৰে।
মনৰ মাজত অনেক আলোড়ন দুলিবলৈ ধৰে,
হৃদয়খনকো যেন নিসংগতাই ঢাকি ধৰে।"
সিহঁতে কথা পাতি থাকোঁতেই ৰূপাংকৃতাৰ মাকে আহি চাহ, বিস্কুট, মিঠাই, লুচি, চানা আদিৰে ভৰাই এখন মস্ত প্লেট আনি সিহঁতৰ সমুখত থকা টেবুলখনত ৰাখিলেহি।( Assamese Storyboard )
: লোৱা।
: ইমান সোপা কেলৈ বনাব লাগে?
: ইচ্ ইমান একো বনোৱা নাই দিয়া। ইমান দূৰৰ পৰা আহিছা তোমালোক খোৱা......ভাত খাবলৈ দেৰি আছে। ভোক লাগিব নহ'লে।
সকলোবোৰ নাখালে যদিও লুচি দুখন আৰু মিঠাইৰে সৈতে দুয়োয়ে গাখীৰৰ চাহকাপ খালে। গাখীৰৰ চাহ মানসীয়ে এনেও বৰ ভাল পায়। আগতে যেতিয়া সিহঁতৰ ঘৰত গৰু নাছিল তেতিয়া ওচৰৰ মানুহ এঘৰৰপৰা সিহঁতে গাখীৰ চুকুণি লৈছিল। কিন্তু সেই খিনিয়েও নটাত তাই আবেলি আকৌ বৰদেউতাকহঁতৰ ঘৰৰপৰা গাখীৰ লৈ আনেগৈ। কেৱল সন্ধিয়া সময়কণত গাখীৰৰ চাহকাপ তৃপ্তিৰে খাবলৈকে। বৰদেউতাক চাৰিজনী গাই, দুটা বলধ, এটা দমৰা আৰু দুজনী চেঁউৰীৰে এটা ভৰা গোহালি আছিল। তেওঁৰ যে কেৱল গোহালিটোৱেই ভৰা আছিল এনে নহয় হাঁহৰ গঁড়াল, ছাগলীৰ গঁড়াল, পাৰৰ বাহ আদি সকলো বস্তুৰে ভৰা এখন ভৰা গৃহস্থী আছিল। তদুপৰি পুখুৰীত মাছ, বাৰীত পাণ-তামোল, ফল-মূলৰ গছ আদিয়ে তেওঁ ঘৰখন তথা বাৰীখন বৰ সুন্দৰকৈ সজাইছিল। কিন্তু এতিয়া সেই বৰদেউতাও নাই আৰু সেই গাখীৰো নাই।
: বৌ, ব'লা এনেয়ে বহি থাকিনো কি কৰিম তোমালোকৰ গাওঁ খনেই চাই আহোগৈ।
: ব'লা।
তিনিও একমান বজাত গাওঁ ফুৰিবলৈ ওলাই গৈ তিনিটা মান বজাতহে ঘূৰি আহিল। গাঁৱৰ মনোমোহা পৰিৱেশবোৰ মানসীয়ে বৰ ভাল পাইছিল। তাই ইমান দিনে এনেকুৱা পৰিৱেশৰ মাজত থাকিও হেঁপাহেই পলুৱা নাছিল। গাওঁ ফুৰিবলৈ গৈ সিহঁত একেবাৰে পথাৰ পালেগৈ। গোটেই পথাৰ শস্য শ্যামলা হৈ সেউজীয়া হৈ আছে। কেচাঁ ধানবোৰৰ মাজে মাজে দুই এডালকৈ থকা বাঁহৰ খুঁটি, মানুহ সদৃশ হাত মেলি থকা মূৰত কলহ পিন্ধা পুতলা আদিয়ে পথাৰখন অতি মনোমোহা কৰি তুলিছে। নাঁহৰৰ নিৰিবিলি ছাঁ, বিবিধ চৰাইৰ বিবিধ মাতত পৰিৱেশটো বৰ সুৰীয়া হৈ পৰিছে। কাষেৰে পাৰ হৈ যোৱা কেইজনমান খেতিয়ক পথৰুৱাৰ গাত লাগি থকা পথাৰ পথাৰ গোন্ধটো মানসীয়ে উজাই ল'লে। ৰাস্তাটো পকী নহয় কিন্তু দুয়োফালে ঘাঁহ বনেৰে নধৰা আৰু মাজত পাতল মটীয়া ৰঙৰ ৰাস্তাটোয়ে মানসীক সচাঁকৈয়ে আপ্লুত কৰি তুলিছিল। প্ৰকৃতিৰ অবৰ্ণনীয়, কল্পনাতীত সৌন্দৰ্যৰ কি যে মধুৰ মধুলগন। ই যিকোনো এখন স্বপ্নাতুৰ আলোকৰ স্বৰ্গপুৰীতকৈ অতি মোগ্ধকৰ। সচাঁকৈয়ে পৃথিৱীখন, ভাৰতখন আৰু অসমখন বৰ অপৰূপ। অপৰূপ, অনুপমা সৌন্দৰ্যৰ অধিকাৰীনী এই ধৰিত্ৰী, এই দেশ আৰু আমাৰ চিৰচেনেহী অসমী আই।
তিনিবাজি গ'ল এতিয়ালৈকে সিহঁত গাওঁ ফুৰিবলৈ গৈ অহাই নাই। ইফালে পদূলিমুখত ৰূপাংকৃতাৰ মাকে ৰৈ সিহঁতলৈ বাট চাই আছে। কিন্তু নাই সিহঁতৰ কোনো খবৰেই নাই। অৱশেষত সিহঁত আহি পালে।
: ইমান দেৰি কৰিলা!
: বৰমা আপোনালোকৰ গাঁৱখন ইমান ধুনীয়া আহিবলৈ যে মনেই যোৱা নাছিল জানে!
: হয় নেকি? আহা আহা ভাত খোৱাহি........আকৌ তোমালোক উভতিবও লাগিব নহয়।
: অহহ ব'লক।
হাঁহৰ মাংসৰ সৈতে কোমোৰা, পদিনাৰ চাটনি, তিঁয়হৰ চালাট, দালি, লেবেৰা ভাজি আৰু পাপৰৰ সৈতে তৃপ্তিৰে এসাঁজ খাই সকলো পুনৰ সমুখৰ কোঠাটোলৈ ওলাই আহিল।
:বুজিছে বৰমা-বৰদেউতা মই কিন্তু আজি বিয়া ফাইনেল কৰি যাম বুলিহে আহিছোঁ।
: হয় নেকি?
: উমম্।
: পিছে বৌ তোমাৰ আমাৰ দাদাক কেনেকুৱা লাগিছে?
গোটেইজনী লাজতে ৰঙা-চিঙা পৰি মূৰ দুপিয়ালে।
: লাজতো চোৱা তাইৰ। মই গম পাইছোঁ দিয়া। পিছে বৌ তোমাৰ নম্বৰটো আমাৰ দাদাৰ লগত নাই, সেয়ে বেছেৰাটোৰ তামাম দুখ। বেয়া নোপোৱা যদি তোমাৰ নম্বৰটো দিবা।
: লোৱা।
: অই লিখি ল' লিখি ল'।
: ৯১.............../p>
: ঠিক আছে এতিয়া আৰু চিন্তা নাই। দুয়োটাই দিনে-ৰাতিয়ে পুৰা কথা পাতিবি.......অহহ্ আৰু এটা কথা আছেই নহয়।
: কি কথা?
: দৰা-কইনাৰ এক'পি ফটো লোৱাই নাই নহয়।
ৰ'বা বুলি কৈ তাই মোবাইলটো উলিয়াই সিহঁত দুইটাকে( Assamese Storyboard ) এটাক আনটোৰ কাষলৈ আনি ফটো কেইক'পি মান তুলিলে।
: এহহ্ মজজা্ দেই। একেবাৰে হিৰ'-হিৰ'ইন।
তাইৰ কথাত কোঠাটোত কথা সকলোৱে হাঁহিলে। নিভাজিত যেন নিৰ্বিঘ্নতাৰ এক অস্পুষ্ট্য ভাৱনা। মৰণ মণ্ঠনত লাজ প্ৰেম সকলো এককাৰ হৈ যেন আনন্দৰ লহৰ উঠিছে।
: বৰমা পাঁচটা বাজিবৰে হ'ল আমি গৈ থাকোঁ নেকি?
"ৰ'বা" বুলি কৈ ৰূপাংকৃতাই ভিতৰলৈ গৈ দুটা টোপোলা হাতত লৈ আনিলে।
: মানসী এইটো লোৱা।
: কি বৌ?
: মই ঘৰতে বোৱা এযোৰ কাপোৰ পিন্ধিবা দেই।
: ঠিক আছে বৌ।
: আৰু এইটো লওঁক।
লাজলাজকৈ ৰূপাংকৃতাই টোপোলাটো দিপজ্যোতিলৈ আগবঢ়াই দিলে। সিও থেৰোগেৰো ভাৱেৰে টোপোলাটো ল'লে।
: তাক কি দিছা বৌ?
: ৰুমাল আৰু গামোছা এখন দিছোঁ।
: তুমি বোৱানে?
: উমম্।
: ঠিক আছে তেন্তে.......বৰদেউতা, বৰমা মই কিন্তু দৰাৰ ঘৰৰ ফালৰ পৰা বিয়া ফাইনেল কৰিলোঁ আৰু আপোনালোকে......?
: আমিও।
: অ'কে তেন্তে সোনকালে আমাৰ ঘৰলৈ যাব বিয়াৰ দিন ঠিক কৰিবলৈ।
: হ'ব দিয়া, যাম বাৰু।
ৰূপাংকৃতাৰ মাক-বাপেকক সেৱা কৰিবলৈ মানসীয়ে ককায়েকক ইংগিত দিলে। কিন্তু সি অসহজ বোধ কৰিলে যদিও তাইৰ কথা ৰাখি সি সেৱা কৰিলে।
: বৌ যাওঁ।
: অ' যোৱা।
: ফোন কৰি আছোঁ গৈয়েই।
: ঠিক আছে কৰিবা কৰিবা।
==================================
: হেল্ল' বাইদেউ.....
: অ' ক' ভন্টি?
: এহহ্ ময়ো বৰ পাগলী দেই। কথাবোৰ বৰ সোনকালে পাহৰোঁ......
: কিয় কি হ'ল নো?
: অথনি যে মই আমাৰ বাবলে চোৱা ছোৱালী জনীৰ নামটো পাহৰিছিলোঁ....
: অ'....
: মোৰ বজাৰতে মনত পৰিল নহয় ........ কিন্তু তোক ফোন কৰিম কৰিম বুলি পাহৰিয়েই থাকিলোঁ জান'..........এতিয়াহে মনত পৰিছে...
: হয় নেকি? কচোন বাৰু কি নাম তাইৰ?
: ৰূপাংকৃতা.....ৰূপাংকৃতা বৰুৱা। মাকৰ নাম ৰেখামণি বৰুৱা আৰু বাপেকৰ নাম বীৰ বিজয় বৰুৱা।
: অ'।
: উমম্। তাই আমাৰ নন্দনৰ জীয়েকৰ লগৰ। দুয়োজনীয়ে গুৱাহাটীত হেনো একেলগে এম.এ. পঢ়িছিল বৰ ভাল ছোৱালী জান'। একেবাৰে সাদৰী ছোৱালী। আমাৰ বাবাৰ লগত যে বৰ ভাল মিলিব। একেবাৰে যোৰাও যোৰা পাভ যোৰা।
: উমম্...... মই ফ'টোখন দেখিয়েই গম পাইছোঁ নহয়।
: হ'ব দে ৰাখিছোঁ দিনটো বজাৰ কৰি কৰি গা বিষাই গৈছে একেবাৰে। চাহকণ খাই কথাটো মনত পৰিল ভাবিলোঁ নাই এতিয়াই কৈ থোৱাই ভাল পিছত আকৌ পাহৰিম। তেতিয়াহে আইধা পৰিব।
: ঠিক আছে দে ৰাখ....
: অ' অ'......হ'ব দে।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment