ৰিংকুয়ে নিজৰ অফিচত বহি টেবুলত থৈ দিয়া বেদান্তৰ ফটোখনলৈ চাই কলে,"আজি সম্পূৰ্ণ ৩ বছৰ ৬ মাহ পাছত তুমি ঘৰলৈ উভতি আহিছা( Assamese Storyboard )। মই তোমাক বহুত মিছ কৰিলোঁ। সোনকালে আহা মোৰ ভাই।"
তাৰ পাছত মোবাইলট ৰিয়াৰ ফটো উলিয়াই ললে," ৰিয়া, মোৰ ভুলৰ বাবে আজি তোমালোক ভাই-ভনী বেলেগ হৈ গলা। কিন্তু ৰিয়া লগতে মইও তো মোৰ ভালপোৱা আৰু ভাইটিক হেৰুৱালোঁ। কত আছা তুমি ৰিয়া? মাত্ৰ এবাৰ তুমি মোৰ ওচৰলৈ আহি মোৰ অৱস্থাটো চাই যোৱা। তুমি অবিহনে এই ৰিংকু এতিয়া একো নহয়। এবাৰ মোক আকৌ সুযোগ দিয়া মোৰ ভুল শুধৰাবলৈ। মোৰ লগত কাজিয়া কৰা, কথা নাপাতিবা। কিন্তু প্লিজ এবাৰ উভতি আহা। মই কথা দিছোঁ তোমাক , এনেকুৱা ভুল আৰু দুনাই নকৰো।
ৰিয়া, চোৱাচোন মই এতিয়া খং কৰিবলৈও এৰি দিলোঁ। মই তোমাক বহুত ভাল পাওঁ প্লিজ গুচি আহা। বেদান্তইও মোক এতিয়ালৈকে ক্ষমা কৰা নাই। তোমালোক দুয়োটা অবিহনে মোৰ জীৱনটো একেবাৰে আধৰুৱা হৈ পৰিল। এবাৰ, মাত্ৰ এবাৰ সুবিধা দিয়া। দ্বিতীয়বাৰ আৰু আপত্তি কৰিবলৈ সুবিধা নিদিওঁ। তোমাৰ অবিহনে জীয়াই থকাটো কঠিন হৈ গৈ আছে।"
তাৰ চকুলো নিগৰি অহাত সি চকুলো মোহাৰি ঘৰলৈ যাবলৈ ওলাই আহিল। এই তিনি বছৰত সি নিজকে কামত ব্যস্ত ৰাখিলে। খং কৰিবলৈ তো সি সেইদিনাই এৰিলে যিদিনা তাৰ খঙৰ বাবে তাৰ ভালপোৱা ৰিয়াই তাক এৰি গুচি গল আৰু তাৰ জীৱনতকৈও মৰম লগা ভাইটোৱে তাক ঘৃণা কৰিব ললে।
ঘৰলৈ আহি সি বেদান্তক দেখা পালে। সি ফুৰ্তিত তাৰ ফালে আগবাঢ়িব লওঁতেই বেদান্তই কল্পনাক কলে,"মা, মই ফ্ৰেচ হৈ আহোঁ।" এনেদৰে কৈ সি নিজৰ ৰুমলৈ গল। ৰিংকুক দেখি মাকে কিবা কব বিচৰাত সি মাকক বাধা দি ৰুমলৈ গুচি গল।
ইফালে বেদান্তই ফ্ৰেচ হৈ ৰুমৰ পৰা ওলাই আহোতেই ৰিয়াৰ ৰূমটো খোলা দেখা পালে।( Assamese Storyboard )
"ৰিয়াৰ ৰূমটো কোনে খোলিলে"বুলি কৈ দুৱাৰ খন বন্ধ কৰিব খোজাত বাথৰূমত কোনোবা থকা যেন অনুমান হল। সি ভিতৰলৈ গৈ আচৰিত হল। ৰূমটোত সকলো বস্তু পৰিপাটিকৈ আছিল। ৰূমটো দেখি এনে লাগিল যেন তাত কোনোবা থাকে। সন্মুখত ৱালত তাৰ আৰু ৰিয়াৰ এখন ডাঙৰ ফটো ওলমাই থোৱা আছিল।
বেদান্তই হাত বঢ়াই ফটোখনত ৰিয়াৰ মুখখনত চুলে," কত আছা তোমি ৰিয়া? নিজৰ ভাইটি লৈ এবাৰো মনত নপৰে নে তোমাৰ? তোমাৰ অভিমান দাদাৰ লগত আছিল তেন্তে শাস্তি মই কিয় পালোঁ? মোক বিচাৰিবলৈ মানা কৰিলা কিন্তু নিজেইটো সন্মুখলৈ আহিব পাৰা। এতিয়া আৰু উভতি আহা। তোমাৰ এই ভাইটোৱে তোমাক বহুত মিছ কৰিছে। ই তোমাৰ অবিহনে থাকিব নোৱাৰে।"
তেতিয়াই বাথৰূমৰ দুৱাৰ খোলাত বেদান্তই সেইফালে চালে। ৰিংকুক ওলাই অহা দেখি সি আচৰিত হল। সি ৰুমৰ পৰা ওলাই আহিব লওঁতেই পাছফালৰ পৰা ৰিংকুয়ে মাত লগালে," ৰিয়াৰ ভাইটি তো উভতি আহিল কিন্তু মোৰ ভাইটি কেতিয়া উভতি আহিব? মোৰ সৰু ভাইটিয়ে তাৰ ডাঙৰ দাদাৰ ভুলৰ ওপৰত খং নকৰি , কাজিয়া নকৰি মোক ক্ষমা কৰি দিব নোৱাৰে নেকি?" বেদান্ত ৰৈ গল কিন্তু একো নকলে।
ৰিংকু বেদান্তৰ ওচৰলৈ আহিল,"মই জানো যে মোৰ ভুল ইমানেই ডাঙৰ যে মই ক্ষমা নাপাও কিন্তু মাত্ৰ তুমিয়েই তোমাৰ বাইদেউক হেৰুৱা নাই। মইও তো মোৰ ভালপোৱাৰ লগতে মোৰ সৰু ভাইটি যিয়ে মোৰ বাবে জীৱন দিবলৈ সাজু আছিল তাক হেৰুৱালোঁ। ৩ বছৰতকৈ বেছি হল তুমি মোৰ লগত কথা পতা নাই। তোমাৰ মুখৰ পৰা দাদা শব্দটো শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছো। মই মানিছোঁ, ৰিয়াৰ লগতে মই তোমাৰো অপৰাধী। সেইবাবে মই ঠিক কৰিছিলোঁ যেতিয়ালৈকে তুমি মোক ক্ষমা কৰি ৰিয়াক বিচাৰিবলৈ অনুমতি নিদিয়া তেতিয়ালৈকে মই তাইক বিচাৰি নাযাওঁ। গোটেই জীৱন তাইৰ স্মৃতি বুকুত সামৰি কটাই দিম।" এনেদৰে কৈ তাৰ চকুৰে চকুলো নিগৰি আহিল।
বেদান্ত মনে মনে তললৈ গুচি গল। সি মাকৰ ওচৰত বহি মাকক কলে,"ৰিয়াৰ ৰুমত...."
মাকে সি কি কব খুজিছে বুজি পালে । তেওঁ কলে," ৰিয়া আৰু তুমি গুচি যোৱাৰ পাছত ৰিংকুৰ জীৱনটো বহুত সলনি হৈ গল। সেইদিনটোৰ পাছত সি ৰিয়াৰ ৰুমত থাকিব ললে। নিজৰ ৰূমটোত আজিলৈকে ভৰি থোৱা নাই। ৰিয়া আহিলে হে সি সেইটো ৰুমত যাম বুলি কয়। দিন-ৰাতি সমানে নিজক কামত ব্যস্ত কৰি ৰাখে। বহুত সলনি হৈ গল ৰিংকু। কথাই প্ৰতি খং কৰা ৰিংকুয়ে এতিয়া চিঞৰিবলৈও পাহৰি গল।
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment