ৰুদ্ৰ: অ সচাই, ইমান সাধাৰণ ভাবে থাকে যদিও দেখিবলৈ ৰাণীৰ দৰে লাগে। কিন্তু কিয় জানো আজিলৈকে হাঁহি থকা নেদেখিলোঁ তাইক। সদায় উদাস হৈ থাকে( Assamese Storyboard )। মনটো এনে লাগে যেন তাইক সাৱটি ধৰো আৰু এই উদাসীন ভাৱবোৰ আজুৰি আনো।
( "আধৰুৱা বিবাহ" ধাৰাবাহিক খনৰ সমূহ পাঠকবৃণ্ডক জনাই দিব বিছাৰো যে অহা কলিৰে পৰা অৰ্থাৎ ২৩/৮/২১ ৰ পৰা ৪ বজাৰ সলনি দিনৰ ১১ বজাত প্ৰতিদিনে ধাৰাবাহিক খন প্ৰকাশ পাব।সেয়ে সময়মতে ধাৰাবাহিকখন উপভোগ কৰিবলৈ গুগুলত চাৰ্ছ কৰিব smj24.in ধন্যবাদ।)
কথাবোৰ শুনি ৰিংকুৰ ৰিয়ালৈ মনত পৰিল। ৰিয়াও মেক আপ নকৰাকৈ ইমান ধুনীয়া দেখিবলৈ। তাৰ পাছত ৰুদ্ৰক কলে,"তেন্তে তাইক সোনকালে কিয় কৈ নিদিয়া?"
ৰুদ্ৰ: তাকেই ভাবি আছোঁ। তাইৰ লগত কথা পাতিবলৈকে তাইক আমনি কৰি থাকোঁ। ৰোহিক মোৰ ফ্রেণ্ড বনাই ললোঁ যাতে কথা পাতিবলৈ সুবিধা হয়। এতিয়া মাত্ৰ লণ্ডনৰ পৰা উভতি অহাৰ পাছত তাইক যিকোনো প্ৰকাৰে মনৰ কথা খুলি কম।
পিয়নে তেতিয়ালৈকে কফি আনি দি থৈ গল। কফি খাই ৰিংকুয়ে সুধিলে,"এই ৰোহি কোন হয়?তাইৰ সৰু ভন্টি হয় নেকি?"
ৰুদ্ৰ: নহয়, ৰোহি তাইৰ তিনি বছৰীয়া ছোৱালী হয়। বহুত মৰম লগা একদম পুতলাৰ দৰে।
কথাষাৰ শুনি ৰিংকু আচৰিত হল। তাৰ মুখৰ পৰা কফি বাহিৰলৈ ওলাই আহিল," কি ? ছোৱালী? তাৰ মানে তাই এটা সন্তানৰ মাক হয়?"
ৰুদ্ৰ: হয়, কিন্তু তাইৰ স্বামীৰ কোনো ঠিকনা নাই। এই বিষয়ে তাই কেতিয়াও কাকো একো নকয়। সেইকাৰণে মই ঠিক কৰিছোঁ, যদি মই ঘূৰি অহালৈকে তাইৰ স্বামী নাহে তেন্তে মই তাইক আপোন কৰি লম।
ৰিংকু: সচাই তুমি বহুত সাহসী।তাই ইমান ভাল নে?
ৰুদ্ৰ: তুমি লগ পালে গম পাবা নিজেই। কিন্তু মই নথকাত তুমি পতাই নলবা আকৌ।
ৰিংকু: মই আকৌ কিয় এনেকুৱা কৰিম?
ৰুদ্ৰ: মই ধেমালি কৰিছোঁ। কিন্তু একদম তোমাৰ নিচিনাই। তোমাৰ কাৰ্বন কঁপি।
ৰিংকু: তুমি চিন্তা নকৰিবা, মই মোৰ পত্নীৰ অবিহনে বেলেগৰ ফালে চকু নিদিওঁ।
এইবাৰ ৰুদ্ৰৰ আচৰিত হোৱাৰ সময়," তুমি বিয়া ও পাতিলা আৰু মোক নকলাও। দিল্লীত থকা লৈকে তো তোমাৰ লাইফট কোনো নাছিল। তেন্তে এইবোৰ কেতিয়া হল?"
ৰিংকু: হব হব, প্ৰথমে শান্ত হোৱা। শেষৰ চেমিষ্টাৰত চুটিত যেতিয়া ঘৰলৈ আহিছিলোঁ তেতিয়া হল বিয়া, তাৰ পাছত....।
ৰিংকুয়ে কিবা কবলৈ লওঁতেই মিঠু আহিল," তোমালোকৰ কথা পাতি হল যদি অলপ কাম কৰি লওঁ। আৰু ৰুদ্ৰ বহুত কম আছে।আৰু তোমাৰ পেকিং ও সম্পূৰ্ণ হোৱা নাই। আজি ৰাতিৰ ফ্লাইত আছে তোমাৰ।"
ৰুদ্ৰ: ঠিক আছে মা, তুমি জানা নে ? ৰিংকুয়ে বিয়া কৰালে কিন্তু আমাক এবাৰো নকলে।
তেতিয়া ৰিংকুয়ে কলে," হব বাদ দিয়া আৰু, ইমান খং কৰিব নালাগে। লণ্ডনৰ পৰা উভতি আহি লোৱা ,তাৰ পাছত তাইৰ লগত লগ কৰাই দিম আৰু সকলো কথা কম।"
মিঠুয়ে হাঁহি দিলে। তাৰ পাছত সকলো কামত লাগিল। সন্ধিয়া কেনেকৈ হল গমকে নাপালে।
ৰুদ্ৰ,"বাৰু যাওঁ ৰিংকু, উভতি আহি লগ পাম" তাৰ পাছত কাণৰ ওচৰত আহি কলে," মোৰ চুপাৰফাষ্টৰ পৰা অলপ বাছি থাকিবা। হয়তো কাটি খাই দিব আৰু তাইৰ ধ্যান ৰাখিবা।"
মিঠু: ৰিংকু, তুমি যেতিয়ালৈকে ইয়াত আছা মোৰ ফ্লেটত থাকি যোৱা।
ৰিংকু: ধন্যবাদ ,কিন্তু পাপাই ইয়াত থকা ফ্লেট তো ৰেডী কৰি দিলে আৰু মই তাতেই আছোঁ।
তেওঁলোক গুচি যোৱাৰ পাছত ৰিংকু ও গাড়ীৰে গুচি আহিল। ঘৰলৈ গৈ তাৰ মনটো ভাল নলগাত ওচৰতে থকা পাৰ্কলৈ গল। মোবাইলত ৰিয়াৰ ফটোখন উলিয়াই চাব ললে," কত বিচাৰিম তোমাক? কিবা এটাটো সংকেত দিয়া। চোৱা, সকলো নিজৰ জীৱনত আগবাঢ়িছে কিন্তু মই এতিয়াও তাতেই ৰৈ আছো যত তুমি এৰি থৈ গৈছিলা। তোমাৰ অবিহনে মই কেনেকৈ আগবাঢ়িম?" ( Assamese Storyboard )
তাৰ পাছত আকাশলৈ চাই কলে"ভগবান এতিয়া তুমিয়েই মোক কিবা ইংগিত দিয়া মই ৰিয়াক কত বিচাৰি পাম?"
ইফালে ৰিয়া সোনকালে ঘৰলৈ উভতি অহাত ৰাধিকা চিন্তাত পৰিল," তৃষ্ণা, তোমাৰ গা ভালে আছে নহয়?"
তৃষ্ণা: অ মা, অলপ মনটো ভাল লগা নাছিল সেইবাবে গুচি আহিলোঁ।
ৰাধিকা: ডাক্তৰক মাতিম নেকি?
তৃষ্ণা: নালাগে মা, মই অলপ সময় শুব বিচাৰিছোঁ।
ৰাধিকা: ঠিক আছে তেন্তে মাজনী, তুমি আৰাম কৰা।মই ৰোহিক লৈ আনো।
তৃষ্ণাই নিজৰ কোঠাত আহি শুই পৰিল," কি কৰিম? কেনেকৈ সন্মুখীন হওঁ তেওঁৰ? কেতিয়ালৈকে লুকাই থাকিম? তেওঁ ইয়ালৈ কিয় আহিছে নাজানো আৰু কেনেকৈ গম পালে মোৰ বিষয়ে? দেউতাইও মোক নকলে তেওঁ আহিছে বুলি।"
কিছুসময় পাছত তাইৰ টুপনী আহিল।
তৃষ্ণাই সাৰ পোৱালৈ সন্ধিয়া হৈছিল। তাই ৰুমৰ পৰা বাহিৰলৈ ওলোৱাত ৰোহিক গোপালৰ লগত খেলি থকা দেখা পালে।
তৃষ্ণা: মা, আপুনি মোক কিয় উঠাই নিদিলে?
ৰাধিকা:
ৰাধিকা: তুমি ইমান গভীৰ টোপনিত আছিলা সেইবাবে নুঠালোঁ। চাহ খাই লোৱা আৰু মই ৰোহিক লৈ পাৰ্কৰ পৰা আহোঁ। পাকঘৰলৈ গৈ দুই দেউতাক জীয়েকে কি খোৱা বনাই খাই লবা।
ৰোহিয়ে তৃষ্ণাক সাৱটি ধৰিলে,"মা, তুমিও আমাৰ লগত পাৰ্কলৈ ব'লা না।"
তৃষ্ণাই তাইৰ কপালত চুমা খাই কলে,"মাৰ জান, আজি তুমি আইতাৰ লগতেই যোৱা। বেলেগ এদিনা মই নিশ্চিয় যাম।"
ৰাধিকাই ৰোহিক লগত লৈ পাৰ্কলৈ গল। তালৈ গৈ ৰোহিয়ে সকলোৰে লগত খেলিব ধৰিলে।ৰাধিকাই তাতে বহি লৈ ৰোহিক খেলি থকা চাই ৰল।
আকস্মিকভাৱে ৰিংকুও সেইখন পাৰ্কত বহি আছিল। সি মোবাইলত ৰিয়াৰ ফটোখন চাই থাকোতে হঠাৎ বল এটা আহি মোবাইলটোত লাগিল আৰু পৰি গল। সি কিবা কবলৈ লোৱাৰ আগতেই সন্মুখৰ পৰা এটা মৰম লগা মাত আহিল,"ছ'ৰি, মোৰ বলটোৰ বাবে আপুনি দুখ পালে।"
ৰোহি সন্মুখত থিয় হৈ আছিল।ৰিংকুয়ে তাইৰ ফালে চাই হাঁহি দিলে,"কোনো কথা নাই।"আৰু তাৰ ফোনটো উঠাই ললে। ৰোহি তাৰ কাষত আহি বহিলে,"আপুনিও ইয়াত খেলিবলৈ আহিছে নেকি?"
ৰিংকু: নহয় মাজনী, মই ইয়াত অলপ বহিবলৈ আহিছোঁ। তোমাৰ কি নাম মাজনী?
ৰোহি: মোৰ নাম ৰোহি হয়।
ৰিংকুয়ে তাইক কোলাত তুলি কলে," কিন্তু মই ভাবো তোমাৰ নামটো পুতলা হব লাগিছিল।"
ৰোহি: মোৰ নাম ৰোহি হয় আৰু মায়ে মোক মাৰ জান ৰোহি বুলি মাতে। আপুনি মোবাইলত গেম খেলি আছিল?"
ৰিংকুয়ে হাঁহি মাৰি কলে,"নহয়, মই মোৰ পুতলাক চাই আছিলোঁ।"
ৰোহি: আপোনাৰ ওচৰতো পুতলা আছে?
ৰিংকু: তুমি মোৰ পুতলাজনী চাবা নেকি?
ৰোহিয়ে চাম বুলি কোৱাত সি তাইক ৰিয়াৰ ফটোখন দেখুৱাই দিলে।
ফটোখন দেখি ৰোহিয়ে হাঁহি হাঁহি কলে," এইয়া কোনো পুতলা নহয় , মোৰ মা হয়।" আৰু জোৰেৰে হাঁহিব ধৰিলে।
ৰিংকুয়ে আচৰিত হৈ এবাৰ ৰোহিৰফালে চালে আৰু এবাৰ ৰিয়াৰ ফটোখনলৈ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment