চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১১ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 4, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১১ ): Assamese Storyboard

Assamese Storyboard

খাই থাকোঁতে ৰমেনে লগৰ কেইটাক জানি বুজি ইংৰাজীত ক'লে যে তাইৰ ওপৰত চকু বন্ধ কৰি বিশ্বাস নকৰিবি

( Assamese Storyboard )

। সিহঁতি জানিছিল যে সিহঁতৰ বাদে তাই ইংৰাজী ভাষা বুজি নাপায়। সিহঁতি সন্যাক্ষীজনৰ কথা আৰু তৰুৱালৰ কথা ভাবি ভয় কৰিবলৈ ধৰিলে। হঠাতে তাই ৰুমৰ পৰা উলাই আহিলে।তাৰ পাছত তাই একো নোকোৱাকৈ পূজাৰ সামগ্ৰী গোটাবলৈ ধৰিলে। সিহঁতৰো খাই হ'ল আৰু পূজাৰ বাবে প্ৰস্তুত হ'ল। তাৰ পাছত পূজা শেষ হ'ল আৰু তাই সিহঁতক সেৱা লবলৈ দিলে আৰু আকৌ চকু নেমেলিবলৈ কৈ তাৰ পৰা বেলেগ ঠাইলৈ গুচি গ'ল। অলপ পাছত যেতিয়া তাই আহিল তাই ভৰি মাত শুনি চাৰিজন বন্ধুৱে চিঞৰি ঠিয় হৈ গ'ল আৰু তাৰ পাছত সিহঁতি যি দেখিলে সিহঁতি অচেতন হোৱা দৰে হৈ পৰিল ।


চন্দালিকাই সম্পূৰ্ণ নগ্ন অৱস্থাত তৰুৱাল লৈ সিহঁতক মাৰিবলৈ ৰৈ আছিল। তাইৰ চুলি খোল খাই আছিল কপালত সেন্দুৰ আৰু তাইক দেখিবলৈ ডাইনী দৰে  লাগিছিল। সিহঁতি এনেদৰে ঠিয় হৈ থকা দেখি তাই খঙতে দাঁত কৰচি সিহঁতৰ ওপৰত জাপ মাৰি পৰিল। ৰক্তিমে তাইক জোৰে ঠেলা মাৰি দিলে।তাই জোৰে চিঞৰি বাগৰি পৰিল আৰু তাৰ পাছত এটা আচৰিত ঘটনা ঘটিল। তাই ৰূপ সলনি হৈ গ'ল। এজনী ধুনীয়া ছোৱালী সলনি এজনী দেখিবলৈ বেয়া বুঢ়ি হৈ পৰিল।যাৰ ক'লা ছালখন শুকাই গৈছিল। চকুৰ পৰা জুই উলোৱা দৰে হৈ আছিল আৰু চুলিবোৰ উৰি আছিল । এইবোৰ দেখি সিহঁতি বহুত ভয় খালে। কিন্তু সিঁহতৰ জীৱনৰ কথা আছিল সিহঁতি যি পালে তাকে লৈ তাইৰ লগত যুদ্ধ কৰিলে আৰু শেষত তাইৰ হাতৰ পৰা  তলুৱাল খন হৰি পৰিল।

( Assamese Storyboard )



সেইখন উঠাই লৈ নীলে তাইৰ মূৰটো কাটি পেলালে। মূৰটো বহুত বাৰ ৰুমটোৰ বেৰত খুন্দ খাই জোৰে জোৰে কান্দি দুখ কৰা দৰে কৰি পূজাৰ জুইত পৰি গ'ল।পাথৰটো কথা সিহঁতি পাহৰি গ'ল। মুঠতে সিহঁতি যেনেতেনে তাৰ পৰা উলাই আহিব বিচাৰিছিল। যেতিয়াই সিহঁতি বাহিৰলৈ উলাই আহিল মানৱ ৰূপী জন্তুটোৱে দাঁত কৰচি সিহঁতৰ ওপৰত জপিয়াই পৰিল।নীলৰ হাতত এতিয়াও তৰুৱালখন আছিল আৰু সি সেইখনে তাৰ মূৰটো কাটি দিলে ।কটা মূৰটো মাটিত পৰা লগে লগে গলিবলৈ ধৰিলে। সিহঁতি চাই থাকিল আৰু সেই জীৱটো এটা ধুনীয়া পুৰুষ লৈ পৰিৱৰ্তন হৈ পৰিল। তেওঁ এজন মহাপুৰুষ আছিল আৰু তেওঁক চালেই মনত শান্তিৰ অনুভৱ হৈছিল। সেই মহাপুৰুষ জনে সিহঁতৰ সন্মুখত হাত জোৰ কৰি থিয় দি ক'লে, বহুত বহুত ধন্যবাদ তোমালোকে মোক এই যাদুৰ পৰা মুক্ত কৰিলা। মই কোটি কোটি বাৰ ধন্যবাদ ক'লেও তোমালোকৰ উপকাৰ ঘূৰাব নোৱাৰিম।


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages