বিষাদৰ নদীৰ কুলাশলতাৰ ভাগোনত এক হাজাৰিত নিশাচৰ প্ৰাণীৰ মৰণ কাতৰ চিঞৰ। চিঞৰে গৈ গগণ চুমিছে( Assamese Storyboard )। আকাশ ভেদিছে। বসুন্ধৰাৰ ভূমিৰ শিৰচ্ছেদ কৰি গভীৰ গহ্বৰলৈ সোমাই গৈছে। উফফ্ বৰ অসহ্যকৰ এই চিঞৰ। নোৱাৰি আৰু সহিব। কিন্তু এই চিঞৰটো নিস্তুপ। মনৰ মাজত চলি থকা এক প্ৰচণ্ড ধুমুহাৰ দৰে এই চিঞৰ। কিন্তু শব্দহীন এই চিঞৰ। শিলাক্লেক্ত অতিৰঞ্জতাত বিৰিঙি উঠিছে এটা অভিসপ্ত সম্পৰ্ক। কি এয়াই শেষ নেকি এই সম্পৰ্কৰ?... হাজাৰ হাজাৰ লিটাৰ মৰমৰ তেজ পানী কৰি গঢ়া এটি সম্পৰ্কৰ কি ইমানতে ই যৱনিকা। নদীৰ পাৰত বালিমাহী চৰায়ে বালি খোচৰি আছে কিন্তু পাইছে জানো কিবা? কাৰণ সমূহ মণিক আৰু ৰত্ন দেখোন নদীৰ বুকুতেই সোমাই আছে। কিন্তু এটি নিস্বাৰ্থ চৰায়ে জানো বালিত মণিক বিচাৰি ফুৰে? সি বিচাৰে মাত্ৰ নিজৰ আত্মাৰ সম্পৰ্ক থকা নিজৰ প্ৰিয়জনলৈ এমুঠি আহাৰ। সন্ধান কৰে প্ৰাণৰক্ষাৰ এমুঠি অন্নৰ। সিদ্ধিৰ সন্ধানত নকৰে একো অপকাৰ।
অনিচ্ছা সত্ত্বেও ৰক্তিমে ফটোখন চালে। অকণো ভাল নালাগিল তাৰ ছোৱালীজনীক। আকৌ ফটোখন তাতে থৈ সি ৰুমলৈ গুছি আহিল। বিছনাত বাগৰটো দি চকুহাল মুদি দিলে। তাৰ চকুলৈ ভাহি আহিল তাৰ সপোন কুঁৱৰী মানসী। তাৰ মনত লাহে লাহে নিজে নিজে অংকিত হ'ল সিহঁত দুয়োটাৰে মধুলগনৰ এখনি মধুৰ চিত্ৰ। যিখন চিত্ৰ চিত্ৰাংকন কৰিছে সি আৰু মানসীয়ে ৰৈ দূৰৰৈৰ পৰাই চাই আছে। কিন্তু হঠাতে এয়া কি....? কি হ'ল..?
ৰং-তুলিকাৰে এখনি সুন্দৰ চিত্ৰ সি বৰলুইতৰ পাৰত বহি অংকন কৰি আছিল। কাষতে ৰখি আছিল মানসী। একান্তমনে চাই আছিল তাই তাক। লাহে লাহে সূৰ্যটো ডুবুডুবু হৈছে। এটি সুমধুৰ সন্ধ্যা। তাতে লগত আছে নিজৰ প্ৰিয়জনৰ। ইয়াৰ মাদকতাই অপূৰ্ব। অপূৰ্বিতত পূৰ্বাসিনতাৰ এটি ৰহস্যময়ী প্ৰাণনাশী খেলা। চাৰিওফালে বাজিবলৈ ধৰিলে মৃত্যুৰ কিৰিলি, মানুহৰ উচুপনি, শংখ, দবা, তাল, খোল সকলো। মৃত্যুৰ উপত্যকাত মংগলধ্বনিৰ সংগ কিহৰ? কিহৰ সংকেত ই? ভালৰ নে কালৰ? লাহে লাহে এখোজ দুখোজকৈ মানসীও পিছলৈ গৈ আছে। সি তাইক মাতি আছে --" নাযাবা মানসী আৰু পিছলৈ নাযাবা।পিছত নদী আছে। পৰি যাবা।" এটি ৰাগিয়াল সন্ধ্যা। সকলোতে কেৱল মৃত্যু আৰু মৃত্যু। চাৰিওফালে মৃত্যুৰ কিৰিলি, মৃত্যুৰেই সুসজজিত নদীৰ পাৰৰ গোটেই বালিচৰা। এখন ডুবুডুবু নাওঁ। সেইখনতো ৰখি আছে মৃত্যুদূত। "নাযাবা মানসী নাযাবা।" তাৰ শব্দয়ে গৈ যেন মানসীৰ কৰ্ণক স্পৰ্শ কৰিব পৰা নাই। তাই মাথোঁ চিৰবিদায়ৰ এটি অসন্তুষ্টিৰ হাঁহি মাৰিছে। চকুপানীও ওলাইছে। কিন্তু সি কি কৰিব? সি যে নিঃসহায় কাৰণ তাৰ হাত দুখনো ৰং আৰু তুলিকাই বান্ধি ৰাখিছিল। কি আচৰিত কি অবিশ্বাস্য... কি মানে এইবোৰ? জোৰ কৰিও সি মুক্ত হ'ব পৰা নাই। লাহে লাহে মানসী গৈ একেবাৰে নাওঁখনৰ ওচৰ পালেগৈ। তাই নাওঁখনত বহিল আৰু তাৰফালে চাই তাক হাত জোঁকাৰি বিদায় দিলে আৰু ক'লে -- "ভালকৈ থাকিবা ৰক্তিম। মই যাওঁ। তুমি কেতিয়াও মোৰ নাছিলা আৰু নোহোৱাও। মই যোৱাৰ পিছত আকৌ তুমি আনৰ হৈ যাবা। সুখত থাকিবা তুমি। সুখী হোৱা তুমি সুখী হোৱা এয়াই মোৰ আশা আৰু প্ৰাৰ্থনা। মই যাওঁ আৰু কেতিয়াও তোমাক আমনি কৰিবলৈ তোমাৰ কাষলৈ নাহো। বাই ৰক্তিম।"p>
হাতখন জোঁকাৰি জোঁকাৰি তাই ভটিয়াই যোৱা নাওঁখন গুছি গ'লগৈ। আৰু সি একোৱেই কৰিব নোৱাৰিলে। সি তাইক ৰাখিবও নোৱাৰিলে আৰু নিজকো মুক্তও কৰিব নোৱাৰিলে।
"মানসী" বুলি এটা ডাঙৰ চিঞৰ মাৰি সি বিছনাৰ পৰা উঠি পৰিল। হাতখনেৰে যেন তাইক সি ৰাখিব বিচাৰিছে কাৰণ শোৱাৰ পৰা চিঞৰ মাৰি উঠোতে তাৰ হাতখন আগলৈ আহি পৰিছিল। সি জঠৰ হৈ পৰিল। একোৱেই যেন তাৰ লগত নাই সি যেন এতিয়া এটা বৃহৎ শূণ্য তাৰ এনে লাগিল। মায়া-মোহ সকলোবোৰ যেন মানসীয়েই লৈ গ'ল তাইৰ লগত। সি এতিয়া কেৱল এটা মৃতপ্ৰায় শৰীৰৰ অধিপতি। য'ত নাই কোনো খং, আবেগ, মৰম, প্ৰেম কিম্বা ঘৃণা। নাই নাই আৰু একো নাই।
তাৰ চিঞৰ শুনি মাক তাৰ ৰুমলৈ সোমাই আহিল
-"কি হ'ল তোমাৰ? এনেকৈ কিয় চিঞৰছা? কিবা বেয়া সপোণ দেখিলা নেকি?"
-"উমম্" ― এইবুলি কৈ সি বিছনাৰ পৰা নামিয়েই ফোনটো হাতত লৈ মানসীলৈ ফোন লগালে।
"হেল্ল' ৰক্তিম কোৱা?"
"তুমি ঠিকে আছানে?"
"উমম্, কিয় সুধিলা?"
"নাই এনেই হ'ব দিয়া ৰাখিছোঁ।"
কথাটো কৈয়ে সি ফোনটো কাটি দীঘলকৈ এটা উশাহ টানিলে। এতিয়াহে তাৰ বুকুৰ ধপধপনি কমি আহিল। নিজৰ প্ৰাণতোকে ঘূৰাই পোৱাৰ দৰে সি স্বাস এৰিলে।(Assamese Storyboard)
"কি হ'ল কালৈ ফোন কৰিছিলা?"
মাকৰ কথা শুনি সি থেৰোগেৰো কৰিলে। এনেকুৱা এটা প্ৰশ্নৰ উত্তৰ দিবলৈ সি একেবাৰে প্ৰস্তুত নাছিল।
"মা দীপাংকৰলৈ কৰিছিলোঁ এটা ডাঙৰ মানে বেয়া সপোণ দেখিলোঁ সেইবাবে।"
"অহহ্ হয় দিয়া। ভালে কৰিলা। আহা মই চাহ দিছোঁ খোৱাহি।"
"ব'লা মই মুখখন ধুই গৈ আছোঁ।"
==================================
ইফালে আজি মানসীৰ মনটো বৰ ভাল ৰাতিপুৱাই তাইৰ আগৰ অত্যাচাৰী শাহুয়েকে ফোন কৰি তাইক ক্ষমা খুজিলে নিজৰ ভুলৰ বাবে। আৰু কোনোদিনে এনেকুৱা নকৰোঁ বুলিও শপত খালে। মানুহজনীয়ে হায়ৈবিয়ৈকৈ কান্দিবলৈও ধৰিলে। তেওঁৰ কান্দোনে তাইৰ অন্তৰ কঁপাই তুলিলে। মাতৃৰ মমতা সনা কান্দোনে তাইক শাহুয়েকক ক্ষমা কৰিবলৈ বাধ্য কৰি তুলিলে। তায়ো তেওঁক ক্ষমা কৰি দিলে। তাৰপিছত তেওঁ তাইক আজি নিবলৈ আহিম বুলি ক'লে। তাকে শুনি তাইৰ মনটো বহুত ভাল লাগি আছে। লগতে তাইৰ ঘৰখনৰো। কিন্তু ৰাতিপুৱাই ৰক্তিমৰ ফোনটো পাই তাইৰ অলপ চিন্তাও লাগিল। কিন্তু সকলো চিন্তিক একাষৰীয়া কৰি তাই বেগত কাপোৰ ভৰাবলৈ ধৰিলে।
চাহপানী খাই হোৱাত ৰক্তিমৰ মাকে ক'লে -- "বাবা আজি আমি তিনিওটা মানসীহঁতৰ ঘৰলৈ যাম। তাইক আনিবলৈ।"
কথাটো শুনি সি ভাল পালে যদিও মনে মনে মানসীলৈ তাৰ অলপ দুখো লাগিল। নিজৰ স্বাৰ্থৰ বাবে সি আকৌ তাইক দুখ দিবলৈ ওলাইছে সেই কথাটোৱে তাক ভিতৰি ভিতৰি খুলি খুলি খাবলৈ ধৰিলে। তাইক দিয়া তাৰ প্ৰতিশ্ৰুতিবোৰ পালন কৰিব নোৱাৰাৰ আশংকাআ তাক ভিত্তিগ্ৰস্থ কৰি তুলিলে। তদুপৰি তাইক চিৰদিনলৈ হেৰুৱাৰ অন্য এক শোকটো আছেই। তথাপিও সি নিজকে সংযত কৰি ক'লে -"ঠিক আছে কেইটাত যাবা?"
"দহটা মানত যাম। এতিয়াটো আঠটা বাজি গ'লেই। তুমি ৰেডি হৈ থাকিবা। আৰু শুনক আপুনিও যাব লাগিব।"
"হ'ব দিয়া মা।"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment