প্ৰকাশ কুমাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চান্দমাৰী স্থিত ভাড়াঘৰৰ পৰা ৰাধিকা হত্যাকাণ্ড ৰ অভিযুক্ত আকাশ দাসক কাৰায়ত্ত কৰিলে ( Assamese Storyboard )। আকাশ দাস ! পেছাত এজন ব্যৱসায়ী । আকাশ দাসৰ প্ৰকৃত ঘৰ হ'ল নগাঁও ৰ ৰহাত । কৰ্মসুত্ৰে গুৱাহাটী ত থাকে । আকাশ দাসক ইতিমধ্যে পুলিচে অফিচাৰ বৰুৱাৰ কোঠালৈ লৈ আহিলে ।
- বহক মিষ্টাৰ দাস ।
- হ'ব ছাৰ ।
- আপুনি গুৱাহাটী ত কি কৰে ?
- ছাৰ মই সৰুকৈ এখন ব্যৱসায় কৰি আছোঁ ।
- ভাল কথা । লগতে আপুনি এজন ভাল হত্যাকাৰী ও হয় ।
- ছাৰ আপুনি এইবোৰ কি কৈছে !
- মই সচাই কৈছোঁ ।
- ছাৰ মই কাকো হত্যা কৰা নাই ।
- সেয়া মই কেনেকৈ বিশ্বাস কৰিম ! সেইদিনা খন প্ৰকাশ ৰ গাড়ীত আপোনালোকে এটা মৃতদেহ লৈ আহিছিল ?
- মই ,,,, মই নাজানো ছাৰ । মৃতদেহ থাকিব পাৰে ! হয়টো প্ৰকাশে কাৰোবাক হত্যা কৰি লৈ আনিছিল ।
- মিছা কথা প্ৰকাশ হত্যাকাৰী নহয় । আপুনি আৰু এজনী মহিলাই সেইদিনা এজনী ছোৱালী ক হত্যা কৰিছিল ।
- ছাৰ !
- ছোৱালী জনীৰ নাম ৰাধিকা ।
- ছাৰ আমি কিয় ছোৱালী জনীক হত্যা কৰিম । সি আমাক ফচোৱাৰ ধান্দা কৰিছে ।
- আমাক মানে ?
- মোক আৰু মহিলা জনীক ।
- মহিলা জনী আপোনাৰ কোন হয় !
- মোৰ ,,,, মোৰ বান্ধৱী হয় ছাৰ ।
- সেইদিনা খন আপুনি আৰু মহিলা জনীয়ে বশিষ্ঠৰ ব্যস্ত পথত ৰাধিকা ৰ মৃতদেহ পেলাই থৈ যোৱা নাই জানো ?
- ছাৰ এইবোৰ সকলো মিছা কথা ।
- এইবোৰ সকলো সচা কথা । আৰক্ষী দেখিলে অপৰাধী য়ে ভয় কৰাটো স্বাভাৱিক । সেয়েহে মিছা মিছা বুলি আপোনালোকে চিঞৰি থাকে ।
- ছাৰ আপোনাক মই কি বুলি বিশ্বাস দিম ।
বৰুৱা ই বৰ্মনক আদেশ দিছিল । প্ৰকাশ ক ভিতৰলৈ লৈ আহিব । বৰুৱা ৰ নিৰ্দেশ মৰ্মে বৰ্মনে প্ৰকাশ ক ভিতৰলৈ লৈ আহিছিল ।
- প্ৰকাশ সেইদিনা তোমাৰ গাড়ীত মৃতদেহ কোনে আনিছিল ?
প্ৰকাশে আকাশ ৰ ফালে চাইছিল । সেই সময়তে আকাশে প্ৰকাশ ক চকু ডাঙৰ কৰি ভয় খুৱাইছিল ।
- ছাৰ !
- প্ৰকাশ অইনক বচাবলৈ যায় নিজে কিন্তু জেইলৰ ভাত নাখাবা ।
- আকাশ দাই আনিছিল ছাৰ ।
- প্ৰকাশ !
আকাশে ডাঙৰকৈ চিঞৰিছিল ।
- এইখন থানা হয় ,পাহৰি নাযাব আপুনি দাস । প্ৰকাশ লগত আৰু কোন আছিল ?
- এজনী মহিলা ছাৰ ।
- তুমি ও এটা ভুল কৰিছা প্ৰকাশ !
- কি ভুল ছাৰ ?
- তুমি অপৰাধী ক সহায় কৰিছা , অপৰাধী ক সংগ দিছা ।
- ছাৰ মোৰ উপায় নাছিল । কাৰণ মই এখেতৰ পৰা ধাৰলৈ টকা লোৱা ই আছিল । সেয়েহে সেইদিনা তেখেতৰ ভাড়া মাৰিবলৈ গৈছিলো ।
- যেতিয়া তুমি গম পাইছিলা যে গাড়ী খনত এটা মৃতদেহ উঠোৱা হৈছে তেতিয়া ও তুমি কিয় এখেত সকলক সহায় কৰিলা ?
- মই এইবোৰ ৰ মাজত নোসোমাও বুলি কৈছিলো কিন্তু তেতিয়া মোক ও মাৰি পেলাম বুলি ভাবুকি দিছিল ।
- কি ! সচা ছাৰ । আৰু মই নিজৰ প্ৰাণৰ ভয়ত এই কাম কৰিবলৈ বাধ্য হৈছিলোঁ ।
- তাৰ মানে ! মিষ্টাৰ দাস আপুনি য়ে মানে ৰাধিকা ৰ কুখ্যাত হত্যাকাৰী ?
- নহয় ছাৰ মই নহয়
- ইমানৰ পাছত ও আপুনি মিছা মাতিবলৈ চেষ্টা কৰিয়ে আছে ? ঠিক আছে তেতিয়া হ'লে মই আপোনাৰ ওপৰত থাৰ্ড ডিগ্ৰী ব্যৱহাৰ কৰিবলৈ বাধ্য হ'ম ।
- নাই নাই ছাৰ , তেনে শাস্তি মোক নিদিব ।
- শাস্তিক ভয় কৰে নহয় ! তেনেহলে আপোনালোকৰ দৰে হত্যাকাৰী বোৰে যেতিয়া একো একোজন নিৰীহ মানুহ ক হত্যা কৰে তেতিয়া উপলব্ধি কৰে নে সেই মানুহ জনৰ কষ্ট খিনি ! মানুহ জনে যে প্ৰাণৰ মমতাত আপোনালোকক অনুৰোধ কৰে মোক মাৰি নেপেলাব তেতিয়া এবাৰ হ'লে ও আপোনালোকৰ হৃদয় খন কপে নে ? নকপে ! কপা হ'লে আপোনালোকে মানুহ হত্যা কৰিব নোৱাৰে ।
- ছাৰ মোক ক্ষমা কৰি দিয়ক ছাৰ । মই মানুহ হত্যাকাৰী নহয় । আচলতে মই পূৰ্ণিমাৰ পাকচক্ৰত পৰি হে এই হত্যাকাণ্ড সংঘটিত কৰিব লগা হল ।
- কিন্তু কোন এই পূৰ্ণিমা ?
অপৰাধী আকাশ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত পুলিচে পূৰ্ণিমাক বিচাৰি মালিগাঁৱৰ সেই বিশেষ ঘৰটোলৈ গ'ল । পুলিচ গৈ তাত উপস্থিত হোৱাৰ লগে লগে বহু খিনি মহিলা আৰু পুৰুষ মানুহে ইফালে সিফালে দৌৰা দৌৰি কৰিবলৈ ধৰিছিল । আচলতে উক্ত ঠাই ডোখৰত আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি ধৃত আকাশ দাসে চলাই গৈছিল দেহ ব্যৱসায় । তেতিয়া লৈ এটা কোঠাৰ দৰ্জা খন বন্ধ হৈ আছিল । আৰক্ষীয়ে বহু সময় দৰ্জা খন নক কৰাৰ পাছত হে দৰ্জা খন খুলি দিছিল এজনী মহিলাই । লগে লগে মহিলা গৰাকীক আৰক্ষীৰ প্ৰশ্ন ।
- পূৰ্ণিমা ডেকা কোন ?
- ছাৰ !
- মই সুধিছো পূৰ্ণিমা ডেকা কোন ?
- মই ছাৰ ।
- আপোনাক এৰেষ্ট কৰা হ'ল ।
- কিন্তু কিয় ছাৰ ?
- সেয়া থানাত গম পাব ।
আৰক্ষী ফ'ৰ্চে ধৃত পৃৰ্ণিমা ডেকাক কাৰায়ত্ব কৰি লৈ আনিলে । ইতিমধ্যে আৰক্ষীয়ে আকাশ দাসক লক আপত ভৰাই থৈছিল । পূৰ্ণিমা ডেকাক পুলিচ অফিচাৰ বৰুৱাই জেৰা আৰম্ভ কৰিছিল ।( Assamese Storyboard )
নিয়ৰ আৰু কাবেৰী য়ে নিয়ৰ ৰ দেউতাকক গুৱাহাটী ৰ নিয়ৰৰ ঘৰলৈ লৈ আহিলে । ইমান দিনে গাওঁ ৰ সাৰুৱা মাটিৰ লগত সম্পৰ্ক থকা মাষ্টৰৰ আজিৰ চিনাকী গুৱাহাটী ৰ আভিজাত্য ফ্লেট । আচলতে মাষ্টৰে গাওঁ ৰ ঘৰ খন এৰি অহাৰ পক্ষপাতী নাছিল । কিন্তু কাবেৰী আৰু নিয়ৰে সেই কথাটি মানি নলয় । কাৰণ মাষ্টৰ এতিয়া বৃদ্ধ হৈছে । গতিকে মাষ্টৰক কেতিয়াও নিয়ৰে অকলশৰে এটা ঘৰত থাকিবলৈ নিদিয়ে । এই সময়ত মাষ্টৰৰ লগত এজন মানুহৰ খুবেই প্ৰয়োজন । কাবেৰী আহিছিল এবাৰ ভাস্কৰৰ খৱৰ ল'বলৈ ।
- ছাৰ !
- অহ, কাবেৰী আহা বহা ।
- হ'ব ছাৰ । আপোনাৰ ইয়াত থাকি কেনে লাগিছে ছাৰ ?
- এদিনতে নো কেনেকৈ গম পাবা । আমি হলো গাওঁ ৰ মুক্ত বিহংগ । গাৱত আমি বিশুদ্ধ অক্সিজেন পাওঁ কিন্তু ইয়াত মই যেন আৱদ্ধ হৈ আছোঁ এটা বাকচৰ ভিতৰত ।
- ছাৰ !
- মই বাৰু মোৰ অঞ্জলি ৰ পৰা পলাই আহিছোঁ নেকি ?
- ছাৰ আপুনি এইবোৰ কি কৈছে !
- মই গাঁৱৰ চিনাকী ঘৰ খনত অঞ্জলিৰ স্মৃতি আৰু দলিয়াই থৈ পলাই আহিছোঁ ।
- ছাৰ বাইদেউ আপোনাৰ হৃদয়ত জীয়াই থাকিব , আপোনাৰ প্ৰতিটো স্মৃতিত বাইদেউ সজিব হৈ থাকিব । আপোনাক নো নিয়ৰে কেনেকৈ গাঁৱত অকলে এৰি থৈ আহে ?
- তোমাৰ কথাটো হয় । কিন্তু আমি গাওঁ ভালপোৱা মানুহ । জীৱন ৰ ইমানটা বছৰ গাঁৱতে কটালো । কিন্তু এতিয়া শেষ সময় খিনি ত !
- নহ'লে ছাৰ এটা কাম কৰক নিয়ৰ ৰ কাৰনে গাঁৱৰ এজনী ভাল ছোৱালী চাওক । হয়টো গাওঁ ৰ এজনী ভাল বোৱাৰী হ'লে আপোনাৰ বোৱাৰীৰ সৈতে আপুনি গাওঁ তে থাকিব পাৰিব । ব্যস্ত জীৱন ৰ আজৰি উলিয়াই নিয়ৰ মাজে মাজে ঘৰলৈ যাব ।
- তুমিয়ে ঠিকেই কৈছা । মই নিয়ৰ ৰ কাৰনে গাওঁ ৰ এজনী উপযুক্ত ছোৱালী চাইছো ।
- সচা ছাৰ ?
যদিও কাবেৰী য়ে প্ৰশ্ন কৰিছিল তাইৰ বুকু খন শিলে বিন্ধিছিল । কাৰণ তাই নিয়ৰক মনে প্ৰাণে বিচাৰিছিল । যিহেতু তাৰ দেউতাকে তাৰ কাৰনে ছোৱালী চাইছে এতিয়া আৰু তাইৰ সেই ভাগ্যৰ দুৱাৰ খোল নাখাব ।
- উম সচা । বৰ ভাল ছোৱালী , ৰূপবতী , পঢ়া শুনা ত ও যথেষ্ট ভাল আছিল ।
- কোন ছাৰ সেইজনী ?
- মই কম তোমাক । আগতে তাইৰ ঘৰ খনৰ লগত কথা পাতি লও ।
- ঠিক আছে ছাৰ মই আহো ।
- যোৱাই নে ! আহিছিলা হে !
- ছাৰ মোৰ ক'ৰ্টত অলপ কাম আছে । এইখিনি লওক ছাৰ ।
- কি এয়া ?
- পিঠা , মই বনাইছিলো আপোনাৰ কাৰনে লৈ আহিলো ।
- বাহ: গুৱাহাটী ত আহিয়েও তুমি গাওঁ ৰ সংস্কৃতি পাহৰি যোৱা নাই । ভাল কথা ।
- আহিছোঁ ছাৰ ।
ওলাই আহিব খোজা কান্দোন টি হেচি ধৰি তাই দৌৰি ওলাই আহিছিল । আহোতে নিয়ৰ ৰ লগত মুখামুখি হৈছিল ।
- কাবেৰী ঐ কাবেৰী ।
তাই নামাতিলে মুখত হাত খন দি দৌৰি গৈ গাড়ীত বহিছিল । নিয়ৰে একো বুজি নাপালে কি হল কাবেৰী ৰ । তাই কেতিয়াও তেনেকৈ যোৱা নাই ! নে তাৰ দেউতাকে তাইক কিবা কৈছে ! নিয়ৰ ভিতৰলৈ সোমায় গ'ল ।
অফিচাৰ বৰুৱা ই নিজৰ কোঠাত পূৰ্ণিমা ডেকাৰ ওপৰত জেৰা আৰম্ভ কৰিলে । দেখাত এজনী সহজ সৰল মহিলা । কিন্তু এই মহিলাই মে তেনে কাণ্ড কৰিব পাৰিব বৰুৱা ৰ ভাৱি আচৰিত লাগিল ।
- মিছেছ পূৰ্ণিমা ডেকা !
- হয় ছাৰ ।
- কি কাম কৰে ?
- ছাৰ গুৱাহাটী তে ,,,,,
- বেশ্যা ?
- ছাৰ !
- মিষ্টাৰ আকাশ দাসৰ বেশ্যালয়ত ?
- ছাৰ মই !
- আপুনি এজনী ভাল হত্যাকাৰী ?
অফিচাৰ বৰুৱা ৰ কথা শুনি পূৰ্ণিমা ডেকা ৰ বুকু খন ধপ ধপকৈ কপিছিল ।
- মই হত্যাকাৰী নহয় ছাৰ !
- আপুনি হত্যাকাৰী হয় । আপুনি আৰু আকাশ দাসে মিলি ৰাধিকা ক হত্যা কৰিছে ।
- ছাৰ
- বশিষ্ঠ ৰ ব্যস্ত ৰাজপথত তাইৰ মৃতদেহ পেলাই থৈ গৈছিল ?
- ছাৰ ।
- কওক কিয় হত্যা কৰিছিল ৰাধিকা ক ?
- ছাৰ !
- কি শত্ৰুতা আছিল ৰাধিকা ৰ লগত ? কেনেকৈ চিনি পাইছিল ৰাধিকা ক ?
- আচলতে ৰাধিকা ৰ মই ৰাধিকা ৰ একমাত্ৰ মামীয়েক ।
- হোৱাট ?
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
ক্ৰমশঃ © ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment